অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মুখ্য মন্ত্ৰীৰ জীৱনজ্যোতি স্ব-নিয়োজন যোজনা

মুখ্য মন্ত্ৰীৰ জীৱনজ্যোতি স্ব-নিয়োজন যোজনা

 

অসমৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলক কৰ্মমুখী হ’ব পৰাকৈ স্ব-নিয়োজনৰ সুবিধা প্ৰদান কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰীৰ এই জীৱনজ্যোতি স্ব-নিয়োজন যোজনাখন ৰুপায়ণ কৰা হৈছে।বেংক,বিত্তীয় প্ৰতিষ্ঠান অথবা সংঠনসমুহে আগবঢ়োৱা ঋণৰ যোগেদি জীৱিকা উপাৰ্জন কৰাৰ বাবে শিক্ষিত যুৱক-যুৱতীসকল উৎপাদনমুখী বৃত্তি গ্ৰহণ কৰিবলৈ এই যোজনাখনৰ দ্বাৰা সমৰ্থৱান কৰি তোলা হয়।উক্ত আঁচনিৰ অধীনত নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে বিশেষ কাৰ্যসুচীৰ আয়োজন কৰা হয়।ৰাজ্যৰ ভিতৰত আৰু বাহিৰত প্ৰশিক্ষণৰ ব্যৱস্থা আছে।কাৰিকৰী,ব্যৱস্থাপনামুলক পথ প্ৰদৰ্শন কৰা হয়।ঔদ্যোগিক বিকাশ সম্পৰ্কীয় প্ৰশিক্ষণৰ লগতে এই যোজনাৰ অধীনত কৃষি আৰু ইয়াৰ আনুষংগিক কাম-কাজ তথা বৃত্তিসমুহক অগ্ৰাধিকাৰ প্ৰদান কৰা হয়।কৃষিখণ্ডৰ লগত জড়িত  নিবনুৱাসকলেও এই আঁচনিৰ যোগেদি উপকৃত হ’ব পাৰে।

এই আঁচনিৰ সুবিধা নগৰাঞ্চল তথা গ্ৰামাঞ্চলৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ আৰু ওপৰৰ শিক্ষিত যুৱক-যুৱতীসকলে গ্ৰহণ কৰিব পাৰিব।শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলক মুখ্য মন্ত্ৰীৰ জীৱনজ্যোতি স্ব-নিয়োজন যোজনাৰ অন্তৰ্ভুক্তিৰ বাবে তলত দিয়া নথি-পত্ৰসমুহৰ প্ৰয়োজন-

১.আধাৰ কাৰ্ড

২.স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ

৩.বেংকৰ সকলো তথ্য-পাতি (উদাহৰণস্বৰুপে একাউণ্ট নম্বৰ,আই এফ এছ চি ক’ড ইত্যাদি)

৪.ভোটাৰ প্ৰমাণ পত্ৰ / পৰিচয় পত্ৰ

৫.প্ৰয়োজনীয় অন্য নথি-পত্ৰসমুহৰ বাবে বিত্ংভাৱে জানিবলৈ ৰাজ্যিক গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ বিষয়াৰ লগত যোগাযোগ কৰক।

আৱেদনকাৰীসকলে বিত্তীয় প্ৰতিষ্ঠানসমুহ (উদাহৰণস্বৰুপে ভাৰতীয় ষ্টেট বেংক,পাঞ্জাব নেচনেল বেংক আৰু ইউনাইটেড বেংক অৱ ইণ্ডিয়া)ৰ লগত যোগাযোগ কৰি আঁচনিখনৰ বিষয়ে জানিব পাৰি।

এই আঁচনিখনৰ যো গেদি শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকল স্বাৱলম্বী হ’ব পাৰে।

আঁচনিখনৰ বিষয়ে বিত্ংভাৱে জানিবলৈ হ’লে তলৰ ঠিকনাত যোগাযোগ কৰিব।

ৰাজ্যিক গ্ৰামোন্নয়ন প্ৰতিষ্ঠান (এছ আই আৰ ডি)

জি এছ ৰোড,খানাপাৰা ,গুৱাহাটী -৭৮১০২২

উৎস:ৰাইজৰ বাতৰি



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate