এটা প্ৰজন্মৰ আগৰ কথা অৰ্থাৎ, যিসকলৰ বয়স পঞ্চাশৰ ভিতৰত বা ঘৰত তেওঁলোকৰ জীৱনৰ ছবিখন মোটা মুটি এনেকুৱাই-তেওঁলোকে যি পাইছে বা যিমানখিনি পাইছে তাতেই সুখী আৰু সন্তুষ্ট আৰু এই পোৱাৰ বিষয়টো একাইন্তই গৃহস্থৰ ওপৰত নিৰ্ভৰ। অৰ্থাৎ স্বামীয়ে যিখিনি দিছে, যিভাৱে ৰাখিছে আৰু যি দিব তাতেই সুখী হ’ব লাগিব। কাৰণ সৰুৰে পৰাই সেইখিনি মানসিকভাৱে গঢ়ি তোলা হৈছিল। ছোৱালী হৈ জন্ম লোৱাৰ পৰিপ্ৰেক্ষিতত সৰুৰে পৰাই সেইখিনি মানসিকতাৰে গঢ়ি তোলা হৈছিল, সেয়েই তেওঁলোকক আগবাঢ়ি যোৱাত সহায় কৰিছিল। মুঠতে তেওঁলোকে আছিল সুখী। কাৰণ অসুখী হোৱাৰ যি চাৰিত্ৰিক বৈশিষ্ট্যৰ আৱশ্যক সেইটোৱে নাজানিছিল, তেওঁলোকৰ অস্তিত্বত সেইবাবেই আৰু সমাজ সংস্কাৰে যি স্থান দিছে পত্নী হিচাবে, মাতৃ হিচাপে তাতেই পৰিতৃপ্ত তেওঁলোক।
কিন্তু আজিৰ অৱস্থা এনেকুৱা নহয় অৱশ্যে সংসাৰ এখন সুখে শান্তিৰে চলি থাকিবলৈ হ’লে ইজনে সিজনক বিশ্বাস কৰিব লাগিব, সত্য স্বৰূপ হ’ব লাগিব তাৰোপৰি সত্যৰ ওপৰত কৰ্তৃত্বও থাকিব লাগিব লগতে অসীম ধৈৰ্য্য আৰু সত্য গুণৰ সমাহাৰ থাকিব লাগিব।
কিন্তু এনে হোৱা দেখা নাই সংসাৰত। বিশ্বাসৰ মূল্য হেৰাই গৈছে, ইফালে স্মৃতি বিষাদ, আশা নিৰাশাৰ জীৱন আৰু মৃত্যুৰ হয়তো কোনোবা খিনিত ক্ৰিটিকেল পইন্টো ৰৈছে।
তথাপিও জীয়াই থাকিবই লাগিব মৃত্যু নোহোৱালৈকে আৰু জীয়াই থকালৈকে এই সংসাৰৰ পৰা নিস্তাৰ নাই আৰু জীৱনৰ শেষত মৰণৰ পৰাও নিস্তাৰ নাই গতিকে সেয়ে যদি হয় তেনেহ’লে জীয়াই থকালৈকে অনিবাৰ্য্য মৃত্যুৰ চিন্তাত কাতৰ হৈ নাথাকি বা জীৱনটো অথলে গ’ল বুলি নাভাবি জীৱনটোক পৰিপূৰ্ণ ভাৱে যাপন কৰাই উচিত। তাকে কৰিবলৈ হ’লে আমাৰ আশাবাদী মনটোক জীৱনৰ প্ৰতি পৰিণত ইতিবাচক দৃষ্টিভংগী থাকিব।
মানুহৰ আশা কোনোদিনেই সম্পূৰ্ণ ভাৱে পূৰ্ণ নহয়। সুখ-দুখ উত্থান-পতনৰ মাজেৰেহে জীৱন তথাপিও আশাক বাদ দি জীয়াই থাকিব নোৱাৰি আৰু আশাই হৈছে মানুহৰ জীৱনৰ সঞ্জৱনী সুধা। আমি জীৱনটোক অৰ্থাৎ সংসাৰখন কৰোতে সৰু সৰু অভিজ্ঞতাৰ পৰাই বহল দৃষ্টিভংগীৰে বিবেচনা কৰি চলিব লাগিব।
ইফালে এটা প্ৰজন্মৰ ভিতৰতেই এক বৃহৎ পৰিৱৰ্তন ঘটিছে। বিশেষকৈ ছোৱালীৰ জীৱনত। আগৰ যৌথ পৰিয়াল ভাঙি পুৰুষসকলে ঘৰৰ পৰা বাহিৰলৈ ওলাই গৈছে কৰ্মজীৱন আৰম্ভ কৰা স্থলীত অৰ্থাৎ চাকৰি কৰিবলৈ আৰু তাতেই সংসাৰ পাতিছে স্বামী-স্ত্ৰী আৰু এটি দুটি সন্তান আৰু খুউব বেছি যোগ হৈছে মাক আৰু দেউতাক। সৰু পৰিয়ালত ল’ৰা-ছোৱালীৰ সংখ্যা কম হোৱা হেতুকে স্বাভাৱিকতে ল’ৰা-ছোৱালীৰ মতভেদ কমিছে আৰু ছোৱালীৰ প্ৰতি গুৰুত্ব বাঢ়িছে। তাতে যদি একমাত্ৰ সন্তান হিচাবে ছোৱালী হয় তেনেহ’লেতো কথাই নাই তেওঁৱে ভৱিষ্যতৰ আশা ভৰশাৰ কেন্দ্ৰবিন্দু হোৱা হেতুকে সকলোখিনি মনোযোগ ছোৱালীৰ ওপৰত দিয়াতো স্বাভাৱিক। সেই কাৰণে ছোৱালীক জীৱন সম্পৰ্কে সৰুকালৰ পৰাই পৰ্য্যাপ্ত পৰিমাণে মনোযোগ, লগতে গুৰুত্ব দিয়া বাবে চাহিদাও গঢ়ি উঠিছে। আগৰ দিনৰ বাবে স্বামীৰ ইচ্ছামতে চলাৰ মানসিকতা নাই আৰু ইয়াৰ ইচ্ছাৰ বিৰুদ্ধে চলিবলৈ হ’লে ক্ষোভ অনীহা বিৰক্তি আদি প্ৰকাশ কৰিবলৈ কোনো অস্বস্তি বোধ নকৰে। এইটো অস্বাভাৱিক বুলি ক’ব নোৱাৰি। কাৰণ শিক্ষিত মানুহৰ নিজস্ব দৃষ্টিভংগী আৰু নিজৰ মতামত থাকিবই গতিকে ই স্বাভাৱিক ও লগতে বাঞ্চনীয়।
আজিকালি মহিলাসকলে নিজৰ কেৰিয়াৰক লৈ ওপৰলৈ উঠাৰ ইচ্ছাৰ লগতে নিজকে প্ৰতিষ্ঠিত কৰা নিজৰ যোগ্যতাৰ ঠাই বিচাৰি লয়, অৰ্থাৎ স্বামীৰ পৰিচয়ত নহয়। সন্তান আৰু সাংসাৰিক ক্ষেত্ৰত দুয়োৰে সহ অৱস্থান সম্ভৱ নহয়। ফলত সাংসাৰিক জীৱনত কলহ বাঢ়িছে কিয়নো স্বামীসকলে বিচাৰে তেওঁলোকৰ পত্নীসকলে মা-আইতাসকলৰ দৰে সহনশীলতা, ত্যাগী আৰু পৰিস্থিতিৰ লগত খাপ খাই পৰা স্বভাৱৰ হওঁক। ইফালে মহিলাসকলে ধাৰণা কৰে পুৰুষশাসিত সমাজত তেওঁলোক নিপীড়িত, নিৰ্যাতিতা। আজিকালি যদি স্বামী-স্ত্ৰী দুয়ো শিক্ষিত হৈ সন্তানসকলৰ ভৱিষ্যতে চিন্তা কৰে, তেন্তে পৰস্পৰে পৰস্পৰক সহনশীলতা আৰু বুজাপৰাৰো একান্তই প্ৰয়োজন নহ’লে সংসাৰত সংঘাত আৱশ্যভাবী। কিয়নো সংসাৰ মানেই তিতা হেঁহা আৰু মিঠাৰ সমাহাৰ। আচলতে এচাম বুৰ্বকে আন এচাম বুৰ্বকক লালন পালন কৰা এটা ব্যৰ্থ কচৰৎ। কাৰণ মানুহৰ মন সকলো সময়তে নাথাকে, জোৱাৰ ভাটাৰ দৰে বঢ়া টুটা কৰা আমাৰ মনটিক স্বাভাৱিক কৰিবলৈ হ’লে পাৰস্পৰিক সহনশীলতাৰ অতিকৈ প্ৰয়োজন।
আমাৰ সমাজখন উন্নতিৰ দিশত যথেষ্ট আগবাঢ়িছে। শিক্ষা সাহিত্য সংস্কৃতি খেল ধেমালী কোনোটো দিশতেই পিছপৰি থকা নাই, যিমানেই সুবিধা হৈছে সিমানেই মানুহৰ নৈতিকতাৰ অভাৱ হৈছে যেন লাগে। আজিৰ প্ৰজন্মৰ যুৱক-যুৱতীসকলে নিজৰ প্ৰয়োজন পূৰাব পৰা চাকৰি এটা গোটাই লৈ নিজৰ ‘লেভেল’ ৰ লগতে মিলা এজনক লগত লৈ পুৱা ন বজাৰ পৰা সন্ধিয়া ৭-৮ বজালৈ ৰুটিন মাফিক যান্ত্ৰিক জীৱন কটাইছে। আজিকালি শিক্ষা মানে চাকৰিমুখী। কাৰিকৰী বৃত্তিগত জ্ঞান শিক্ষাকেই জীৱন সম্বল হিচাবে গণ্য কৰে। জ্ঞানৰ অৰ্থ বাহ্যিকতাতে সীমিত হৈ থাকে আৰু শান্তিময় জীৱন ধাৰণ যে সঁচা এই কথা কোনো এটা স্তৰতে উপলব্ধি নোহোৱা হ’ল। সেয়েহে সমাজখন উন্নতিৰ দিশলৈ গৈছেনে অৱনতিৰ দিশলৈ গৈছে ধৰিবই নোৱাৰা হৈছে। ঠাই বিশেষে যুৱক-যুৱতীসকলক লগত লৈ আলোচনা চক্ৰও অনুষ্ঠিত হৈছে কিন্তু সকলোবোৰ ফুটুকাৰ ফেন। এই ক্ষেত্ৰত আমাৰ মাতৃসকলৰ দায়িত্ব পুৰুষ সকলতকৈ বেছি, কিয়নো ঘৰখনেই হৈছে মূল ভেটি। ল’ৰা-ছোৱালী বেছি সময় মাতৃৰ লগতে থাকে, মাতৃগৰাকীয়ে হৈছে মূল চাবিকাঠি। মাতৃগৰাকীয়ে মানবীয় গুণবোৰ আহৰণ কৰি প্ৰকৃতাৰ্থত ‘মানুহ’ নামৰ উপযুক্ত কৰি সেই নামৰ অধিকাৰী হোৱাটোৱেই মানৱ জীৱনৰ চৰম উদ্দেশ্য বা লক্ষ্য বুলি ইয়াৰ সনিধান দিলে প্ৰকৃত মূল্যবোধ বুজি উঠিব। আভিজাত্যৰ গৌৰৱৰ গৰিয়াণ হৈ দীৰ্ঘ জীৱন ধাৰী জনেও সময়ৰ বালিত একো চিন থৈ যাব পাৰে। এয়া সম্ভৱ হয় সেইজন ব্যক্তিয়ে কৰ্মময় জীৱনত ভৱিষ্যতৰ প্ৰজন্মৰ বাবে আগবঢ়াই থৈ যোৱা তেওঁৰ অৱদানখিনি। যেতিয়া মানৱ জীৱনে নিস্বাৰ্থ ভাৱে বিশ্বৰ জনগণৰ কল্যাণৰ বাবে নিজকে উচ্ছৰ্গা কৰে তেতিয়াই সেই পূৰ্বোক্ত মহৎ সম্ভাৱনাই কাৰ্য্যকৰী ৰূপ লাভ কৰে।
লোভেই মানুহৰ জীৱনক ধ্বংস কৰিছে। বৰ্তমানৰ নাৰীসকলে জীৱন সম্বন্ধে তেওঁৰ চিন্তা ভাৱনা আৰু উচিত জীৱন সংগী নিৰ্বাচনৰ ক্ষেত্ৰতো কেনেধৰণৰ জীৱন সংগী তেওঁৰ প্ৰয়োজন এই কথা নিজৰ ওচৰত পৰিস্কাৰ হৈ সংসাৰ কৰিবলৈ আগবঢ়াতো একান্তই প্ৰয়োজন।
লেখিকা: কল্পনা ৰাজকুমাৰ
শেহতীয়া উন্নীতকৰণ: : 6/5/2020