অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অক্ষম লোকসকল

জনগননা

২০০১ চনৰ জনগননা মতে ভাৰতত ২.১৯ কোটি অক্ষম লোক আছে, যি মুঠ জনসংখ্যাৰ ২.১৩ শতাংশ। ইয়াৰ ভিতৰত অন্ধ, বধিৰ, মুক, খোজ কাঢ়িব নোৱাৰা আৰু মানসিক ভাৱে বিকলাংগ লোকো আছে।

ইয়াৰে ৭৫ শতাংশ লোক গ্ৰামাঞ্চলত বাস কৰে। এওঁলোকৰ ৪৯ শতাংশ লোকে লিখা পঢ়া জানে। আৰু কেৱল ৩৪ শতাংশ লোকে চাকৰিত নিযুক্ত। আগতে চিকিত্সাৰ দ্বাৰা পুনঃসস্থাপনৰ ব্যৱস্থা আছিল, এতিয়া সামাজিক পুনঃসস্থাপনৰ ওপৰত গুৰুত্ব দিয়া হৈছে।

২০০১ চনৰ লোকপিয়লৰ অক্ষম লোকৰ তথ্য

লৰচৰ-২৮ শতাংশ।

দেখা- ৪৯ শতাংশ।

শুনা- ৬ শতাংশ।

কথা কোৱা- ৭ শতাংশ।

মানসিক- ১০ শতাংশ।

উত্স: ভাৰতৰ লোকপিয়ল ২০০১

ৰাষ্ট্ৰীয় নমুনা জৰীপত পোৱা অক্ষম লোকৰ তথ্য (২০০২)

লৰচৰ- ৫১ শতাংশ।

দেখা- ১৪ শতাংশ।

শুনা- ১৫ শতাংশ।

কথা কোৱা- ১০ শতাংশ।

মানসিক- ১০ শতাংশ।

উত্স: ৰাষ্ট্ৰীয় নমুনা জৰীপ সংস্থা ২০০২

সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ৰ অক্ষমতা বিভাগে অক্ষম লোকসকল সহায় আৰু সৱল কৰাত সাহাৰ্য্য প্ৰদান কৰে। এনে অক্ষম লোকৰ সংখ্যা ২০০১ ৰ জনগননা মতে ২.১৯ কোটি আৰু মুঠ জনসংখ্যাৰ ২.১৩ শতাংশ। অন্ধ, মুক-বধিৰ, লৰচৰ কৰিব নোৱাৰা আৰু মানসিক অক্ষম লোকো ইয়াত আছে।

ভাৰতৰ সংবিধান

ভাৰতৰ সংবিধানে ইয়াৰ সকলো লোকৰ সমতা, স্বাধীনতা, ন্যায় আৰু সন্মান নিশ্চিত কৰিছে আৰু সকলোকে একেলগে, সমাজৰ অক্ষম লোকসকলো ইয়াৰ অন্তৰ্ভূক্ত। সংবিধানৰ সূচীত অক্ষম লোকসকলক ক্ষমতা প্ৰদানৰ দায়িত্ব ৰাজ্য চৰকাৰক দিয়া হৈছে। সেইমতে অক্ষম লোকসকলক ক্ষমতা প্ৰদান কৰাটো ৰাজ্য চৰকাৰৰ দায়িত্ব।

সংবিধানৰ ১৫৩ নং দফাৰ, ৰাজ্য তালিকাৰ ১৩ নং বিষয়ত অক্ষম লোকসকলৰ বাবে সুযোগ আৰু ৰাষ্ট্ৰ গঠনত তেওঁলোকৰ সম্পূৰ্ণ সহযোগৰ বাবে “অক্ষম লোকসকল (সমান সুযোগ, অধিকাৰ সুৰক্ষা আৰু সম্পূৰ্ণ অংশগ্ৰহন) আইন, ১৯৯৫” গ্ৰহণ কৰা হৈছে। জন্মু-কাশ্মীৰৰ বাহিৰে ভাৰতৰ সকলো ৰাজ্যত এই আইন বলবত্‍ হৈছে। জন্মু-কাশ্মীৰৰ ৰাজ্য চৰকাৰে ১৯৯৮ চনত এই আইন বলবত্‍ কৰে।

বহু পৰ্য্যায়ৰ সন্মিলিত প্ৰচেষ্টা, যথোপযুক্ত ভাৱে সকলো চৰকাৰক জড়িত কৰি-অৰ্থাত্‍ কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰালয়সমূহ, ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় শাসিত অঞ্চল, চৰকাৰী প্ৰতিষ্ঠান, স্থানীয় কৰ্তৃপক্ষ আদিক এই আইনখন কাৰ্য্যকৰীভাৱে ৰূপায়ন কৰিবলৈ কোৱা হৈছে।

এছিয়া-পেছিফিক অঞ্চলৰ অক্ষমলোকৰ পূৰ্ণ যোগদাণ আৰু সমতাৰ ঘোষণা পত্ৰত ভাৰতবৰ্ষই স্বাক্ষৰ কৰিছে। সকলো লগ হৈ, বাধাহীন আৰু অধিকাৰ থকা সমাজ গঠনৰ বাবে ভাৰতে বিয়াক’ মিলেনিয়াম ফ্ৰেমৱৰ্কত চহী কৰিছে। অক্ষম লোকৰ অধিকাৰ আৰু সন্মানৰ সুৰক্ষা আৰু উন্নীতকৰণৰ বাবে সংযুক্ত ৰাষ্ট্ৰৰ সন্মিলনতো স্বাক্ষৰ কৰিছে।

চৰকাৰী আঁচনি

অক্ষম লোকসকলৰ সাহাৰ্য্যৰ বাবে যন্ত্ৰ কিনা বা লগোৱাত সহায়।

এই আঁচনিৰ মূল উদ্দেশ্য হৈছে- দুখীয়া অক্ষম লোকৰ বাবে বেছিদিন চলা, উন্নত প্ৰযুক্তিগত, বিজ্ঞানসন্মত ভাৱে তৈয়াৰী সাহাৰ্য্য যন্ত্ৰ কিনিবলৈ সহায় কৰা যাতে, তেওঁলোকৰ শাৰীৰিক, সামাজিক আৰু মানসিক অক্ষমতা অৱস্থাৰ কিছু উন্নতি হয় আৰু পুণঃসংস্থাপন আৰু অৰ্থ-উপাৰ্জনৰ সুবিধা পায়। এই আঁচনিৰ অধীনত ক্ৰয় কৰা সামগ্ৰীবোৰ আই এছ আই চাপ থকা হব লাগিব।

এই আঁচনিৰ অধীনত পাব পৰা সাহাৰ্য্য ৰাশি আৰু আয়ৰ সীমা তলত দিয়া হ’ল:

মুঠ আয়

সাহাৰ্য্যৰ পৰিমাণ

1) প্ৰতিমাহে ৬,৫০০ টকালৈ

1) উপকৰণ/ যন্ত্ৰৰ সম্পূৰ্ণ খৰছ

2) প্ৰতিমাহে ৬৫০১ টকাৰ পৰা ১০,০০০

2) উপকৰণ/ যন্ত্ৰৰ ৫০ শতাংশ খৰছ।

এই আঁচনিখন ৰূপায়ণকাৰী সংস্থা যেনে, বেচৰকাৰী অনুষ্ঠান, মন্ত্ৰালয়ৰ অধীনৰ সমূহ প্ৰতিষ্ঠান আৰু এলিমকৰ দ্বাৰা ৰূপায়িত কৰা হয়।

অক্ষম লোকসকলৰ বাবে ৰাষ্ট্ৰীয় জলপানী আৰু পেঞ্চন

এই আঁচনিৰ জৰিয়তে দশম শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পাছত পেশাগত আৰু কাৰিকৰী পাঠ্যক্ৰম পঢ়ুৱাবলৈ অক্ষম শিক্ষাৰ্থী সকলৰ বাবে প্ৰতিবছৰে ৫০০ টকাকৈ ৰাষ্ট্ৰীয় বৃত্তি দিয়াৰ ব্যৱস্থা আছে। এই পাঠ্যক্ৰমবোৰ এবছৰতকৈ অধিক কালৰ। যিবোৰ শিক্ষাৰ্থীৰ চেৰিব্ৰেল পাল্চি, মানসিক ভাৱে পিছপৰা, বহু ধৰণৰ অক্ষমতা থকা আৰু বধিৰসকলক নৱম শ্ৰেণীৰ পৰাই বৃত্তিৰ ব্যৱস্থা কৰা হয়। আবেদন পত্ৰৰ বাবে জুন মাহত ৰাষ্ট্ৰীয় আৰু আঞ্চলিক বাতৰি কাকত আৰু মন্ত্ৰালয়ৰ ৱেবচাইটত বিজ্ঞাপন প্ৰচাৰ কৰা হয়। ৰাজ্য প্ৰশাসনক ইয়াৰ বহুল প্ৰচাৰৰ বাবে কোৱা হয়। যিসকল অক্ষম শিক্ষাৰ্থীৰ পৰিয়ালৰ মাহিলী আয় ১৫০০০ টকাৰ অধিক নহয় তেনে ৪০ শতাংশক এই বৃত্তিৰ বাবে যোগ্য বিবেচিত কৰা হয়। সাধাৰণ শিক্ষাৰ্থীক প্ৰতিমাহে ৭০০ টকা আৰু হোষ্টেলত থকা সকলক মাহে ১০০০ টকাকৈ স্নাতকৰ পাছৰ পেশাগত বা কাৰিকৰী শিক্ষাৰ বাবে দিয়া হয়। পেশাদাৰী ডিপ্লমা আৰু চাৰ্টিফিকেট স্তৰৰ শিক্ষাৰ বাবে ৭০০-৪০০ টকাকৈ দিয়া হয়। বৃত্তিৰ বাহিৰেও পাঠ্যক্ৰমৰ খৰছৰ বাবদ সৰ্বোচ্চ ১০,০০০ টকা পৰ্য্যন্ত দিয়া হয়। অন্ধ আৰু বধিৰ স্নাতক আৰু স্নানৰ পাছৰ পেশাদাৰী পাঠ্যক্ৰমৰ শিক্ষাৰ্থীসকলক কম্পিউটাৰ আৰু এডিটিং ছফটৱেৰ দিয়াৰ ব্যৱস্থা আছে। চেৰিব্ৰেল পাল্চিৰ শিক্ষাৰ্থীসকলক সহায়ক ছফটৱেৰ দিয়া হয়।

ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান/ শীৰ্ষস্থানীয় প্ৰতিষ্ঠান

অক্ষমলোকসকলৰ বিভিন্ন ধৰণৰ সমস্যাৰ সমাধান কৰি ক্ষমতা প্ৰদানৰ নীতিৰ সৈতে ৰজিতা খোৱাই বিভিন্ন ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান/ শীৰ্ষস্থানীয় প্ৰতিষ্ঠান স্থাপন কৰা হৈছে। এইবোৰ হ’ল-

1)   দৃষ্টি শক্তিৰ প্ৰতিবন্ধীসকলৰ বাবে ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান, ডেৰাডুন।

2)   শাৰিৰীক গঠন সম্পৰ্কীয় প্ৰতিবন্ধীসকলৰ বাবে ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান কলকাতা।

3)   শ্ৰৱণ সম্পৰ্কীয় প্ৰতিবন্ধীসকলৰ বাবে আলী জবৰজাং ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান, মুম্বাই।

4)   মানসিক প্ৰতিবন্ধীসকলৰ বাবে ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান, চেকেন্দৰাবাদ।

5)   পুনঃসংস্থাপনৰ প্ৰশিক্ষণ আৰু গবেষণাৰ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান, কটক।

6)   শাৰিৰীক প্ৰতিবন্ধীসকলৰ বাবে ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান, নতুন দিল্লী।

7)   বহুমুখী প্ৰতিবন্ধীসকলক ক্ষমতা প্ৰদানৰ বাবে ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান, চেন্নাই।

উত্স: আইএনডিজি দল।

শেহতীয়া উন্নীতকৰণ: : 3/4/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate