অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

যাদুমন্ত্ৰ আৰু ভেল্কিবাজী: সামাজিক আৰু চিকিৎসা বিজ্ঞানৰ পৰিপ্ৰেক্ষিতত

ভেলেকি কি ?

অসত্‍ শক্তিৰ সহায়ত চলোৱা ক্ষতিকাৰক সমাজ বিৰোধী- দৃষ্টিভঙ্গী আৰু কাৰ্য্য

বনমতী কি ?

অতি প্ৰাকৃতিক উপায়েৰে কোনো সম্প্ৰদায়ৰ কোনো সদস্যই আনক ক্ষতি কৰিব পাৰে বুলি কৰা বিশ্বাস।

ভেলেকি লগত যাদু-মন্ত্ৰৰ পাৰ্থক্য কি ?

ডাইনী

ডাইনী হৈছে এনেকুৱা নাৰী যাৰ মাজত আনক ক্ষতি কৰাৰ ক্ষমতা নিহিত থাকে।

যাদুমন্ত্ৰকাৰী

যাদুমন্ত্ৰকাৰী হৈছে সচেতন লোক, যাৰ যাদুকৰী শক্তি থাকে আৰু অসৎ উদ্দেশ্য, অসূয়া আৰু ঘূনাৰে সৈতে কাম কৰে।

ক্ষতিগ্ৰস্ত হোৱা সামাজিক অংশসমূহ

সামাজিকভাৱে আৰু অৰ্থনৈতিক দিশত দৰিদ্ৰ, মহিলাসকল, অনুসূচীত জাতি, অনুসূচীত জনজাতি আৰু পিচপৰা সম্প্ৰদায়ৰ লোকসকল।

বনমতীৰ ভয় কৰাৰ কাৰণসমূহ

  • সাংস্কৄতিক বিশ্বাস।
  • সামাজিক বাতাবৰণ।
  • শোষণ আৰু অবদমন।
  • নিৰক্ষৰতা।
  • অজ্ঞতা।
  • চিকিৎসা সাহাৰ্য্যৰ অভাৱ।
  • ৰাজনৈতিক আৰু সামাজিক প্ৰতিদ্বন্দিতা।
  • বৈবাহিক/ ব্যক্তিগত সমস্যা।
  • মনস্তাত্বিক।
  • অতি প্ৰাকৃতিক আৰু কু-শক্তিৰ ওপৰত বিশ্বাস।
  • অন্ধবিশ্বাস।

বনমতীক বিশ্বাস কৰাৰ কাৰণসমূহ

  • দৰিদ্ৰতা-৮০ শতাংশ
  • নিৰক্ষৰতা- ৮০ শতাংশ
  • গতিশীলতাৰ অভাৱ-৯০ শতাংশ
  • চিকিৎসাৰ অভাৱ-৮০ শতাংশ
  • শোষণ আৰু অবদমন-৭০ শতাংশ
  • অন্ধবিশ্বাস আৰু মন্ত্ৰত বিশ্বাস-৯৫ শতাংশ

কাক ডাইনী/ বাজীকৰ হিচাবে সন্দেহ কৰা হ্য় ?

  • অস্বাভাৱিক আৰু আগতে নেদেখা ব্যৱহাৰ কৰিলে।
  • গাওঁবাসীৰ অচিনাকী লোক।
  • সামাজিক বিবাদত লিপ্ত হোৱা।
  • আনে নুবুজা কথা বিৰবিৰাই থকা।

সন্দেহ কৰা লোকৰ ওপৰত অত্যাচাৰৰ পদ্ধতি

  • জৰিমনা-ব্যক্তিগত/ পৰিয়াল হিচাবে।
  • মাৰপিট।
  • দাঁত উঘালি দিয়া।
  • জিভা, কাণ কাটি দিয়া।
  • হাত-ভৰি ভাঙি দিয়া।
  • ঘূণীয়া কৰা।
  • সামাজিক আইন।
  • ঘৰ-বাৰী খালি কৰি দিবলৈ বাধ্য কৰা।
  • গাঁৱৰ পৰা বাহিৰ কৰি দিয়া।
  • সম্পত্তি বে-আইনী ভাৱে দখল কৰি লোৱা।
  • মিছা অভিযোগ।
  • সম্পৰ্কীয় লোকৰ ওপৰত অত্যাচাৰ।
  • জীয়াই জীয়াই জ্বলাই দিয়া।
  • মানসিক অত্যাচাৰ।

বনমতীৰ তদন্ত

বনমতীৰ তদন্ত সম্পৰ্কত অধ্যাপক এইচ, নৰসিম্হাই কমিটি।

সমস্যাটো তদন্ত কৰাৰ বাবে কৰ্ণাটক বিধায়িনি পৰিষদে এক তদন্ত কমিটি গঠন কৰিছিল।

তদন্ত গোটটোৰ নেতৃত্ব দিয়ে বিধায়িনি পৰিষদৰ সদস্য অধ্যাপক এইচ, নৰসিম্হাই। তদন্তকাৰী গোটৰ প্ৰতিবেদনত সঠিকভাৱেই প্ৰকাশ পায় যে, বনমতীৰ আৰু ভেলেকিৰ ঘটনা নাছিল। ই এচাম ন্যস্ত স্বাৰ্থৰ লোকে সৃষ্টি কৰা আতংক আৰু অপপ্ৰচাৰ যি জনগণৰ ওপৰত দূৰ্যোগ নমাই আনিলে।

এই সামাজিক ব্যাধি নিৰ্মূলকৰণৰ বাবে অনুমোদনাৱলী

  • বনমতীৰ বিৰূদ্ধে সজাগতা কাৰ্য্যসূচী।
  • গ্ৰামাঞ্চলত স্বাস্থ্য সেৱা উন্নত কৰা।
  • ভ্ৰাম্যমান স্বাস্থ্য কৰ্মী গোট।
  • বনমতীৰ ৰোগীসকলক চিকিৎসালয়ত ভৰ্তি কৰা, চিকিত্সা প্ৰদান কৰা আৰু বনমতীৰ বিৰূদ্ধে শিক্ষিত কৰা।
  • মণ্ডল সদৰত মনোৰোগ বিশেষজ্ঞ আৰু মনোবিজ্ঞানী, স্বাস্থ্য, সমাজ কৰ্মীক নিযুক্তি দিয়ে।
  • সামাজিক-অৰ্থনৈতিক ভাৱে উন্নীতকৰণ আৰু দৰিদ্ৰতা নিৰ্মূলকৰণ পদক্ষেপ।
  • গাওঁ এলেকাত যোগাযোগ ব্যৱস্থা (ইলেকট্ৰনিক আৰু পৰিবহন) উন্নীত কৰা।
  • বেচৰকাৰী প্ৰতিষ্ঠানসমূহক উৎসাহিত কৰা।
  • গ্ৰামাঞ্চলত অধিক বিদ্যালয় আৰম্ভ কৰা।
  • আনুষ্ঠানিক/অনানুষ্ঠানিক শিক্ষা।
  • বনমতীৰ বিৰূদ্ধে বিদ্যালয়ৰ পাঠ্যক্ৰমত পাঠ অন্তৰ্ভূক্ত কৰা।
  • বনমতীৰ বিৰূদ্ধে কঠোৰ আইন প্ৰনয়ণ।
  • বনমতীৰ অভিযোগক বোধগম্য কৰা।
  • দোষীক কঠোৰ শাস্তি বিহা।
  • সংবাদ মাধ্যমে (ছপা আৰু ইলেকট্ৰনিক) ভূমিকা লোৱা।
  • বিজ্ঞান যাত্ৰা/বিজ্ঞানৰ যাদু প্ৰদৰ্শন বৃদ্ধি কৰা।
  • যুৱক আৰু মহিলাক সংগঠিত কৰা।
  • সাংস্কৃতিক কাৰ্য্যসূচী গ্ৰহণ।
  • বনমতীৰ বলি হোৱাসকলক সুৰক্ষা দিয়া।

চৰকাৰৰ ভূমিকা

  • অন্ধবিশ্বাস দূৰ কৰা।
  • বৈজ্ঞানিক চিন্তা-চৰ্চা বঢ়াই তোলা।
  • চিকিৎসা সুবিধা প্ৰদান।
  • বনমতী বিৰোধী যুজত সক্ৰিয় ভূমিকা লোৱা।
  • ৰাজনৈতিক ইচ্ছা।

উৎস: আইএনডিজি দল

শেহতীয়া উন্নীতকৰণ: : 6/5/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate