৮ মাৰ্চৰ দিনটো বিশ্ব সকলো ঠাইতে নাৰী দিৱস হিচাপে পালন কৰা হয়। ভাৰতৰ চাৰিখন ৰাজ্যৰ বাহিৰে ৬০ শতাংশই সকলো দিশতে পুৰুষৰ ওপৰত নিৰ্ভৰশীল। তথাপি মানৱ জাতিৰ সৃষ্টিৰ ঘাই শিপাডালেই হৈছে নাৰী। নাৰী অবিহনে পৃথিৱীৰ সকলো অস্তিত্বহীন, অন্তঃসাৰশূন্য। কিন্তু অতি পৰিতাপৰ বিষয় যে পুৰুষৰ সমানে আগবাঢ়ি যোৱাৰ বাটত প্ৰতিগৰাকী নাৰীয়ে সমাজত শাৰীৰিক, মানসিকভাৱে বহুতো বাধাৰ সন্মুখীন হ’ব লগা হয়। সেইবাবেই আমি নিজকে সুসভ্য জাতি বুলি পৰিগণিত হ’ব পৰা নাই। বহুতো কথাৰ পৰা ক’ব পৰা যায় নাৰীয়েই নাৰীৰ শত্ৰু। আমি নাৰীসকলে সভাই-সমিতিয়ে নাৰী নিৰ্যাতনৰ বিৰুদ্ধে ভাষণ দিওঁ। কিন্তু মূৰকত নিজৰৰ ঘৰৰ বন কৰা ছোৱালীজনী বা বোৱাৰীগৰাকীৰ ওপৰত শোষণ চলাওঁ। আমি প্ৰত্যেকগৰাকী নাৰীয়ে প্ৰত্যেক নাৰীৰ হৃদয়ৰ অবুজ বেদনা বুজিবলৈ চেষ্টা কৰিব পাৰিব লাগিব। আমাৰ মনৰ নীচ মনোবৃত্তিক মচি পেলাব পাৰিলেহে এখন সুস্থ সমাজ গঢ়িব পৰা যাব। সকলো নাৰী একগোট হৈ মুক্তিৰ কাৰণে সংগ্ৰাম কৰিব লাগিব। নাৰী সুৰক্ষা আইন প্ৰৱৰ্তন হ’লেও যদি প্ৰতিগৰাকী নাৰী সংশোধিত নহয়, তেনেহ’লে এখন নিকা সমাজ গঢ়াত বাধাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা বেছি। সীমিত সংখ্যক নাৰী শিক্ষিত আৰু সুৰক্ষিত হ’লেই, নাৰী বৰ্ষ উদযাপন কৰি মেল-মিটিং পাতিলেও একো কামত নাহে। আমাৰ দেশৰ বেছিভাগ নাৰী দুখ, নিৰ্যাতন, অসুৰক্ষিত অৱস্থাত দিন অতিবাহিত কৰিব লগা হৈছে। নাৰীয়ে নাৰীক সঠিক পথত আগবঢ়াই আনিব পাৰিলেহে সফলতা লাভ কৰিব পৰা যায়। এটা কথা সদায় মনত ৰখা প্ৰয়োজন যে পুৰুষবিহীন হৈ কোনো নাৰীয়ে এই কামত সফলতা লাভ কৰিব নোৱাৰে। আজিকালি গাঁৱৰ মহিলাসকল বহু আগবাঢ়ি গৈছে। তেওঁলোকে নিজক নিজে চিনি পাব পাৰিছে। অকল পুৰুষৰ ওপৰতে যে এখন সংসাৰ চলিব নোৱাৰে, সেই কথা প্ৰায় নাৰীয়েই বুজি পাইছে। সেয়ে, নিজৰ ভৰিত থিয় দি গোটবিলাকৰ সহায়েৰে বিভিন্ন কৰ্ম কৰি ঘৰখন সুচাৰুৰূপে চলোৱাত সহায় কৰিব পৰা হৈছে। বৰ্তমান সময়ত নাৰীক পুৰুষৰ সৈতে সংবিধানত সমঅধিকাৰ দিয়া হৈছে। এই কথা প্ৰায় পৃথিৱীৰ সকলো দেশতে স্বীকৃত। তথাপি নাৰীৰ প্ৰতি থকা শাসনকাৰী মনোভাৱ পুৰুষ সমাজৰ পৰা আঁতৰ হোৱা নাই। নাৰীসকল আগবাঢ়ি গৈছে যদিও ৰখীয়া এজন নহ’লে চলা-ফুৰা কৰাটো এটা সপোনৰ দৰেই হৈ আছে। আমাৰ দেশত পৰ্যাপ্ত সুবিধা থকা সত্ত্বেও নাৰীসকল শিক্ষা-দীক্ষাৰ ক্ষেত্ৰত বহু পিছ পৰি আছে। নিজৰ নামটো লিখিব নজনা মহিলা আমাৰ সমাজত এতিয়াও আছে। এমুঠি নাৰী শিক্ষিত আৰু সুৰক্ষিত হ’লেই নাৰী মুক্তি বুলি ক’ব নোৱাৰি। আজি সংসদ আৰু বিধানসভাত মহিলাৰ ৩৩ শতাংশ আসন সংৰক্ষণৰ বিধেয়কখন গৃহীত হ’ল যদিও ১১ শতাংশতকৈ অধিক মহিলাই প্ৰতিনিধিত্ব কৰিবলৈ সক্ষম হোৱা নাই। একদৰে ঘৰে ঘৰে নাৰীসকলেই লিগিৰী হৈ কটাব লগা হৈছে। প্ৰাচীন কালত নাৰী শিক্ষা এতি আৱশ্যকীয় বুলি বিবেচনা কৰিছিল। প্ৰাচীন ভাৰতত মুকলি বিশ্ববিদ্যালয়ত ল’ৰা-ছোৱালীয়ে একেলগে শিক্ষা লাভ কৰিছিল। ৰামৰ পুত্ৰ লৱ-কুশৰ লগত আত্ৰেয়ীয়ে একেলগে বাল্মিকীৰ ওচৰত দীক্ষা লৈছিল। সম্ৰাট অশোকে বৌদ্ধধৰ্ম প্ৰচাৰৰ বাবে কন্যা সংঘমিত্ৰাক সিংহল দ্বীপলৈ পঠোৱাটোৱে পুৰুষ আৰু নাৰীক সমান বিবেচনা কৰাটোকে বুজাইছে। ভাৰতৰ প্ৰাতঃস্মৰণীয় মহিলাৰ ৰূপত জিলিকি কীৰ্তিৰে নাম উজ্বলাইছে গাৰ্গী, আত্ৰেয়ী, মৈত্ৰেয়ী, সীতা, কুন্তী, দ্ৰৌপদী, খনা, মীৰাবাই, ঝান্সীৰ ৰাণী লক্ষ্মীবাঈ, জয়মতী, কনকলতা, ইন্দিৰা গান্ধী, সৰোজিনী নাইডু, কস্তুৰবা, বিজয়লক্ষ্মী পণ্ডিত, মাদাৰ টেৰেছা, পদ্মশ্ৰী নলিনীবালা দেৱী, নিৰ্মলপ্ৰভা বৰদলৈ, চন্দ্ৰপ্ৰভা শইকীয়ানী আদিয়ে। মহাকাশচাৰী কল্পনা চাওলাৰ কথা নক’লোৱেইবা। আমাৰ অসমৰ মূলা গাভৰুৱে যুদ্ধত অংশগ্ৰহণ কৰিছিল। বৰৰাণী ফুলেশ্বৰী কুঁৱৰীয়ে ৰাজ্য চলাইছিল। নাৰীৰ সেই সময়ত সন্মান, মৰ্যাদা অসীম আছিল।
প্ৰতিজন পুৰুষৰ উন্নতিৰ আঁৰত এগৰাকী নাৰী থাকে বুলি কোৱা হয়। নাৰী এগৰাকীৰ অনুপ্ৰেৰণাই পুৰুষৰ জীৱনলৈ পৰিৱৰ্তন আনি দিব পাৰে। যিগৰাকী নাৰীয়েই নিজৰ দুখ-যন্ত্ৰণা পাহৰিও স্বাৰ্থহীনভাৱে আনৰ বাবে সকলো কৰি যাব পাৰে তেৱেঁই প্ৰকৃত নাৰীৰ স্থান পাব পাৰে। প্ৰতিগৰাকী নাৰীয়েই সকলোৰে মাতৃ, যাৰ তুলনা নাই মৰমৰ, দয়াৰ, ক্ষমাৰ, ধৈৰ্যৰ। নাৰীৰ ধ্বংসৰ নহয়, সৃষ্টিৰহে বীজ ৰোপণ কৰিব পৰা ক্ষমতা থকা উচিত। আনহাতে, যিসকল নাৰী নিৰ্যাতিতা, লাঞ্ছিতা আৰু অৱহেলিতা হৈ আছে তেওঁলোকৰ উত্তৰণৰ বাবে নাৰীসকল আগবাঢ়ি আহিব লাগিব। কাগজে-কলমে, মেলে-মিটিঙে নহয়, হাতে-কামে কৰিলেহে সফল হ’ব।
যিখন দেশত নাৰী প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী, পুলিচৰ বিষয়া, ডাক্তৰ, অভিযন্তা, পৰ্বতাৰোহণ, খেলুৱৈ আদিৰে ভৰি উঠিছে, সেইখন দেশতে নাৰী নিৰ্যাতনো চলি আছে। এইবোৰৰ পৰা নাৰী মুক্ত হ’ব কেতিয়া?
লেখিকা: প্ৰতিভা দেৱী
শেহতীয়া উন্নীতকৰণ: : 6/22/2020