অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মহিলা সুৰক্ষা আইন কিমান নিৰ্ভৰযোগ্য?

 

বিশ্ব মানৱ অধিকাৰ ঘোষণা-পত্ৰৰ নির্দেশ অনুসৰি প্রত্যেক মানৱ শিশুৱে জন্মগতভাৱে সকলো সমান অর্থাৎ সম অধিকাৰসম্পন্ন, কিন্তু হ’লেও আজিৰ এই বিজ্ঞান-প্রযুক্তিবিদ্যাৰ যুগতো লিংগভিত্তিক বৈষম্য সর্বত্র বিৰাজমান। আজিও পৃথিৱীৰ মুঠ জনসংখ্যাৰ এক বিশেষ সংখ্যক লোক নিষ্পেষিত, নির্যাতিত আৰু অৱহেলিত হ’ব লগা হৈছে কেৱল সেইসকলে মহিলা হিচাপে জন্ম লোৱাৰ বাবে। বহুতৰে মনত আকৌ প্রশ্ন হয় মহিলানো ক’ত, কেনেকৈ নির্যাতিত হৈছে? কিন্তু অলপ গভীৰভাৱে চিন্তা কৰি নিৰীক্ষণ কৰিলেই দেখা যায় যে মাতৃগৰ্ভৰ পৰা অন্তিম শয়নপর্যন্ত মহিলাসকল সম অধিকাৰতো বাদেই, বিভিন্নভাৱে পুৰুষতান্ত্ৰিক সমাজত বৈষম্যমূলক আচৰণৰ বলি হ’বলগীয়া হৈছে। ভ্ৰূণ হত্যা, ধর্ষণ, অপহৰণ, যৌতুক দাবী, ঘৰুৱা হিংসা, নাবালিকা ধর্ষণ, কর্মস্থানত যৌন নির্যাতন ইত্যাদি অপৰাধ নিতৌ বৃহৎ সংখ্যাত সংঘটিত হ’বলৈ লৈছে। কর্মস্থান, ৰাজহুৱা স্থান, শিক্ষানুষ্ঠান, যান-বাহন, আনকি নিজৰ ঘৰখনতো আজিৰ মহিলা মানে ফুলকুমলীয়া শিশুৰ পৰা ৭০ বছৰীয়া বৃদ্ধলৈকে সুৰক্ষিত নহয়। হত্যা, ভ্ৰূণ হত্যা আজিও সমাজত প্রচলিত বুলিব পাৰি। কানাডাৰ এক স্বীকৃতিপ্রাপ্ত চিকিৎসা আলোচনী "লেনচেট’’ত ২০০৫ চনত ভাৰতীয় বংশোদ্ভৱৰ এজন চিকিৎসকে প্রকাশ কৰে যে ১৯০০ চনৰ শেষ দুটা দশকতে কেৱল ভাৰততে প্রায় ১০ নিযুত কন্যা ভ্ৰূণ হত্যা কৰা হৈছে।

এনে অৱস্থাৰ পৰিপ্ৰেক্ষিতত স্বাধীন ভাৰতৰ চৰকাৰে মহিলা সুৰক্ষাৰ বাবে ভালেকেইখন আইন প্রণয়ন কৰি সমাজত মহিলাক সুৰক্ষা দিয়াৰ মনোভাব প্রদর্শন কৰিছে। যদিও এই আইনসমূহ মহিলা সুৰক্ষাৰ চিন্তা আগত ৰাখি তৈয়াৰ কৰা হৈছে, তথাপি ইয়াক কার্যকৰী কৰাৰ ক্ষেত্ৰত পুৰুষতান্ত্রিক সমাজৰ প্ৰভাৱৰ পৰা মুক্ত নোহোৱাৰ বাবে আইনসমূহ দুর্বল আৰু ত্রুটিপূর্ণ যেন বোধ হয়। এনে কেইখনমান আইন হৈছে-

(ক) হিন্দু উত্তৰাধিকাৰী আইন ১৯৫৫,

(খ) হিন্দু বিবাহ আইন ১৯৫৬,

(গ) বাল্য বিবাহ আইন ১৯৭৬,

(ঘ) সতী প্রতিৰোধক আইন ১৯৮৭

(ঙ) ঘৰুৱা হিংসা আইন ২০০৫

(চ) কর্মক্ষেত্ৰত যৌন নির্যাতন প্রতিৰোধ আইন ২০১৩ ইত্যাদি।

এই কেউখন আইনেই মহিলাক সমাজত বিভিন্নভাৱে সুৰক্ষা দিয়াৰ মনোভাবেৰে প্রণয়ন কৰা হৈছে যদিও কোনো এখন আইনেই বিশেষভাৱে সফল হ’ব পৰা নাই। উদাহৰণস্বৰূপে হিন্দু উত্তৰাধিকাৰী আইন ১৯৫৬, হিন্দু বিবাহ আইন ১৯৫৫— এই দুয়োখন আইন আপাতদৃষ্টিত যদিও মহিলা সুৰক্ষাৰ বাবে প্রণয়ন কৰা যেন লাগে, প্রকৃতাৰ্থত ই পুৰুষৰ বাবেহে অধিক সুবিধাজনক হৈছিল। এই আইনে বিবাহ চৰকাৰীভাৱে পঞ্জীভুক্ত কৰাটো বাধ্যতামূলক নকৰি পৱিত্ৰ অগ্নিসাক্ষীৰ ওপৰত গুৰুত্ব দি মহিলাৰ বিবাহক ভেটি দুৰ্বল কৰি বহু বিবাহক আওপকীয়াভাৱে সহায় কৰিছে আৰু বিবাহিত মহিলায়ো সম অধিকাৰৰ কথা চিন্তা নকৰি স্বামীৰ অনুগত হৈ নিজৰ প্রাপ্য সম্পত্তিৰ অধিকাৰৰ পৰাও বঞ্চিত হৈছিল। ফলস্বৰূপে হিন্দু উত্তৰাধিকাৰী আইনখনত সম্পূর্ণভাৱে নিম্প্রভ হৈ পৰিছিল। কিন্তু ২০০৫ চনত যদিও এই আইনক পুনর্জীবিত কৰা হ’ল, তথাপি বহু ক্ষেত্ৰত এই আইনে স্বামী আৰু তেওঁ পৰিয়ালৰ অনুকূলে থকা যেন বিবেচিত হয়। এই আইনৰ ১৫নং অনুচ্ছেদৰ মতে কোনো আঢ্যৱন্ত মহিলাৰ যদি ইচ্ছাপত্ৰ তৈয়াৰ নকৰাকৈ মৃত্যু হয় আৰু তেওঁৰ যদি স্বামী বা সন্তান নাথাকে। তেতিয়াহ’লে তেওঁৰ পিতৃগৃহত সম্বন্ধীয় লোকৰ পৰিৱৰ্তে স্বামীৰ আত্মীয়হে তেওঁৰ সম্পত্তিৰ গৰাকী হয়। আনহাতে, আজিও পিতৃ-মাতৃয়ে নিজ কন্যাক সম্পত্তিৰ ভাগ দিয়াতকৈ পুত্ৰসকলক দিয়াতহে অধিক গুৰুত্ব দিয়ে। এনে ক্ষেত্ৰত পিতৃ-মাতৃ আৰু কন্যা উভয়পক্ষই সমানভাৱে জগৰীয়া, কাৰণ পিতৃ-মাতৃয়ে কন্যাক সম্পত্তি দিয়াৰ প্ৰয়োজন অনুভৱ নকৰে আৰু কন্যাই পৈতৃক সম্পত্তিৰ দাবী নকৰে।

ঠিক তেনেকৈ মহিলাৰ সুৰক্ষাৰ আন আইনসমূহো বহুক্ষেত্ৰত আসোঁৱাহপূৰ্ণ আৰু সেইবোৰ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰতো ত্ৰুটি দেখা যায়। যৌতুকবিৰোধী আইন, ১৯৬১ আৰু লগতে বিবাহ বিচ্ছেদ হোৱা মহিলাৰ সুৰক্ষা সম্বন্ধীয় চৰকাৰী সুৰক্ষা আঁচনিসমূহ যথেষ্ট দুর্বল। যৌতুক আইনত কেনে ধৰণৰ বস্তুসমূহক যৌতুক বোলা হয় সেই সম্বন্ধে মতবিৰোধ লেখা যায় আৰু তদুপৰি কন্যাৰ পক্ষৰ দুর্বল স্থিতিৰ বাবে এই আইন কার্যকৰী কৰা কঠিন হৈ পৰে।

আনহাতে, বিবাহ বিচ্ছেদৰ ক্ষেত্ৰতো মহিলাই নিজক আন পুৰুষৰ লগত কোনো সম্বন্ধ নথকা বুলি প্রমাণ কৰিব পাৰিলেহে স্বামীৰ পৰা ভৰণ-পোষণ পোৱাৰ সম্ভাৱনা থাকে। আকৌ এনে মহিলাই সন্মুখীন হোৱা আন এটা সমস্যা হৈছে যে ন্যায়ালয়ে মহিলাগৰাকীৰ সপক্ষে ৰায়দান কৰাৰ পিছতো বিচ্ছেদিত স্বামীৰ পৰা ধন আদায় কৰাটো মহিলাগৰাকীৰ পক্ষে যথেষ্ট অসুবিধাজনক। এইক্ষেত্ৰত প্রায়ে দেখা যায় নে প্রথম দুই-তিনি মাহমান নিয়মিতভাৱে ধন আদায় দিয়াৰ পিছত আচামীয়ে ধন দিয়া বন্ধ কৰে আৰু মহিলাগৰাকীৰ হাততো প্রাপ্য ধন মোকলাই অনাৰ কোনো উপায় নাথাকে আৰু নায়ালয়ে এইক্ষেত্ৰত নিস্ক্রিয় ভূমিকা পালন কৰা দেখা যায়।

ইয়াৰ উপৰি শেহতীয়াভাৱে নাৰী সুৰক্ষাৰ বাবে প্রণয়ন কৰা দুখন প্রধান আইন হৈছে-

 

(১)ঘৰুৱা হিংসা আইন ২০০৫ আৰু

(২) কর্মক্ষেত্ৰত যেন নির্যাতন, প্রতিৰোধ, নিষেধকৰণ আৰু প্রতিকাৰ আইন ২০১৩।

এই দুয়োখন আইনো কিন্তু ত্রুটিমুক্ত নহয়। নাৰীৰ ওপৰত ঘৰুৱা হিংসা পিতৃগৃহ বা স্বামীগৃহ দুয়ো ঠাইতে হ’ব পাৰে। আইনখন আপাতদৃষ্টিত মহিলাৰ বাবে যথেষ্ট সহায়ক, কাৰণ নির্যাতিত মহিলাক সহায়ৰ হাত আগবঢ়াবলৈ মহিলা সুৰক্ষা বিষয়া আৰু তেখেতৰ কর্মীবৃন্দ, আশ্রয় গৃহ, আৰক্ষী তথা চিকিৎসা বিষয়া বা কোনো পঞ্জীভুক্ত মহিলা সংগঠনৰ সদস্য থাকে, যাৰ দ্বাৰা নির্যাতিত মহিলাগৰাকী সাময়িকভাবে কিছু আইনী সুৰক্ষাৰ লগতে মানসিক সাহসী লাভ কৰিব পাৰে। দ্বিতীয়তে, এই আইনে নির্যাতিত মহিলাগৰাকীক স্বামীৰ গৃহ বা স্বামীয়ে বাস কৰা যিকোনো গৃহত বাস কৰাৰ সুবিধা প্রদান কৰাৰ উপৰি দুয়ো একেলগে থাকোতে ব্যৱহাৰ কৰা কোনো ধৰণৰ সম্পত্তিৰ পৰা নির্যাতিত মহিলাগৰাকীক বাৰণ কৰিব নোৱাৰে।

তৃতীয়তে, মহিলাগৰাকীক ভীতি প্রদর্শন কৰি যৌতুক দাবী কৰা, কর্মস্থান আৰু আন স্থানত ভাবুকি প্রদান কৰা আৰু মহিলাগৰাকীক সহায় কৰা পৰিয়ালৰ লোক বা আন লোকক অসুবিধা দিব নোৱৰা আদি আইনখনৰ কেইটামান ইতিবাচক দিশ। কিন্তু এই আইনো কার্যকৰী কৰা যথেষ্ট টান, তাৰ প্রধান কাৰণ হৈছে ইয়াত নির্যাতিত আৰু নির্যাতনকাৰী দুয়ো একেটা ঘৰতে বাস কৰে বা কৰিছিল আৰু তাৰ পৰাই নিৰ্যাতিতাই গোচৰ তৰিব লগা হয়, সেয়েহে মহিলাগৰাকীৰ নিৰাপত্তাৰ কথা আহি পৰে। নির্যাতিত আৰু নির্যাতনকাৰী দুয়োৰে মাজত জন্মগত, বৈবাহিক, তোলনীয়া বা অন্যভাবে সম্বন্ধ থকাৰ বাবে মহিলাগৰাকীৰ সমস্যাটো আৰু সম্পূৰ্ণ ব্যক্তিগত আৰু আন মানুহৰ বিশেষ কৰিবলগীয়া একো নাই এনে ভাব পোষণ কৰিছিল যদিও এতিয়া তেনে অৱস্থাৰ কিছু পৰিৱৰ্তন ঘটিছে।

তদুপৰি মহিলা সুৰক্ষা বিষয়া, আশ্রয় গৃহ ইত্যাদিয়ে সাময়িকভাবেহে মহিলাগৰাকীক সুৰক্ষা বা আশ্রয় প্রদান কৰে। আশ্রয় গৃহত মহিলাগৰাকীয়ে বৰ বেছি ছমাহৰ বাবে আশ্রয় পায় আৰু সেই ছমাহৰ ভিতৰত মহিলাগৰাকীয়ে নিজৰ আর্থিক সংস্থাপনৰ লগতে স্থায়ী ঠিকনাও নিশ্চিত কৰিব লগা হয়।

আইনখনৰ আন এক কাৰিকৰী অসুবিধা হৈছে জিলা সমাজ কল্যাণ বিষয়াজনেই মহিলা সুৰক্ষা বিষয়া হিচাপে কার্যনির্বাহ কৰে, যাৰ বাবে জিলা সমাজ কল্যাণ বিষয়াই অতিৰিক্ত দায়িত্ব ল’বলগীয়া হোৱাটোৱেও কিছু সমস্যাৰ সৃষ্টি কৰে। ইয়াৰ উপৰি বহু ক্ষেত্ৰত ন্যায়ালয়, সুৰক্ষা বিষয়া, আৰক্ষী বিষয়া, মহিলা সংগঠনৰ সদস্য আটায়ে নির্যাতিত মহিলাগৰাকীক তেওঁৰ সিদ্ধান্তক পুনৰ বিবেচনা কৰিবলৈ প্রস্তাৱ দিয়া কার্যই আওপকীয়াভাবে মহিলাগৰাকীৰ উপকাৰ কৰাৰ পৰিবর্তে নির্যাতনৰ মুখলৈ ঠেলি দিয়াহে হয়। এনেবোৰ আসোঁৱাহৰ বাবেই আইনখনে আশা কৰা মতে মহিলাক সুৰক্ষা প্রদান কৰাত সফল হ’ব পৰা নাই।

আনখন আইন হৈছে কৰ্মক্ষেত্ৰত যৌন নিৰ্যাতন প্রতিৰোধ আইন ২০১৩। ১৯৯৭ চনৰ ঐতিহাসিক বিশাখা গোচৰৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে কর্মস্থানত যৌন নির্যাতন অকল লিংগ বৈষম্যমূলক আচৰণেই নহয়, ই মহিলাৰ সাংবিধানিক সম অধিকাৰকো খর্ব কৰে আৰু ইয়াক প্রতিহত কৰিবৰ বাবে কিছুমান পৰিপক্ক নিৰ্দেশাৱলীৰ প্রয়োজন হয়। দেশৰ বহুতো সংগঠনৰ দাবীৰ মূৰত ২০১০ চনৰ ৭ ডিচেম্বৰৰ দিনা পোনপ্ৰথমবাৰৰ বাবে উক্ত বিধি লোকসভাত উত্থাপিত হয় আৰু পৰৱর্তী কালত বিভিন্ন পর্যায় অতিক্ৰম কৰি ২০১৩ চনৰ ২৩ এপ্রিলত ৰাষ্ট্রপতি প্রণৱ মুখাৰ্জীৰ দ্বাৰা অনুমোদিত হয়।

এতিয়া মনত প্রশ্ন হয়— পুৰুষৰ দ্বাৰা সম্পাদিত কোনবোৰ আচৰণক যৌন নির্যাতন বুলিব পাৰি। যিকোনো ধৰণৰ মহিলাই নিবিচৰা আচৰণ, যেনে— দৈহিক স্পৰ্শ, যৌন আবেদন দাবী, যৌনতা প্রকাশ পোৱা কোনো মন্তব্য, জোৰ কৰি অশ্লীল ছবি প্রদর্শন বা অশ্লীল ইংগিত প্রদর্শন আৰু যিকোনো ধৰণৰ মহিলাই নিবিচৰা দৈহিক, মৌখিক আচৰণ ইত্যাদি ইয়াৰ অন্তর্গত। ই প্রত্যক্ষ বা পৰোক্ষ দুয়ো প্রকাৰৰ হ’ব পাৰে। তদুপৰি পদোন্নতিৰ প্রলোভন দি নাইবা চাকৰিৰ পৰা অব্যাহতিৰ ভাবুকি দি নিয়োগকাৰীয়ে নিজৰ অসৎ উদ্দেশ্য পূৰণ ইত্যাদিও ইয়াৰ অন্তর্গত।

মহিলাক নিৰাপদ পৰিবেশত সমমর্যাদা প্রদান, প্রত্যেক চৰকাৰী, বেচৰকাৰী কার্যালয়তে মহিলাই আপত্তি জনাব পৰা এটা অন্তঃঅভিযোগ কমিটী (Internal Complaints Committee) গঠন কৰা, এই অভিযোগ কোষৰ অধ্যক্ষগৰাকী মহিলা হোৱাৰ লগতে ৰাজ্যিক ভিত্তিক অভিযোগ কোষ গঠন কৰি মহিলাৰ ওজৰ-আপত্তিও গ্রহণ কৰি প্রতিকাৰ কৰাৰ ব্যবস্থা কৰা, প্ৰয়োজনসাপেক্ষে মহিলাগৰাকী বা অভিযুক্তক আন ঠাইলৈ বদলি কৰা বা তিনি মাহ পৰ্যন্ত ছুটী প্ৰদান কৰা সুবিধা ইত্যাদি প্ৰদান কৰি মহিলাক সুৰক্ষা দিয়াৰ ব্যৱস্থা কৰা হৈছে।

তথাপি ইয়াক কার্যকৰী কৰাৰ ক্ষেত্ৰত উপযুক্ত সঁহাৰি লাভ কৰিব পৰা নাই। সাধাৰণতে এগৰাকী কর্মচাৰীয়ে এজন বিষয়াৰ বিৰুদ্ধে অভিযোগ কৰিবলৈ যথেষ্ট সাহস আৰু মানসিক প্রস্তুতিৰ প্রয়োজন। তদুপৰি আইনখনৰ আটাইতকৈ দুর্বল দিশটো হৈছে যৌন নির্যাতনৰ অভিযোগ অনা মহিলাগৰাকীয়ে অভিযুক্তৰ বিৰুদ্ধে অনা অভিযোগ প্রমাণ কৰিব নোৱাৰিলে নির্যতিতইহে শাস্তিৰ সন্মুখীন হ’বলগীয়া হয়।

ওপৰৰ আলোচনাৰ পৰা এই কথা প্রতিপন্ন হৈছে—

 

চৰকাৰে মহিলাৰ সুৰক্ষাৰ বাবে ভালেকেইখন আইন প্রণয়ন কৰিলেও প্রায়বোৰ আইনতে বহু সুৰুঙা থকাৰ বাবে অপৰাধীয়ে কোনো শক্তি নোপোৱাকৈ অতি সহজে পুনৰ স্বাভাবিক জীৱন-যাপন কৰিব পৰা বাবেই দেশত মহিলাৰ ওপৰত উৎপীড়নৰ পৰিমাণ বৃদ্ধি পাইছে। এইক্ষেত্ৰত মহিলাসকলো কিছু পৰিমাণে দায়ী। মহিলাসকলৰ শিক্ষিতৰ হাৰ তুলনামূলকভাৱে পুৰুষতকৈ কম, তদুপৰি আমাৰ সমাজৰ সৰহসংখ্যক মহিলাৰে এই সূৰক্ষা আইনসমূহৰ ওপৰত নুন্যতম জ্ঞান নথকাৰ বাবে ইয়াৰ দ্বাৰা মহিলাসকল উপকৃত হ’ব পৰা নাই। শেষত ইয়াকে ক’ব পাৰি যে যেতিয়ালৈকে মহিলাসকল শিক্ষিত নহয়, সমাজৰ বৈষম্যমূলক আচৰণৰ প্ৰতিবাদ কৰিব নোৱাৰে আৰু যেতিয়ালৈকে মহিলা সুৰক্ষা আইনৰ প্রতি সজাগ আৰু সচেতন নহয়, তেতিয়ালৈকে মহিলাৰ সৰ্বাংগীণ উন্নতি সম্ভৱ নহয় আৰু সুৰক্ষা আইনসমূহ কেৱল আইনৰ পুথিতে সীমাবদ্ধ হৈ ৰ’ব।

লেখিকা: যুতিমণি বৰদলৈ, পূৰ্বাচল।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate