অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আত্ম সহায় গোটৰ নিয়ম আৰু বিধি ব্যৱস্থাসমূহ

আত্ম সহায় গোটৰ নিয়ম আৰু বিধি ব্যৱস্থাসমূহ

যিকোনো এটা গোটক এটা সু-পৰিচালিত আত্মসহায় গোট হিচাপে গঢ়ি তুলিবলৈ হ’লে গোটৰ সদস্য বা সদস্যসকলে কিছুমান নিয়ম আৰু বিনিময় যুগুত কৰি উলিয়াব লাগিব। এনে নিয়ম আৰু বিনিময় বিলাক বান্ধি ল’বৰ কাৰণে গোটবিলাকে তলত উল্লেখ কৰা নীতি-নিৰ্দেশনাবিলাক মানি চলিব লাগিব। সকলো সদস্য বা সদস্যাৰ লগত আলোচনা-বিলোচনা কৰিহে গোটৰ সদস্য বা সদস্যসকলে এই নিয়ম আৰু বিনিময়বিলাক গ্ৰহণ কৰিব লাগিব।

তলত আত্ম সহায়ক গোটৰ নিয়ম আৰু বিনিময়ৰ লগত জড়িত কিছুমান বিষয় উল্লেখ কৰা হ’ল। এই বিষয়সমূহ উদাহৰণ স্বৰূপেহে, সম্পূৰ্ণ নহয়। গতিকে গোটৰ সদস্য বা সদস্যসকলে কোনো গোটক এটা সু-পৰিচালিত আৰু ঐক্যবদ্ধ গোট হিচাপে সাব্যস্ত কৰিবৰ কাৰণে আৱশ্যক হোৱা আন কোনো বিষয়কো ইয়াৰ অন্তৰ্ভুক্ত কৰিব পাৰিব।

সাপ্তাহিক সভা

আত্ম সহায়ক গোটৰ সদস্য তথা সদস্যাসকলৰ মাজত একতাৰ অতি প্ৰয়োজন। তেওঁলোকৰ মাজত এনে একতা আনি দিবৰ কাৰণে আত্মসহায় গোটবিলাকে প্ৰতি সপ্তাহত একোখন সভা অনুষ্ঠিত কৰিব লাগিব।

নিয়মীয়া উপস্থিতি:

গোটৰ সাপ্তাহিক সভাত সকলো সদস্য বা সদস্যা নিয়মিতভাৱে উপস্থিত থাকিব লাগিব। ইয়ে গোটৰ সদস্য তথা সদস্যাসকলক গোটটোৱে লাভ কৰা প্ৰগতিৰ বিষয়ে অৱগত হোৱাত আৰু গোটৰ চিন্তা-চৰ্চা বা আলোচনাবিলাকত অৰ্থপূৰ্ণভাৱে ভাগ লোৱাত সহায় কৰিব।

উচিত কাৰণত কোনো সদস্য বা সদস্যা গোটৰ সভাত উপস্থিত থাকিবলৈ অপাৰগ হ’লে তেওঁ ব্যক্তিগতভাৱে হওঁক অথবা কোনো বাৰ্ত্তাবাহকৰ জৰিয়তে হওঁক, সেই বিষয়ে আগতীয়াকৈ গোটক অৱগত কৰাব লাগিব আৰু কোনো কাৰণত আগতীয়াকৈ যোগাযোগ কৰিব নোৱাৰিলেও অন্তত: সেই সভাখনত হ’লেও তেওঁ জনাব লাগিব। তেনেদৰে খবৰ নিদিয়াকৈ কোনো সদস্য বা সদস্যা সভাত উপস্থিত নাথাকিলে তাৰ বাবে সদস্য বা সদস্যাগৰাকীয়ে জৰিমনা ভৰিব লাগিব। এনে উপস্থিতিৰ ক্ষেত্ৰত কিমান জৰিমনা বিহা হ’ব তাক গোটে আগতীয়াকৈ ঠিক কৰি ল’ব।

যিসকল সদস্য বা সদস্যা সভাত পলমকৈ উপস্থিত হয় আৰু যিসকল সভাখনৰ সভাপতিক নজনোৱাকৈ সভা চলি থকাৰ মাজতে সভাকক্ষ ত্যাগ কৰে, তেনে সদস্য তথা সদস্যাসকলেও জৰিমনা ভৰিব লাগিব। এনে জৰিমনাৰ ধন কিমান হ’ব তাকো গোটে আগতীয়াকৈ ঠিক কৰি ল’ব।

যদি কোনো সদস্য বা সদস্য কোনো নিৰ্দিষ্ট কাৰণ নেদেখুৱাকৈ একেৰাহে তিনিখন সভাত অনুপস্থিত থাকে, তেনেহ’লে তেওঁৰ সদস্যপদ নিলম্বিত অথবা বাতিল কৰা হ’ব। অৱশ্যে তেওঁৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ আগেয়ে সদস্য বা সদস্যাগৰাকীৰ ফালৰ পৰা উপযুক্ত কাৰণ দৰ্শাব পৰাকৈ তেওঁক এক সুযোগ দিব লাগিব। সভাত উপস্থিত থকা সদস্য তথা সদস্যাসকলে সভাখনৰ সৌষ্ঠৱ অক্ষুণ্ণ ৰাখিব লাগিব।

সভাৰ কাম-কাজ তথা আলোচনা-বিলোচনাবিলাকৰ প্ৰতি সদস্য বা সদস্যাসকল মনোযোগী হ’ব লাগিব আৰু কোনো ক্ষেত্ৰতেই সভা চলি থাকোতে নিজকে গোটৰ পৰা আঁতৰত ৰাখিব নালাগিব। প্ৰতিখন সভাতেই সভাৰ কাৰ্য্যবিৱৰণী লিপিবদ্ধ কৰিব লাগিব আৰু সভাৰ শেষত ইয়াক সদস্য তথা সদস্যাসকলৰ মাজত পঢ়ি শুনাই নিশ্চিত কৰি ল’ব লাগিব। এনেদৰে কাৰ্য্যবিৱৰণীখন নিশ্চিত কৰি লোৱাৰ পাছত সকলো সদস্য তথা সদস্যাই কাৰ্য্যবিৱৰণীখনত চহী কৰিব লাগিব।

উৎস: নেডফি

শেহতীয়া উন্নীতকৰণ: : 12/23/2018



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate