অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নিয়মাৱলীৰ সংশোধন, পৰিকল্পনা আৰু ঋণদান প্ৰসংগ

নিয়মাৱলীৰ সংশোধন, পৰিকল্পনা আৰু ঋণদান প্ৰসংগ

নিয়মাৱলীৰ সংশোধন

প্ৰয়োজনীয় ক্ষেত্ৰত গোটৰ সদস্য তথা সদস্যাসকলৰ হিত সাধনৰ উদ্দেশ্যে প্ৰয়োগ কৰিব পৰাকৈ গোটে ইয়াৰ নিয়ম আৰু বিনিময়বিলাক সময়ে সময়ে সংশোধন কৰিব পাৰিব।

পৰিকল্পনা

গোটে ভৱিষ্যতৰ কাৰণে এখন আঁচনি যুগুত কৰি উলিয়াব লাগিব যাতে প্ৰতিগৰাকী সদস্য বা সদস্যাই গোটৰ লক্ষ্যত উপনীত হোৱাৰ কাৰণে সামূহিকভাৱে কাম কৰিব পাৰে

বাহিৰৰ পৰা সম্পদ আহৰণ

আত্ম সহায়ক গোটে ইয়াৰ গ্ৰহণযোগ্যতাৰ কাৰণে চৰকাৰ, বেংক আৰু চৰকাৰী সংগঠন আদিৰ পৰা বিত্তীয় সাহাৰ্য্য লাভ কৰাৰ বাবে যত্ন কৰিব লাগিব।

ঋণদান প্ৰসংগ

আত্ম সহায়ক গোটে ধনৰ আৱশ্যক হোৱা সদস্য বা সদস্যাসকললৈ ঋণ আগবঢ়াব লাগিব। ঋণৰ বাবে সদস্য সকলে লিখিতভাৱে আৱেদন কৰাৰ পিছত গোটৰ সভাত আৱেদনসমূহ সতৰ্কতাৰে পৰীক্ষা কৰি অনা উৎপাদনমুখী কামৰ বাবে মুঠ ঋণৰ ২০ শতাংশহে ঋণ মঞ্জুৰ কৰিব পাৰিব। গোটৰ ৮০ শতাংশ ধনেই উৎপাদনমুখী কৰ্মৰ বাবে ঋণ মঞ্জুৰ কৰা উচিত।

ঋণ গ্ৰহণকাৰী সদস্য বা সদস্যাগৰাকীয়ে ঋণটো পাবৰ কাৰণে গোটৰ লগত এখন লিখিত চুক্তি সম্পাদন কৰিব লাগিব। যি উদ্দেশ্যৰ বাবে ঋণ দিয়া হ’ব, কেৱল সেই উদ্দেশ্যতহে ঋণৰ ধন খৰচ কৰিব লাগিব। কোনো কাৰণত ঋণৰ ধন আন কামত খটুৱাব লগা হ’লে আগতীয়াকৈ গোটৰ পৰা অনুমোদন ল’ব লাগিব। গোটৰ লগত কৰা চুক্তিত উল্লেখ কৰা মতে ঋণ পৰিশোধৰ সময়সূচী অনুসৰি ঋণ গ্ৰহণকাৰীয়ে ঋণৰ ধন পৰিশোধ কৰিব লাগিব। নিৰ্দিষ্ট সময়সূচী অনুসৰি ঋণ পৰিশোধ কৰিবলৈ অপাৰগ হ’লে তেনে সদস্য বা সদস্যাগৰাকীয়ে দণ্ড আদায় দিব লাগিব।

আত্ম সহায়ক গোটৰ সভাত নিয়মিতভাৱে উপস্থিত অথবা নিয়মিতভাৱে সঞ্চয় নকৰা সদস্য তথা সদস্যাসকলৰ ঋণ গ্ৰহণৰ যোগ্যতা নাথাকিব। গোটে বান্ধি দিয়া সৰ্ত্তাৱলী পূৰণ কৰিব পৰা সকলো সদস্য তথা সদস্যাই ঋণ লাভৰ ক্ষেত্ৰত সমান সুযোগ পাব।

আত্ম সহায়ক গোটবিলাকে তেওঁলোকৰ কাম-কাজবিলাকৰ কাৰণে বেংক আৰু অন্যান্য বিত্তীয় প্ৰতিষ্ঠান, অন্য চৰকাৰী সংগঠন আদিৰ ঋণ গ্ৰহণ কৰিব পাৰিব আৰু সংশ্লিষ্ট পক্ষৰ লগত কৰা চুক্তিৰ চৰ্তাৱলী অনুসৰি যথাসময়ত সেই ঋণৰ ধন পৰিশোধ কৰিব লাগিব।

উৎস: নেডফি

শেহতীয়া উন্নীতকৰণ: : 4/2/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate