অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ৰাষ্ট্ৰীয় ন্যাসৰ অন্তৰ্গত আঁচনিসমূহ

ৰাষ্ট্ৰীয় ন্যাসৰ অন্তৰ্গত আঁচনিসমূহ

এচ্‌পিৰেচ্‌ন

৬ বছৰ বয়সলৈকে বাঢ়ি অহা বাধাগ্ৰস্ততাৰ আগতিয়া হস্তক্ষেপ অভিযান, যাৰ দ্বাৰা তেওঁলোকক বিদ্যালয়লৈ যাবলৈ তৈয়াৰ কৰা হয়।

জ্ঞানপ্ৰভাঃ

বৃত্তিমূলক শিক্ষাৰ বাবে বৃত্তিৰ আঁচনি। এই আঁচনিৰ অধীনত এজন ছাত্ৰক প্ৰতিমাহে ৭০০/-টকাকৈ বৃত্তি হিচাপে দিয়া হয় এবছৰলৈ।

উদ্দ্যম প্ৰভাঃ

স্ব-প্ৰতিষ্ঠাৰ বাবে বাধাগ্ৰস্ততা থকা লোকক ৰেহাই সুতত ঋণৰ ব্যৱস্থা কৰা। এক লাখ টকালৈকে ঋণ ল’লে যিকোনো বেংক বা NHFDCৰ পৰা এজন বাধাগ্ৰস্ত লোকক ৩-৫% সুতত ঋন দিয়া।

অৰুনিমঃ(ৰাষ্ট্ৰীয় ন্যাসৰ অন্তৰ্গত এটা বাণিজ্যিক স্ংস্থা)

স্ব-প্ৰতিষ্ঠানৰ বাবে বাধাগ্ৰস্ততা থকা লোকসকলক উপাৰ্জনৰ বাবে সহায় কৰা।

নিৰাময়ঃ

ৰাষ্ট্ৰীয় ন্যাসৰ অন্তৰ্গত বাধাগ্ৰস্ত থকা লোকসকলক স্বাস্থ্য বীমা প্ৰদান কৰা আৰু এই বীমাই চিকিৎসালয়ৰ সকলো খৰচ বহন কৰে।

সহযোগীঃ

সহায়কাৰী সকলৰ প্ৰশিক্ষণ আৰু ব্যৱহাৰিক আঁচনি, যিটো আঁচনিয়ে আগ্ৰহী ব্যক্তিসকলক প্ৰশিক্ষণ দিয়ে।

সমৰ্থঃ

এটা স্ংস্থা কেন্দ্ৰীক আঁচনি, যি আঁচনি আবাসৰ সেৱা আগবঢ়ায়-কমদিনীয়া আৰু দীৰ্ঘদিনীয়া দুয়োটাই থাকিব। সমৰ্থ কেন্দ্ৰীয় স্ংস্থাই আগতীয়া হস্তক্ষেপৰ সেৱা আগবঢ়াই, বিশেষ শিক্ষা আৰু অন্তৰ্গত শিক্ষা, মুক্ত বিদ্যালয়, বৃত্তিমূলক প্ৰশিক্ষণ, খেলা-ধূলা আৰু জিৰণী সময়ৰ কাম-কাজ আদি শিকায়।

ঘৰুণ্ডঃ

এটা জীৱনযোৰা বাসস্থানৰ আঁচনি যাৰ কোনোধৰণৰ পৰিয়াল বা সমাজৰ পৰা সহাঁৰি নাই।

অস্মিতাঃ

ৰাষ্ট্ৰীয় ন্যাসৰ অন্তৰ্গত এটা নতুন আঁচনি। এটা সমূহীয়া জীৱন-বীমা পিতৃ-মাতৃ, অভিভাৱক আৰু বাধাগ্ৰস্ত ব্যক্তিসকলৰ সহকাৰীসকলৰ বাবে।

ভিতৰুৱা অঞ্চলৰ উন্নতিৰ বাবে আঁচনিঃ

সমগ্ৰ ভাৰতৰে ভিতৰুৱা আৰু পিছপৰা অঞ্চলসমূহৰ উন্নতিৰ বাবে বেচৰকাৰী স্ংস্থাসমূহৰ উৎসাহ দিয়া আৰু সহায় আগবঢ়োৱা, বাধাগ্ৰস্ত ব্যক্তিসকলৰ সামূহিক উন্নতি সাধনৰ বাবে।

স্থায়ী পৰ্য্যায়ৰ সমিতিঃ

প্ৰত্যকখন জিলাতেই একোখন স্থায়ী পৰ্য্যায়ৰ সমিতি গঠন হ’ব। এই সমিতিখনৰ অধ্যক্ষ হ’ব জিলা উপায়ুক্ত, এজন বাধাগ্ৰ্স্ত ব্যক্তি থাকিব আৰু এটা স্ংস্থাৰপৰা এজন প্ৰতিনিধি থাকিব। এই সমিতিখনে আইনগত অভিভাৱকত্বৰ প্ৰদান আৰু চোৱা-চিতা হকে কাম কৰিব।

এই দুয়োটা স্ংগঠন ৰাষ্ট্ৰীয় ন্যাসৰ অধীনত পঞ্জীভূক্ত স্ংগঠন, বিশেষকৈ ৰাজ্যখনৰ ৰাজধানীত অৱস্থিত হ’ব লাগে, যাতে আন সকলো প্ৰতিষ্ঠানকে সহায় আগবঢ়াব পাৰে। লগতে ৰাষ্ট্ৰীয় ন্যাসৰ প্ৰতিনিধিত্ব কৰিব পাৰি।

সহায়কাৰী সেৱা-০১১-২৬৪৬৬২৫০

অভূতপূৰ্ব আঁচনিঃ

নতুন চিন্তা বা ধাৰণাৰ প্ৰতি আৰ্থিক সহাঁৰি আগবঢ়োৱা। যেনে-বঢ়তে কদম, সহায়ক সঁজুলিৰ সমল কেন্দ্ৰ, বাধাগ্ৰ্স্ত ব্যক্তিৰ বাবে কম্পিউটাৰ সঁজুলি নিৰ্মাণ ইত্যাদি।

উৎস: বাধাগ্ৰস্তসকলৰ ৰাষ্ট্ৰীয় ন্যাস

শেহতীয়া উন্নীতকৰণ: : 1/8/2019



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate