*সংহত শিশু বিকাশ প্ৰকল্পৰ প্ৰকৃত হিতাধিকাৰী সমূহ শুদ্ধ আৰু সুনিশ্চিত নিৰীক্ষণৰ জৰিয়তে চিনাক্তকৰণ।
*ৰাষ্ট্ৰীফ্য পোষণ(ৰাষ্ট্ৰীয় পৰিপুষ্টি মিচন) অভিযানৰ অধীনত প্ৰথম পৰ্য্যায়ত ৫ খন আৰু দ্বিতীয় পৰ্য্যায়ত ১৯ খন মুঠ ২৪ খন জিলাত প্ৰাৰম্ভিক কাৰ্য্যক্ৰম আৰম্ভ হৈছে।
*প্ৰাক শৈশৱ যতন আৰু শিক্ষাৰ অধীনত অঙ্গনবাড়ী কৰ্মী সকলক প্ৰশিক্ষণ সম্পন্ন।
*অঙ্গনবাড়ী কেন্দ্ৰ সমূহৰ কৰ্মপযোগী প্ৰাক প্ৰাথমিক শিক্ষাৰ মান উন্নতিকৰণ।
*মাহিলী ২০০০ টকাকৈ মুঠ ৭৮ টি শিশুক স্পনচৰশ্বীপ দিয়া হৈছে।
*৭৯ টি শিশুক দত্তক গ্ৰহণ(Adoption) লৈ দিয়া হৈছে।
*ফষ্টাৰ কেয়াৰ আৰু দত্তক গ্ৰহণৰ বাবে ৰাজ্যিক বিশেষ গাইডলাইন প্ৰস্তুত কৰা হৈছে।
*মুঠ ১৩৬৫ টি শিশুক শিশু গৃহসমূহৰ দ্বাৰা শাৰীৰিক মানসিক আৰু বৌদ্ধিক বিকাশৰ বাবে যত্ন লোৱা হৈছেগ।
“প্ৰধান মন্ত্ৰী মাত্ৰু বন্দনা যোজনা”:
*এই আঁচনিৰ জৰিয়তে গৰ্ভৱতী আৰু প্ৰসূতি মাতৃসকলৰ প্ৰথম সন্তানৰ স্বাস্থ্য ও পৰিপুষ্টিৰ বাবে ৫০০০(পাঁচ হাজাৰ) টকালৈ আৰ্থিক সাহায্য প্ৰদান কৰা হয়।
*অসমৰ সকলো জিলা এই আঁচনি অন্তৰ্ভুক্থ।
*বৰ্তমানলৈকে সৰ্বমুঠ ২৯,৬২১ গৰাকী মহিলাই ইয়াৰ দ্বাৰা উপকৃত হৈছে।
*বৰ্তমানলৈকে সৰ্বমুঠ ২৯,৬২১ গৰাকী মহিলাই ইয়াৰ দ্বাৰা উপকৃত হৈছে।
*ঘৰুৱা বা ৰাজহুৱা স্থানত, পৰিয়ালৰ ভিতৰত, সমজুৱা ভাৱে অথবা কৰ্মস্থানত বিভিন্ন সময়ত বিভিন্ন ধৰণেৰে নিৰ্যাতিতা, যিকোনো হিংসা, যৌন নিৰ্যাতন, ঘৰুৱা নিৰ্যাতন, সৰবৰাহ আদি সমস্যাৰ সন্মুখীন হোৱা মহিলাক এই আঁচনিয়ে সহায় কৰে।
*অসমৰ ৫ খন জিলাত(কামৰূপ মহানগৰ, কোকৰাঝাৰ, নগাঁও, যোৰহাট, কাচাৰ) ওৱান ষ্টপ চেন্টাৰ শুভাৰম্ভ কৰা হৈছে।
* “ওমেন হেল্প লাইন- ১৮১” নম্বৰৰ যোগেদি এগৰাকী মহিলাই “ওৱান ষ্টপ চেন্টাৰ”ৰ লগত যোগাযোগ কৰিব পাৰে।
উজ্জ্বল গৃহ আঁচনি:
*মহিলা আৰু শিশু সৰবৰাহ আৰু যৌন নিৰ্যাতন ৰোধ কৰাৰ বাবে এই আঁচনি প্ৰণয়ন কৰা হৈছে। বৰ্তমান অসমৰ বিভিন্ন জিলাত এই আঁচনিৰ অধীনত ২৩ টা “উজ্জ্বলা গৃহ” কাৰ্য্যক্ষম হৈ আছে।
স্বধাৰ গৃহ আঁচনি:
*গাৰ্হস্থ্য হিংসা তথা অন্যান্য সামাজিক বিপৰ্য্যয়ৰ সন্মুখীন হোৱা মহিলাক স্বধাৰ গৃহ জৰিয়তে আশ্ৰয় আৰু সংস্থাপনৰ ব্যৱস্থা কৰা হৈছে। বৰ্তমান অসমত ১৭ টা এনে গৃহৰ ব্যৱস্থা আছে।
দিব্যাংগ সকলৰ কল্যাণ:
*শাৰীৰিকভাৱে বিকলাংগ লোকৰ বাবে মাহে ৫০০(পাচঁশ) টকাকৈ বছৰেকত ৬০০০(ছয়) হাজাৰ টকাৰ নিবনুৱা ভাট্টা প্ৰদান কৰা হয়।
যোৱা বিত্তীয় বৰ্ষত মুঠ ৫১৯৪ জন হিতাধীকাৰীক ১,৩৭,৯১,০০০.০০ টকা এই আঁচনিৰ দ্বাৰা প্ৰদান কৰা হয়।
*শাৰীৰিকভাৱে বিকলাংগ ব্যক্তিৰ বাবে পুনঃসংস্থাপনমূলক ভাৱে ১০,০০০(দহ) হাজাৰ টকাৰ অনুদান প্ৰদন কৰা হয়।
যোৱা বিত্তীয় বৰ্ষত এই আঁচনিৰ দ্বাৰা মুঠ ৯৭ জন হিতাধীকাৰীক মুঠ ৯,৭০,০০০.০০ টকা প্ৰদান কৰা হয়।
*স্কুল-কলেজত অধ্যয়ন কৰি থকা শাৰীৰিকভাৱে বিকলাংগ ৮৩০ জন ছাত্ৰ-ছাত্ৰীলৈ মাহে ২০০(দুশ) টকাকৈ বছৰেকত ২৪০০(চৌবিছ শ) টকাকৈ মুঠ ১৯,৯২,০০০.০০ টকা জলপানী প্ৰদান কৰা হয়।
*চিকিৎসা আৰু কাৰিকৰী বিভাগত অধ্যয়ন কৰি থকা শাৰীৰিকভাৱে বিকলাংগ ৬৯ জন ছাত্ৰ-ছাত্ৰীলৈ মাহে ৩০০০(তিনি হাজাৰ) টকাকৈ বছৰেকত ৩৬,০০০(ছয়ত্ৰিশ হাজাৰ) টকাকৈ মুঠ ২৪,৮৬,০০০.০০ টকা জলপানী প্ৰদান কৰা হয়।
*দীনদয়াল দিব্যাংগজন সাহাৰ্য্য আঁচনিৰ অধীনত ২০১৭-১৮ বৰ্ষত মুঠ ১,৩০,৪১১ জন হিতাধীকাৰীক ৫০০০(পাঁচ) হাজাৰ টকাকৈ মুঠ ৬৫,২০,৫৫,০০০.০০ টকা এককালীন সাহাৰ্য্য প্ৰদান কৰা হয়।
*Project Reach Out and Respond (সঁহাৰি)ৰ অধীনত সমাজ কল্যাণ বিভাগ, স্বাস্থ্য আৰু জনকল্যাণ বিভাগ, Assam State Legal Service Authority, ALIMCO আৰু Bhagawan Mahaveer Vikalang Sahayata Samittee ৰ যৌথ সহযোগিতাত দিব্যাঙ্গ সকলক কৃত্ৰিম অংগ আৰু সহায়ক উপকৰণ প্ৰদান কৰা হয়। এই সঁহাৰি আঁচনিৰ জৰিয়তে সৰ্বমুঠ ১৪৯৩ জন দিব্যাঙ্গ ব্যক্তি উপকৃত হৈছে।
উৎস: অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ দ্বাৰা প্ৰকাশিত(নিয়মীয়া বাৰ্তা)
শেহতীয়া উন্নীতকৰণ: : 11/25/2021