অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সমাজৰ লগত জড়িত কৰা স্বাধীন আৰু নিৰ্ভৰশীল

এই পৃথিৱীত আমি সকলোৱে নিৰ্ভৰশীল। বাধাগ্ৰ্স্ত হওক বা নহওক পৰিয়াল আৰু সমাজত দিয়া লোৱা এটা অবিচ্ছেদ্য অংগ।

নিৰ্ভৰশীলতাই স্বাধীনতাৰ অভাৱক নুবুজাই

  • সকলো ব্যক্তিকে অন্তৰ্ভূক্ত কৰা হয়,কেনেকুৱা ধৰণৰ সহায় তেওঁলোকে বিচাৰে সেইটো প্ৰয়োজনীয় নহয়।
  • প্ৰয়োজন অনুসৰি প্ৰত্যেকজন ব্যক্তিৰে সিদ্ধান্ত লোৱাৰ অধিকাৰ আছে,যেনে:সহায়ক,চলন-ফুৰন,ভাৱ-বিনিময়ৰ বিকল্প।
  • এখন হাতৰ পাচোঁতা আঙুলি কেতিয়াও সমান নহয়।

 

সমতা আৰু অপৃথকিকৰণ :

বাধাগ্ৰস্ত ব্যক্তিসকলৰো সমানতা আৰু অ-পৃথকিকৰণৰ অধিকাৰ আছে,তাৰে ভিতৰত-

  • বাধাগ্ৰস্ততাৰ ভিন্নতাকলৈ পৃথকিকৰণ
  • প্ৰত্যক্ষ বা পৰোক্ষভাৱে পৃথকিকৰণ সম্পূৰ্ণ পৃথকিকৰণ,বাধাগ্ৰস্ত ব্যক্তিসকলক কোনো কাম কৰিবলৈ উপযুক্ত পৰিৱেশৰ সুবিধা প্ৰদান নকৰা।আমি বাধাগ্ৰস্ত ব্যক্তিসকলৰ হকে মাত মতা বা প্ৰয়োজনীয় সুবিধাখিনি প্ৰদান কৰি তেওঁলোককো সম্পূৰ্ণভাৱে অংশগ্ৰহণ কৰাৰ সুযোগ দিব লাগে।

 

ঘৰ বা পৰিয়াল গঢ়াৰ অধিকাৰ

মানসিকভাৱে বাধাগ্ৰস্ত ব্যক্তিসকলৰো সম্বন্ধ গঢ়াৰ অধিকাৰ আছে।সম্বন্ধ গঢ়িবৰ বাবে প্ৰয়োজনীয় মৰম, ভালপোৱা, আকৰ্ষণ আৰু বন্ধুত্ব হৈছে সকলোৰে বাবে ঈশ্বৰ প্ৰদত্ত। সঠিক সুবিধা প্ৰদান কৰিলেহে সকলো কৃতকাৰ্য্য হ’ব পাৰে।

মানসিকভাৱে বাধাগ্ৰস্ত ব্যক্তিসকলৰো পৰিয়াল কেন্দ্ৰিক জীৱন, বিবাহ পাশত আৱদ্ধ আৰু পৰিয়াল বৃদ্ধিৰো অধিকাৰ আছে। সহানুভূতি, অবিশ্বাস, অমনোযোগিতা, সন্দেহ বাদ দি যদি আমি মৰম, স্নেহ, বিশ্বাস আদিৰ যোগেদি বিকাশ আৰু আগবাঢ়ি যোৱাৰ সহায়ক হওঁ।

 

সমজুৱাভাৱে আমি নিশ্চিত কৰিব লাগে যে :

  • কোনো মানুহেই অকলশৰীয়া নহয়, বাধাগ্ৰস্ত হলেওঁ।
  • কোনো লোকক ঘৰত বন্দী কৰিব নোৱাৰি।
  • বাধাগ্ৰস্ততাৰ কাৰণে কোনো ব্যক্তিকে ইতিকিং কৰিব নোৱাৰি।
  • বাধাগ্ৰস্ত ব্যক্তিক পৃথকীকৰণ কৰিব নোৱাৰো কিয়নো বাধাগ্ৰস্ততা স্ংক্ৰামক নহয়।
  • কোনো ব্যক্তিকে অমানুষিক ভাৱে অত্যাচাৰ কৰিব নালাগে।

তাৰ বিপৰীতে বাধাগ্ৰস্ত ব্যক্তিজনক বা তেওঁৰ পৰিয়াললৈ সমান অংশীদাৰিত্বৰ পৰিৱেশ গঢ়ি তুলিব লাগে।

 

শিক্ষাৰ অধিকাৰ

আমাৰ সকলোৰে শিক্ষাৰ অধিকাৰ আছে। অৰ্থাৎ প্ৰত্যেকেই শিক্ষাৰ ক্ষেত্ৰত সমান সুযোগ আৰু সুবিধা পাব লাগে।

শিক্ষাৰ বাবে সমান সুবিধা মানে-

  • সামৰ্থ্যৰ বিকাশৰ বাবে, সৃষ্টিশীল মনোভাৱ, শাৰীৰিক আৰু মানসিক ভাৱে, সম্পূৰ্ণৰুপে বিকশিত হ’বলৈ।
  • মুক্তভাৱে সমাজত প্ৰভাৱশীল অংশীদাৰ হ’বলৈ।
  • বিনামূলীয়া প্ৰাথমিক বা মাধ্যমিক শিক্ষা সমানভাৱে পাবলৈ গুণগত। সম্বন্বিত আৰু মুক্ত বিচৰণ কৰিবলৈ।
  • পাঠ্যক্ৰম, পৰীক্ষা ইত্যাদিত যথোপযুক্ত সহাঁৰি আগবঢ়াবলৈ।
  • সাধাৰণ শিক্ষা ব্যৱস্থা পাবলৈ।

যেনে: এঢলিয়া চিৰি-হুইল চেয়াৰ ব্যৱহাৰ কৰা সকলৰ বাবে, ব্ৰেইল কিতাপ আৰু শিক্ষাৰ বিকল্প ব্যৱস্থা।

উৎস: বাধাগ্ৰস্তসকলৰ ৰাষ্ট্ৰীয় ন্যাস

শেহতীয়া উন্নীতকৰণ: : 6/10/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate