অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আত্মসহায়ক গোটৰ প্ৰয়োজনীয়তা

আত্মসহায়ক গোটনো কি? আৰু ইয়াৰ উদ্দেশ্য আৰু বৈশিষ্টসমূহ কি কি?

ভাৰতবৰ্ষ এখন কৃষি প্ৰধান দেশ য’ত শতকৰা ৭৫ ভাগ মানুহেই গাওঁ অঞ্চলৰ আৰু ইয়াৰ অনুমানিক ৩৫ ভাগেই দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰে ৷ সমাজৰ দৰিদ্ৰ সীমাৰেখাৰ এই বুজন সংখ্যক মানুহৰ দৰিদ্ৰতা দূৰীকৰণৰ বাবে চৰকাৰে তিনিটা দশকত বেঙ্ক ব্যৱস্থাৰ মাধ্যমেৰে হাতত লোৱা ভালেমান ব্যৱস্থাৰ সূবিধা সমূহ এই খিনি মানুহে ল’ব নোৱাৰিলে বা ঢুকি নাপালে ৷ এই দুখীয়া মানুহখিনিৰ বেঙ্কত জমা থব পৰা কোনো পূজিঁও নাই আৰু বেঙ্কৰ ঋণ ল’বলৈ দৰকাৰ হোৱা নানা ধৰণৰ নিয়ম কানুনৰ আৱশ্যকতা খিনিও পূৰাব পৰা যোগ্যতা নাই কিন্তু অন্যহাতে তেওঁলোকৰ জীৱন নিৰ্বাহৰ বিত্তি খিনি বজাই ৰাখিবলৈ সঘনাই কম পৰিমাণৰ ঋণৰ আৱশ্যক হয় ৷ এই সমস্যাবোৰ সমাধা কৰিবলৈ আৰু উপাৰ্জন মুখি আচঁনিত যৌথ হিচাবে কাম কৰিবলৈকে দুখীয়া ৰাইজক সমাজত আত্মসহায়ক গোট সংগঠন কৰাৰ ব্যৱস্থা হাতত ল’ব লাগে ৷

আত্মসহায়ক গোটবোৰ কেনেকৈ গঠন কৰিব?

আত্মসহায়ক গোটবোৰ গঠন কৰিবৰ বাবে প্ৰথমে আপোনালোকে গাঁৱৰ সকলো মানুহ পুৰুষ মহিলা যুৱকত্যুৱতীক একেটা স্থানত ৰাজহুৱা সভা হিচাবে গোট খুৱাওক ৷

দ্বিতীয়তে, সেইদিনা সভা পৰিচালনা কৰিবৰ বাবে এজন সভাপতি নিৰ্বাচন কৰি আপোনাৰ গাঁৱৰ আত্মসহায়ক গোট আৱশ্যকীয়তাৰ বাবে আলোচনা কৰক ৷

তৃতীয়তে, উক্ত সভাৰ মাজৰ পৰা ইচ্ছুক দুখীয়া ৰাইজ সকলক নিৰ্বাচন কৰি দহৰ পৰা বিশৰ ভিতৰত এটা গোট গঠন কৰক ৷ মন কৰিব লাগিব যাতে এই সদস্যসকলৰ ভিতৰত ঋণী ব্যক্তি অন্তৰ্ভূক্ত হ’ব নোৱাৰে ৷

চতুৰ্থতে, উক্ত গোটৰ সদস্য সকলৰ ভিতৰৰ পৰাই পৰ্য্যাই ক্ৰমে এজন সভাপতি, এজন উপত্সভাপতি, এজন সম্পাদক, এজন সহ:সম্পাদক, এজন হিচাপ ৰক্ষক নিৰ্বাচন কৰক৷

পঞ্চমতে, আপোনালোকৰ গোটটোৱে এতিয়া কিছুমান সিদ্ধান্ত লওক৷ যেনে :

১)গোটৰ এটা নাম;

২)প্ৰতিমাহত কিমান পৰিমাণৰ ধন বৰঙনি হিচাবে জমা ৰাখিব;

৩)কোন বেঙ্কত ধন জমা ৰাখিব;

৪)সভাপতি আৰু সম্পাদকক বেঙ্কত একাউন্ট খুলিবলৈ কতৃৰ্ত্ত প্ৰদান আৰু

৫)গোটে প্ৰস্তুত কৰা সংবিধানত সকলো সদস্যই চহী কৰিব লাগে ৷

আত্মসহায়ক গোট কিয় লাগে?

১)বেঙ্কৰ কাষ চপাই অনা;

২)আনুস্থানিক ভাৱে ঋণ লৈ অধিক হাৰত সুত দিয়াৰ পৰা নিচলা ৰাইজক ৰক্ষা কৰা;

৩)সঞ্চয়ৰ অভ্যাস গঢ়াৰ লগতে ঋণৰ সুব্যৱহাৰ, সময়মতে ঋণ আদায়ৰ অভ্যাস গঢ়ি তোলা;

৪)আৱশ্যক অনুযায়ী কম পৰিমাণৰ  ঋণ সহজে আৰু সঘনাই পোৱাৰ ব্যৱস্থা কৰা;

৫)ঋণৰ সৎব্যৱহাৰ আৰু একগোট হৈ মিলি জুলি কাম কৰি আত্ম নিৰ্ভৰশীল হোৱাত সহায় কৰা ৷

আত্মসহায়ক গোটৰ বৈশিষ্ট কি কি?

১)গোটৰ সদস্য সংখ্যা নিম্নতম ১০ আৰু সৰ্বাধিক ২০ জনতে সীমিত থাকিব ৷ গোটৰ সদস্যৰ বয়স ১৮ বছৰৰ কম হ’ব নালাগিব৷ এটা গোটৰ সদস্যই আন এটা গোটত অন্তৰ্ভুক্ত হ’ব নোৱাৰিব;+

২)গোটটো পঞ্জীয়ন ভুক্ত কৰাব বা নকৰালেও হ’ব ৷ কিন্তু গোটটোৰ এটা নামাকৰণ হোৱাটো বাঞ্চনীয় ৷ যেনে : ‘কৌশল্যা’ আত্মসহায়ক গোট, ‘লখিমী’ আত্মসহায়ক গোট ইত্যাদি;

৩)এটা নিয়মত এটা নিৰ্দ্ধাৰিত সময়ত গোটৰ প্ৰতিমাহে সকলো সদস্য গোট খাই এখন  বৈঠক কৰি কাম কৰাৰ বিষয়ে আলোচনা কৰিব;

৪)প্ৰথম বৈঠকত সিদ্ধান্ত কৰা নিৰ্দ্দিষ্ট পৰিমাণৰ ধন নিয়মিত ভাৱে প্ৰত্যেক মাহৰ ৭/৮ তাৰিখৰ ভিতৰত গোটৰ মুৰৰ্বীৰ হাতত জমা দিব লাগিব;

৫)এই পুঁজিৰ পৰা গোট গঠন হোৱাৰ ছমাহৰ পাছত আৱশ্যক অনুযায়ী পাঁচটা  কাৰণত ঋণ ল’ব পাৰিব

উপাৰ্জন মুখী আঁচনি;

নিজৰ ল’ৰা ছোৱালীৰ ক্ষেত্ৰত মাচুল আৰু নাম ভৰ্ত্তি;

কিবা আকস্মিক দুৰ্ঘটনাৰ বাবে;

গৃহ নিৰ্মান আৰু মেৰামতি;

সম্পতি আহৰণ৷

৬)আত্ম সহায়ক গোট সমূহে

এখন কাৰ্য্য বিৱৰণী বহী;

এখন মাহেকীয়া বৰঙণি উঠোৱা বহী;

এখন টকা জমা ৰখা বহী;

এখন ঋণ দিয়া আৰু উঠোৱাৰ বহী (ঋণ খটিয়ান);

এখন একাউন্ট বহী (পাচবুক) আৰু

এখন জমা খৰচৰ বহী ৰাখিব লাগিব ৷

ইয়াৰ বাদেও প্ৰত্যেক সদস্যৰ বাবে নিজৰ নিজৰ ধন জমা বহী থাকিলে ভাল ৷

৭)ভাৰত চৰকাৰৰ আঁচনি বোৰৰ তুলনাত এই শেহতীয়া আঁচনিখনৰ পদ্ধতি বেলেগ ৷ সেয়েহে উক্ত আঁচনিখন সুফল ৰূপ ধাৰণ কৰিবৰ বাবে এখন সংবিধান অতি প্ৰয়োজন আৰু বাধ্যতামূলক ৷

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 6/19/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate