অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পৰিৱেশ সুৰক্ষা আৰু নাৰীৰ সৱলীকৰন

পৰিৱেশ সুৰক্ষা আৰু নাৰীৰ সৱলীকৰন

প্ৰ্দুষনে সৃষ্টি কৰা পৰিৱেশৰ অৱনতিৰ ফলত আজি সমগ্ৰ পৃথিৱী অসুস্থ।এই অসুস্থতাই ভয়ানক পৰিস্থিতিৰ সৃষ্টি কৰিছে।ফলত জীৱ-জন্ত বায়ু পানী মাটিৰ মাজত থকা নিবিড় সম্পৰ্কৰ মাজত স্ংঘাতৰ সৃষ্টি হৈছে।এই স্ংঘাতৰ ফলত বহুতো জীৱৰ জীৱন বিপন্ন হোৱাই নহয় ই মানুহৰ জীৱনলৈ ভাবুকিও কঢ়িয়াই আনিছে।সম্প্ৰ্তি পৰিৱেশৰ অৱনতিয়ে মানুহৰ জীৱনলৈ এনে বিধ্বংসনৰ আগজাননি দিছে-যিয়ে সমগ্ৰ পৃথিৱী বিপন্ন কৰি তুলিছে।পৃথিৱীৰ বতৰ চক্ৰৰ পৰিৱৰ্তন গোলকীয় উষ্ণতা বৃদ্ধি,অম্লবৃষ্টি,বিভিন্ন দুৰাৰোগ্য ৰোগ ইত্যাদিৰ প্ৰাদুৰ্ভাৱৰ কাৰনো পৰিৱেশৰ অৱনতিয়েই।বিশ্ব স্বাস্থ্য স্ংস্থাই জনোৱা মতে এই দুৰাৰোগ্য ৰোগৰ ভিতৰত নাৰীৰ স্তন কেন্সাৰ অন্যতম।

পৰিৱেশ অৱনতিৰ সমস্যা আজি একক সমস্যা হৈ থকা নাই,এই সমস্যা গোলকীয় স্বৰুপৰ(Global Nature of Enviorment Probleam)।কিয়নো কোনো দূৰ দেশত উদ্যোগ প্ৰ্ধান অঞ্চলত প্ৰ্দূষিত বায়ুমণ্ডলেও কালক্ৰমত আন দেশত গৈ অম্লবৃষ্টি কৰাৰ ঘটনা নজিৰ আছে।

বিজ্ঞানীসকলৰ মতে উদ্যোগ আদিয়ে পৰিৱেশ প্ৰ্দুষিত কৰাতকৈ বৰ্দ্ধিত জনসংখ্যাহে ইয়াৰ বেছি গুৰুতৰ কাৰক হৈ পৰিছে।৫% জনস্ংখ্যা বৃদ্ধিয়ে ২% অতিৰিক্ত কাৰ্বন ডাই অক্সাইড নিৰ্গত কৰে পৰিৱেশলৈ।এই জনসংখ্যা বৃদ্ধিৰ ফলত মানুহে ত্যাগ কৰা কাৰ্বন ডাই অক্সাইড লগতে যান বাহনেও অধিক পৰিৱেশ প্ৰ্দুষন কৰে।চীন দেশত প্ৰ্দুষনৰ সমস্যাই ভয়ংকৰ ৰুপত গা কৰি উঠিছে বুলি সমীক্ষাত প্ৰ্কাশ।বিজ্ঞানীসকলে প্ৰকাশ কৰিছে যে চীন দেশত বায়ুত ২০২০ চনলৈ ৩,৯% কাৰ্বন বৃদ্ধি পাব।ইতিমধ্যে প্ৰ্থিৱীত পাঁচটা বছৰৰ ভিতৰত ৯% কাৰ্বন বায়ুমণ্ডলত বৃদ্ধি পাইছে।

পৃথিৱীৰ ভিতৰতেই অধিক কাৰ্বন নিৰ্গত হোৱা দেশত তালিকাত চীন,ৰাছিয়া,জাপান,আমেৰিকাৰ লগতে ভাৰতবৰ্ষও আছে।আমেৰিকাৰ লগতে ভাৰতবৰ্ষো আছে।আমেৰিকাই ২৫৩ মিলিয়ন মেট্ৰিক টন কাৰ্বন উৎপন্ন কৰি বায়ুমণ্ডলত ১৩% কাৰ্বন বৃদ্ধি কৰিছে।ভাৰতবৰ্ষত কাৰ্বন নিৰ্গত হৈ পৰিৱেশৰ অৱনতি হোৱাৰ কাৰন হল বৰ্দ্ধিত জনস্ংখ্যা আৰু দৰিদ্ৰতা।অৰ্থনৈতিক অনগ্ৰসৰতা তথা বৰ্দ্ধিত জনস্ংখ্যাৰ ফলত এচামে ভূমি খাদ্য শস্য পানীৰ নাটনীৰ সন্মখীন হৈছে।এইচাম মানুহে জীবনৰ কঠীনতাৰ মুখামুখি হৈ ধ্বংস কৰিছে বনাঞ্চল।সেয়ে ১৯৭২ চনতেই ৰাষ্ট্ৰ্সংঘৰ পৰিৱেশ সম্পৰ্কীয় আলোচনা চক্ৰত ইন্দিৰা গান্ধিয়ে কৈছিল----Poverty is the biggest pollution.আনহাতে সাধাৰনভাবেই দেখা যায় যে কাঠ পেঞ্চিলডালৰ পৰা অত্যাৱশ্যকীয় প্ৰায় আনুমানিক ৫০০০ মান ভিন্ন প্ৰ্কাৰৰ সামগ্ৰী তৈয়াৰ কৰা হয় কাঠৰ পৰা।এই কাঠৰ সামগ্ৰীবোৰ বেছি অংশই মহিলাসকলে ব্যৱহাৰ কৰে।মহিলাসকলৰ ৰান্ধনিশালৰ চৌকাটোও বননিৰ ওপৰতেই নিৰ্ভৰশীল।বনাঞ্চলবোৰ ঔদ্যোগীক ব্যৱহাৰতকৈ সাধাৰনভাৱেই বিভিন্ন প্ৰকাৰৰ কাঠৰ সামগ্ৰী উৎপাদনত ব্যৱহাৰ কৰাৰ ফলতে অধিক ধ্বংস হৈছে।

সমগ্ৰ বিশ্বৰ লগতে আমাৰ দেশতো পৰিৱেশ সুৰক্ষাৰ ওপৰত বিশেষ গুৰুত্ব দি ১৯৭০ চনৰপৰা চৰকাৰে বিভিন্ন পৰিকল্পনা হাতত লৈ আহিছে।১৯৮০ চনত লিংগ বৈষম্য আতঁৰাই নাৰীৰ ওপৰত পৰিৱেশ সুৰক্ষাৰ দায়িত্ব ন্যস্ত কৰি বিভিন্ন আঁচনি প্ৰনয়ন কৰা হৈছিল।এই আঁচনিত সমাজত লিংগ বৈষম্য আঁতৰাই গঠনমূলক চিন্তাৰে নাৰীক পৰিৱেশ সুৰক্ষাৰ বাবে অন্তৰ্ভুক্ত কৰাই বিশেষ গুৰুত্ব দিয়া হৈছে।সম্প্ৰ্তি সমগ্ৰ বিশ্বতেই পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰতো নাৰীৰ সবলীকৰনৰ ধাৰনাই গা কৰি উঠিছে।কোবা হৈছে যে পৰিৱেশ সুৰক্ষিত কৰাৰ মুল চাবি কাঠি নাৰীৰ ওপৰতেই। সাধাৰনভাৱে বিশ্নেষন কৰিলে দেখা যায় নাৰী আৰু পৰিৱেশ ওতপ্ৰওত্ভাবে জড়িত।প্ৰাকৃতিক সম্পদৰ ওপৰত নাৰী বিশেষভাৱে নিৰ্ভৰশীল।বায়ু পানী মাটি তথা বননিৰ সৈতে নাৰীৰ নিবিড় সম্পৰ্ক আছে আৰু এই সম্পৰ্কৰ ওপৰতে নাৰীৰ স্ংসাৰখন।বিজ্ঞানৰ বিভিন্ন অৱিস্কাৰ যান-বাহন ৰাসায়নিক দ্ৰব্যৰ প্ৰয়োগ নিউক্লিয়াৰ অস্ত্ৰই পৰিৱেশ প্ৰ্দুষন কৰি বনাঞ্চল ধ্বংস কৰাতকৈও জনসংখ্যা বৃদ্ধিৰ ফলত বনাঞ্চলবোৰ নাইকীয়া কৰি যতে ততে মানুহে বসতি লৈছে।জনস্ংখ্যা নিয়ন্ত্ৰন অৰ্থাৎ জন্ম নিয়ন্ত্ৰনত নাৰীৰ শিক্ষা আৰু সজাগতা অতি প্ৰয়োজন।এইক্ষেত্ৰত নাৰীৰ সবলীকৰন ধাৰনাটো প্ৰয়োগ কৰিব পাৰি।আকৌ মানৱ সম্পদ গঢ় দিয়াটো নাৰীৰ ভূমীকা গুৰুত্বপূৰ্ন।সমাজৰ প্ৰতিটো দিশত সুক্ষ্ণ নিৰক্ষনেৰে সমাজবিদসকলে বিশ্লেষন কৰিছে যে নাৰী সবলীকৰন ধাৰনাটো পৰিৱেশ সুৰক্ষাৰ প্ৰতিটো দিশতেই বিজ্ঞানসন্মত্ভাৱেই প্ৰযোজ্য।কাৰন প্ৰাকৃতিক প্ৰদুষনে মানুহৰ মাজত যিমান ভয়ানক সমস্যাৰ সৃষ্টি কৰিব পাৰে তাতকৈ ভয়ানক সমস্যা সৃষ্টি কৰিব পাৰে-মানুহে সৃষ্টি কৰা প্ৰদুষনে।সেয়ে সমগ্ৰ বিশ্বতেই বৃহৎ আকাৰৰ পৰিৱেশ সুৰক্ষাৰ আন্দোলনবোৰ গঢ় লৈ উঠিছিল নাৰীসকলৰ মাজত।উদাহৰন স্বৰুপে ভাৰতৰ চিপকো আন্দোলন,কেনিয়াৰ গ্ৰীন বেল্ট আন্দোলন  আদিৰ কথা কব পাৰি।যোৱা শতিকাৰ সপ্তম দশকত উত্তৰাখণ্ডৰ মহিলাসকলে গছবোৰক সাবটি ধৰি বনাঞ্চল ধ্বংসৰপৰা ৰক্ষা কৰিবলৈ আৰম্ভ কৰাৰ পৰা আৰম্ভ হৈছিল চিপকো আন্দোলন।১৯৭৭ চনত কেনিয়া,নাইৰোবি আদিত ধৰ্মীয় দৃষ্টিভ্ংগীয়ে এটা সম্প্ৰদায়ৰ নাৰীয়ে বননি সুৰক্ষিত কৰি পৰিৱেশ সুৰক্ষা কৰিছিল।আনহাতে নবোদয় মুভমেন্টৰ মহিলাসকলে শস্যৰ ওপৰত প্ৰযুক্তি প্ৰয়োগ কৰি উন্নত মানৰ বীজ উৎপাদন কৰিছিল।এই পদ্ধতিত ৬৫টা বীজ বেংক মুকলি কৰি ৫,০০,০০০ খেতিয়কক উপকাৰ কৰিছিল নাৰীসকলে।এই আন্দোলন কেনিয়ালৈ বিস্তৃত হৈছিল।ছুইডেনৰ লেখিকা সাংবাদিক—নাৰীবাদী নেত্ৰী বাগনাৰে মহিলাসকলক পৰিৱেশ সুৰক্ষাৰ বাবে আন্দোলন কৰাত উৎসাহ যোগাই পৰিৱেশক প্ৰ্দূষন মুক্ত কৰাত অংগীকাৰ কৰিছিল।নিউক্লিয়াছ অস্ত্ৰৰ লগতে উদ্যোগ যান বাহনে যাতে ছুইডেনৰ পৰিৱেশ প্ৰ্দুষিত কৰিব নোবাৰে তাৰ ওপৰত কঠোৰ ব্যৱস্থা লৈ তেওঁ নাগৰিকসকলক সতৰ্ক কৰি দিছিল।ছুইডেনৰ ৬৪% নাৰীয়ে পৰিৱেশ সুৰক্ষাৰ বাবে বিশেষ ধৰনৰ শিক্ষা আগবঢ়াই পৰিৱেশ সুৰক্ষাৰ সচেতনতা ব্যাপকভাৱে বিস্তাৰ কৰিছিল।

সমগ্ৰ বিশ্বতে স্বেচ্ছাচাৰী বিভিন্ন স্ংগঠনে বিশ্বৰ পৰিৱেশৰ সুৰক্ষাৰ হকে কাম কৰি আছে।নাৰীৰ সক্ৰিয় ভুমিকাইহে পৰিৱেশ সুৰক্ষিত কৰি বিশ্বৰ প্ৰ্দুষন মুক্ত কৰাত সহায় কৰিব।এইক্ষেত্ৰত নাৰীৰ সজাগতা সৃষ্টি কৰিবলৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰৰ নিম্ন স্তৰৰ নাৰীসকলৰ মাজত পৰিৱেশৰ ওপৰত শিক্ষা দি গঠনমূলক চিন্তাৰে সবলীকৰনৰ ধাৰনাৰে পৰিৱেশ সুৰক্ষা কৰাত বিশেষ পদক্ষেপ লোৱাৰ প্ৰয়োজন।

৫জুন বিশ্ব পৰিৱেশ দিৱস এই দিনটোত বিশ্বৰ নাৰীসকল সজাগ হওকঁ---পৰিৱেশ সুৰক্ষাৰ বাবে

লেখিকা: বৰ্ণালী শৰ্মা বৰুৱা

শেহতীয়া উন্নীতকৰণ: : 4/26/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate