অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ভাৰতীয় সংবিধানত থকা মৌলিক অধিকাৰ সমূহ

ভাৰতীয় সংবিধানত থকা মৌলিক অধিকাৰ সমূহ

গ্ৰেনভিল অষ্টিনে ভাৰতবৰ্ষৰ সংবিধামক এখন সামাজিক দলিল বুলি অভিহত কৰিছে আৰু তেওঁ মৌলিক অধিকাৰ আৰু নিৰ্দেশক নীতিক এই সামাজিক দলিল তথা সংবিধানৰ বিবেক বুলি বৰ্ননা কৰিছে| তেওঁ কৈছে, “মৌলিক অধিকাৰ আৰু নিৰ্দেশাত্মক নীতিয়ে ভাৰতৰ ভবিষৎ, বৰ্তমান আৰু অতীতক সংযুক্ত কৰে আৰু ভাৰতবৰ্ষৰ সমাজ-বিপ্লৱৰ উদ্যোগক শক্তি যোগায়|” অষ্টিনৰ এই উক্তিৰ পৰা ভাৰতীয় সংবিধানত সন্নিবিষ্ট কৰা মৌলিক অধিকাৰ সমুহৰ গুৰুত্বৰ বিষয়ে ভালদৰে অনুভৱ কৰিব পাৰি|

মৌলিক অধিকাৰৰ অৰ্থ

জনসাধাৰণৰ প্ৰতিভা বিকাশ আৰু ব্যক্তিত্ব প্ৰকাশৰ কাৰণে কিছুমান সুযোগ-সুবিধাৰ প্ৰয়োজন| ৰাজনীতি বিজ্ঞানত এনে সুযোগ-সুবিধাকে অধিকাৰ আখ্যা দিয়া হয়| প্ৰত্যেক সভ্য সমাজত ব্যক্তিৰ বিকাশ আৰু আৰু উন্নতিৰ বাবে সমাজ আৰু ৰাষ্ট্ৰৰ দ্বাৰা কিছুমান অধিকাৰৰ স্বীকৃতিক অপৰিহাৰ্য বুলি বিবেচনা কৰা হয়| ভাৰতীয় সংবিধানে নাগৰিক সকলক প্ৰদান কৰা সুযোগ-সুবিধাবোৰক মৌলিক অধিকাৰ বুলি কোৱা হয়| এই অধিকাৰবোৰ ‘মৌলিক’ কাৰণ এইবোৰৰ মৰ্যাদা সংবিধানৰ দ্বাৰা স্বীকৃত আৰু অন্যান্য অধিকাৰতকৈ বেলেগ|

মৌলিক অধিকাৰ কি

ভাৰতবৰ্ষৰ সংবিধানত বিধিবদ্ধ অধিকাৰ সমুহক ‘মৌলিক’ বোলা হয়| কাৰণ, আইনৰ দ্বাৰা স্বীকৃত অন্যান্য অধিকাৰৰ সৈতে মৌলিক অধিকাৰৰ পাৰ্থক্য আছে| যিবোৰ অধিকাৰ মানুহৰ আচল প্ৰয়োজনত লাগে, লিখিত সংবিধানত বিধিবদ্ধ থাকে আৰু সংবিধানৰ দ্বাৰা সংৰক্ষিত হয় সেইবোৰক মৌলিক অধিকাৰ বোলা হয়| ভাৰতবৰ্ষৰ সংবিধানৰ তৃতীয় অংশত উল্লেখিত অধিকাৰ সমুহ এনে ধৰণৰ| সেই কাৰণে এইবোৰক মৌলিক অধিকাৰ বোলা হয়| মৌলিক অধিকাৰ সমুহক কোনেও ভংগ কৰিব নোৱাৰে| এই অধিকাৰ সমুহক ন্যায়ালয়ে ৰক্ষা কৰে| এই অধিকাৰ সমুহ শাসন বিভাগ আৰু আইন বিভাগৰ কতৃত্বৰ বাহিৰত| সেই কাৰণেও এইবোৰক মৌলিক অধিকাৰ বোলা হয়| বিচাৰপতি পতঞ্জলী শাস্ত্ৰীয়ে এই মত পোষণ কৰিছে যে ভাৰতীয় সংবিধানৰ তৃতীয় অংশত লিপিবদ্ধ অধিকাৰ সমুহ মৌলিক, কাৰণ চৰম সাৰ্বভৌম কৰ্তৃত্বৰ অধিকাৰী হিচাপে জনগণে তেওঁলোকৰ হাতত এইবোৰ ৰাখিছে|

সংবিধানত মৌলিক অধিকাৰ সমুহ লিপিবদ্ধ কৰাৰ প্ৰয়োজনীয়তা

সংবিধানত মৌলিক অধিকাৰ সমুহ লিপিবদ্ধ কৰাৰ যথেষ্ট প্ৰয়োজনীয়তা আছে|

১) গণতান্ত্ৰিক শাসনব্যৱস্থাৰ সাফল্যৰ বাবে সংবিধানত নাগৰিক সকলৰ মৌলিক অধিকাৰ সমুহ লিপিবদ্ধ কৰা প্ৰয়োজন| অধ্যাপক ডি.এন.বেনাৰ্জীৰ মতে ই হ’ল গণতন্ত্ৰৰ ৰক্ষাকবচ| মৌলিক অধিকাৰ সমুহ সংবিধানত লিপিবদ্ধ থাকিলে শাসক দল স্বেচ্ছাচাৰী হ’ব নোৱাৰে|

২) গণতান্ত্ৰিক শাসন ব্যৱস্থাত সংখ্যাগৰিষ্ঠৰ শাসন প্ৰৱৰ্তিত হয়| সংবিধানত মৌলিক অধিকাৰ সমুহ লিখিত থাকিলে সংখ্যালঘু সম্প্ৰদায়ৰ স্বাৰ্থ ভালদৰে ৰক্ষা কৰিব পাৰি|

৩) বহুতে এই মত প্ৰকাশ কৰে যে মৌলিক অধিকাৰ সমুহ সংবিধানত লিপিবদ্ধ থাকিলে এইবোৰৰ বিষয়ে জনসাধাৰণৰ এটা সুস্পষ্ট ধাৰণা হয়| ই জনগণৰ চেতনা বিকাশত সহায় কৰে| তেওঁলোকে নিজৰ অধিকাৰ সম্পৰ্কে সজাগ থাকে আৰু কোনেও সেইবোৰ খৰ্ব কৰিব নোৱাৰে| এইবোৰ কাৰণত ভাৰতীয় সংবিধানত নাগৰিকৰ মৌলিক অধিকাৰ সমুহক লিপিবদ্ধ কৰা হৈছে যাতে তেওঁলোকৰ এই অধিকাৰ সমুহ সাৰ্থক হয়|

মৌলিক অধিকাৰৰ দাবী

ইংৰাজ শাসন কালৰ পৰাই ভাৰতবাসীয়ে মৌলিক অধিকাৰৰ আৱশ্যকতা অনুভৱ কৰিছিল| বিদেশী শাসনৰ তলত ভাৰতীয় জনসাধাৰণে ব্যক্তি স্বাধীনতা ভোগ কৰাত যথেষ্ট বাধাৰ সম্মুখীন হৈছিল| সেয়েহে কংগ্ৰেছৰ নেতৃত্বত ভাৰতবাসীৰ বাবে কিছুমান মৌলিক অধিকাৰৰ দাবী সময়ে সময়ে কৰা হৈছিল| কিন্তু ইংৰাজ চৰকাৰে ভাৰতীয় সকলৰ এই দাবীৰ প্ৰতি ভ্ৰুক্ষেপ কৰা নাছিল| ১৯২৮ চনত মতিলাল নেহেৰুৰ নেতৃত্বত মৌলিক অধিকাৰৰ বিষয়ে পৰামৰ্শদান কৰিবলৈ ভাৰতীয় জাতীয় কংগ্ৰেছে এখন কমিটি গঠন কৰিছিল| কমিটিয়ে ইয়াৰ প্ৰতিবেদনত ভাৰতবাসীৰ বাবে কিছুমান অধিকাৰৰ কথা স্বীকাৰ কৰিছিল| এই প্ৰতিবেদনত উল্লেখ কৰা হৈছিল যে জনসাধাৰণৰ মাজত বিশ্বাস আৰু নিৰাপত্তা সৃষ্টিৰ কাৰণে তেওঁলোকক কিছুমান অধিকাৰ প্ৰদান কৰা উচিত, কিন্তু ইংৰাজ চৰকাৰে এই দাবী গ্ৰাহ্য কৰা নাছিল| স্বাধীনতাৰ দাবী শক্তিশালী হোৱাৰ লগে লগে মৌলিক অধিকাৰৰ দাবীও তীব্ৰতৰ হৈ উঠিছিল| শেষত ভাৰতবৰ্ষ স্বাধীন হ’ল আৰু সংবিধান ৰচনাৰ বাবে গঠন কৰা সংবিধান সভাই মৌলিক অধিকাৰৰ বিষয়ে পৰামৰ্শ দিবলৈ এখন সমিতি গঠন কৰিলে| এই সমিতিৰ পৰামৰ্শ মতে ভাৰতবৰ্ষৰ সংবিধানৰ তৃতীয় অংশত ভাৰতৰ নাগৰিক সকলৰ বাবে কিছুমান মৌলিক অধিকাৰ সন্নিবিষ্ট কৰা হয়|

মৌলিক অধিকাৰ সমুহৰ বৈশিষ্ট

ভাৰতীয় সংবিধানত নাগৰিকৰ মৌলিক অধিকাৰ সম্পৰ্কে যিদৰে বহল ভাৱে আলোচনা কৰা হৈছে, পৃথিৱীৰ আন কোনো সংবিধানত মৌলিক অধিকাৰৰ এনেদৰে আলোচনা হোৱা নাই| ভাৰতৰ সংবিধানৰ দ্বাৰা স্বীকৃত আৰু ঘোষিত মৌলিক অধিকাৰ সমুহৰ কিছুমান বৈশিষ্ট আছে| সেইবোৰ তলত আলোচনা কৰা হ’ল-

১) চৰম নহয়:- ভাৰতীয় নাগৰিক সকলৰ মৌলিক অধিকাৰ সমুহ চৰম নহয়| কিছুমান সীমাবদ্ধতাৰ মাজতহে এই অধিকাৰ সমুহ ভোগ কৰিব পাৰি| ভাৰতীয় নাগৰিক সকলে কিছুমান চৰ্ত সাপেক্ষে এই অধিকাৰ সমুহক ভোগ কৰিব পাৰে| নাগৰিকৰ প্ৰত্যেকটো অধিকাৰৰ ওপৰত কিছুমান বাধা-নিষেধ আৰোপ কৰা হৈছে যাতে কোনেও এই অধিকাৰ সমুহৰ অপ-ব্যৱহাৰ কৰিব নোৱাৰে| এজনে অধিকাৰ ভোগ কৰাৰ সময়ত আন এজনৰ অধিকাৰ যাতে খৰ্ব নহয় তাৰ প্ৰতি লক্ষ্য ৰখা উচিত| অধিকাৰৰ লগত সদায় কৰ্তব্য জড়িত থাকে| আমাৰ মৌলিক অধিকাৰ সমুহ ইয়াৰ ব্যতিক্ৰম নহয়| তাৰোপৰি দেশৰ সাৰ্বভৌমত্ব আৰু ৰাষ্ট্ৰীয় অখণ্ডতা ৰক্ষাৰ কাৰণে অধিকাৰ ভোগৰ ক্ষেত্ৰত কেতিয়াবা কেতিয়াবা বাধা আৰোপ কৰিবলগীয়া হয়| জাতিৰ স্বাৰ্থতকৈ কোনো অধিকাৰ অধিক মুল্যবান নহয়| সেয়েহে ভাৰতীয় নাগৰিক সকলৰ অধিকাৰ সমুহ সীমাহীন বা অবাধ নহয়|

২) বাদযোগ্য:- ভাৰতীয় নাগৰিক সকলৰ মৌলিক অধিকাৰ সমুহ বাদযোগ্য| অৰ্থাৎ এই অধিকাৰ সমুহ আদালতৰ দ্বাৰা বলৱৎ কৰিব পাৰি| কোনো ব্যক্তি, সংস্থা নাইবা চৰকাৰে এই অধিকাৰ সমুহৰ ওপৰত হস্তক্ষেপ কৰিলে, এই হস্তক্ষেপৰ বিৰুদ্ধে আদালতৰ সহায় ল’ব পাৰি| সংবিধানত ৩২ আৰু ২২৬ নং অনুচ্ছেদমতে মৌলিক অধিকাৰ ৰক্ষাৰ কাৰণে ক্ৰমান্বয়ে উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ ওচৰ চাপিব পাৰি| এই আদালত সমুহে নাগৰিক সকলৰ মৌলিক অধিকাৰ ৰক্ষাৰ ব্যৱস্থা কৰে|

৩) সাধাৰণ অৱস্থাত মৌলিক অধিকাৰৰ সংকোচন:- ভাৰতবৰ্ষৰ সংবিধানত সাধাৰণ অৱস্থাতো মৌলিক অধিকাৰ সমুহৰ ওপৰত বাধা-নিষেধ আৰোপৰ ব্যৱস্থা কৰা হৈছে| স্বাধীনতাৰ অধিকাৰ ভোগ কৰাৰ ক্ষেত্ৰত চৰকাৰে যুক্তি সংগত বাধা-নিষেধ আৰোপ কৰিব পাৰে| তাৰোপৰি নিবাৰক নিৰোধক আইনৰ জৰিয়তে কোনো ব্যক্তিক নিৰ্দ্দিষ্ট সময়ৰ বাবে আটক কৰিব পৰাৰ ব্যৱস্থাও আছে| জাতি-ধৰ্ম-ভাষা নিৰ্বিশেষে সকলো পুৰুষ-মহিলাক নিয়োগৰ ক্ষেত্ৰত সমান সুবিধাৰ আশ্বাস দিয়া আছে যদিও পিছপৰা সম্প্ৰদায় আদিৰ বাবে চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে|

৪) মৌলিক অধিকাৰ সমুহ সংশোধন কৰিব পাৰি:- ভাৰতীয় সংবিধানত যিবোৰ অধিকাৰ লিপিবদ্ধ কৰা হৈছে সেইবোৰক সংশোধন কৰিব পাৰি| ভাৰতীয় সংসদে সংবিধানৰ ৩৬৮ নং অনুচ্ছেদ অনুসৰি মৌলিক অধিকাৰ সমুহ সংশোধন কৰিব পাৰে| ২৪ তম সংবিধান সংশোধনী আইনে সংসদক এই ক্ষমতা প্ৰদান কৰিছে|

৫) মৌলিক অধিকাৰ সমুহ নকাৰাত্মক আৰু সকাৰাত্মক:- ভাৰতীয় সংবিধানত বিধিবদ্ধ সৰহভাগ মৌলিক অধিকাৰ নকাৰাত্মক| ৰাষ্ট্ৰীয় হস্তক্ষেপৰ ওপৰত বাধা-নিষেধ আৰোপ কৰি এই অধিকাৰ সমুহ প্ৰতিষ্ঠা কৰা হৈছে| সমতাৰ অধিকাৰ, স্বাধীনতাৰ অধিকাৰ আদি নকাৰাত্মক ভাৱে প্ৰকাশ কৰা হৈছে| সেইদৰে সংবিধানত কিছুমান সকাৰাত্মক অধিকাৰো আছে| ধৰ্মীয় অধিকাৰ আৰু শোষণৰ বিৰুদ্ধে অধিকাৰক সকাৰাত্মক ভাৱে প্ৰকাশ কৰা হৈছে|

৬) অৰ্থনৈতিক অধিকাৰ নাই:- ভাৰতীয় সংবিধানত সন্নিবিষ্ট কৰা মৌলিক অধিকাৰ সমুহ পৌৰ আৰু ৰাজনৈতিক অধিকাৰ| ইয়াত জনসাধাৰণৰ কোনো অৰ্থনৈতিক অধিকাৰে ঠাই পোৱা নাই| জীৱন-ধাৰণৰ অধিকাৰ, চাকৰিৰ অধিকাৰ আদিয়ে আমাৰ সংবিধানত স্বীকৃতি লাভ কৰা নাই| ভাৰতবৰ্ষৰ সংবিধানে অকল ৰাজনৈতিক অধিকাৰৰ ওপৰতহে অধিক গুৰুত্ব আৰোপ কৰিছে|

৭) জৰুৰী অৱস্থাত বলৱৎযোগ্য নহয়:- সাধাৰন অৱস্থাত আদালতে মৌলিক অধিকাৰ সমুহক বলবৎ কৰিব পাৰে| দেশত জৰুৰী অৱস্থা ঘোষিত হ’লে ৰাষ্ট্ৰপতিয়ে আদেশ জাৰি কৰি মৌলিক অধিকাৰ বলৱৎ কৰিবৰ কাৰণে আদালতৰ ওচৰত আবেদন কৰাৰ অধিকাৰ বাতিল কৰিব পাৰে| জৰুৰী অৱস্থা বাহাল থকা সময়ছোৱাত ১৯ নং অনুচ্ছেদত থকা স্বাধীনতাৰ অধিকাৰ বাতিল হৈ যায়| জৰুৰী অৱস্থা ঘোষণা কৰি ৰাষ্ট্ৰপতিয়ে ন্যায়ালয়ৰ অধিকাৰ ৰক্ষাৰ ক্ষমতা তুলি ল’ব পাৰে| ইয়াৰ ফলত নাগৰিকে মৌলিক অধিকাৰ ৰক্ষাৰ বাবে ন্যায়ালয়ৰ ওচৰ চাপিলে ন্যায়ালয়ে নাগৰিকক সহায় কৰিব নোৱাৰে|

৮) সকলোৰে বাবে সকলো অধিকাৰ নহয়:- ভাৰতবৰ্ষৰ সংবিধানত লিপিবদ্ধ কৰা মৌলিক অধিকাৰ সমুহ ভোগ কৰাৰ ক্ষেত্ৰত নাগৰিক আৰু অন্যান্য লোক সকলৰ মাজত পাৰ্থক্য ৰখা হৈছে| কিছুমান অধিকাৰ ভাৰতত বসবাস কৰা ভাৰতীয় নাগৰিক আৰু বিদেশী সকলেও ভোগ কৰিব পাৰে| কিন্তু কিছুমান অধিকাৰ বিদেশীক ভোগ কৰিবলৈ দিয়া নহয়| বিদেশী সকলক বিশেষকৈ ৰাজনৈতিক অধিকাৰ ভোগ কৰিবলৈ দিয়া নহয়, অন্যান্য প্ৰায়বোৰ অধিকাৰ বিদেশী সকলক ভোগ কৰিবলৈ দিয়া হয়| কিন্তু চৰকাৰে এইবোৰৰ ওপৰত কিছুমান চৰ্ত আৰোপ কৰিব পাৰে|

৯) মৌলিক অধিকাৰে কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ ক্ষমতা সীমিত কৰিছে:- ভাৰতবৰ্ষৰ সংবিধানত উল্লেখ কৰা মৌলিক অধিকাৰ সমুহে এই দেশৰ কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ ক্ষমতা সীমিত কৰিছে| ইয়াৰ ফলস্বৰুপে কাৰ্যপালিকা আৰু বিধানমণ্ডলে নাগৰিকৰ অধিকাৰ খৰ্ব কৰিব নোৱাৰে আৰু এই দুয়ো অনুষ্ঠান স্বেচ্ছাচাৰী হ’ব নোৱাৰে| নাগৰিকৰ অধিকাৰ ৰক্ষা আৰু গণতন্ত্ৰৰ ভেঁটি সুদৃঢ় কৰিবৰ বাবে সংবিধানে এই ব্যৱস্থা গ্ৰহণ কৰিছে| কাৰ্যপালিকা বা বিধানমণ্ডলৰ মৌলিক অধিকাৰ বিৰোধী কাৰ্যক উচ্চতম ন্যায়ালয়ে বে-আইনী বা অ-সাংবিধানিক বুলি ঘোষণা কৰিব পাৰে|

১০) কিছুমান মানুহ আৰু কিছুমান অঞ্চলৰ বাবে মৌলিক অধিকাৰ সীমিত:- চৰকাৰে সংবিধান প্ৰদত্ত মৌলিক অধিকাৰ ভোগ কৰাৰ ক্ষেত্ৰত কিছুমান লোকৰ বাবে বাধা-নিষেধ আৰোপ কৰিব পাৰে| যেনে সৈন্যবাহিনী আৰু আৰক্ষী বিভাগৰ লোকে সাধাৰণ অধিকাৰৰ দৰে সকলো মৌলিক অধিকাৰ ভোগ কৰিব নোৱাৰে| তেওঁলোকে কিছুমান নীতি-নিয়মৰ মাজতহে এই অধিকাৰ সমুহ ভোগ কৰিব পাৰে| সেইদৰে চৰকাৰে কিছুমান অঞ্চলক উপদ্ৰুত অঞ্চল বুলি ঘোষণা কৰিব পাৰে| সেইবোৰ অঞ্চলত মৌলিক অধিকাৰ ভোগ কৰাৰ ক্ষেত্ৰত চৰকাৰে কিছুমান বাধা-নিষেধ আৰোপ কৰিব পাৰে|

ভাৰতবৰ্ষৰ সংবিধানত সংৰক্ষিত মৌলিক অধিকাৰ সমুহ

ভাৰতীয় সংবিধানৰ তৃতীয় অংশত নাগৰিক সকলৰ মৌলিক অধিকাৰ সমুহ লিপিবদ্ধ কৰা হৈছে| সংবিধানৰ ১২ নং অনুচ্ছেদৰ পৰা ৩৫ নং অনুচ্ছেদলৈকে এই মৌলিক অধিকাৰ সমুহক বৰ্ণনা কৰা হৈছে| মূল সংবিধানত নাগৰিকৰ অধিকাৰ সমুহক সাতটা ভাগত ভাগ কৰা হৈছিল| কিন্তু সংবিধানৰ ৪৪ তম সংশোধনী আইনৰ জৰিয়তে সম্পত্তিৰ অধিকাৰ বাতিল কৰা হৈছে| এতিয়া নাগৰিকৰ ছয়বিধ মৌলিক অধিকাৰ আছে| অৰ্থাৎ সম্পত্তিৰ অধিকাৰ এতিয়া মৌলিক অধিকাৰ নহয়| বৰ্তমান সম্পত্তিৰ অধিকাৰ ভাৰতীয় নাগৰিক সকলৰ এটা সাধাৰণ অধিকাৰ| ভাৰতীয় নাগৰিক সকলৰ মৌলিক অধিকাৰ সমুহ হ’ল-

১) সমতাৰ অধিকাৰ;

২) স্বাধীনতাৰ অধিকাৰ;

৩) শোষণৰ বিৰুদ্ধে অধিকাৰ;

৪) ধৰ্মীয় অধিকাৰ;

৫) সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ; আৰু

৬) সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ|

প্ৰত্যেকজন ভাৰতীয় নাগৰিকে এই ছয়বিধ মৌলিক অধিকাৰ ভোগ কৰিব পাৰে| ভাৰতীয় নাগৰিক সকলৰ এই অধিকাৰ সমুহ আমাৰ দেশৰ গণতন্ত্ৰৰ কৃতকাৰ্যতাৰ বাবে একান্ত প্ৰয়োজন| নাগৰিকৰ মৌলিক অধিকাৰৰ স্বীকৃতিক ভাৰতীয় সংবিধানৰ এক বিশেষ অৱদান বুলি ক’ব পাৰি| তলত ভাৰতীয় নাগৰিক সকলৰ মৌলিক অধিকাৰ সমুহ আলোচনা কৰা হ’ল-

১)সমতাৰ অধিকাৰ:- ভাৰতবৰ্ষৰ সংবিধানৰ ১৪ ৰ পৰা ১৮ নং অনুচ্ছেদলৈকে সমতাৰ অধিকাৰ বিধিবদ্ধ কৰা হৈছে| এই অনুচ্ছেদ সমুহৰ জৰিয়তে ভাৰতবাসীৰ মাজত বিভিন্ন ক্ষেত্ৰত সমতা প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰা হৈছে| সংবিধানৰ ১৪ নং অনুচ্ছেদত কোৱা হৈছে যে ভাৰতৰ ৰাষ্ট্ৰীয় সীমাৰ ভিতৰত কোনো ব্যক্তিক ‘আইনৰ দৃষ্টিত সমতা’ অথবা ‘আইনসমুহৰ দ্বাৰা সমভাৱে ৰক্ষিত’ হোৱাৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব নোৱাৰিব| অৰ্থাৎ ভাৰতবৰ্ষৰ চাৰিসীমাৰ ভিতৰত কাম কৰা সকলো মানুহে আইনৰ দৃষ্টিত সমান ব্যৱহাৰ পাব আৰু আইনে সকলোকে সমানে ৰক্ষণা-বেক্ষণ দিব| ইয়াত “আইনৰ দৃষ্টিত সমান ব্যৱহাৰ” আৰু “আইনৰ সমান ৰক্ষণা-বেক্ষণ” এই দুটা কথাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে|

“আইনৰ দৃষ্টিত সমান ব্যৱহাৰ” এই নীতিটো বৃটিছ সংবিধানত থকা আইনৰ শাসনৰ অনুকৰণ বুলিব পাৰি| ভাৰতীয় লোকৰ মাজত সমতা প্ৰতিষ্ঠা কৰিবলৈ আমাৰ সংবিধানতো এই নীতি সন্নিবিষ্ট কৰা হৈছে| ভাৰতবৰ্ষৰ সকলো লোককে একে আইনৰ মাধ্যমেৰে বিচাৰ কৰা হয় আৰু সমান দোষৰ বাবে সমান শাস্তি প্ৰদান কৰা হয়| অৱশ্যে বৃটেইনৰ দৰে আমাৰ দেশতো আইনৰ শাসনৰ কিছুমান ব্যতিক্ৰম আছে|

আইনৰ সমান ৰক্ষণা-বেক্ষণে সমানৰ মাজত সমান ব্যৱহাৰক বুজায়| অৰ্থাৎ সমানৰ মাজত আইনো সমানে প্ৰয়োগ কৰিব লাগে| উদাহৰণস্বৰুপে দুজন সমান আয়ৰ মানুহে সমানে আয়কৰ দিব লাগে| এজনৰ পৰা বেছি আয়কৰ আদায় কৰি আনজনৰ পৰা কম আয়কৰ আদায় কৰিলে দুয়োজনৰ ক্ষেত্ৰত সমানে আইন প্ৰয়োগ কৰা নহয়| কিন্তু এই ক্ষেত্ৰত ব্যতিক্ৰম নথকা নহয়| উদাহৰণস্বৰুপে কিছুমান ক্ষেত্ৰত মহিলা সকলে পুৰুষতকৈ অধিক সা-সুবিধা ভোগ কৰে|

সংবিধানত ১৪ নং অনুচ্ছেদৰ পৰিসৰ বৰ ব্যাপক, কাৰণ এই অধিকাৰ নাগৰিক আৰু বিদেশী সকলো স্তৰৰ জনসাধাৰনৰ কাৰণে সুনিশ্চিত কৰা হৈছে| ১৪ নং অনুচ্ছেদে আইনসভা আৰু শাসন বিভাগ উভয়কে যথাক্ৰমে পক্ষপাতপূৰ্ণ আইন আৰু পক্ষপাত পুৰ্ণ প্ৰশাসন পৰিচালনা কৰাত বাধা প্ৰদান কৰিছে|

সংবিধানৰ ১৫ নং অনুচ্ছেদত কোৱা হৈছে যে ধৰ্ম, বৰ্ণ, জাতি, নাৰী-পুৰুষ বা জন্মস্থান গত কাৰণত ৰাষ্ট্ৰই কোনো নাগৰিকৰ প্ৰতি পৃথক আচৰণ কৰিব নোৱাৰে| এই অনুচ্ছেদৰ দ্বাৰা ভাৰতবৰ্ষত বাস কৰা বিভিন্ন সম্প্ৰদায়ৰ লোকৰ মাজত সমতা প্ৰতিষ্ঠা কৰিব বিচৰা হৈছে| আন কোনো বাধা-নিষেধ নাথাকিলে জাতি, ধৰ্ম, বৰ্ণ, জন্মস্থান আদিৰ ভিত্তিত কোনো নাগৰিকক দোকান-পোহাৰ, হোটেল, চিনেমা হ’ল আদিত প্ৰবেশ বন্ধ কৰিব নোৱাৰিব| ৰাজহুৱা অনুষ্ঠান বিলাক ব্যৱহাৰ কৰিবলৈ সকলোকে সমানে অধিকাৰ দিব লাগিব| অৱশ্যে ল’ৰা-ছোৱালী আৰু মহিলাৰ কাৰণে চৰকাৰে বিশেষ ব্যৱস্থা কৰিব পাৰে| সেইদৰে সামাজিক ভাৱে আৰু শিক্ষাৰ ক্ষেত্ৰত পিছপৰা লোক, অনূসূচীত জাতি আৰু জনজাতিৰ লোকৰ কাৰণেও চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে| চৰকাৰৰ এনে কাৰ্যক সমতাৰ অধিকাৰৰ বিৰোধী বুলি ক’ব নোৱাৰি|

ভাৰতীয় সংবিধানৰ ১৬ নং অনুচ্ছেদ মতে চাকৰিৰ ক্ষেত্ৰত সকলোকে সমানে সুযোগ-সুবিধা দিব লাগিব| ইয়াত কোৱা হৈছে যে চৰকাৰী চাকৰি সকলো নাগৰিকৰ বাবে মুকলি থাকিব| জাতি, ধৰ্ম, বৰ্ণ, জন্মস্থান আদিৰ ভিত্তিত চৰকাৰী চাকৰি লোৱাৰ ক্ষেত্ৰত বৈষম্যৰ সৃষ্টি কৰিব নোৱাৰিব| কিন্তু পিছপৰা শ্ৰেণীৰ লোকৰ কাৰণে চৰকাৰে চাকৰি সংৰক্ষণৰ ব্যৱস্থা কৰিব পাৰে|

বিভিন্ন জাতি-উপজাতিৰ লোকৰ মাজত যাতে উচ্চ-নীচ, ডাঙৰ-সৰু আদি ভাৱ নাথাকে তাৰ কাৰণেও সংবিধানে ব্যৱস্থা গ্ৰহণ কৰিছে| সংবিধানৰ ১৭ নং অনুচ্ছেদমতে অস্পৃশ্যতাক বৰ্জন কৰা হৈছে| কোনো ব্যক্তিয়ে এই নীতিক অনুসৰণ কৰিলে বিধিমতে তেওঁক শাস্তি দিয়া হ’ব| ভাৰতবৰ্ষত অস্পৃশ্যতাৰ বাবে কোনো লোকক অযোগ্য বুলি ঘোষণা কৰিব নোৱাৰি| প্ৰস্তাৱনাত উল্লেখ কৰা সামাজিক ন্যায়ৰ লগত সংগতি ৰাখি সংবিধানে এই ব্যৱস্থা গ্ৰহণ কৰিছে|

ভাৰতবৰ্ষত ইংৰাজৰ ৰাজত্বকালত সাম্ৰাজ্যবাদী স্বাৰ্থৰক্ষাৰ উদ্দেশ্যে চৰকাৰে কিছুমান অনুগত ব্যক্তিক উপাধি প্ৰদান কৰি জনসাধাৰণৰ মাজত বিভেদৰ সৃষ্টি কৰিছিল| চৰকাৰে কোনো ব্যক্তিক উপাধি প্ৰদান কৰা পক্ষপাতমূলক আৰু সাম্যনীতি বিৰোধী| সেয়েহে আমেৰিকাৰ সংবিধানক অনুকৰণ কৰি ভাৰতীয় সংবিধানৰ ১৮ নং অনুচ্ছেদত এইবুলি কোৱা হৈছে যে শিক্ষাগত যোগ্যতা বা সামৰিক গুণৰ পৰিচায়ক নহয় এনে কোনো উপাধি ৰাষ্ট্ৰই অৰ্পণ কৰিব নোৱাৰে| ভাৰতৰ কোনো নাগৰিকে বিদেশী ৰাষ্ট্ৰৰ পৰাও কোনো উপাধি গ্ৰহণ কৰিব নোৱাৰে| উপাধি গ্ৰহণ কৰাৰ ফলত সামাজিক সমতা ব্যাহত হ’ব পাৰে বুলি অনুমান কৰি এই ব্যৱস্থাক সংবিধানত সন্নিবিষ্ট কৰা হৈছে| ভাৰত চৰকাৰৰ অধীনত চাকৰি কৰা কোনো বিদেশী লোকে ৰাষ্ট্ৰপতিৰ অনুমতি বিনে আন দেশে প্ৰদান কৰা কোনো উপাধি গ্ৰহণ কৰিব নোৱাৰে| চৰকাৰী কোনো চাকৰিয়ালে ৰাষ্ট্ৰপতিৰ অনুমতি অবিহনে বিদেশৰ পৰা কোনো উপহাৰ গ্ৰহণ কৰিব নোৱাৰে|

এইখিনিতে উল্লেখ কৰিব পাৰি যে ভাৰত চৰকাৰে প্ৰতি বছৰে সমাজসেৱা আৰু বিভিন্ন বিষয়ত পাৰদৰ্শিতাৰ বাবে কিছুমান ব্যক্তিক সন্মানিত কৰে| অৱশ্যে, এইবোৰক উপাধি নহয় বুলি কোৱা হয়| এইবোৰ হৈছে সন্মানৰ প্ৰতীক| কিন্তু বহুতে এই সন্মানসূচক উপাধি প্ৰদানক সমতা-বিৰোধী বুলি বিবেচনা কৰে| সন্মানসূচক উপাধি সমুহ কোনেও নামৰ পিছত ব্যৱহাৰ কৰিব নোৱাৰে| সন্মানসুচক উপাধি প্ৰদানেও সমাজত কেতিয়াবা অসন্তোষৰ সৃষ্টি কৰিব পাৰে|

২) স্বাধীনতাৰ অধিকাৰ:- ভাৰতীয় নাগৰিক সকলৰ মৌলিক অধিকাৰ সমুহৰ ভিতৰত স্বাধীনতাৰ অধিকাৰ বৰ গুৰুত্বপুৰ্ণ| সংবিধানৰ ১৯, ২০, ২১ আৰু ২২ নং অনুচ্ছেদত এই অধিকাৰ সন্নিবিষ্ট কৰা হৈছে| ১৯ নং অনুচ্ছেদত ছয়টা স্বাধীনতাক অন্তৰ্ভুক্ত কৰা হৈছে| মুল সংবিধানত নাগৰিকক সাতোটা স্বাধীনতা প্ৰদান কৰা হৈছিল| কিন্তু ৪৪ তম সংশোধনীত সম্পত্তিৰ অধিকাৰক মৌলিক অধিকাৰৰ পৰা বিলোপ কৰাৰ ফলত ১৯ নং অনুচ্ছেদে দিয়া সম্পত্তি অৰ্জন, ৰক্ষা আৰু বেচাৰ অধিকাৰ বাদ দিয়া হৈছে| সংবিধানৰ ১৯ নং অনুচ্ছেদে নাগৰিক সকলক প্ৰদান কৰা স্বাধীনতা সমুহ হ’ল-

১) বাক্‌ স্বাধীনতা আৰু মত প্ৰকাশৰ স্বাধীনতা;

২) বিনা অস্ত্ৰই শান্তিপুৰ্নভাৱে সমৱেত হোৱাৰ অধিকাৰ;

৩) সংস্থা গঠনৰ অধিকাৰ;

৪) ভাৰতবৰ্ষৰ চাৰিসীমাৰ ভিতৰত স্বাধীনভাৱে ঘুৰি ফুৰাৰ অধিকাৰ;

৫) ভাৰতবৰ্ষৰ যিকোনো অঞ্চলতে বসবাস কৰাৰ অধিকাৰ;

৬) যিকোনো বৃত্তি গ্ৰহণ বা ব্যৱসায় কৰাৰ অধিকাৰ|

স্বাধীনতাৰ এই অধিকাৰ সমুহ চৰম নহয়| চৰকাৰে এই অধিকাৰ ভোগ কৰাৰ ক্ষেত্ৰত যুক্তিসংগত বাধা আৰোপ কৰিব পাৰে| কিন্তু এই বাধা সমুহ যুক্তিসংগত হয় নে নহয় সেইটো ন্যায়পালিকাইহে বিচাৰ কৰিব পাৰে| কোনো আধুনিক ৰাষ্ট্ৰত নাগৰিক সকলে সীমাহীন স্বাধীনতা ভোগ কৰিব নোৱাৰে| কাৰণ, অবাধ স্বাধীনতাই ৰাষ্ট্ৰৰ আৰু সমাজৰ অনিষ্ট সাধন কৰিব পাৰে| তলত নাগৰিকৰ অধিকাৰ সমুহ বাখ্যা কৰা হ’ল-

১) বাক্‌-স্বাধীনতা আৰু মতামত প্ৰকাশৰ অধিকাৰক গণতান্ত্ৰিক সমাজ গঠনৰ বাবে অপৰিহাৰ্য বুলি বিবেচনা কৰা হয়| ভাৰতীয় নাগৰিক সকলৰ বাবে এই অধিকাৰটো বৰ গুৰুত্বপুৰ্ণ| ভাৰতীয় নাগৰিক সকলে তেওঁলোকৰ মতামত লিখিত বা মৌখিক ভাৱে প্ৰকাশ কৰিব পাৰে| ভাৰতীয় সংবিধানে নাগৰিকৰ বাক্‌-স্বাধীনতা আৰু মতামত প্ৰকাশৰ অধিকাৰৰ ওপৰত কিছুমান যুক্তিসংগত বাধা-নিষেধ আৰোপ কৰিছে| ৰাষ্ট্ৰই সাধাৰণ অৱস্থাতো তলত দিয়া উদ্দেশ্যে, বাক্‌-স্বাধীনতা আৰু মতামত প্ৰকাশৰ স্বাধীনতা নিয়ন্ত্ৰণ বা খৰ্ব কৰিব পাৰে-

ক) ভাৰতবৰ্ষৰ সাৰ্বভৌমত্ব আৰু সংহতি ৰক্ষা;

খ) ৰাষ্ট্ৰীয় নিৰাপত্তা ৰক্ষা;

গ) বৈদেশিক ৰাষ্ট্ৰৰ সৈতে মৈত্ৰীবন্ধন সংৰক্ষণ কৰা;

ঘ) দেশত শান্তি-শৃংখলা ৰক্ষা কৰা;

ঙ) শ্লীলতা বা সদাচাৰ;

চ) আদালত অৱমাননা প্ৰতিৰোধ কৰা;

ছ) মানহানি প্ৰতিৰোধ কৰা;

জ) অপৰাধমুলক কামত প্ৰৰোচনা বন্ধ কৰা|

২) ভাৰতীয় নাগৰিকৰ সমবেত হোৱাৰ অধিকাৰে সংবিধানত স্বীকৃতি লাভ কৰিছে| কিন্তু নাগৰিক সকলে পাঁচোটা চৰ্তৰ ভিত্তিত এই অধিকাৰ ভোগ কৰিব পাৰে| সেই চৰ্ত সমুহ হ’ল-

ক) সভা-সমাৱেশ শান্তিপুৰ্ণ ভাৱে অনুষ্ঠিত হ’ব;

খ) নাগৰিকসকলে নিৰস্ত্ৰভাৱে সভা-সমাৱেশত সমৱেত হ’ব;

গ) জন-শৃংখলাৰ প্ৰয়োজনত যুক্তিসংগত বাধা-নিষেধ আৰোপ কৰা হ’ব|

ঘ) ভাৰতৰ সাৰ্বভৌমত্ব ৰক্ষা কৰা হ’ব আৰু

ঙ) জাতীয় সংহতিৰ প্ৰয়োজনত এই অধিকাৰৰ ওপৰত বাধা আৰোপ কৰা হ’ব|

৩) ভাৰতীয় নাগৰিক সকলৰ সংস্থা আৰু সমিতি গঠনৰ অধিকাৰ আছে| কিন্তু নাগৰিকৰ এই অধিকাৰটো অবাধ নহয়| বিশৃংখলা সৃষ্টিকাৰী, নীতি-বিগৰ্হিত উদ্দেশ্যে গঠিত বা ৰাষ্ট্ৰীয় নিৰাপত্তা বিঘিনকাৰী সংস্থা বা সমিতি সমুহৰ ওপৰত ৰাষ্ট্ৰই যুক্তিসংগত বাধা আৰোপ কৰিব পাৰে|

৪) ভাৰতবৰ্ষৰ সকলো ঠাইত স্বাধীনভাৱে যাতায়ত কৰাৰ অধিকাৰ প্ৰতিজন ভাৰতীয় নাগৰিকৰ মৌলিক অধিকাৰ| কিন্তু জনস্বাৰ্থ আৰু অনুসুচীত উপজাতিবিলাকৰ স্বাৰ্থ ৰক্ষাৰ্থে ৰাষ্ট্ৰই এই অধিকাৰৰ ওপৰত বাধা আৰোপ কৰিব পাৰে|

৫) প্ৰতিজন ভাৰতীয় নাগৰিকে ভাৰতবৰ্ষৰ যিকোনো অঞ্চলত বসবাস কৰিব পাৰে| কিন্তু এই অধিকাৰো চৰম নহয়| জনস্বাৰ্থ আৰু অনুসূচীত উপজাতিবিলাকৰ স্বাৰ্থ ৰক্ষা কৰিবলৈ চৰকাৰে এই বিলাকৰ ওপৰত বাধা-নিষেধ আৰোপ কৰিব পাৰে|

৬) ভাৰতীয় সংবিধানে নাগৰিকসকলক যিকোনো বৃত্তি, পেচা বা ব্যৱসায় কৰিবলৈ অধিকাৰ দিছে| কিন্তু জনস্বাৰ্থ ৰক্ষাৰ প্ৰয়োজনত ৰাষ্ট্ৰই এই অধিকাৰৰ ওপৰত যুক্তিসংগত বাধা-নিষেধ আৰোপ কৰিব পাৰে| ৰাষ্ট্ৰই বিভিন্ন বৃত্তিৰ ক্ষেত্ৰত কৰ্মী সকলৰ যোগ্যতা নিৰ্দ্ধাৰণ কৰিব পাৰে|

স্বাধীনতাৰ অধিকাৰৰ ভিতৰত নাগৰিকৰ অন্যান্য কিছুমান স্বাধীনতাও আছে| সংবিধানৰ ২০ নং অনুচ্ছেদে জনসাধাৰণক কিছুমান ক্ষেত্ৰত ৰক্ষণা-বেক্ষণ দিছে| এই অনুচ্ছেদৰ জৰিয়তে জনসাধাৰণক তিনিটা বিষয়ত ৰক্ষণা-বেক্ষণ দিছে| তলত সেইবোৰ উল্লেখ কৰা হ’ল-

ক) কোনো ব্যক্তিক আইন অমান্য কৰাৰ বাহিৰে আন কাৰণত আটক কৰিব নোৱাৰিব আৰু আইন অমান্য কৰাৰ সময়ত যি শাস্তিৰ ব্যৱস্থা আছে, তাতকৈ অধিক শাস্তিৰ বিধান দিব নোৱাৰিব|

খ) কোনো ব্যক্তিক একে দোষতে এবাৰকৈ অধিক শাস্তিৰ বিধান দিব নোৱাৰিব|

গ) কোনো ব্যক্তিক তেওঁৰ নিজৰ বিৰুদ্ধে সাক্ষ্যদান কৰিবলৈ বাধ্য কৰাব নোৱাৰিব|

ভাৰতীয় সংবিধানৰ ২১ নং অনুচ্ছেদত উল্লেখ কৰা হৈছে যে আইনে নিৰ্ধাৰণ কৰা ব্যৱস্থাৰ বাহিৰে আন উপায়ে কোনো লোকক তেওঁৰ জীৱন আৰু ব্যক্তিগত স্বাধীনতাৰ পৰা বঞ্চিত কৰিব নোৱাৰিব| এই অনুচ্ছেদে কাৰ্যপালিকাৰ ক্ষমতাক সীমিত কৰিছে|

সংবিধানৰ ২২ নং অনুচ্ছেদত উল্লেখ কৰা আছে যে কোনো লোকক আটক কৰিলে তেওঁক আটক কৰাৰ কাৰণ জনাব লাগিব আৰু ২৪ ঘণ্টাৰ ভিতৰত (আটক কৰা ঠাইৰ পৰা বিচাৰকৰ ওচৰলৈ যোৱাৰ কাৰণে দৰকাৰী সময় বাদ দি) কোনো বিচাৰকৰ ওচৰত হাজিৰ কৰাব লাগিব আৰু বিচাৰকৰ অনুমতি সাপেক্ষেহে অধিককাল আটক কৰি ৰাখিব পাৰিব| জনসাধাৰণে যাতে বিনা দোষত কষ্ট ভোগ কৰিব নালাগে তাৰ বাবে সংবিধানে এই ব্যৱস্থা গ্ৰহণ কৰিছে| কিন্তু নিবাৰক নিৰোধৰ নিচিনা আইন প্ৰয়োগ কৰি কোনো ব্যক্তিক আটক কৰিলে তাৰ ব্যতিক্ৰম হ’ব পাৰে|

ওপৰোক্ত আলোচনাৰ পৰা দেখা যায় যে ভাৰতীয় সংবিধানৰ ১৯(১) নং অনুচ্ছেদে এফালে যেনেকৈ নাগৰিকসকলক কিছুমান গুৰুত্বপুৰ্ণ অধিকাৰ প্ৰদান কৰিছে, আনহাতে তেনেকৈ ১৯ নং অনুচ্ছেদৰ ২-৬ ধাৰা সমুহে অধিকাৰ সমুহৰ ওপৰত ৰাষ্ট্ৰীয় নিয়ন্ত্ৰ্ণ আৰোপৰ ব্যৱস্থা কৰিছে| এইদৰে ভাৰতীয় সংবিধানে ব্যক্তি স্বাধীনতা আৰু সামাজিক নিয়ন্ত্ৰণৰ মাজত ভাৰসাম্য ৰক্ষাৰ চেষ্টা কৰিছে| নাগৰিকে চৰম বা অ-নিয়ন্ত্ৰিত ক্ষমতা ভোগ কৰিব নোৱাৰে| কাৰণ এনে ধৰণৰ স্বাধীনতাই দেশত অৰাজকতা অৰু বিশৃংখলাৰ সৃষ্টি কৰিব পাৰে|

ৰাষ্ট্ৰপতিয়ে জাতীয় জৰুৰী অৱস্থা ঘোষণা কৰিলে সংবিধানৰ ১৯ নং অনুচ্ছেদ স্থগিত থাকিব, অৰ্থাৎ জৰুৰী অৱস্থাৰ কালছোৱাত নাগৰিকৰ স্বাধীনতাৰ অধিকাৰ ভংগ হলেও আদালতৰ ওচৰত কোনেও বিচাৰ প্ৰাৰ্থনা কৰিব নোৱাৰে| জাতিৰ বৃহত্তৰ স্বাৰ্থ ৰক্ষাৰ বাবে সংবিধানে এই ব্যৱস্থা গ্ৰহণ কৰিছে|

৩) শোষণৰ বিৰুদ্ধে অধিকাৰ:- সংবিধানৰ ২৩ আৰু ২৪ নং অনুচ্ছেদত শোষণৰ বিৰুদ্ধে প্ৰদান কৰা অধিকাৰক মৌলিক অধিকাৰ হিচাপে সুনিশ্চিত কৰা হৈছে| ভাৰতবৰ্ষৰ সমাজৰ দুৰ্বল শ্ৰেণীৰ মানুহৰ ওপৰত বহুতো দিন ধৰি সামন্তবাদী ধাৰা চলি আহিছে বাবে সংবিধানৰ ২৩ নং অনুচ্ছেদত শোষণৰ বিৰুদ্ধে অধিকাৰ লিপিবদ্ধ কৰা হৈছে| ইয়াত কোৱা হৈছে যে মানুহক বেচা-কিনা, বিনা পাৰিশ্ৰমিকত ‘বেগাৰ খটোৱা’ বা জোৰ কৰি কাম কৰোৱা বে-আইনী| কোনোবাই এনেদৰে কৰিলে তেওঁক শাস্তি বিধান কৰা হ’ব| কিন্তু ৰাষ্ট্ৰই জনস্বাৰ্থ ৰক্ষাৰ কাৰণে বাধ্যতামুলক শ্ৰম দানৰ ব্যৱস্থা কৰিব পাৰে|

ভাৰতবৰ্ষৰ কল-কাৰখানা সমুহত আৰ্থিক লাভৰ বাবে মানুহক নানা ভাৱে শোষণ কৰা হয়| সংবিধানৰ ২৪ নং অনুচ্ছেদত ইয়াক বে-আইনী বুলি ঘোষণা কৰা হৈছে| সংবিধানৰ এই অনুচ্ছেদ মতে ১৪ বছৰৰ তলৰ ল’ৰা-ছোৱালীক কাৰখানা, খনি, বা আন কোনো বিপদজনক কামত নিয়োগ কৰিব নোৱাৰিব|

সমাজৰ দুৰ্বল শ্ৰেণীৰ লোকক যাতে কোনেও শোষণ কৰিব নোৱাৰে তাৰ বাবে ভাৰতীয় সংবিধানে এই ব্যৱস্থা গ্ৰহণ কৰিছে| ভাৰতবৰ্ষৰ জনসাধাৰণ সজাগ হলেহে আমাৰ দেশৰ পৰা এই কু-প্ৰথা সমুহ নোহোৱা হ’ব| আমাৰ দেশত যে এতিয়া কোনো ধৰণৰ শোষণ নাই, সেইটো কোনেও দাবী কৰিব নোৱাৰে|

৪) ধৰ্মৰ অধিকাৰ:- ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত উল্লেখযোগ্য ধৰ্মীয় স্বাধীনতাৰ সৈতে সংগতি ৰাখি ধৰ্মীয় বিষয়ত ভাৰতবৰ্ষৰ জনসাধাৰণক কিছুমান স্বাধীনতা প্ৰদান কৰা হৈছে| সংবিধানৰ ২৫, ২৬, ২৭ আৰু ২৮ নং অনুচ্ছেদত ধৰ্মীয় অধিকাৰ সন্নিবিষ্ট কৰা হৈছে|

ক) সংবিধানৰ ২৫ নং অনুচ্ছেদ অনুসৰি ভাৰতবৰ্ষত বাস কৰা সকলো মানুহে নিজৰ অভিৰুচি মতে যিকোনো ধৰ্ম গ্ৰহণ, ধৰ্ম চৰ্চা, আৰু ধৰ্ম প্ৰচাৰ কৰিব পাৰে, কিন্তু এই অধিকাৰ অবাধ নহয়| আইন শৃংখলা, নৈতিকতা আৰু জনস্বাস্থ্যৰ কাৰণে ৰাষ্ট্ৰই এই অধিকাৰৰ নিয়ন্ত্ৰণ কৰিব পাৰে|

খ) ২৬ নং অনুচ্ছেদ মতে ভাৰতীয় নাগৰিক সকলে ধৰ্মীয় অনুষ্ঠান আদি প্ৰতিষ্ঠা কৰিব পাৰে, স্থাৱৰ-অস্থাৱৰ সম্পত্তি অধিগ্ৰহণ কৰিব পাৰে আৰু বিধিমতে সেই সম্পত্তিৰ ব্যৱহাৰ কৰিব পাৰে|

গ) সংবিধানৰ ২৭ নং অনুচ্ছেদে ধৰ্মৰ নামত বা ধৰ্মীয় অনুষ্ঠানৰ খৰচৰ বাবে বাধ্যতামুলক ভাৱে ৰাজহ তথা কৰ সংগ্ৰহ বন্ধ কৰিছে|

ঘ) ভাৰতীয় সংবিধানৰ ২৮ নং অনুচ্ছেদ মতে চৰকাৰী অৰ্থৰ দ্বাৰা পৰিচালিত কোনো শিক্ষা অনুষ্ঠানত ধৰ্মীয় শিক্ষা দিয়া বন্ধ কৰা হৈছে| চৰকাৰী স্বীকৃতি প্ৰাপ্ত নাইবা চৰকাৰী সাহায্য পোৱা কোনো শিক্ষানুষ্ঠানত ধৰ্মীয় শিক্ষাদানৰ ব্যৱস্থা থাকিলেও সেই অনুষ্ঠানত ভৰ্তি হোৱা ছাত্ৰ-ছাত্ৰী নাইবা ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকৰ অনুমতি বিনে কোনো ছাত্ৰ-ছাত্ৰীক ধৰ্মীয় শিক্ষা প্ৰদান কৰিব নোৱাৰি| এতেকে দেখা গ’ল যে ভাৰতবৰ্ষৰ নাগৰিক সকলৰ বিভিন্ন ধৰণৰ অধিকাৰ আছে| এইবোৰ ব্যৱস্থা থকাৰ পৰা সহজে অনুমান কৰিব পাৰি যে ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ দেশ| ধৰ্মৰ ভিত্তিত ইয়াত মানুহৰ মাজত কোনো ধৰণৰ বৈষম্যৰ সৃষ্টি কৰিব নোৱাৰি|

৫) সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ:- ভাৰতবৰ্ষ এখন বিশাল দেশ| ইয়াত বিভিন্ন সম্প্ৰদায়ৰ মানুহ বাস কৰে, যিবিলাকৰ ভাষা, কৃষ্টি, সংস্কৃতি আদি বেলেগ বেলেগ| সেইকাৰণে সকলো মানুহৰ ভাষা, সংস্কৃতি আৰু কৃষ্টি যাতে সুৰক্ষিত থাকে তাৰ বাবে সংবিধানে ব্যৱস্থা গ্ৰহণ কৰিছে| ভাৰতবৰ্ষৰ সংবিধানত ভাষা, ধৰ্ম, আৰু সংস্কৃতিগত সংখ্যালঘু সম্প্ৰদায়ৰ কাৰণে শিক্ষা আৰু সংস্কৃতিৰ অধিকাৰক সুনিশ্চিত কৰা হৈছে|

সংবিধানৰ ২৯ আৰু ৩০ নং অনুচ্ছেদত শিক্ষা আৰু সংস্কৃতিৰ অধিকাৰ বিধিবদ্ধ কৰা হৈছে| ২৯ নং অনুচ্ছেদত কোৱা হৈছে যে ভাৰতবৰ্ষৰ সকলো নাগৰিকে নিজৰ নিজৰ ভাষা আৰু সংস্কৃতি ৰক্ষা কৰিব পাৰিব| ইয়াৰ ফলত কোনো সংখ্যালঘু সম্প্ৰদায়ৰ ওপৰত আনৰ ভাষা সংস্কৃতি জাপি দিব নোৱাৰি| চৰকাৰী ধন নাইবা অনুদানেৰে প্ৰতিষ্ঠা কৰা সকলো বোৰ শিক্ষানুষ্ঠানতে জাতি-ধৰ্ম-ভাষা-বৰ্ণ নিৰ্বিশেষে সকলো ছাত্ৰই ভৰ্তি হোৱাৰ সুযোগ লাভ কৰিব|

সংবিধানৰ ৩০ নং অনুচ্ছেদৰ জৰিয়তে সংখ্যালঘিষ্ঠ সকলো শ্ৰেণীৰ লোকক শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰাৰ অধিকাৰ দিয়া হৈছে| ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু শ্ৰেণীৰ লোকে নিজৰ ৰুচি অনুযায়ী শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰিব পাৰিব| শিক্ষানুষ্ঠান সমুহক অনুদান দিয়াৰ সময়ত ভাষা বা ধৰ্মৰ ভিত্তিত চৰকাৰে বৈষম্যৰ সৃষ্টি কৰিব নোৱাৰিব| ভাৰতবৰ্ষৰ সকলো মানুহে যাতে নিজৰ নিজৰ ভাষা সংস্কৃতি বজায় ৰাখিব পাৰে আৰু শিক্ষালাভৰ সুবিধা পাব পাৰে, তাৰ ব্যৱস্থা কৰিবলৈ শিক্ষা আৰু সংস্কৃতিৰ অধিকাৰ প্ৰদান কৰা হৈছে| শিক্ষা আৰু সংস্কৃতিৰ অধিকাৰে ভাৰতবৰ্ষৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰক অধিক উজ্বল কৰিছে|

৬) সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ:- সংবিধানত মৌলিক অধিকাৰৰ ব্যৱস্থা থাকিলেই যথেষ্ট নহয়, নাগৰিক সকলে যাতে সেই অধিকাৰ ভোগ কৰিব পাৰে আৰু নাগৰিক অধিকাৰৰ ওপৰত যাতে কোনেও অযথা হস্তক্ষেপ কৰিব নোৱাৰে, তাৰ ব্যৱস্থাও থাকিব লাগে| ভাৰতবৰ্ষৰ সংবিধানত নাগৰিক সকলৰ মৌলিক অধিকাৰক ৰক্ষণা-বেক্ষণ দিয়াৰ ব্যৱস্থা আছে| সংবিধানৰ ৩২ আৰু ২২৬ নং অনুচ্ছেদ অনুসৰি নাগৰিকে মৌলিক অধিকাৰ ৰক্ষাৰ কাৰণে আদালতৰ ওচৰ চাপিব পাৰে| কোনো ব্যক্তি, সংস্থা নাইবা চৰকাৰী কোনো কাৰ্যৰ ফলত নাগৰিক অধিকাৰ ব্যাহত হ’লে উচ্চ ন্যায়ালয় বা উচ্চতম ন্যায়ালয়ত  তেনে কাৰ্যৰ বিৰুদ্ধে গোচৰ দিব পাৰি| ন্যায়ালয়ে বন্দী উপস্থাপনৰ, সমাদেশ, পৰমাধিদেশ, নিষেধাজ্ঞা, কৈফিয়ৎ তলবী, উৎপ্ৰেষণ আদি পৰোৱানা জাৰি কৰি নাগৰিকৰ অধিকাৰ ৰক্ষাৰ ব্যৱস্থা কৰিব পাৰে|

ওপৰোক্ত লেখসমুহৰ জৰিয়তে ন্যায়ালয়ে কেনেকৈ নাগৰিকৰ মৌলিক অধিকাৰ সমুহক ৰক্ষা কৰিব পাৰে সিপিঠিত সেইবোৰ আলোচনা কৰা হ’ল| এই লেখসমুহ উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ে জাৰি কৰিব পাৰে|

১) বন্দী প্ৰত্যক্ষীকৰণ বা বন্দী উপস্থাপন সমাদেশ:- কোনো ব্যক্তিক কি কাৰণে আটক কৰা হৈছে এইটো জানিবৰ কাৰণে আদালতে এই লেখ জাৰি কৰিব পাৰে| এই লেখৰ অৰ্থ হ’ল কোনো ব্যক্তিক সশৰীৰে আদালতত উপস্থিত কৰা| ইয়াৰ দ্বাৰা অদালতে বে আইনী ভাৱে আটক কৰি ৰখা কোনো ব্যক্তিক মুক্তি দিব পাৰে বা সোনকালে তেওঁৰ বিচাৰৰ ব্যৱস্থা কৰিব পাৰে| এই লেখটো স্বেচ্ছাচাৰী শাসকৰ বিৰুদ্ধে এটা শক্তিশালী অস্ত্ৰ|

২) পৰমাদেশ:- এই শব্দটোৰ অৰ্থ হ’ল- আদেশ| এই লেখ জাৰি কৰি উচ্চতম ন্যায়ালয়ে কোনো ব্যক্তি, প্ৰতিষ্ঠান বা অধস্তন আদালত বা চৰকাৰক নিজৰ দায়িত্বপালন কৰিবলৈ আদেশ দিব পাৰে| সাধাৰণতে মৌলিক অধিকাৰ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত এই আদেশ জাৰি কৰা হয়| অন্যান্য বহুতো বিষয়ত আদালতে পৰমাদেশ জাৰি কৰিব পাৰে|

৩) নিষেধাজ্ঞা:- ওপৰৰ আদালতে এই লেখ জাৰি কৰি তলৰ আদালতক নিজৰ এলেকাৰ ভিতৰত থাকি কাৰ্যপালন কৰিবলৈ বাধ্য কৰিব পাৰে| এই লেখটো বিচাৰ বা বিচাৰৰ দৰে কাৰ্যৰ ক্ষেত্ৰত প্ৰয়োগ কৰা হয়| শাসন বা আইন সংক্ৰান্ত বিষয়ত এই লেখ প্ৰয়োগ কৰিব নোৱাৰি|

৪) উৎপ্ৰেষণ:- বিচাৰৰ ক্ষমতাসম্পন্ন কোনো নিম্ন আদালত বা ব্যক্তিয়ে যদি আইনসংগত ক্ষমতাৰ সীমা লংঘন কৰে তেতিয়া হ’লে উৎপ্ৰেষণ লেখ জাৰি কৰি সেই বিচাৰালায়, অনুষ্ঠান বা ব্যক্তিৰ সিদ্ধান্তক বাতিল কৰি এইবোৰৰ হাতৰ পৰা বিষয়টো ওপৰৰ আদালতৰ হাতত অৰ্পণ কৰা হয়| এই ক্ষেত্ৰত প্ৰথমে নিষেধাজ্ঞা লেখ আৰু পিচত উৎপ্ৰেষণ লেখ জাৰি কৰা হয়|

৫) কৈফিয়ৎ তলবী বা অধিকাৰ পৃচ্ছা:- কোনো ব্যক্তিয়ে যদি এটা পদ দাবী কৰে যি পদৰ কাৰণে তেওঁ যোগ্য নহয়, তেতিয়া হ’লে এই লেখৰ দ্বাৰা সেই ব্যক্তিৰ দাবী বৈধ হয়নে নহয় তাৰ বিচাৰ কৰিব পাৰি|

এই লেখ সমুহৰ জৰিয়তে মৌলিক অধিকাৰ সমুহ কাৰ্যকৰী আৰু ৰক্ষা কৰিব পাৰি| মৌলিক অধিকাৰ সমুহ ৰক্ষা কৰাৰ ক্ষেত্ৰত ন্যায়ালয়ৰ এই ক্ষমতা সমুহ বৰ গুৰুত্বপুৰ্ণ| সাংবিধানিক উপায়ৰ অবিহনে এই লেখসমুহ কোনেও বাতিল কৰিব নোৱাৰে| এইদৰে উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ে এই লেখ সমুহ জাৰি কৰি নাগৰিক অধিকাৰক ৰক্ষণা-বেক্ষণ দিয়ে| সেয়েহে এই আদালতক নাগৰিক অধিকাৰ সমুহৰ ৰক্ষক আৰু অভিভাৱক বুলি কোৱা হয়| ড° আম্বেদকাৰে মৌলিক অধিকাৰ সংৰক্ষণৰ বাবে আদালতৰ লেখ জাৰিৰ ক্ষমতাক “সংবিধানৰ আত্মা বা প্ৰাণ” বুলি অভিহিত কৰিছে|

আন অধিকাৰৰ দৰে সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰো চৰম নহয়| জাতীয় জৰুৰী অৱস্থাত ৰাষ্ট্ৰপতিয়ে নিৰ্দেশ জাৰি কৰি ঘোষণা কৰিব পাৰে যে, জৰুৰী অৱস্থা চলাৰ সময়ত মৌলিক অধিকাৰক কাৰ্যকৰী কৰিবৰ বাবে কোনেও আদালতত আবেদন কৰিব নোৱাৰে, এনে অৱস্থাত স্বাধীনতাৰ অধিকাৰৰ উপৰিও অন্যান্য অধিকাৰৰ ক্ষেত্ৰতো আদালতে লেখ জাৰি কৰি সাংবিধানিক প্ৰতিকাৰৰ ব্যৱস্থা কৰিব নোৱাৰে| জাতীয় জৰুৰী অৱস্থাৰ উপৰিও সাধাৰণ অৱস্থাত সংবিধানৰ ৩১ এ, ৩১ বি, আৰু ৩১ চি নং অনুচ্ছেদৰ হেঁচাত মৌলিক অধিকাৰ ভোগৰ এলাকা সীমিত হব পাৰে| ইয়াৰ ফলত লেখ জাৰিৰ প্ৰয়োগো সীমাবদ্ধ হয়| জাতীয় জৰুৰী অৱস্থাত যেতিয়া স্বাধীনতাৰ অধিকাৰ সাময়িকভাৱে স্থগিত ৰখা হয়, তেতিয়া আদালতে নাগৰিকৰ স্বাধীনতা ৰক্ষা কৰিবৰ কাৰণে লেখ জাৰি কৰিব নোৱাৰে|

মুল্যায়ন

গণতান্ত্ৰিক ৰাষ্ট্ৰত মৌলিক অধিকাৰ সমুহ নাগৰিক সকলৰ বাবে অপৰিহাৰ্য| নাগৰিকে মৌলিক অধিকাৰ ভোগ কৰিব নোৱাৰিলে গণতন্ত্ৰ সফল হ’ব নোৱাৰে| সেয়েহে নাগৰিকৰ স্বাধীনতা ৰক্ষাৰ বাবে সংবিধানত মৌলিক অধিকাৰৰ ব্যৱস্থা কৰা হয়| কিন্তু মৌলিক অধিকাৰ সমুহ থাকিলেই যথেষ্ট নহয়, সেই অধিকাৰ সমুহ ভোগ কৰাৰ সুবিধাও থাকিব লাগে| ভাৰতবৰ্ষৰ সংবিধানত উল্লেখ কৰা মৌলিক অধিকাৰ সমুহৰ ওপৰত যথেষ্ট বাধা-নিষেধ আৰোপ কৰা হৈছে| ভাৰতবাসীয়ে সংবিধানত উল্লেখ কৰা মৌলিক অধিকাৰৰ পৰা যিমান স্বাধীনতা পায়, এই অধিকাৰ সমুহৰ ওপৰত আৰোপ কৰা সীমাবদ্ধতাৰ পৰা তেওঁলোকে অধীক পৰিমাণৰ স্বাধীনতা বিসৰ্জন দিব লাগে| ভাৰতীয় নাগৰিক সকলৰ মৌলিক অধিকাৰ সমুহৰ সীমাবদ্ধতাবোৰ হ’ল-

১) সংবিধানত সমতাৰ অধিকাৰ আছে যদিও চৰকাৰে বিশেষ শ্ৰেণীৰ লোকৰ বাবে বিশেষ ব্যৱস্থা কৰিব পাৰে|

২) স্বাধীনতাৰ অধিকাৰৰ ক্ষেত্ৰত চৰকাৰে যুক্তিসংগত বাধা আৰোপ কৰিব পাৰে| সাধাৰণ অৱস্থাতো নিবাৰক নিৰোধৰ দৰে আইন প্ৰয়োগ কৰা হয়| কেতিয়াব এই ক্ষমতাৰ অপ-ব্যৱহাৰ কৰা হয়|

৩) দেশত জৰুৰী অৱস্থা থাকিলে কিছুমান অধিকাৰ স্থগিত ৰখা হয়|

৪) চৰকাৰে মৌলিক অধিকাৰ সংশোধন কৰি কিছুমান অধিকাৰ বাতিল কৰিব পাৰে|

৫) মৌলিক অধিকাৰৰ ভিতৰত নাগৰিকৰ বাবে কোনো অৰ্থনৈতিক অধিকাৰ নাই|

৬) সাধাৰণ মানুহৰ পক্ষে ন্যায়ালয়ৰ জৰিয়তে মৌলিক অধিকাৰ সমুহক ৰক্ষা কৰা সম্ভৱপৰ নহয়|

মৌলিক অধিকাৰৰ ক্ষেত্ৰত কিছুমান বাধা-নিষেধ আৰোপ কৰা হৈছে যদিও এই অধিকাৰ সমুহ মুল্যহীন নহয়| অধিকাৰে অবাধ স্বাধীনতাক নুবুজায়| সেয়েহে কিছুমান সীমাবদ্ধতাৰ মাজতহে অধিকাৰ ভোগ কৰিব পাৰে| নাগৰিক সকলে অধিকাৰ ভোগ কৰোঁতে সামাজিক আৰু ৰাষ্ট্ৰীয় স্বাৰ্থলৈ চকু দিব লাগিব| কাৰণ, ৰাষ্ট্ৰৰ পৰাহে মানুহে অধিকাৰ পায় আৰু ৰাষ্ট্ৰই অধিকাৰ ভোগ কৰাৰ ক্ষেত্ৰত ৰক্ষণা-বেক্ষণ দিয়ে|

ভাৰতীয় নাগৰিক সকলে দেশৰ সাৰ্বভৌমত্ব, সংহতি আৰু ৰাজ্যিক অখণ্ডতা বিপদাপন্ন কৰি মৌলিক অধিকাৰ ভোগ কৰাৰ কথা চিন্তা কৰা উচিত নহয়| ৰাষ্ট্ৰীয় স্বাৰ্থতকৈ মৌলিক অধিকাৰ সমুহ অধিক গুৰুত্বপুৰ্ণ নহয়| মৌলিক অধিকাৰ সমুহৰ অপ-ব্যৱহাৰে আমাৰ দেশত অৰাজকতাৰ সৃষ্টি কৰিব পাৰে| ভাৰতীয় জনসাধাৰণৰ আচাৰ-ব্যৱহাৰে বহুতো সময়ত নাগৰিকৰ মৌলিক অধিকাৰক বিপদাপন্ন কৰা দেখা যায়| নাগৰিক সকল নিজৰ অধিকাৰ আৰু কৰ্তব্যৰ প্ৰতি সচেতন থাকিলে তেওঁলোকৰ অধিকাৰ সমুহ সাৰ্থক হয়| গতিকে ভাৰতৰ জনসাধাৰণৰ মৌলিক অধিকাৰ সমুহ বৰ গুৰুত্বপুৰ্ণ| এই অধিকাৰ সমুহ ভালদৰে ভোগ কৰিব পাৰিলে ভাৰতীয় গণতন্ত্ৰৰ ভেঁটি সুদৃঢ় হ’ব|

সম্পত্তিৰ বিধিবদ্ধ অধিকাৰ-

ভাৰতবৰ্ষৰ মূল সংবিধানত সম্পত্তিৰ অধিকাৰ বিধিবদ্ধ কৰা হৈছিল| সংবিধানৰ ৩১ আৰু ১৯ (১জি) নং অনুচ্ছেদত সম্পত্তিৰ অধিকাৰ সুনিশ্চিত কৰা হৈছিল| সংবিধান সভাত সম্পত্তিৰ অধিকাৰক কিছুমানে কঠোৰ ভাৱে সমালোচনা কৰিছিল| কাৰণ ভাৰতৰ সংবিধানত সাধাৰণ মানুহৰ বাবে কোনো অৰ্থনৈতিক অধিকাৰ সুনিশ্চিত কৰা নাছিল| সংবিধান সভাত দামোদৰস্বৰুপ ছেঠে কৈছিল, “সম্পত্তিৰ অধিকাৰ এদিন পুঁজিপতি সকলৰ চনদত পৰিণত হ’ব”

সংবিধানৰ ৪২ তম আৰু ৪৪ তম সংশোধনীয়ে ভাৰতবৰ্ষৰ সংবিধানৰ ব্যাপক সংশোধন কৰিছে| ৪২ তম সংবিধান সংশোধনীত “সমাজবাদ” শব্দটো প্ৰস্তাৱনাত যোগ কৰা হয় আৰু ৪৪ তম সংশোধনীত সম্পত্তিৰ অধিকাৰক মৌলিক অধিকাৰৰ বাদ দিয়া হয়| সেইকাৰণে সম্পত্তিৰ অধিকাৰ এতিয়া মৌলিক অধিকাৰ নহয়, এটা সাধাৰণ বিধিবদ্ধ অধিকাৰহে| সংবিধানৰ ৪৪ তম সংশোধনী অনুসৰি সম্পত্তিৰ অধিকাৰ সংক্ৰান্ত ৩১ নং অনুচ্ছেদক সংবিধানৰ পৰা বাদ দিয়া হৈছে আৰু ইয়াৰ পৰিৱৰ্তে সংবিধানৰ দ্বাদশ অংশত চতুৰ্থ অধ্যায় নামে এটা নতুন অধ্যায় যুক্ত কৰা হৈছে| এই অধ্যায়ত ৩০০ এ নামৰ এটা অনুচ্ছেদ সৃষ্টি কৰি বিধিবদ্ধ অধিকাৰ হিচাপে সম্পত্তিৰ অধিকাৰক সুনিশ্চিত কৰা হৈছে|

ইয়াৰ আগতে সম্পত্তিৰ অধিকাৰক পাঁচবাৰ সংশোধন কৰা হৈছে আৰু প্ৰত্যেক বাৰেই সম্পত্তিৰ অধিকাৰৰ ওপৰত কিছুমান সীমাবদ্ধতা আৰোপ কৰা হৈছে| কিন্তু ইমান দিন সম্পত্তিৰ অধিকাৰক মৌলিক অধিকাৰৰ পৰা বাদ দিয়া হোৱা নাছিল| সংবিধানৰ ৪৪ তম সংশোধনীয়ে সম্পত্তিৰ অধিকাৰক মৌলিক অধিকাৰ হিচাপে বাতিল কৰিলে|

সংবিধানৰ ৩০০ ‘এ’ নং অনুচ্ছেদত কোৱা হৈছে যে আইনৰ অনুশাসন অবিহনে কাকো সম্পত্তিৰ পৰা বঞ্চিত কৰা নহব| ইয়াত সম্পত্তিৰ অধিকাৰক এটা বিধিবদ্ধ অধিকাৰ হিচাপে স্বীকৃতি দিয়া হৈছে| আইনসংগত উপায়ৰ বাহিৰে কাকো সম্পত্তিৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব নোৱাৰি|

এতিয়া সম্পত্তিৰ অধিকাৰ মৌলিক হিচাবে স্বীকৃত নোহোৱাৰ ফলত সাধাৰণ আইনৰ জৰিয়তেহে এই অধিকাৰক ৰক্ষা কৰিব পাৰি| সম্পত্তিৰ অধিকাৰ ৰক্ষাৰ ক্ষেত্ৰত সংবিধানৰ ৩২ নং অনুচ্ছেদ প্ৰয়োগ কৰি আদালতৰ ওচৰত আবেদন কৰিব নোৱাৰি| এতিয়া চৰকাৰে বিধি ৰচনাৰ দ্বাৰা সম্পত্তি নিয়ন্ত্ৰন কৰি সমাজবাদী সমাজব্যৱস্থাক প্ৰতিষ্ঠা কৰিব পাৰে| অৱশ্যে, এই ক্ষেত্ৰত এতিয়ালৈকে চৰকাৰে শক্তিশালী আৰু কাৰ্যকৰী কোনো পদক্ষেপ লোৱা নাই| ভাৰতবৰ্ষত ধনীসকল অধিক ধনৱান হোৱাৰ বাট এতিয়াও পূৰাদমে মুকলি আছে|

মৌলিক অধিকাৰ সংশোধন কৰিব পাৰিনে?

মৌলিক অধিকাৰ সংশোধন কৰিব পাৰি নে নোৱাৰি এই সম্পৰ্কে দ্বিমত দেখা গৈছিল| কিছুমানৰ মতে মৌলিক অধিকাৰ সংশোধন কৰিব পাৰি| আন কিছুমানৰ মতে মৌলিক অধিকাৰ সমুহক সংশোধন কৰিব নোৱাৰি|

সংবিধান বলবৎ কৰাৰ প্ৰায় এবছৰ পিছত প্ৰথম সংশোধনী প্ৰস্তাৱৰ জৰিয়তে স্বাধীনতাৰ অধিকাৰৰ ওপৰত যুক্তি সংগত বাধা আৰোপ কৰিবলৈ চৰকাৰক ক্ষমতা দিয়া হৈছিল| শংকৰী প্ৰসাদ আৰু ছাজান গোচৰৰ ৰায় দিওঁতে উচ্চতম ন্যায়ালয়ে ৰায় দিছিল যে ১৩(২) নং অনুচ্ছেদত থকা আইন শব্দটো সংবিধান সংশোধনৰ ক্ষেত্ৰত প্ৰয়োজ্য নহয়| গতিকে গোলকনাথ গোচৰৰ সময়লৈকে মৌলিক অধিকাৰ সংশোধন কৰিব পাৰি বুলি ধৰি লোৱা হৈছিল|

১৯৬৭ চনত গোলকনাথ গোচৰৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে দিয়া ৰায়ে ওপৰৰ ধাৰণাৰ পৰিৱৰ্তন কৰে| এই গোচৰত ৰায় দান কৰোতে উচ্চতম ন্যায়ালয়ে মত প্ৰকাশ কৰিছিল যে মৌলিক অধিকাৰ সংশোধন কৰিব নোৱাৰি|

শেষত, ১৯৭১ চনত সংবিধানৰ ২৪ তম সংশোধনী আইন পাছ কৰি ৩৬৮ নং অনুচ্ছেদৰ সৈতে দুটা ধাৰা সংযুক্ত কৰা হয়| এই সংশোধনীয়ে সংসদক মৌলিক অধিকাৰ সংশোধন কৰিবলৈ ক্ষমতা প্ৰয়োগ কৰে| সংবিধানৰ ৩৬৮(১) নং অনুচ্ছেদত কোৱা হৈছে যে সংসদে ইয়াৰ সংবিধান প্ৰদত্ত ক্ষমতাৰ বলত সংবিধানৰ যিকোনো অংশৰ সংযোজন, পৰিৱৰ্তন বা নাকচ কৰি সংবিধান সংশোধন কৰিব পাৰে| সংবিধানৰ ২৫ তম সংশোধনীয়ে সংবিধান সংশোধনৰ ক্ষেত্ৰত দেখা দিয়া কিছুমান বাধা আঁতৰ কৰে|

১৯৭৩ চনত কেশৱানন্দ ভাৰতী গোচৰত ২৪ তম সংবিধান সংশোধনী আইনৰ বৈধতাৰ প্ৰশ্ন তোলা হয়| এই গোচৰৰ ৰায় দান কৰোতে উচ্চতম ন্যায়ালয়ে মত প্ৰকাশ কৰে যে সংসদে মৌলিক অধিকাৰ সংশোধন কৰিব পাৰিব কিন্তু সংবিধানৰ মূল আকৃতিৰ পৰিৱৰ্তন কৰিব নোৱাৰে| তাৰোপৰি সংসদৰ সংবিধান সংশোধনৰ বৈধতাৰ বিচাৰ আদালতে কৰিব পাৰিব|

ভাৰতীয় সংবিধানৰ ৪২ তম সংশোধনীত কোৱা হয় যে সংসদে সংবিধানৰ যিকোনো বিষয় সংশোধন কৰিব পাৰিব আৰু এনে সংশোধন সম্পৰ্কে আদালতত কোনো প্ৰশ্ন উত্থাপন কৰিব নোৱাৰি| ১৯৮০ চনত “মিনাৰ্ভা মিলচ আৰু অন্যান্য বনাম ভাৰত চৰকাৰ” গোচৰত উচ্চতম ন্যায়ালয়ে ৪২ তম সংশোধনী আইনৰ দ্বাৰা ন্যায়ালয়ৰ ক্ষমতা সংকোচন কৰা বাধাবোৰ বাতিল কৰে| গতিকে এতিয়া সংসদে মৌলিক অধিকাৰক সংশোধন কৰিব পাৰে, কিন্তু ন্যায়ালয়ে ইয়াৰ বৈধতা বিচাৰ কৰাৰ ক্ষমতা আছে|

মৌলিক অধিকাৰ সংশোধন কৰিব নোৱাৰাৰ কোনো যুক্তি থাকিব নোৱাৰে| সময়ৰ সোঁতত পৰিৱেশৰ পৰিৱৰ্তন হয়| পৰিৱৰ্তিত পৰিৱেশত যাতে সংবিধান খাপ্‌ খাব পাৰে, তাৰ বাবে সংবিধানত সংশোধন পদ্ধতি সন্নিবিষ্ট কৰা হয় আৰু এই পদ্ধতি অনুসৰি সংবিধান সংশোধন কৰা হয়| গতিকে পৰিৱৰ্তিত পৰিস্থিতিত খাপ্‌ খাব পৰাকৈ মৌলিক অধিকাৰ সমুহ সংশোধন কৰিব পাৰি|

মৌলিক অধিকাৰৰ মৰ্যাদা বা স্থান-

ভাৰতীয় সংবিধানৰ তৃতীয় ভাগত মৌলিক অধিকাৰ আৰু চতুৰ্থ ভাগত নিৰ্দেশাত্মক নীতিবোৰ বৰ্ননা কৰা হৈছে| সংবিধানৰ এই দুয়ো অংশৰ মাজত গভীৰ সম্পৰ্ক আছে| মৌলিক অধিকাৰ আৰু নিৰ্দেশক নীতি উভয়ৰে লক্ষ্য একেই| দুয়োৱে ভাৰতীয় জনসাধাৰণৰ ব্যক্তিগত আৰু সামাজিক মংগল সাধন কৰিব বিচাৰে| সমাজৰ মংগল হ’লে ব্যক্তিৰো মংগল হ’ব| কিন্তু দুয়োৰে মাজত কেতিয়াবা কেতিয়াবা বিৰোধ হোৱা দেখা যায়| সংবিধান বলৱৎ হোৱাৰ পৰা এতিয়ালৈকে মৌলিক অধিকাৰ সমুহৰ মৰ্যাদাৰ সালসলনি হোৱা দেখা যায়| ভাৰতীয় সংবিধানত মৌলিক অধিকাৰৰ স্থান সম্পৰ্কে আমি বিভিন্ন পৰ্যায়ত আলোচনা কৰিব পাৰো|

১) প্ৰথম পৰ্যায়:- এই কালছোৱাত মৌলিক অধিকাৰ সমুহ সংশোধন কৰি নিৰ্দেশক নীতিবোৰ বলৱৎ কৰা হৈছিল| তেতিয়া নিৰ্দেশক নীতি আৰু মৌলিক অধিকাৰৰ মাজত কোনো বিৰোধ নাছিল| এই কালছোৱাত মৌলিক অধিকাৰ সংশোধন কৰা হৈছিল যদিও ইয়াৰ ওপৰত নিৰ্দেশক নীতিতকৈ অধিক গুৰুত্ব আৰোপ কৰা হৈছে| ১৯৯৬ চনলৈকে সংসদে মৌলিক অধিকাৰ সমুহক সংশোধন কৰিব পাৰে বুলি বিবেচনা কৰা হৈছিল|

২)দ্বিতীয় পৰ্যায়:- ১৯৬৭ চনত গোলকনাথ গোচৰৰ ৰায় দিয়া হয়| তেতিয়া উচ্চতম ন্যায়ালয়ে মত প্ৰকাশ কৰে যে সংবিধানৰ সংশোধন হ’ল এটা আইন আৰু সংবিধানৰ ১৩(২) নং অনুচ্ছেদ মতে সংসদে মৌলিক অধিকাৰ ভংগ কৰি কোনো আইন ৰচনা কৰিব নোৱাৰে| ইয়াৰ পিচত মৌলিক অধিকাৰৰ মৰ্যাদা বৃদ্ধি পালে আৰু সংসদে এই অধিকাৰ সমুহক সংশোধন কৰিব নোৱাৰা হ’ল| তেতিয়া নিৰ্দেশক নীতিৰ মৰ্যাদা কমি গ’ল| এই সময়ছোৱাত নিৰ্দেশক নীতি বলৱৎ কৰিবৰ কাৰণে সংসদে মৌলিক অধিকাৰ সংশোধন কৰিব নোৱাৰিছিল|

৩) তৃতীয় পৰ্যায়:- গোলকনাথ গোচৰৰ ৰায় বাতিল কৰিবৰ বাবে সংসদে সংবিধান সংশোধন কৰিলে| এইয়া হ’ল সংবিধানৰ ২৪ তম সংশোধন| এই সংশোধনে সংসদক মৌলিক অধিকাৰ সংশোধন কৰিবৰ বাবে ক্ষমতা প্ৰদান কৰিলে| এই সংশোধনৰ ফলত সংসদে মৌলিক অধিকাৰ সংশোধন কৰি নিৰ্দেশক কাৰ্যকৰী কৰিব পৰা হ’ল| এই কালছোৱাত নিৰ্দেশক নীতিৰ মৰ্যাদা বৃদ্ধি পালে আৰু মৌলিক অধিকাৰ সমুহ সংশোধন কৰিব পৰা হ’ল| সংসদৰ সংশোধনী ক্ষমতাক বাধাহীন কৰিবৰ বাবে সংবিধানৰ ২৫ তম্‌ সংশোধন কৰা হৈছিল|

কিন্তু ২৪ তম আৰু ২৫ তম সংশোধনী আইনৰ বৈধতাৰ বিচাৰৰ বাবে উচ্চতম ন্যায়ালয়ত এক গোচৰ দিয়া হয়| এই গোচৰেই হৈছে কেশৱানন্দ ভাৰতী গোচৰ বা মৌলিক অধিকাৰ সংক্ৰান্ত গোচৰ| এই গোচৰৰ ৰায় দিওঁতে উচ্চতম ন্যায়ালয়ে মত প্ৰকাশ কৰে যে মৌলিক অধিকাৰ সমুহক সংশোধন কৰিব পাৰি| কিন্তু সংবিধানৰ কিছুমান “বিশেষ বৈশিষ্ট্য” আছে, সেইবোৰক সংশোধন কৰিব নোৱাৰি| এই গোচৰৰ ৰায়ে ২৫ তম সংশোধনৰ একাংশ বাতিল কৰে| অৰ্থাৎ সংবিধান সংশোধনী পুনৰ ন্যায়ালয়ৰ সমীক্ষাৰ অধীনলৈ আহিল|

৪) চতুৰ্থ পৰ্যায়- কেশৱানন্দ ভাৰতী গোচৰৰ সিদ্ধান্তত সংসদ সন্তুষ্ট হোৱা নাছিল| সেয়েহে যেতিয়া সংবিধানৰ ৪২ তম সংশোধনী আইন পাছ কৰা হয়, সেই আইন অনুসৰি সংসদক সংবিধানৰ যিকোনো অংশ সংশোধন কৰিবলৈ ক্ষমতা প্ৰদান কৰা হ’ল| এই সম্পৰ্কত ন্যায়ালয়ৰ ন্যায়িক সমীক্ষাৰ ক্ষমতাও বাতিল কৰা হ’ল| এই সংশোধনৰ ফলত ১৪, ১৯, আৰু ৩১ নং অনুচ্ছেদত উল্লেখ কৰা মৌলিক অধিকাৰতকৈ নিৰ্দেশাত্মক নীতিৰ ওপৰত অধিক গুৰুত্ব দিয়া হ’ল| এতেকে এই পৰ্যায়ত মৌলিক অধিকাৰ সমুহ সংশোধন কৰাৰ সকলো বাধা আঁতৰ কৰা হ’ল আৰু নিৰ্দেশাত্মক নীতিবোৰক অধিক প্ৰাধান্য দিয়া হ’ল|

৫) পঞ্চম পৰ্যায়:- সংবিধানৰ ৪২ তম সংশোধনী আইনৰ বৈধতা “মিনাৰ্ভা মিলচ্‌ গোচৰত” উত্থাপন কৰা হৈছিল| এই গোচৰৰ ৰায় দিওঁতে উচ্চতম ন্যায়ালয়ে এই মত প্ৰকাশ কৰিছে যে সংসদে মৌলিক অধিকাৰ সমুহ সংশোধন কৰিলে ন্যায়পালিকাই ইয়াৰ বৈধতাক বিচাৰ কৰিব পাৰিব| অৰ্থাৎ এই গোচৰৰ ৰায়ে উচ্চতম ন্যায়ালয়ক সংবিধান সংশোধনৰ ক্ষেত্ৰতো পুনৰ ন্যায়িক সমীক্ষাৰ ক্ষমতা প্ৰদান কৰিলে| এই গোচৰৰ ৰায় দানৰ পিচত নিৰ্দেশাত্মক নীতিৰ প্ৰাধান্য কমি আহিল| মৌলিক অধিকাৰ সমুহক পুনৰ আগৰ মৰ্যাদা প্ৰদান কৰা হ’ল| কিন্তু এতিয়া সংসদে মৌলিক অধিকাৰৰ সংশোধন কৰিব পাৰে আৰু এই সংশোধনী বিলাক ন্যায়ালয়ৰ ন্যায়িক সমীক্ষাৰ অধীনত| আৰ্থ-সামাজিক নীতিক কাৰ্যকৰী কৰিবৰ বাবে প্ৰয়োজন হ’লে মৌলিক অধিকাৰ সমুহ সংশোধন কৰা উচিত |

এতিয়া দেখা যায় যে মৌলিক অধিকাৰৰ প্ৰাধান্য এতিয়াও আছে| কাৰণ, ন্যায়িক সমীক্ষাৰ জৰিয়তে উচ্চতম ন্যায়ালয়ে এই অধিকাৰ সমুহ ৰক্ষা কৰিব পাৰে| সংসদক এই অধিকাৰ সমুহ সংশোধন কৰিবলৈ ক্ষমতা প্ৰদান কৰা হৈছে| কিন্তু ই সংবিধানৰ মূল আকৃতি নষ্ট কৰিব নোৱাৰে|

উৎস:- ভাৰতৰ ৰাজনৈতিক ব্যৱস্থা

শেহতীয়া উন্নীতকৰণ: : 7/3/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate