মূলতঃ ডাইনী বিদ্যাৰ আঁৰত যে কেৱল অন্ধবিশ্বাসেই জড়িত আছে সেয়া নহয়, এচাম লোকে এই বিদ্যাক সহজ উপায়েৰে ধন ঘটাৰ এক কৌশল হিচাপেও অৱলম্বন কৰিছে। অসমৰ ভিতৰুৱা অঞ্চলসমূহত সঘনে ডাইনী হত্যাৰ দৰে নিৰ্মম ঘটনা ঘটি আছে। সেয়ে কোৱা হয় যে এই প্ৰথা কেৱল পিছপৰা তথা অশিক্ষিত লোকসকলৰ মাজতহে বহুলভাৱে প্ৰচলিত এক প্ৰথা। কিন্তু লণ্ডন বা আমেৰিকাৰ দৰ দেশতো ডাইনী প্ৰথাৰ প্ৰচলনে এই কথা ভুল প্ৰমাণিত কৰিছে যে কেৱল পিছপৰা বা অশিক্ষিত লোকৰ মাজতে এই প্ৰথা সীমিত হৈ থকা নাই।
কেৱল অন্ধবিশ্বাসেই ডাইনী হত্যাৰ একমাত্র কাৰণ নহয় বুলি ইতিমধ্যে সমাজ বিজ্ঞানীসকলে প্রমাণ কৰি দেখুৱাইছে। এই প্ৰথা গভীৰভাৱে শিপাই থকা এক সামাজিক ব্যাধি। এই প্ৰথাৰ বিৰুদ্ধে ৰাইজৰ সজাগতা আৰু উপযুক্ত গবেষণামূলক অধ্যয়ন আৰু আলোচনাৰ দ্ধাৰাহে নিৰ্মূল কৰিব পৰা যাব। এতিয়া আহো ডাইনী প্রথাৰ জন্ম বৃত্তান্তলৈ। ডাইনী বিদ্যাৰ উত্পত্তিৰ আঁৰত বহু কাৰণ থাকিলেও মূলতঃ ধৰ্মকেই প্রধান বুলি অভিহিত কৰিব লাগিব। কাৰণ অতীজতে পৃথিৱীৰ প্ৰায় সমাজত প্রকৃতি পূজাই আছিল ধর্ম। অতীজত মানুহে পৃথিৱীক মাতৃ জ্ঞান কৰি প্রকৃতিৰ উপাদানসমূহ যেনে-গছ গছনি পশু পক্ষী বায়ু পানীক পূজা কৰিছিল। তেওঁলোকৰ বিশ্বাস আছিল যে প্রকৃতিৰ এই উপাদানসমূহক পূজা পাতলৰ দ্বাৰা সন্তুষ্ট কৰি ৰাখিব লাগে। তেতিয়াহে সকলোৱে জীয়াই থাকি জীৱনটো উপভোগ কৰিব পাৰিব। এই প্ৰক্ৰিয়াত সামান্য বিজুতি ঘটা মানেই অশুভ শক্তিৰ প্রভাৱ বুলি মানুহে বিশ্বাস কৰিছিল। এই অশুভ শক্তিক ৰোধ কৰিবলৈ আন এক পূজা আৰম্ভ কৰে। তেওঁলোকে বিশ্বাস কৰিছিল যে এই অশুভ শক্তিয়ে কোনোবা এজনৰ দেহত প্রবেশ কৰি তেওঁৰ দ্বাৰাই সকলোতে প্রভাৱ বিস্তাৰ কৰে। সেয়ে তেওঁলোকৰ মাজৰে এজনক এই অপশক্তিৰ বাহক হিচাপে বাছি উলিওৱা হয় যি শাৰীৰিকভাবে অক্ষম বা ৰোগগ্ৰস্ত। তাৰপাছত এই লোকজনকে ডাইনীৰ ৰূপত কল্পনা কৰি চলোৱা হয় অবৰ্ণনীয় অত্যাচাৰ। আৰু শেষত নৃশংসভাবে হত্যা কৰা হয়। কাৰণ মানুহজনৰ মৃত্যু মানেই ডাইনীৰ মৃত্যু। ইংৰাজীত ডাইনী বিদ্যাক উইটছ ক্ৰেফ্ট (witch craft) বোলা হয়। অৰ্থাৎ একধৰণৰ মেজিক। একধৰণৰ সন্মোহনী শক্তিৰ সহায়েৰে মানুহক কেনেকৈ বশীভূত কৰিব লাগে তাকে এই বিদ্যাৰ দ্বাৰা শিকোৱা হয়। অতীজত এই বিদ্যাক wicca বুলি অভিহিত কৰা হৈছিল। অৱশ্যে বেলেগ বেলেগ দেশত এই বিদ্যাক বেলেগ বেলেগ নামেৰে জনা যায়।
এইখিনিতে প্ৰশ্ন উত্থাপন হয় কেৱল অন্ধবিশ্বাস আৰু ধৰ্মৰ বাবেই কিছুসংখ্যক নিৰীহ মানুহে প্ৰাণ হেৰুৱাইছে নেকি? একো একোটা ধৰ্মৰ নামত থকা ঈশ্বৰ তন্ত্ৰ বা ধৰ্মীয় প্ৰশাসন ধৰ্ম তত্ব, সেই সমাজত প্ৰচলিত আইন ধৰ্মৰ বুৰঞ্জী ইত্যাদি খৰচি মাৰি অধ্যয়ন কৰিলেহে এই বিদ্যাৰ বিষয়ে বিশদভাবে জানিব পৰা যাব। কেৱল অন্ধবিশ্বাসৰ দোহাই দিয়েই বৰ্তমান সমাজত ডাইনী হত্যাৰ দৰে নাৰকীয় ঘটনা সংঘটিত হৈ থকা নাই। ব্যক্তিস্বাৰ্থ পূৰণৰ অজুহাততো ডাইনী হত্যা চলি আছে। পুনৰ দোহৰাৰ প্ৰয়োজন যে ডাইনী হত্যা আধুনিক সমাজৰ এক কলংক। সামাজিক ব্যাধি স্বৰূপে পৰিগণিত হোৱা এই এই প্ৰথাই চূড়ান্ত মানৱতাৰ অৱক্ষয়ৰ এক ভয়াবহ নিদৰ্শন দাঙি ধৰে। আধুনিকতাৰ শিখৰত দপদপাই থাকিও আজিও তথাকথিত মানুহৰ মন অন্ধবিশ্বাসৰ এন্ধাৰে আছন্ন কৰি ৰাখিছে। যাৰ পৰিণতিত এচাম দুৰ্ভগীয়াই প্ৰাণ দিব লগা হৈছে।
আধুনিক সমাজৰ এক অভিশাপ স্বৰূপ এই ব্যাধি নাশিবলৈ সচেতন হওঁ আহক। আজিৰ আধুনিক শিক্ষাৰে শিক্ষিত যুৱচামৰ মাজৰ পৰাই পোখাই উঠক এই সচেতনতাৰ বীজ। এখন সুন্দৰ নিক সমাজ গঢ়াৰ লক্ষ্যেৰে আহকচোন আমিয়েই নিৰ্মূল কৰাৰ প্ৰয়াস কৰো এই ভয়ংকৰ অন্ধবিশ্বাস ডাইনী হত্যা।
পল্লৱী গগৈ