অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পিতৃ-মাতৃ আৰু বয়োজ্যেষ্ঠ নাগৰিকৰ ভৰণপোষণ আৰু কল্যাণ আইন, ২০০৭

পিতৃ-মাতৃ আৰু বয়োজ্যেষ্ঠ নাগৰিকৰ ভৰণপোষণ আৰু কল্যাণ আইন, ২০০৭

পিতৃ-মাতৃ আৰু বয়োজ্যেষ্ঠ নাগৰিকৰ ভৰণপোষণ আৰু কল্যাণ আইন, ২০০৭

পঞ্জীয়ণ নং ডিএল- (এন) ০৪/০০০৭/২০০৩-০৭

অসাধাৰণ

ভাগ ২- ধাৰা ১

প্ৰাধিকাৰিকৰ দ্বাৰা প্ৰকাশিত

৬৭ নম্বৰ। নতুন দিল্লী, সোমবাৰ, ডিচেম্বৰ ৩১, ২০০৭/১০ পুহ ১৯২৯

এই ভাগত পৃথক পৃষ্ঠা দিয়া হৈছে যাতে পৃথককৈ তথ্য সংগ্ৰহ কৰিব পৰা যায়।

আইন আৰু ন্যায় মন্ত্ৰালয়

(বিধান বিভাগ)
নতুন দিল্লী, ৩১ ডিচেম্বৰ,২০০৭/১০ পুহ,১৯২৯ (শক)

তলত উল্লেখ কৰা সংসদৰ অধিনিয়মখনত ২৯ ডিচেম্বৰ, ২০০৭ তাৰিখে ৰাষ্ট্ৰপতিয়ে সন্মতি প্ৰদান কৰে আৰু ইয়াত ৰাইজক জ্ঞাতাৰ্থে প্ৰকাশ কৰা হ’ল।

পিতৃ-মাতৃ আৰু বয়োজ্যেষ্ঠ নাগৰিকৰ ভৰণপোষণ আৰু কল্যাণ আইন, ২০০৭

২০০৭ ৰ ৫৬ নম্বৰ

(২৯ ডিচেম্বৰ,২০০৭)

এই আইনখনে পিতৃ-মাতৃ আৰু বয়োজ্যেষ্ঠ নাগৰিকৰ ভৰণপোষণ আৰু কল্যাণৰ নিশ্‍চয়তা প্ৰদান কৰা আৰু সংবিধানৰ অধীনত অনুমোদনৰে অধিক কাৰ্য্যকৰী সুবিধা আগবঢ়ায় আৰু ইয়াত উল্লেখ থকা বা ঘটনা আকস্মিকতা সকলোবোৰ সম্পৰ্কীয় বিষয় সামৰি লয়।

ভাৰতীয় গণতন্ত্ৰৰ ৫৮ বৰ্ষত সংসদত ইয়াক আইনৰ ৰূপ দিয়া আইনখন হ’ল:

অধ্যায় ১:  প্ৰাথমিক

১) ছুটী শীৰ্ষক, বিস্তাৰিত আৰু অৱতাৰণা

১) এই আইনখনক পিতৃ-মাতৃ আৰু বয়োজ্যেষ্ঠ নাগৰিকৰ ভৰণ-পোষণ আৰু কল্যাণ আইন ২০০৭ বুলিও ক’ব পৰা যায়।

২) এই আইনখন জম্মু আৰু কাশ্মীৰ ৰাজ্যৰ বাহিৰে সমগ্ৰ ভাৰতবৰ্ষতে বিস্তাৰিত হ’ব আৰু ভাৰতৰ বাহিৰত থকা ভাৰতীয়সকলৰ ক্ষেত্ৰতো খাটিব।

৩) এখন ৰাজ্যত এই আইনখন তেতিয়াহে কাৰ্য্যকৰী হ’ব যেতিয়া ৰাজ্য চৰকাৰে কাৰ্য্যালয়ৰ ৰাজপত্ৰত জাননী জাৰি কৰিব।

২) সংজ্ঞাসমূহ

যদি সম্পৰ্কীত নহয় তেন্তে এই আইনত প্ৰয়োজন হ’ব পাৰে।

ক) ‘ল’ৰা-ছোৱালী’ ৰ ভিতৰত পুত্ৰ, কন্যা, নাতি আৰু নাতিনী আদি সন্নিৱিষ্ট হ’ব কিন্তু নাবালক সন্নিৱিষ্ট নহ’ব।

খ) ‘ভৰণপোষণ’ ৰ ভিতৰত পৰিব খাদ্য, কাপোৰ-কানি, আৱাস গৃহ আৰু স্বাস্থ্যযত্ন আৰু চিকিৎসাৰ সুবিধা।

গ) ‘নাবালক’ ৰ অৰ্থ হ’ল এনে এজন ব্যক্তি যি জনে মেজৰিটি এক্ট ১৮৭৫ ৰ মতে মেজৰিটী হোৱাৰ বয়সত উপনীত হোৱা নাই।

ঘ) ‘পিতৃ-মাতৃ’ ৰ অৰ্থ হ’ল জৈৱিক, দত্তক বা সতীয়া মাক বা সতীয়া দেউতাক, তেওঁলোক যদিও বয়োজ্যেষ্ঠ নাগৰিক নহ’বও পাৰে।

ঙ) ‘বিহিত’ ৰ অৰ্থ হ’ল এই আইনৰ অধীনত ৰাজ্য চৰকাৰে প্ৰস্তুত কৰি বিহিত কৰা নীতিসমূহ।

চ) ‘সম্পত্তি’ ৰ অৰ্থ হ’ল অস্থাৱৰ বা স্থাবৰ সম্পত্তি, পৈতৃক সম্পত্তি বা স্ব-উপাৰ্জিত, টেংগেবল বা ইনটেংগেবল আৰু অধিকাৰসহ বা এনে ধৰণৰ সম্পত্তিৰ ওপৰত সুত পোৱা সম্পত্তি।

ছ) ‘সম্বন্ধীয়’ ৰ অৰ্থ হ’ল সন্তান নথকা বয়োজ্যেষ্ঠ নাগৰিকে ন্যায়সংগতভাৱে কোনো এজন অনাবালকক সম্পৰ্কীয় কৰি লোৱা যিয়ে ব্যক্তিজনৰ মৃত্যুৰ পিছত তেওঁৰ সম্পত্তিসমূহ লাভ কৰিব।

জ) ‘বয়োজেষ্ঠ নাগৰিক’ ৰ অৰ্থ হ’ল ৬০ বছৰ বা তাতকৈ অধিক বয়সৰ ভাৰতীয় নাগৰিক।

ঝ) ‘ৰাজ্য চৰকাৰ’ হ’ল সংবিধানৰ দফা ২,৩,৯ ৰ অধীনত শাসনভাৰ চলাবলৈ নিয়োগ কৰা প্ৰশাসক।

ঞ) ‘ন্যায়ধিকৰণ’ ৰ অৰ্থ হ’ল খণ্ড ৭ ৰ অধীনত গঠন কৰা ন্যায়াধিকৰণৰ ৰক্ষণাবেক্ষণ।

ট) ‘কল্যাণ’ ৰ অৰ্থ হ’ল খাদ্য, স্বাস্থ্য যত্ন, বিনোদন কেন্দ্ৰ আৰু বয়োজেষ্ঠ নাগৰিকৰ বাবে প্ৰয়োজনীয় আন আন সা-সুবিধাসমূহ আগবঢ়োৱা।

৩) উন্নত প্ৰভাৱৰ বাবে আইন

এই আইনখনত সকলো ধৰণৰ সামঞ্জ্যসহীনতাৰ অধিনিয়মৰ ব্যৱস্থা ৰখা হৈছে বা এই আইনত থকা অধিনিয়মসমূহত কোনো আহিলাৰ প্ৰভাৱ নপৰে।

অধ্যায় ২: পিতৃ-মাতৃ আৰু বয়োজ্যেষ্ঠ নাগৰিকৰ ভৰণপোষণ

৪) পিতৃ-মাতৃ আৰু বয়োজ্যেষ্ঠ নাগৰিকৰ ভৰণপোষণ

১) পিতৃ-মাতৃসহ এজন বয়োজেষ্ঠ নাগৰিকে যদি তেওঁৰ নিজৰ উপাৰ্জনেৰে বা স্ব-সম্পত্তিৰে নিজৰ ভৰণপোষণ কৰিব নোৱাৰে তেন্তে তলত দিয়া ক্ষেত্ৰত তেওঁ ধাৰা ৫ ৰ অধীনত আবেদন জনোৱাৰ ক্ষেত্ৰত যোগ্য হ’ব।

ক) এটা বা ততোধিক অনাবালক সন্তানৰ বিৰুদ্ধে পিতৃ-মাতৃ বা ককাক আইতাকে।

খ)যদিহে সন্তানবিহীন বয়োজ্যেষ্ঠ নাগৰিক হয় তেন্তে দফা (ছ) ৰ ধাৰা ২ অনুসৰি থকা সম্বন্ধীয়ৰ বিৰুদ্ধে।

২) সন্তান বা সম্বন্ধীয় যিটো ক্ষেত্ৰত যিটো খাটে তেওঁলোকৰ দ্বায়িত্ব হ’ল বয়োজ্যেষ্ঠ নাগৰিকে স্বাভাৱিক জীৱন-যাপন কৰিব পৰাকৈ তেওঁলোকৰ প্ৰয়োজন অনুসৰি ভৰণপোষণ পালন কৰা।

৩) সন্তানৰ দ্বায়িত্ব হ’ল তেওঁৰ পিতৃ বা মাতৃ বা দুয়োকে তেওঁলোকৰ প্ৰয়োজন অনুসৰি এনেদৰে ভৰণপোষণ কৰিব লাগিব যাতে পিতৃ-মাতৃয়ে স্বাভাৱিক জীৱন-যাপন কৰিব পাৰে।

৪) কোনো বয়োজ্যেষ্ঠ নাগৰিকৰ কোনো এজন সম্বন্ধীয় লোকে আৰু বয়োজ্যেষ্ঠ নাগৰিকজনে তেওঁৰ সম্পত্তিৰ উত্তৰাধিকাৰী কৰা সম্বন্ধীয়ই বয়োজ্যেষ্ঠ নাগৰিকজনৰ ভৰণপোষণ কৰিলেহে সম্পত্তি লাভ কৰিব। যদিহে এনে বয়োজ্যেষ্ঠ নাগৰিকৰ একাধিক সম্বন্ধীয় থাকে তেন্তে সম্পত্তিৰ ভাগ অনুসৰি তেওঁলোকে বয়োজ্যেষ্ঠ নাগৰিকজনৰ ভৰণপোষণৰ বাবে খৰছ কৰিব লাগিব।

৫) ভৰণপোষণৰ বাবে আবেদন

১) ধাৰা ৪ ৰ অধীনত ভৰণপোষণৰ বাবে এইসকলে আবেদন কৰিব পাৰে।

ক) বয়োজ্যেষ্ঠ নাগৰিক বা পিতৃ-মাতৃ যিয়েই নহওঁক।

খ) যদিহে তেওঁ সক্ষম নহয় যদিহে তেওঁৰ ওপৰত আন ব্যক্তি বা সংগঠনে কৰ্তৃত্ব চলায় বা

গ) ন্যায়াধিকৰণে যদিহে কাৰোবাক অংগীকাৰবদ্ধ কৰায়।

ব্যাখ্যা: এই ক্ষেত্ৰত “সংগঠন” ৰ অৰ্থ হ’ল সমিতিসমূহৰ পঞ্জীয়ণ আইন ১৮৬০ ৰ অধীনত পঞ্জীয়ণভুক্ত হোৱা যিকোনো স্বেচ্ছাসেৱী সংগঠন বা সময়ে সময়ে কাৰ্য্যকৰী হোৱা যিকোনো আইনৰ অধীনত সংগঠিত হোৱা স্বেচ্ছাসেৱী সংগঠন।

২) ন্যায়াধিকৰণে এই আবেদনৰ ভিত্তিত বয়োজ্যেষ্ঠ নাগৰিক বা পিতৃ-মাতৃসকলক ভৰণপোষণৰ বাবে প্ৰয়োজন হোৱা মাহেকীয়া ভাট্টাৰ পৰিমাণ নিৰ্ণয় কৰি বয়োজ্যেষ্ঠ নাগৰিক বা পিতৃ-মাতৃলৈ সেই পৰিমাণৰ ভাট্টা প্ৰতিমাহে প্ৰদান কৰিবলৈ সম্বন্ধীয় বা সন্তানক আদেশ প্ৰদান কৰিব।

৩) উপধাৰা (ঝ) ৰ অধীনত ভৰণপোষণৰ বাবে জনোৱা আবেদন পত্ৰ গ্ৰহণৰ পিছত আবেদন পত্ৰৰ জাননী সন্তান বা সম্পৰ্কীয় লোকলৈ প্ৰেৰণ কৰা হ’ব আৰু তেওঁলোকৰ বক্তব্য ৰাখিবলৈ সুযোগ দিয়া হ’ব, ভৰণপোষণৰ পৰিমাণ নিৰ্ণয় কৰিবলৈ অনুসন্ধান চলোৱা হ’ব।

৪) উপধাৰা (২)ৰ অধীনত ভৰণপোষণৰ বাবে মাহেকীয়া ভাট্টাৰ বাবে দাখিল কৰা আবেদন আবেদনৰ ক্ষেত্ৰত সংশ্লিষ্ট ব্যক্তিলৈ আবেদনৰ জাননী জাৰি কৰাৰ ৯০ দিনৰ ভিতৰত নিষ্পত্তি কৰিব লাগিব। ন্যায়াধিকৰণে অগতানুগতিক পৰিস্থিতিত এই সময়্সীমা কেৱল এবাৰৰ বাবেহে ৩০ দিনলৈ বৃদ্ধি কৰিব পাৰে আৰু ইয়াৰ কাৰণ লিখিতভাৱে নথিভূক্ত কৰিব লাগিব।

৫) উপধাৰা (ঝ)ৰ অধীনত ভৰণপোষণৰ আবেদন এক বা ততোধিক ব্যক্তিৰ বিৰুদ্ধে দাখিল কৰিব পাৰে। এনে সন্তান বা সম্পৰ্কীয়ই ভৰণপোষণৰ বাবে কৰা আবেদনৰ বাবে আন ব্যক্তিহে দ্বায়বদ্ধ বুলি ক’ব পাৰে।

৬) যেতিয়া ভৰণপোষণৰ এটা আদেশ একাধিক লোকলৈ জাৰি কৰা হয় তেতিয়া তাৰে কোনো এজন লোকৰ মৃত্যু ঘটিলে আন সকলৰ ভৰণপোষণৰ বাবে ধন প্ৰদান কৰাত প্ৰভাৱ নপৰিব।

৭) ভৰণপোষণ আৰু আন খা-খৰছৰ বাবে ভাট্টা প্ৰদান ব্যৱস্থাতো আদেশ দিয়া তাৰিখৰ পৰা বা যদিহে ভৰণপোষণৰ বাবে আবেদন পত্ৰ দাখিল কৰা তাৰিখৰ পৰা বা আদেশত কোনো ধৰি দিয়া তাৰিখ থাকে সেই তাৰিখৰ পৰা প্ৰয়োজ্য হ’ব।

৮) যদিহে কোনো সন্তান বা সম্পৰ্কীয়ই পৰ্য্যাপ্ত কাৰণ অবিহনে ন্যায়াধিকৰণে জাৰি কৰা ভৰণপোষণৰ ধন সময়মতে প্ৰদান নকৰে তেন্তে তেওঁলৈ জৰিমনাৰ জাননী জাৰি কৰা হ’ব আৰু যদিহে জাননী প্ৰেৰণৰ পিছতো অদেয় হৈ থকা ধন প্ৰদান নকৰে তেন্তে এমাহলৈ বা ধন প্ৰদান নকৰা সময়লৈ কাৰাবাস খাটিব লগা হ’ব পাৰে। এই ক্ষেত্ৰত এই ধাৰাৰ অধীনত যদিহে ন্যায়াধিকৰণলৈ দিব লগা ধনৰ ৩ মাহৰ ভিতৰত আবেদন জনোৱা নহয় তেন্তে কোনো ধৰণৰ জাননী জাৰি কৰা নহব।

৬) ক্ষেত্ৰাধিকাৰ আৰু কাৰ্য্যবিধি

১) ধাৰা (৫) ৰ অধীনত যিকোনো জিলাৰ যিকোনো সন্তান বা সম্পৰ্কীয়লৈ কাৰ্য্যব্যৱস্থা গ্ৰহণ কৰিব পাৰে।

ক) য’ত তেওঁ থাকে বা অন্তিম থকা ঠাই।

খ) য’ত সন্তান আৰু সম্পৰ্কীয় লোক থাকে।

২) ধাৰা (৫) ৰ অধীনত আবেদন পত্ৰ গ্ৰহণ কৰাৰ পিছত ন্যায়াধিকৰণে যিসকল সন্তান বা সম্পৰ্কীয় লোকৰ বিৰুদ্ধে আবেদন দাখিল কৰা হৈছে তেওঁলোকৰ উপস্থিতি সংগ্ৰহ কৰিবলৈ কাৰ্য্যব্যৱস্থা গ্ৰহণ কৰিব।

৩) সন্তান বা সম্পৰ্কীয়ৰ উপস্থিতি নিশ্চিত কৰিবলৈ কোড অফ ক্ৰিমিনেল প্ৰচিডিউৰ ১৯৭৩ ৰ অধীনত ন্যায়াধিকৰণৰ প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশৰ ক্ষমতা পাব।

৪) যিসকল সন্তান বা সম্পৰ্কীয়ৰ বিৰুদ্ধে ভৰণপোষণৰ ধন প্ৰদানৰ আদেশ দিয়া হয় তেওঁলোকৰ উপস্থিতিত সকলো প্ৰমাণ আৰু কাৰ্য্যবিধি গ্ৰহণ কৰিব লাগে আৰু নিৰ্দ্ধাৰিত ধৰণে নথিভুক্ত কৰিব লাগে। যদিহে সন্তান আৰু সম্পৰ্কীয় লোকসকলৰ বিৰুদ্ধে ন্যায়াধিকৰণে ভৰণপোষণৰ ধন প্ৰদানৰ বাবে আদেশ দিয়াৰ পৰিপ্ৰেক্ষিতত ইয়াৰ পৰা ইচ্ছাকৃতভাৱে বিৰত থাকে বা ন্যায়াধিকৰণৰ উপস্থিত থকাৰ পৰা বিৰত থাকে তেন্তে ন্যায়াধিকৰণে আন ন্যায়সংগত ব্যৱস্থা হাতত ল’ব।

৫) যদিহে সন্তান বা সম্পৰ্কীয় লোক ভাৰতবৰ্ষৰ বাহিৰত থাকে তেন্তে ন্যায়াধিকৰণে কেন্দ্ৰীয় চৰকাৰে চৰকাৰী ৰাজপত্ৰত জাননী দিয়া অনুসৰি তেনে কৰ্তৃত্বৰ জৰিয়তে চমন জাৰি কৰিব।

৬) ধাৰা (৫) ৰ অধীনত এখন আবেদনৰ শুনানী গ্ৰহণ কৰাৰ আগতে ন্যায়াধিকৰণে এইখন প্ৰথমে কনচিলিয়েছন বিষয়ালৈ প্ৰেৰণ কৰিব আৰু এনে কনচিলিয়েছন বিষয়াই এমাহৰ ভিতৰত তেওঁৰ মতামত দাখিল কৰিব লাগিব আৰু যদিহে সৌৰ্হাদ্যপূৰ্ণ নিষ্পত্তি হয় তেন্তে ইয়াৰ ভিত্তিত ন্যায়াধিকৰণে এক আদেশ জাৰি কৰিব।

ব্যাখ্যা: এই উপধাৰাত “কনচিলিয়েছন বিষয়া” মানে হ’ল উপধাৰা (১) ৰ ধাৰা (৫)ৰ ব্যাখ্যাত থকা ব্যক্তি বা কোনো সংগঠনৰ প্ৰতিনিধি বা উপধাৰা (১) ৰ ধাৰা (১৮) ৰ অধীনত ৰাজ্য চৰকাৰে কৰ্তৃত্ব প্ৰদান কৰা ভৰণপোষণ বিষয়া বা ন্যায়াধিকৰণে এই বিষয়ত নিৰ্দেশিত কৰা যিকোনো ব্যক্তি।

৭) ভৰণপোষণ ন্যায়াধিকৰণৰ সংবিধান

১) এই আইনৰ আৰম্ভণি চৰকাৰী ৰাজপত্ৰৰ জাননী যোগে আৰম্ভ কৰাৰ ৬ মাহৰ ভিতৰত ৰাজ্য চৰকাৰে প্ৰতি মহকুমাত ১ খন বা ততোধিক ন্যায়াধিকৰণ এই বিষয়ত গঠন কৰিব লাগিব আৰু ধাৰা (৫) ৰ অধীনত ভৰণপোষণৰ নিৰ্দেশ জাৰি কৰিব পাৰিব।

২) এই ন্যায়াধিকৰণখন ৰাজ্য চৰকাৰৰ মহকুমাধিপতি পৰ্য্যায়ৰ বিষয়া এজনৰ অধ্যক্ষতাক গঠন কৰিব লাগিব।

৩) যদিহে ৰাজ্য চৰকাৰে সাধাৰণ বা বিশেষ নিৰ্দেশ যোগে একোটা অঞ্চলৰ বাবে দুখন বা ততোধিক ন্যায়াধিকৰণ গঠন কৰে তেন্তে কাম-কাজৰ বিতৰণ নিয়ন্ত্ৰণ কৰিব লাগিব।

৮) অনুসন্ধান সম্পৰ্কীয় কাৰ্য্যবিধিৰ সাৰাংশ

১) ধাৰা (৫) ৰ অধীনত অনুসন্ধান কৰিব লগা হ’লে ৰাজ্য চৰকাৰে এই বিষয়ত নিৰ্ধাৰিত কৰি দিয়া নিয়মসমূহ মানি চলিব লাগিব, আৰু  ইয়াৰ লগত খাপ খোৱা কাৰ্য্যবিধিৰ সাৰাংশ মানি চলিব লাগিব।

২) শপত নামাৰ যোগেৰে প্ৰমাণ গ্ৰহণ আৰু সাক্ষীৰ বাধ্যতামূলক উপস্থিতি আৰু সাক্ষীক বিচাৰি উলিওৱা, নথি পত্ৰ দাখিল বস্তুগত সামগ্ৰী আৰু আন নিৰ্ধাৰিত ক্ষেত্ৰসমূহত ন্যায়াধিকৰণত ক্ষমতা অসামৰিক ন্যায়ালয়ৰ দৰে থাকিব আৰু অসামৰিক ন্যায়ালয়ৰ ধাৰা (১৯৫) আৰু কোড অফ ক্ৰিমিনেল প্ৰচিডিউৰ ১৯৭৩ ৰ অধ্যায় (২৬) ৰ সকলো ক্ষমতা ন্যায়াধিকৰণৰ থাকিব।

৩) এই ক্ষেত্ৰত যদিহে কোনো নিয়ম থাকে তেন্তে ন্যায়াধিকৰণে যিকোনো ভৰণপোষণৰ কাৰণে কৰা দাবীৰ ক্ষেত্ৰত বিশেষভাৱে জ্ঞান থকা ব্যক্তিক অনুসন্ধানৰ সহায় কৰিবলৈ জড়িত কৰিব পাৰে।

৯) ভৰণপোষণৰ নিৰ্দেশ

১) যদিহে কোনো সন্তান বা সম্বন্ধীয়ই নিজাকৈ ভৰণপোষণ কৰিব নোৱাৰা বয়োজ্যেষ্ঠ নাগৰিকক ভৰণপোষণ দিয়াৰ পৰা বিৰত থাকে বা অৱহেলা কৰে তেন্তে যদিহে ন্যায়ালয়ে তেনে অৱহেলা বা ভৰণপোষণৰ পৰা বিৰত থকা বিষয়টোত সন্তুষ্ট হয় তেন্তে তেনে সন্তান বা সম্বন্ধীয় লোকলৈ মাহেকীয়া হাৰত ভাট্টাৰ পৰিমাণ নিৰ্দিষ্ট কৰি প্ৰদান কৰিবলৈ নিৰ্দেশ দিব পাৰে।

২) এনে ন্যায়াধিকৰণে নিৰ্দেশিত কৰা সৰ্বোচ্চ ভৰণপোষণৰ ভাট্টাৰ পৰিমাণ ৰাজ্য চৰকাৰে নিৰ্ধাৰিত কৰাৰ দৰে হ’ব পাৰে যদিও প্ৰতিমাহে ১০ হাজাৰ টকাতকৈ অধিক হ’ব নোৱাৰে।

১০) ভাট্টাৰ বিকল্প

১) যদিহে কোনো ভুলৰ বাবে বা ভুল প্ৰতিনিধিত্বমূলক প্ৰমাণ বা পৰিস্থিতিৰ পৰিৱৰ্তন হোৱাৰ বাবে কোনো ব্যক্তিক ধাৰা (৯)ৰ অধীনত ভৰণপোষণৰ বাবে মাহেকীয়া ভাট্টাৰ নিৰ্দেশ প্ৰদান কৰা হয় তেনে ক্ষেত্ৰত ন্যায়াধিকৰণে ইয়াক সলনি কৰিব পাৰে আৰু ন্যায়াধিকৰণৰ মতে ভৰণপোষণৰ ভাট্টা সলনি কৰিব।

২) যদিহে ঘটনাক্ৰমে ন্যায়াধিকৰণে জানিব পাৰে যে ধাৰা (৯) ৰ অধীনত প্ৰদান কৰা আদেশক ক্ষমতাসম্পন্ন অসামৰিক ন্যায়ালয়ে বাতিল কৰিছে বা পৰিৱৰ্তন কৰিছে বা সেই নিৰ্দেশ বাতিল কৰিব লাগে বা ঘটনাৰ লগত পৰিৱৰ্তন কৰিব লাগিব।

১১) ভৰণপোষণৰ নিৰ্দেশৰ কাৰ্য্যকৰীকৰণ

১) ভৰণপোষণৰ নিৰ্দেশৰ এটা প্ৰতিলিপি আৰু কাৰ্য্যাৱলীৰ লগত জড়িত খৰছৰ নিৰ্দেশৰ প্ৰতিলিপি কোনো ধৰণৰ মাচুলৰ অবিহনে বয়োজ্যেষ্ঠ নাগৰিক বা পিতৃ-মাতৃৰ হাতত প্ৰদান কৰিব লাগে। এনে নিৰ্দেশ যি ন্যায়াধিকৰণেই প্ৰদান নকৰক কিয় যাৰ বিৰুদ্ধে এই নিৰ্দেশ প্ৰদান কৰা হৈছে তেওঁলোকক চিনাক্ত কৰি ভৰণপোষণ আৰু অন্যান্য ভাট্টা প্ৰদান নকৰাৰ বিপৰীতে কাৰ্য্যকৰী ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।

২) এই আইনৰ অধীনত প্ৰদান কৰা ভৰণপোষণৰ নিৰ্দেশ অধ্যায় (১) ৰ অধীনত থকা কোড অফ ক্ৰিমিনেল প্ৰচিডিউৰ ১৯৭৪ ৰ দৰে একে শক্তিশালী আৰু এই পদৰ অধীনতে নিৰ্দেশ কাৰ্য্যকৰী কৰা হ’ব।

১২) কিছুমান বিশেষ ক্ষেত্ৰত ভৰণপোষণৰ বিকল্প

কোড অফ ক্ৰিমিনেল প্ৰচিডিউৰ ১৯৭৩ ৰ অধ্যায় (৯) ত নথকা যিকোনো বিষয় য’ত উক্ত অধ্যায়ত বয়োজ্যেষ্ঠ নাগৰিক বা পিতৃ-মাতৃয়ে ভৰণপোষণ লাভ কৰিবলৈ যোগ্য হয় আৰু এই আইনৰ অধীনতো ভৰণপোষণ পোৱাৰ যোগ্য হয়। তেনে ক্ষেত্ৰত অধ্যায় (৯) ৰ উক্ত ধাৰাৰে বিচাৰ কৰাৰ পূৰ্বেই কোনো এক আইনৰ অধীনত ভৰণপোষণৰ দাবী কৰিব পৰা যায় কিন্তু দুয়োখন আইনৰ অধীনত কৰিব পৰা নাযাব।

১৩) ভৰণপোষণৰ ধন জমা

এই অধ্যায়ৰ অধীনত যেতিয়া সন্তান বা সম্বন্ধীয়লৈ ভৰণপোষণ প্ৰদান কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হয় তেতিয়া এই নিৰ্দেশ ন্যায়াধিকৰণে জাৰি কৰাৰ ৩০ দিনৰ ভিতৰত সম্পূৰ্ণ পৰিমাণৰ ধন নিৰ্দেশ কৰাৰ দৰে জমা দিব লাগিব।

১৪)  দাবীৰ অনুমতিৰ লগতে সুত প্ৰদান

যেতিয়া ন্যায়াধিকৰণে এই আইনৰ অধীনত ভৰণপোষণৰ নিৰ্দেশ প্ৰদান কৰিব তেনে ক্ষেত্ৰত আবেদন জনোৱাৰ পৰা ধন জমা দিয়ালৈকে সাধাৰণ সুত প্ৰদান কৰিব লাগিব আৰু ইয়াৰ পৰিমাণ ন্যায়াধিকৰণে নিৰ্দিষ্ট কৰি দিব যিটো ৫ শতাংশতকৈ কম হ’ব নোৱাৰিব আৰু ১৮ শতাংশতকৈ অধিক হ’ব নোৱাৰিব। যদিহে কোড অফ ক্ৰিমিনেল প্ৰচিডিউৰ ১৯৭৩ ৰ অধ্যায় (৯) ৰ অধীনত প্ৰদান কৰা ভৰণপোষণৰ আবেদন এই আইন কাৰ্য্যকৰী হোৱালৈকে ৰৈ থাকে তেন্তে ন্যায়ালয়ে পিতৃ-মাতৃ বা বয়োজ্যেষ্ঠ নাগৰিকক ন্যায়ালয়ৰ পৰা এনে আবেদন পত্ৰ উঠাই নি ন্যায়াধিকৰণত ভৰণপোষণৰ বাবে আবেদন দাখিল কৰিবলৈ অনুৰোধ কৰিব পাৰে।

১৫) আপীল ন্যায়াধিকৰণৰ গঠন

১)ৰাজ্য চৰকাৰে চৰকাৰী ৰাজপত্ৰত জাননী যোগে এনে আপীল ন্যায়াধিকৰণ প্ৰতি জিলাতে গঠন কৰিব পাৰে আৰু ইয়াৰ জৰিয়তে ন্যায়াধিকৰণৰ প্ৰদান কৰা নিৰ্দেশৰ বিৰুদ্ধে আপীল শুনানীৰ ব্যৱস্থা থাকিব।

২)এই আপীল ন্যায়াধিকৰণৰ অধ্যক্ষতা জিলা দণ্ডাধীশ পৰ্য্যায়তকৈ নিম্ন স্তৰৰ বিষয়াই কৰিব নোৱাৰিব।

১৬) অনুৰোধ

১) যদি বয়োজ্যেষ্ঠ নাগৰিক বা পিতৃ-মাতৃয়ে ন্যায়াধিকৰণৰ নিৰ্দেশৰ প্ৰতি সৈমান নহয় তেন্তে নিৰ্দেশ প্ৰদান কৰাৰ ৬০ দিনৰ ভিতৰত আপীল ন্যায়াধিকৰণত আপীল জনাব পাৰিব। এই আপীলৰ সময়ছোৱাত নিৰ্দেশ দিয়া মতে সন্তান বা সম্বন্ধীয় লোকে আপীল ন্যায়াধিকৰণৰ মতে ধন প্ৰদান কৰি থাকিব লাগিব।

আপীল ন্যায়াধিকৰণে ৬০ দিনৰ সময়সীমা পাৰ হৈ যোৱাৰ পিছত আপীলৰ মতে ভৰণপোষণৰ পৰিমাণ সলনি কৰিব পাৰিব।

২) এখন আপীল ন্যায়াধিকৰণে গ্ৰহণ কৰাৰ পিছত সংশ্লিষ্টসকললৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিব।

৩) আপীল ন্যায়াধিকৰণে প্ৰয়োজন সাপেক্ষে ন্যায়াধিকৰণৰ পৰা আদেশৰ কাৰ্য্যবিধিৰ নথিসমূহ বিচাৰিব পাৰিব।

৪) আপীলটো পৰীক্ষা কৰাৰ পিছত আৰু নথিসমূহ চোৱাৰ পিছত আপীল ন্যায়াধিকৰণে বিষয়টো আপীলৰ বাবে গ্ৰহণ কৰিব পাৰে বা বাতিল কৰিব পাৰে।

৫) ন্যায়াধিকৰণে প্ৰদান কৰা আদেশৰ ক্ষেত্ৰত আপীল ন্যায়াধিকৰণে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব। এই ক্ষেত্ৰত আপীল কৰা আৰু বিৰোধী সকলৰো শুনানী ব্যক্তিগতভাৱে বা কৰ্তৃত্বশীল প্ৰতিনিধিৰ জৰিয়তে লোৱা হ’ব আৰু এনে সুবিধা প্ৰদান নকৰাকৈ কোনো আপীল বাতিল কৰা নহ’ব।

১) আপীলৰ আবেদন গ্ৰহণ কৰাৰ এমাহৰ ভিতৰত আপীল ন্যায়াধিকৰণে আদেশ জাৰি কৰিব লাগিব।

২)উপধাৰা (৩) ৰ অধীনত প্ৰতিটো আদেশৰ প্ৰতিলিপি দুই পক্ষলৈ বিনামূলীয়াকৈ প্ৰেৰণ কৰিব লাগিব।

১৭)  আইনী প্ৰতিনিধিত্বৰ অধিকাৰ

বৰ্তমানে থকা আইনত অন্তৰ্ভূক্ত নথকা আৰু ন্যায়াধিকৰণ বা আপীল ন্যায়াধিকৰণত কোনো পক্ষ নথকা বিষয়সমূহ আইনজ্ঞই প্ৰতিনিধিত্ব কৰিব পাৰিব।

১৮) ভৰণপোষণৰ বিষয়া

১) ৰাজ্য চৰকাৰে জিলা সমাজ কল্যাণ বিষয়া বা জিলা সমাজ কল্যাণ বিষয়াতকৈ নিম্ন খাপৰ বিষয়া নোহোৱা কোনো এজন লোকক ভৰণপোষণ বিষয়াৰ বাবে মনোনীত কৰিব পাৰিব।

২) এই ভৰণপোষণ বিষয়া জনে উপধাৰা (১) অনুসৰি প্ৰয়োজন অনুসৰি আৰু বিচৰা ধৰণে কোনো পিতৃ-মাতৃৰ হৈ ন্যায়াধিকৰণ বা আপীল ন্যায়াধিকৰণত মোকৰ্দমা চলি থকা সময়ত প্ৰতিনিধিত্ব কৰিব পাৰিব।

অধ্যায় ৩: বয়োজ্যেষ্ঠ লোকৰ গৃহ স্থাপন

১৯) বয়োজ্যেষ্ঠ সকলৰ গৃহ স্থাপন

১) ৰাজ্য চৰকাৰে যদি অতি আৱশ্যকীয় বুলি ভাবে তেন্তে সুবিধাজনক স্থানত কিছু সংখ্যক বৃদ্ধ লোকৰ বাবে গৃহ স্থাপন আৰু ৰক্ষণাবেক্ষণ কৰিব পাৰে। পৰ্য্যায় হিচাপে স্থাপন কৰিব লগা এনে গৃহসমূহ প্ৰথম পৰ্য্যায়ত প্ৰতি জিলাতে কমেও এটাকৈ আৰম্ভ কৰিব পাৰি আৰু একোটা গৃহত কমেও ১৫০ গৰাকী বয়োজ্যেষ্ঠ দৰিদ্ৰ নাগৰিকৰ থকাৰ ব্যৱস্থা কৰিব পৰা যায়।

২) ৰাজ্য চৰকাৰে এনে বৃদ্ধ লোকৰ গৃহসমূহৰ মানদণ্ড আৰু থাকিব লগা বিভিন্ন ধৰণৰ সেৱাসমূহ যেনে, চিকিৎসা সেৱা, বিনোদন আদিসহ ব্যৱস্থাপনাৰ এখন আঁচনি বিহিত কৰিব পাৰে।

ব্যাখ্যা: এই ধাৰাত “দৰিদ্ৰ” ৰ অৰ্থটো হ’ল ৰাজ্য চৰকাৰে সময়ে সময়ে নিৰ্ধাৰিত কৰি দিয়া মতে নিজৰ ভৰণপোষণ কৰিব নোৱাৰা বয়োজ্যেষ্ঠ নাগৰিকসকল।

অধ্যায়: ৪ বয়োজ্যেষ্ঠ নাগৰিকসকলৰ বাবে স্বাস্থ্য সেৱাৰ সুবিধা

২০ বয়োজ্যেষ্ঠ লোকসকলৰ বাবে স্বাস্থ্য যত্নৰ সাহাৰ্য্য

ৰাজ্য চৰকাৰে এইটো নিশ্চিত কৰিব লাগে যে,

১) চৰকাৰী চিকিৎসালয় বা সম্পূৰ্ণভাৱে বা আংশিকভাৱে চৰকাৰে পুঁজি যোগান ধৰা চিকিৎসালয়সমূহত যথাসম্ভৱ সকলো বয়োজ্যেষ্ঠ নাগৰিকৰ বাবে বিছনাৰ সুবিধা ৰাখিব লাগে।

২) বয়োজ্যেষ্ঠ নাগৰিকৰ বাবে পৃথক শাৰীৰ ব্যৱস্থা থাকিব লাগে।

৩) দীৰ্ঘম্যাদী, বয়্সত হোৱা ৰোগ আৰু পুনৰায় হ’ব পৰা ৰোগসমূহৰ ক্ষেত্ৰত বয়োজ্যেষ্ঠ নাগৰিকসকলৰ বাবে বৰ্দ্ধিত চিকিৎসা সুবিধা থাকিব লাগে।

৪) বৃদ্ধ অৱস্থাৰ দীৰ্ঘম্যাদী ৰোগসমূহ আৰু বৃদ্ধাৱস্থাৰ বৃদ্ধি কৰিবলৈ গৱেষণাৰ কাম-কাজ চলাব লাগে।

৫) প্ৰতিখন জিলা চিকিৎসালয়তে বৃদ্ধাৱস্থাৰ ৰোগসমূহৰ চিকিৎসাৰ বাবে বৃদ্ধাৱস্থা ৰোগৰ যত্নত অভিজ্ঞতা পুষ্ট চিকিৎসা বিষয়াৰ নেতৃত্বত ভাল সা-সুবিধা থাকিব লাগে।

অধ্যায় ৫: বয়োজ্যেষ্ঠ নাগৰিকৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা

২১) বয়োজ্যেষ্ঠ লোকসকলৰ কল্যাণৰ বাবে প্ৰচাৰ, সজাগতা ইত্যাদি ব্যৱস্থা হাতত লোৱা

নিম্নলিখিত বিষয়বোৰ নিশ্চিত কৰিবলৈ ৰাজ্য চৰকাৰে সকলো ধৰণৰ ব্যৱস্থা ল’ব পাৰে।

ক) দূৰদৰ্শন, অনাঁতাৰ আৰু ছপা মাধ্যম আদিসমূহত নিয়মীয়া বিৰতিৰ অন্তৰে-অন্তৰে এই আইনত থকা সুবিধাসমূহৰ বহল প্ৰচাৰৰ ব্যৱস্থা কৰিব লাগে।

খ) পুলিচ বিষয়া আৰু ন্যায়িক সেৱাৰ লগত জড়িত ব্যক্তিসহ সকলো কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ বিষয়াক সময়ে সময়ে এই আইনৰ লগত জড়িত বিষয়সমূহৰ ওপৰত সজাগকৰণ আৰু সচেতনতামূলক প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব লাগে।

গ) বয়োজ্যেষ্ঠ নাগৰিকৰ কল্যাণৰ লগত জড়িত বিষয় সম্পৰ্কত সেৱা আগবঢ়োৱা মন্ত্ৰালয় আৰু আইন, গৃহ পৰিক্ৰমা, স্বাস্থ্য আৰু কল্যাণ বিভাগসমূহৰ লগত কাৰ্য্যকৰী সমন্বয়ৰ ব্যৱস্থা থাকিব লাগে আৰু এই সমূহৰ ওপৰত সময়ে সময়ে পৰ্য্যালোচনা হ’ব লাগে।

২২) এই আইনত থকা সুবিধাসমূহ কাৰ্য্যকৰীকৰণৰ বাবে বিশেষ কৰ্তৃপক্ষ

১) ৰাজ্য চৰকাৰে এজন জিলা দণ্ডাধীশক এই আইনত থকা সুবিধাসমূহ যথাযথভাৱে কাৰ্য্যকৰী হোৱাতো নিশ্চিত কৰিবলৈ ক্ষমতা আৰু কৰ্তব্য প্ৰদান কৰিব পাৰে। জিলা দণ্ডাধীশ গৰাকীয়ে কোনো বিশেষ বিষয়াক, তেওঁতকৈ তলৰ খাপৰ বিষয়াক এই ক্ষমতা আৰু কৰ্তব্য পালনৰ বাবে দ্বায়িত্ব প্ৰদান কৰিব পাৰে বা কোনো বিষয়াক নিৰ্দিষ্ট ক্ষমতা প্ৰদান কৰিব পাৰে।

২)ৰাজ্য চৰকাৰে বয়োজ্যেষ্ঠ নাগৰিকসকলৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা প্ৰদান কৰিবলৈ এখন ব্যাপক কাৰ্য্যকৰী পৰিকল্পনা কৰিব লাগে।

২৩) কিছুমান বিশেষ পৰিস্থিতিত সম্পত্তিৰ হস্তান্তৰকৰণ বাতিল কৰিব লাগে

১) কোনো এজন বয়োজ্যেষ্ঠ নাগৰিকে যদিহে এই আইন কাৰ্য্যকৰী হোৱাৰ পূৰ্বেই তেওঁৰ সম্পত্তিসমূহ কাৰোবাক উপহাৰ বা অন্য কোনো ধৰণে হস্তান্তৰ কৰিছিল আৰু সম্পত্তি লাভ কৰা ব্যক্তিজনৰ বয়োজ্যেষ্ঠ নাগৰিকজনক প্ৰাথমিক সা-সুবিধাসমূহ আৰু প্ৰয়োজনসমূহ প্ৰদান কৰাৰ চৰ্ত আছিল কিন্তু সম্পত্তি লাভ কৰোতাই যদি পিছলৈ এনে সা-সুবিধাসমূহ প্ৰদান নকৰে বা প্ৰদান কৰাত বিফল হয় তেন্তে উক্ত সম্পত্তি প্ৰতাৰণাৰে লাভ কৰা বুলি ধৰি লোৱা হ’ব আৰু ন্যায়াধিকৰণে এনে সম্পত্তিৰ হস্তান্তৰকৰণ বাতিল কৰিব পাৰিব।

২) যদি কোনো বয়োজ্যেষ্ঠ নাগৰিকৰ কোনো সম্পত্তিৰ বিনিময়ত ভৰণপোষণ লাভ কৰাৰ অধিকাৰ থাকে আৰু এই সম্পত্তি বা ইয়াৰ অংশ হস্তান্তৰ কৰা হয় তেন্তে তেওঁক সম্পত্তি হস্তান্তৰ হোৱা ব্যক্তিজনৰ পৰা ভৰণপোষণ লাভ কৰিব লাগিব। যদিহে এনে ভৰণপোষণ লাভ নকৰে তেন্তে এই সম্পত্তিৰ ওপৰত হস্তান্তৰ কৰা ব্যক্তিজনৰ কোনো অধিকাৰ নাথাকিব।

৩) যদি কোনো বয়োজ্যেষ্ঠ নাগৰিকে উপধাৰা (১) আৰু (২)ত থকা অধিকাৰ সাব্যস্ত কৰিবলৈ সক্ষম নহয় তেন্তে তেওঁৰ হৈ কোনো সংগঠনে ধাৰা (৫)ৰ উপধাৰা (১)ত উল্লেখ কৰাৰ দৰে কাৰ্য্যব্যৱস্থা হাতত ল’ব পাৰিব।

অধ্যায় ৬:  অপৰাধ আৰু বিচাৰৰ প্ৰক্ৰিয়া

২৪) বয়োজ্যেষ্ঠ নাগৰিকসকলৰ উদ্ভেদ আৰু পৰিত্যাগকৰণ

বয়োজ্যেষ্ঠ নাগৰিকৰ যত্ন বা সুৰক্ষাৰ প্ৰদান কৰাৰ পিছতো বহু ঠাইত বয়োজ্যেষ্ঠ নাগৰিকসকলক ইচ্ছাকৃতভাৱে পৰিত্যাগ কৰা দেখা যায় এনে কাৰ্য্যৰ বাবে শাস্তিমূলক ব্যৱস্থা থকাৰ লগতে এক নিৰ্দিষ্ট সময়ৰ বাবে কাৰাদণ্ড যিটো ৩ মাহলৈকে বৃদ্ধি কৰিব পৰা যায় বা ৫ হাজাৰ টকালৈকে জৰিমনা বা দুয়োটাই হ’ব লাগে।

২৫) অপৰাধৰ বিচাৰ

১) কোড অফ ক্ৰিমিনেল প্ৰচিডিউৰ ১৯৭৩ ত সন্নিৱিষ্ট নথকা যিকোনো অপৰাধ এই আইনৰ অধীনত বিচাৰযোগ্য আৰু জামিনযোগ্য। এই আইনৰ অধীনত কৰা অপৰাধসমূহ এজন দণ্ডাধীশে নিষ্পত্তি কৰিবলৈ চেষ্টা কৰে।

অধ্যায় ৭: বিবিধ

২৬)  বিষয়া ৰাইজৰ সেৱক

এই আইনৰ অধীনত কাম-কাজ চলাই নিবলৈ নিযুক্তি দিয়া প্ৰতিজন বিষয়া বা কৰ্মচাৰীয়ে ৰাজহুৱা সেৱক হিচাপে কাম কৰিব লাগিব যাৰ অৰ্থ ইণ্ডিয়ান পেনেল কোডৰ ধাৰা (২১) ত উল্লেখ আছে।

২৭) অসামৰিক ন্যায়ালয়ৰ ক্ষেত্ৰাধিকাৰ

এই আইনৰ অধীনত যিকোনো বিষয়ক আবেদন জনোৱাৰ ক্ষেত্ৰত অসামৰিক ন্যায়ালয়ৰ কোনো ক্ষেত্ৰাধিকাৰ নাই আৰু এই আইনৰ অধীনত বা কৰা কোনো কামত অসামৰিক ন্যায়ালয়ে কোনো আদেশ প্ৰদান কৰিব নোৱাৰিব।

২৮) ভাল বিশ্বাসেৰে লোৱা কাৰ্য্যৰ সুৰক্ষা

কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ বা স্থানীয় কৰ্তৃপক্ষক বা চৰকাৰী বিষয়াক আদিয়ে ভাল বিশ্বাসেৰে কৰা কাম বা এই আইন আৰু নীতি বা ইয়াৰ অধীনত প্ৰদান কৰা আদেশৰ বিৰুদ্ধে কোনো ধৰণৰ মোকৰ্দমা, আইনী ব্যৱস্থা আদি লোৱা নহ’ব।

২৯) অসুবিধাসমূহ আতঁৰাবলৈ ক্ষমতা প্ৰদান

যদিহে এই আইনত থকা সুবিধাসমূহৰ ওপৰত কিবা অসুবিধাই প্ৰভাৱ পেলায় তেন্তে ৰাজ্য চৰকাৰে ৰাজপত্ৰৰ যোগেৰে আদেশ প্ৰকাশ কৰি এই সুবিধাসমূহ লাভ কৰাত যাতে অসুবিধা নাপায় তাৰ বাবে ব্যৱস্থা ল’ব আৰু অসুবিধাসমূহ আতঁৰাবলৈ খৰতকীয়া ব্যৱস্থা ল’ব। এই আইন বলবৎ হোৱাৰ ২ বছৰৰ পিছত কোনো ধৰণৰ এনে আদেশ প্ৰদান কৰিব নোৱাৰিব।

৩০) নিৰ্দেশনা প্ৰদান কৰাত কেন্দ্ৰীয় চৰকাৰৰ ক্ষমতা

এই আইনৰ ব্যৱস্থাসমূহ কাৰ্য্যকৰীকৰণৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰসমূহক নিৰ্দেশনা প্ৰদান কৰিব পাৰে।

৩১) কেন্দ্ৰীয় চৰকাৰৰ পৰ্য্যালোচনাৰ ক্ষমতা

ৰাজ্য চৰকাৰে এই আইনখন কাৰ্য্যকৰীকৰণৰ অগ্ৰগতিৰ পৰীক্ষণ আৰু  পৰ্য্যাবিত্ত পৰ্য্যালোচনা কৰিব পাৰে।

৩২) নীতি নিৰ্ধাৰণত ৰাজ্য চৰকাৰৰ ক্ষমতা

১) ৰাজ্য চৰকাৰে এই আইনখন চলাই নিবলৈ চৰকাৰী ৰাজপত্ৰত জাননী যোগে নীতি প্ৰস্তুত কৰিব পাৰিব।

২)  সাধাৰণভাৱে ক্ষমতাৰ প্ৰতিকূল ভাৱাপন্নতাৰ বাবে এই নীতিসমূহত তলত দিয়াসমূহ থাকিব পাৰে।

ক) ধাৰা (৫) ৰ অধীনত অনুসন্ধানৰ নীতিটো ধাৰা (৮) ৰ উপধাৰা (১) ত বিহিত হ’ব পাৰে।

খ) ন্যায়াধিকৰণৰ আন আন কাৰ্য্যসমূহৰ ক্ষমতা আৰু কৰ্মবিধি ধাৰা (৮) ৰ উপধাৰা (২) ৰ অধীনত আনিব পাৰি।

গ) ধাৰা (৯) ৰ উপধাৰা (২) ৰ অধীনৰ ন্যায়াধিকৰণে আদেশ দিয়া ভৰণপোষণৰ সৰ্বোচ্চ ভাট্টা।

ঘ) বৃদ্ধ লোকৰ গৃহ পৰিচালনাৰ আঁচনি, ইয়াৰ মানদণ্ড আৰু চিকিৎসা যত্ন আৰু বিনোদনৰ বাবে ধাৰা (১৯) ৰ উপধাৰা (২) ৰ অধীনত আগবঢ়াব পৰা বিভিন্ন সেৱাসমূহ।

ঙ) ধাৰা (২২) ৰ উপধাৰা (১) ৰ অধীনত এই আইন কাৰ্য্যকৰী কৰা কৰ্তৃপক্ষৰ ক্ষমতা আৰু কৰ্তব্য।

চ) ধাৰা (২২) ৰ উপধাৰা (২) ৰ অধীনত বয়োজ্যেষ্ঠ নাগৰিকৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ বাবে ব্যাপক কৰ্ম পৰিকল্পনা।

ছ) আন যিকোনো বিষয় যিবোৰ বিহিত কৰিব পাৰি বা কৰিব লাগে।

৩) এই আইনৰ অধীনৰ প্ৰতিটো নীতি নিৰ্ধাৰণ কৰাৰ লগে লগেই ৰাজ্যৰ বিধান সভাত উপস্থাপন কৰিব লাগে।

উৎস: কে.এন. চতুৰ্বেদী, সচিব, ভাৰত চৰকাৰ

শেহতীয়া উন্নীতকৰণ: : 3/4/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate