অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বাধাগ্ৰস্ত ব্যক্তিসকলৰ ৰাজনৈতিক আৰু সামাজিক জীৱনত অংশগ্ৰহণ

সকলো ব্যক্তিৰে ৰাজনৈতিক আৰু সামাজিক জীৱনত অংশগ্ৰহণ কৰাৰ অধিকাৰ আছে।

সকলো লোকৰে প্ৰত্যক্ষভাৱে ভোটদান কৰাৰ অংশগ্ৰহণ অথবা পৰোক্ষভাৱে অৰ্থাৎ কোনো প্ৰতিনিধিৰ জৰিয়তে ভোটদান কৰাৰ অধিকাৰ আছে।

সকলো লোকৰে নিৰ্বাচিত হোৱাৰ, কাৰ্য্যালয় পৰিচালনা কৰা আৰু চৰকাৰী সকলো ধৰণৰ কাম কৰাৰ অধিকাৰ আছে। বৰ্তমান সময়ত ৰাজনৈতিক অধিকাৰ সাব্যস্ত কৰা আৰু সুবিধা প্ৰদান কৰাটোৱেই প্ৰয়োজনীয় বিষয়বস্তু হৈছে।আমি নিশ্চিত কৰাটো প্ৰয়োজন যাতে ভোটদানৰ সুবিধাসমূহ সকলোৱে সহজে বুজি পোৱা আৰু ব্যৱহাৰ কৰিব পৰা হ’ব লাগে। সহায়কাৰী প্ৰযুক্তিবিদ্যাসমূহ, যেনে-ইলেকট্ৰনিক ভোট গ্ৰহণ যন্ত্ৰ, ঘোষণা কৰা যন্ত্ৰসমূহ, ব্ৰেইল স্ংযুক্ত যন্ত্ৰ্সমূহ ব্যৱহাৰ কৰা উচিত।

বাধাগ্ৰস্ত লোকসকলৰ বাবে উপযুক্ত পৰিৱেশ গঢ়ি তোলাটো প্ৰয়োজনীয়, যাৰ জৰীয়তে বাধাগ্ৰস্ত লোকসকলে তেওঁলোকৰ সামাজিক কামসমূহ কৰিব পাৰে, এজন নাগৰিক হোৱাৰ সকলো ধৰণৰ অধিকাৰ আৰু দায়িত্ব পালন কৰিব পাৰে, কোনো প্ৰতিস্থান গঢ়ি তুলিব পাৰে, অথবা বেচৰকাৰী প্ৰতিস্থানত অংশগ্ৰহণ কৰিব লগতে ৰাজনৈতিক দলত যোগদান কৰিব পাৰে।

কলা-কৌশল, সৃষ্টিশীল ক্ৰিয়া আৰু খেলা-ধূলাত অংশগ্ৰহণ

বাধাগ্ৰস্ত লোকসকলৰো অধিকাৰ আছেঃ

  • সমসাময়িক ভাৱে আন সকলো লোকৰ মতে কলা-কৌশলত ভাগ লোৱা
  • তেওঁলোকৰ বিশেষ কামৰ পাৰদৰ্শিতাত সহায় কৰা আৰু স্বীকৃতি প্ৰদান কৰা।
  • সৃষ্টিশীল কামত, জিৰণী সময়ৰ খেলা-ধূলাত সমানে আন লোকসকলৰ দৰে অংশগ্ৰহণ কৰা।

বাধাগ্ৰস্ত লোকসকলৰ চলা-ফুৰাত সুচল হোৱাটো নিশ্চিত কৰাঃ

  • কলাৰ সামগ্ৰীসমূহ সহজলভ্য হ’ব লাগে-যেনে স্ংগীতৰ বাদ্যসমূহ সকলোৰে বাবে সুবিধাজনক হ’ব লাগে।উদাহৰণস্বৰুপে-হাতেৰে ভালকৈ কাম কৰিব নোৱাৰা সকলৰ বাবে, বাদ্যযন্ত্ৰসমূহত উন্নতমানৰ বিশেষ বুটামৰ ব্যৱস্থা থকা। দৃষ্টিৰ বাধাগ্ৰস্ততা থকা ব্যক্তিসকলৰ বাবে বাদ্যযন্ত্ৰত ব্ৰেইল বুটামৰ ব্যৱস্থা থকা।
  • টেলিভিচ্‌ন, চিনেমা আদি উপভোগ কৰাটোও সকলোৰে বাবে সমান হ’ব লাগে। চিনেমা, বাতৰি অথবা জ্ঞানবৰ্ধক অনুষ্ঠানসমূহ চিহ্ন ভাষাটো প্ৰকাশ কৰা।
  • সেৱাসমূহ পৰিৱেশন কৰা সুচল ঠাইৰ ব্যৱস্থা থকা
  • সৃষ্টিশীল আৰু কলাসুলভ ক্ৰিয়াৰ বিকাশ ঘটাবলৈ সুযোগ দিয়া।
  • খেলা-ধূলা, সৃষ্টিশীল কাম, জিৰণী সময়ৰ ক্ৰিয়া সমূহত অংশগ্ৰহণ কৰা। উদাহৰণস্বৰুপে-খেল-পথাৰ সমূহ বাধাগ্ৰস্ত লোকসকলৰ বাবেও সুবিধাজনক হ’ব লাগে, যোগাযোগৰ বিকল্প ব্যৱস্থাৰে সকলোৱে অনুৰাগৰ বিষয়বস্তু সমূহৰে প্ৰকাশ ঘটোৱা। যেনেঃ বৰ্ডৰ খেলাসমূহ ব্ৰেইলতো তৈয়াৰ হয়।

 

এজন নাগৰিক হিচাপে আপুনি কি কৰিব পাৰে?

কোনো বাধাগ্ৰস্ত ব্যক্তিকে অকলশৰীয়াকৈ এৰিব নালাগে। যদিহে সমাজখনে সহায় আগবঢ়ায় তেতিয়া কোনো পৰিয়ালৰ সদস্যই বাধাগ্ৰস্ত ব্যক্তিক অকলশৰীয়াকৈ এৰিব নোৱাৰে।

  • কোনো বাধাগ্ৰস্ত ব্যক্তিক ঘৰত বন্ধ কৰি থব নালাগে। সকলো ব্যক্তিকে সামাজিক অনুষ্ঠান সমূহত অংশগ্ৰ্হণ কৰিবলৈ নিমন্ত্ৰণ কৰিব লাগে।
  • যেতিয়া ৰাস্তা, ওখ ঘৰসমূহ নিৰ্মাণ কৰা হয়, সেইবোৰ সকলো লোকৰ বাবে বাধাগ্ৰ্স্ত হওঁক বা নহওঁক ব্যৱহাৰৰ উপযোগীকৈ নিৰ্মাণ কৰিব লাগে-এঢলিয়া চিৰি, লিফ্‌ট ইত্যাদি।
  • আপোনাৰ চুবুৰিৰ সকলো ল’ৰা-ছোৱালীয়েই স্কুললৈ যোৱাৰ ব্যৱস্থা কৰা, বাধাগ্ৰস্ত হওঁক বা নহওঁক।
  • সকলো লোককে কাম কৰাৰ আৰু টকা উপাৰ্জন কৰাৰ কৌশল শিকোৱাতো নিশ্চিত কৰা।
  • বাধাগ্ৰস্ত ব্যক্তিসকলৰ স্ংস্থাপনৰ ব্যৱস্থা কৰি দিয়া, য’ত আপুনি পাৰে।

যেতিয়া আপুনি এজন বাধাগ্ৰস্ত ব্যক্তিৰ লগত থাকেঃ

  • বাধাগ্ৰস্ত ব্যক্তি এজনৰ সৈতে চিধাকৈ প্ৰত্যক্ষভাৱে আৰু চাই কথা পাতিব, কোনো মধ্যস্থতাকাৰী ব্যক্তিক লৈ নহয়।
  • যদিহে আপুনি বুজি নাপায় বাধাগ্ৰস্ত ব্যক্তিজনে কি কৈছে, তেতিয়াহ’লে পুনৰাই সোধক। অনুমাণ কৰি বুজি নল’ব।
  • হুইল চেয়াৰ ব্যৱহাৰ কৰা ব্যক্তিৰ লগত কথা পাতিবলৈ আপুনি বহি লওঁক যাতে সমানে তেওঁৰ লগত কথা পাতিব পাৰে।
  • দৃষ্টিশীল বাধাগ্ৰ্স্ত থকা ব্যক্তিসকলৰ লগত আপুনি যেতিয়া থাকে আস্থান আৰু প্ৰস্থানৰ সময়ত নিজৰ পৰিচয় দিব।
  • কানেৰে শুনা নোপোৱা বাধাগ্ৰস্ত লোকসকলৰ লগত অংগী-ভ্ংগীৰে ভাৱ বিনিময় কৰিব আৰু লাহে লাহেকৈ কথা ক’ব যাতে তেওঁ ওঠৰ পথন কৰিব পাৰে, য’ত চিঞৰি কথা কোৱাৰ প্ৰয়োজন নাথাকে।
  • বুজি পোৱাকৈ স্পষ্টভাৱে সহায়ৰ হাত আগবঢ়াওক সহানুভূতিৰে আৰু সসন্মানেৰে। অধিক স্ংবেদনশীল হৈ নাথাকিব যাতে গোটেই পৃথিৱীখনে গম পায় আপুনি এজন বাধাগ্ৰস্ত ব্যক্তিক সহায় কৰি আছে।
  • দৃষ্টিশীল বাধাগ্ৰস্ত, লোক এজন আপোনাৰ কান্ধত বা হাতত ধৰি লবলৈ দিয়ক।
  • সকলো মানুহৰে নাম থাকে, তেওঁক নামেৰে মাতক। কনা, বোবা, বুৰ্বক বা পাগল এইবোৰ কৈ নামাতিব।
  • বাধাগ্ৰস্ততাক লৈ কোনো ব্যক্তিকে ইতিকিং বা লাজ নিদিব।
  • বাধাগ্ৰস্ত ব্যক্তিসকললৈ শিলগুটি দলিয়াবলৈ সৰু লৰা-ছোৱালীক বাধা দিয়ক।
  • বাধাগ্ৰস্ত ব্যক্তিসকলক যাতে শিকলিৰে বান্ধি নথয়, কোঠাত বন্ধ কৰি নথয়, গালি-শপনি নাপাৰে আৰু অত্যাচাৰ লকৰে সেয়া নিশ্চিত কৰক।

উৎস: বাধাগ্ৰস্তসকলৰ ৰাষ্ট্ৰীয় ন্যাস

শেহতীয়া উন্নীতকৰণ: : 6/10/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate