অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মানৱ অধিকাৰ

মানৱ অধিকাৰৰ বিষয়ে লিখা হৈছে

 

আমি সকলোৱে মানৱ অধিকাৰৰ বিষয়ে জানো-

 

অৱশ্যে বহুতেই নাজানো যে আমাৰ নিজৰ অধিকাৰবোৰ কেনেকুৱা। পৃথিৱীত জীয়াই থকা প্রত্যেক ব্যক্তিৰে মানৱ অধিকাৰ আছে যদিও বিভিন্ন ঠাইত বা বিভিন্ন সময়ত আমি মানৱ অধিকাৰসমূহ খর্ব হোৱা দেখা পাওঁ। মানৱ অধিকাৰ থকা সত্বেও বহুতেই নির্যাতিত হ’বলগীয়া হয় তথা হাৰাশান্তি পাবলগীয়া হয়। এনেক্ষেত্ৰত মানৱ অধিকাৰ কেৰিয়াৰ হ’ব পাৰে নেকি ? মানৱ অধিকাৰ কেৰিয়াৰ নহ'লেও মানৱ অধিকাৰৰ বাবে কাম কৰাৰ সুযোগ আছে আৰু এইটো এটা কেৱল আমাৰ অঞ্চল বা ৰাজ্য বুলিয়েই নহয়, বৰঞ্চ এটা আন্তৰ্জাতিক কেৰিয়াৰো হ’ব পাৰে।

মানৱ অধিকাৰৰ লগত কেনেধৰণৰ কেৰিয়াৰ জড়িত হ’ব পাৰে তাৰ বিষয়ে প্রকাশ কৰাৰ আগতে মানৱ অধিকাৰনো কি বা ইয়াৰ গুৰুত্ব কেনেকুৱা তাৰ বিষয়ে কিছু কথা প্ৰকাশ কৰিবলৈ লৈছোঁ। মানৱ অধিকাৰসমূহ সকলোৰে বাবে আৰু বেলেগ বেলেগ দেশত কিছু বেলেগ অধিকাৰ থাকে। এটি শিশু যদি শিক্ষাৰ পৰা বঞ্চিত তেনেহ’লে তেওঁৰ মানৱ অধিকাৰ খর্ব হৈছে। মানৱ অধিকাৰ কেৱল প্রাপ্তবয়স্কৰ বুলি নহয়, বৰঞ্চ সকলোৰে বাবে আনকি শিশুৰ বাবেও আন্তঃৰাষ্ট্ৰীয় প্রেক্ষাপটত চালে আমি দেখিম যে ১৯৪৮ চনতে আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ প্রকাশ চনদ যাক ইংৰাজীত Universal Declaration of Human Rights ঘোষণা কৰা হৈছিল। এই প্রকাশ পত্র আন্তঃৰাষ্ট্ৰীয়ভাবে মানি চলা হয়। ইয়াত বিভিন্ন অধিকাৰৰ কথা প্রকাশ কৰা হৈছে। ১৯৪৮ চনৰ দহ ডিচেম্বৰ তাৰিখে এই ঘোষণা প্রকাশ হৈছিল। আৰু সেই কাৰণে দহ ডিচেম্বৰ তাৰিখটো আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ দিৱস হিচাপে পালন কৰা হয়।

ভাৰতবৰ্ষৰ সংবিধানে নাগৰিকসকলক বেলেগ বেলেগ অধিকাৰ প্ৰদান কৰিছে। মানৱ অধিকাৰসমূহ সকলোৰে বাবে সমান। মানৱ অধিকাৰ বা ভাৰতবৰ্ষৰ ক্ষেত্ৰত অন্যতম হৈছে মৌলিক অধিকাৰ। মৌলিক অধিকাৰৰ নিচিনা বিভিন্ন অন্যান্য অধিকাৰসমূহ নাগৰিকক প্রদান কৰা হৈছে। এতিয়া কথা হ’ল যে অধিকাৰসমূহ থকাৰ পিছতো কিয় ইমান সমস্যা আছে বা মানৱ অধিকাৰ উলংঘন হৈ আছে। পোনপটীয়াকৈ চাব গ'লে আমি সহজেই গম পাম যে যদিহে মানৱ অধিকাৰসমূহ উলংঘন হৈ আছে তেনেহ’লে এইক্ষেত্ৰত কৰিবলগীয়া কাম বহুত আছে। এইক্ষেত্ৰত আমাৰ ছাত্র-ছাত্রী তথা যুৱক-যুৱতীসকলে মানৱ অধিকাৰৰ বিষয়ে অধ্যয়ন কৰা কথা ভাবিব পাৰে নিজৰ কেৰিয়াৰ গঢ়াৰ কাৰণে। মানৱ অধিকাৰৰ ক্ষেত্ৰত পাঠ্যক্রম হিচাপে চাবলৈ গ’লে আমি দেখিম যে ইয়াৰ লগত জড়িত বিভিন্ন বিষয় আছে, যিবোৰ আমাৰ ছাত্ৰ-ছাত্ৰীসকলে বাছনি কৰিব পাৰে। যিসকলে আইনৰ পাঠ্যক্ৰম অধ্যয়ন কৰে। তেওঁলোকে এইক্ষেত্ৰত কাম কৰাৰ সুবিধা আনতকৈ অলপ বেছি পায়, কিন্তু এনেকুৱা কোনো কথা নাই যে কেৱল আইনৰ ছাত্র-ছাত্ৰীসকলে এইক্ষেত্ৰত কাম কৰিব পাৰিব আৰু বেলেগে নোৱাৰে।

এইক্ষেত্ৰত সাধাৰণতে স্নাতকোত্তৰৰ পাঠ্যক্রম তথা ডিপ্লমা আৰু চার্টিফিকেট পাঠ্যক্রম উপলব্ধ হৈ আছে। পাঠ্যক্ৰমসমূহত বিভিন্ন ৰাষ্ট্ৰীয় তথা আন্ত:ৰাষ্ট্ৰীয় বিষয়সমূহ সন্নিবিষ্ট হৈ আছে। কিছুমান বিষয় হৈছে শিশুৰ অধিকাৰ, মহিলাৰ অধিকাৰ, আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ, অধিকাৰ, খিলঞ্জীয়া ব্যক্তিসকলৰ অধিকাৰ ইত্যাদি। ভাৰতবৰ্ষৰ বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা এই বিষয়ে অধ্যয়ন কৰিব পাৰি। ভাৰতৰ বাহিৰেও বিভিন্ন আন্তঃৰাষ্ট্ৰীয় শিক্ষানুষ্ঠানৰ পৰা মানৱ অধিকাৰৰ পাঠ্যক্রম অধ্যয়ন কৰাৰ সুবিধা আছে। অনলাইনযোগে বিভিন্ন আন্তর্জাতিক শিক্ষানুষ্ঠানৰ পৰা ডিপ্লমা তথা চার্টিফিকেট পাঠ্যক্রম সম্পূর্ণ কৰাৰ সুবিধা আছে। এতিয়া ডাঙৰ প্রশ্ন হ’ল— এনেধৰণৰ পাঠ্যক্রম কৰিলে চাকৰি পোৱা সম্ভৱনে ? যিহেতু বহুতেই সমাজ সেৱাৰ নিচিনা পাঠ্যক্ৰম কৰিও ভাল চাকৰি পোৱা নাই সেই ক্ষেত্ৰত কোনোবাই মানৱ অধিকাৰৰ ক্ষেত্ৰত কেনেধৰণে নিজৰ কেৰিয়াৰ গঢ়িব পাৰিব।  এইটো নিশ্চয় বহুতৰ মনত আহিছে বা চিন্তাৰ বিষয় হৈছে।

এটা কথা খাটাং যে যিকোনো শিক্ষা সমাপ্ত কৰিয়েই যে কোনোবাই চাকৰি পাব তেনেকুৱা কোনো কথা নাথাকে, কিয়নো উৎকৃষ্ট চাকৰি পোৱাৰ সম্ভাৱনা বেছি থাকে। ছাত্ৰ-ছাত্ৰীসকলে অধ্যয়ন কৰি থকা সময়তে পাৰিলে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰৰ লগত জড়িত কাৰ্যসূচীসমূহত অংশগ্রহণ কৰাৰ কাৰণে চেষ্টা কৰিব লাগে।

চাকৰি বা কর্মসংস্থাপনৰ বাবে ৰাজ্যিক তথা ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগসমূহত সুবিধা থাকে-

বিভিন্ন আন্তর্জাতিক সংস্থা, যেনে— ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ সংস্থা বা OHCHR (Office of the High Commission for Human Rights),  এমনেষ্টী এমনেষ্টী ইন্টাৰনেশ্বনেল, অক্সফাম (Oxfam) আদিত কৰ্মৰত হ’ব পাৰে, যদিহে প্রয়োজনীয় দক্ষতাসমূহ থাকে। এনেবোৰৰ বাহিৰেও বিভিন্ন বেচৰকাৰী সংগঠনত কাম কৰাৰ সুযোগ লাভ কৰিব পাৰে। বিশ্বৰ সকলো দেশত মানৱ অধিকাৰৰ ক্ষেত্ৰত কাম কৰা বিভিন্ন সংস্থা আছে।

যিসকল ছাত্র-ছাত্রী বা যুৱক-যুৱতীয়ে মানৱ অধিকাৰৰ ক্ষেত্ৰত কাম কৰিব বিচাৰিছে। তেওঁলোকে নিজৰ যোগাযোগৰ দক্ষতা উন্নত কৰাৰ প্রয়োজন। বিভিন্ন ভাষাৰ জ্ঞান থাকিলে বা ক’ব পাৰিলে বিভিন্ন ঠাইত কাম কৰাৰ সুযোগ লাভ কৰিব পাৰে। ছাত্ৰ অৱস্থাৰে পৰা বিভিন্ন বেচৰকাৰী সংস্থাৰ লগত জড়িত হ’ব পাৰে, যিবোৰ বিশেষভাৱে অধিকাৰৰ ওপৰত কাম কৰি আহিছে। অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত এনেধৰণৰ সংগঠনসমূহ আছে।

আমাৰ অসম তথা উত্তৰ-পূৰ্বাঞ্চলত সংঘৰ্ষৰ কাৰণে বিভিন্ন ধৰণৰ মানৱ অধিকাৰ উলংঘন হোৱা ঘটনা আছে আৰু সেয়েহে এইক্ষেত্ৰত কাম এনে এখন সমাজৰ কথা ভাবিব লাগে য’ত কোনো ধৰণৰ মানৱ অধিকাৰ উলংঘন নহয় আৰু যদিহে কোনোবাই মানৱ অধিকাৰ উলংঘন কৰে। বা আনক ক্ষতি কৰিছে তেনেহ’লে তেওঁলোকে শক্তি পাব লাগে। মানৱ অধিকাৰ কর্মী হিচাপে বহু কাম কৰাৰ সুবিধা আছে। এইক্ষেত্ৰত যিসকলে কেৰিয়াৰ গঢ়াৰ কথা ভাবিছে তেওঁলোকৰ ধৈর্য থকা প্রয়োজন, কিয়নো কামবোৰত বহু প্রত্যাহ্বান থাকে আৰু বহু কষ্ট কৰিবলগীয়া হয়।

লিখক: ৰঞ্জন কে বৰুৱা, আমাৰ অসম পূৰ্বাচল।

2.88679245283
জেচমিন হাজৰীকা May 06, 2020 06:53 AM

মানৱ অধিকাৰৰ সাৰ্বজনীন দৃষ্টিভঙ্গী

Bipul das Apr 04, 2020 08:23 PM

মানৱ অধিকাৰ উলংঘন ৰোধ কৰাৰ বাবে তোমাৰ নিজস্ব মতামত আগবঢ়োৱা।।।

বিশ্বজিত দাস,,, Aug 27, 2018 11:18 PM

এই বিষয়ে মোক বহুত সহায় কৰিলে ,,,মোৰ কিতাপ নাছিল ,,পৰীক্ষাত নেট ৰ পৰা পঢ়ি এক্সম দিলোঁ ,,,,অৱশেষত মোৰ ৰিজাল্ট ও ভাল হল,,,,ধন্যবাদ

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top