নগদ ধনৰ প্ৰৱাহত দুটা উপাদান থাকে- নিয়মীয়া উপাৰ্জন, যেতিয়া আপুনি কাম কৰা বন্ধ কৰিব, তেতিয়া ই বন্ধ হৈ পৰিব আৰু বিনিয়োগৰ পৰা আপুনি কাম কৰক নকৰক উপাৰ্জন হৈ থাকিব। বিত্তীয় পৰিকল্পনাৰ বিশেষজ্ঞসকলে পৰামৰ্শ দিয়ে যে, যদি আপোনাৰ বিনিয়োগৰ পৰা অধিক ধন উপাৰ্জনৰ লক্ষ্য থাকে, তেন্তে আমাৰ জীৱন অধিক সুৰক্ষিত হোৱাৰ বাবে জীৱনটো প্ৰকৃতভাৱে উপভোগ কৰিবলৈ সময় পোৱা যায়। আমাৰ বিনিয়োগৰ পৰিমাণ প্ৰতিবছৰে লাহে লাহে বৃদ্ধি পাব লাগে আৰু তৎকালে বিনিয়োগ কৰাৰ লগতে অগ্ৰাধিকাৰ ভিত্তিত বিনিয়োগ কৰাটোত গুৰুত্ব দিব লাগে।
সাধাৰণতে আমি বিভিন্ন ঘৰুৱা সামগ্ৰী আৰু আন প্ৰয়োজনীয়তাসমূহৰ বাবে ধন খৰছ কৰো আৰু তাৰ পিছত যিখিনি থাকে সেইখিনি জমা কৰো। তাৰ পিছত এই জমা ধনৰ পৰিমাণ যথেষ্ট বৃদ্ধি নোহোৱালৈকে প্ৰতিমাহে জমা কৰি যাওঁ। আৰু শেষত সেই জমা সমুদায় ধন সেই সময়ত উপলব্ধ অতি আকৰ্ষণীয় বিনিয়োগ সামগ্ৰীত বিনিয়োগ কৰো।
কিন্তু আজিকালি বিত্তীয় বিশেষজ্ঞসকলে এটা সিদ্ধান্ত লৈছে যে প্ৰথমেই আমি এটা নিৰ্দিষ্ট পৰিমাণ ধন সঞ্চয় কৰিব লাগে। এই সঞ্চয়সমূহ তৎকালে পৰিকল্পনা অনুসৰি বিনিয়োগ কৰিব লাগে। আমাৰ হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী লক্ষ্যসমূহৰ ভিত্তিত এই পৰিকল্পনা প্ৰস্তুত কৰিব লাগে। তাৰ পিছত যিখিনি থাকে সেইখিনি আমি খৰছ কৰিব লাগে। সাধাৰণতে ইয়াৰ পৰিমাণ আমাৰ নিয়মীয়া উপাৰ্জনৰ ৭০-৮০ শতাংশ হয়। ই আপোনাৰ লক্ষ্যসমূহ অগ্ৰাধিকাৰ ভিত্তিত আগবঢ়ায় নিয়ে আৰু খৰছৰ ক্ষেত্ৰত নিয়মানুবৰ্ত্তিতা বৰ্তি থকাটো নিশ্চিত কৰে।
জৰুৰীকালীন পুঁজি এটা তৈয়াৰ কৰাটো এটা লক্ষ্যৰ দৰেই হ’ব পাৰে আৰু ইয়াৰ বাবে ধন জমা কৰিব লাগে। পাৰ্থক্য মাথো এটাই যে, আপুনি এই ধন যাতে জৰুৰীকালীন অৱস্থাত খৰছ কৰিব লগা নহয় তেনে বাঞ্চা কৰা। জৰুৰীকালীন পুঁজি এটা গঠনৰ পদক্ষেপসমূহ লক্ষ্য স্থিৰ কৰাৰ দৰেই।
১) আপোনাৰ পৰিয়ালত হ’ব পৰা সকলো ধৰণৰ জৰুৰী অৱস্থাৰ বিষয়ে সাঁজু হৈ থকা উচিত। ইয়াৰ বাবে পৰিয়ালৰ সকলোৱে একেলগে বহি আলোচনা কৰিব লাগে। পৰিয়ালৰ কোনো এজনৰ অসুখ হৈছে আৰু তেওঁক চিকিৎসালয়লৈ নিব লাগে, পৰিয়ালৰ গাড়ীখন দূৰ্ঘটনাত পতিত হৈছে আৰু মেৰামতি কৰিব লাগে, অতি নিকটআত্মীয়ই ধাৰলৈ ধন বিছাৰিছে। দূৰ সম্পৰ্কীয় লোক আপোনাৰ ঘৰলৈ ফুৰিবলৈ আহিছে আৰু তেওঁলোকক বিশেষভাৱে আপ্যায়ন কৰা আৰু আটাইতকৈ প্ৰতিকূল অৱস্থা যেনে, হঠাৎ পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী সদস্যৰ মৃত্যু হোৱা ধৰণৰ কথাবোৰ আলোচনা কৰিব লাগে।
২) এতিয়া প্ৰতিটো জৰুৰীকালীন অৱস্থাৰ বাবে প্ৰয়োজনীয় ধনৰ পৰিমাণ নিৰ্ধাৰণ কৰক। যেনে, যদি কোনোবা এজনৰ অসুখ হয় আৰু হস্পিতালত ভৰ্ত্তি কৰিব লাগে, তেন্তে কিমান ধনৰ প্ৰয়োজন হ’ব? যদি অপ্ৰত্যাশিতভাৱে কোনো আলহী আহে তেন্তে কিমান ধনৰ প্ৰয়োজন হ’ব আৰু এনেদৰে বাকীবোৰো খৰছ......
৩) এতিয়া, আগতেই স্বাস্থ্যবীমা, জীৱনবীমা আৰু সাধাৰণ বীমা যিবোৰ জৰুৰীকালীন অৱস্থাৰ বাবে কৰিছিল তেনে জৰুৰীকালীন অৱস্থাবোৰ মোহাঁৰি পেলাওঁক।
৪) থাকি যোৱা ধনখিনি বাকী জৰুৰীকালীন অৱস্থাসমূহত যোগ দিয়ক।
৫) এতিয়া বাকী থকা জৰুৰীকালীন অৱস্থাৰ কাৰণে আপুনি জৰুৰীকালীন পুঁজি এটা তৈয়াৰ কৰাৰ প্ৰয়োজন নায়। যদিহে সকলোবোৰ জৰুৰীকালীন অৱস্থা এটা সময়তে সৃষ্টি নহয় তেন্তে মুঠ ধনৰ ৩০-৪০ শতাংশ পৰ্য্যাপ্ত হ’ব।
৬) এতিয়া আপুনি জৰুৰীকালীন পুঁজি হিচাপ কৰক আৰু তাৰ বাবে কোনো এটা বিত্তীয় সামগ্ৰীত বিনিয়োগ কৰক। মনত ৰাখিব যে, ই যাতে আপোনাক তৎক্ষণাত ধন ঘূৰাই দিব পাৰে। কিয়নো জৰুৰীকালীন পুঁজিৰ বাবেহে ধন জমা কৰা হৈছে।
ভাৰতবৰ্ষত পৰম্পৰাগতভাৱে টকা ধাৰ লোৱাতো এটা বেয়া কথা বুলি ধৰা হৈছিল। কিন্তু লাহে লাহে ধাৰণাবোৰ সলনি হৈ আহিছে। আনুষ্ঠানিক ঋণ প্ৰদান কৰা প্ৰতিষ্ঠান যেনে, বেংক আদিয়ে সকলো বিষয়তে ঋণ প্ৰদান, ক্ৰেডিট কাৰ্ড প্ৰদান আদিৰ বাবে এনে হোৱাটো সম্ভৱ হৈছে। ঋণ পৰিশোধৰ চৰ্তসমূহো বৰ আকৰ্ষণীয়..... প্ৰতিমাহে অতি কম পৰিমাণকৈ ধন ঘূৰাই দিলেও হয়। ইয়াৰ ফলত খৰছৰ ধৰণসমূহো সলনি হৈ পৰিছে। আগতে কিবা এটা সামগ্ৰী কিনিবলৈ হ’লে প্ৰথমে ধন জমা কৰিছিল, পৰ্য্যাপ্ত ধন জমা হোৱাৰ পিছত সামগ্ৰীটো কিনিছিল। বৰ্তমান মানুহে এনেবিলাক সামগ্ৰী প্ৰথমে কিনে আৰু ভৱিষত্যৰ উপাৰ্জনেৰে ধন প্ৰদান কৰে। ইয়াৰ বাবে বিভিন্ন ধৰণৰ ক্ৰেডিট কাৰ্ডৰ ঋণ, হ্ৰস্বম্যাদী ঋণ্, দীৰ্ঘম্যাদী ঋণ আদি আছে। কিন্তু ঋণৰ ক্ষেত্ৰত আমি সদায় সতৰ্ক হৈ থাকিব লাগে। নহ’লে ই আমাক ঋণৰ সংকট অৱস্থাত পেলাব পাৰে। এইটো এনে এটা পৰিস্থিতি, য’ত ঋণ পৰিশোধ কৰিবলৈ ঋণ ল’ব লগা হৈ পৰে। এনে পৰিস্থিতিৰ পৰা আতঁৰি থকাত সহায় হোৱাকৈ তলত কেইটামান কিটিপ দিয়া হ’ল:
এইটো সৰ্ব্বোচ্চ সীমা আৰু আপুনি এই সীমাৰ যিমান নিম্নত থাকিব পাৰে সিমানেই ভাল। আপোনাৰ লক্ষ্য পূৰণৰ বাবে ঋণ লোৱাতকৈ সঞ্চয় কৰাটোৱেই উত্তম।
প্ৰায় সকলো পৰিয়ালৰে ঋণ লোৱা ধন বছৰৰ পিছত বছৰ অনাদায় হোৱাৰ সমস্যা থাকে। এনে ঋণসমূহৰ সুতো দিনক দিনে বৃদ্ধি পায় গৈ থাকে আৰু এটা সময়ত পৰিয়ালৰ বাজেটত এই ঋণটোৱে মূল বিষয়বস্তু হৈ পৰে। তলত গ্ৰহণ কৰিব পৰা কেইটামান পদক্ষেপ উল্লেখ কৰা হ’ল-
১) কম সুতত ঋণ লৈ পূৰ্বৰ ঋণ পৰিশোধ কৰক: কিছুমান লোকে অতি উচ্চ হাৰত ঋণৰ সুত লয়। যেতিয়া তেওঁলোকে ঋণ এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত সুতে-মূলে ঘূৰাই দিব নোৱাৰে তেতিয়া সেই সময়সীমা বৃদ্ধি কৰা হয়। কিন্তু সময়সীমা বৃদ্ধি কৰাৰ লগে লগে আপুনিও শেষত অতি বেছি পৰিমাণৰ সুত প্ৰদান কৰিব লগা হয়। বহু কষ্ট কৰি পৰিয়ালসমূহে সুতখিনিৰ প্ৰদান কৰিব পাৰিলেও মূলধন ঘূৰাই দিব নোৱাৰে। এনে ধৰণৰ ক্ষেত্ৰত ঋণ দিওঁতা লোকজনৰ পৰা লোৱা সম পৰিমাণৰ ধন আপোনাৰ অঞ্চলৰ কোনো বেংক বা ক্ষুদ্ৰ অৰ্থসাহাৰ্য্য প্ৰদান কৰা প্ৰতিষ্ঠানে ঋণ দিব পাৰে নেকি সেইটো বিচাৰ কৰক। যদি তেওঁলোকে আপুনি বিচৰা পৰিমাণৰ এটা অংশহে প্ৰদান কৰিব পাৰে তেন্তে আপুনি ঋণ দিয়া ব্যক্তিৰ ঋণৰ পৰা আংশিকভাৱে মুক্ত হ’ব পাৰিব। এনেদৰেই আপোনাৰ ঋণ পৰিশোধ কৰা সহজ হৈ পৰিব।
২) উচ্চ হাৰৰ সুত থকা ঋণ প্ৰথমতে পৰিশোধ কৰক: যদি আপুনি সকলোবোৰ ঋণ একেসময়তে ঘূৰাই দিব নোৱাৰে তেন্তে যিবোৰ ঋণৰ বিপৰীতে আপুনি অধিক সুত প্ৰদান কৰি আছে তেনে ঋণবোৰ প্ৰথমে পৰিশোধ কৰক। ইয়ে আপোনাৰ ঋণৰ বোজা বহু পৰিমাণে পাতল কৰিব।
৩) আপোনাৰ নিজৰ আৰু পৰিয়ালৰ বাবে সঠিক আৰু কঠোৰ বাজেট প্ৰস্তুত কৰক: কোনো লোকেই ঋণসহ জীৱন কটাব নিবিচাৰে। যদিহে সম্ভৱ হয় তেন্তে আপোনাৰ উপাৰ্জনৰ অতি কমেও ৩০ শতাংশ আৰু ততোধিক ধন আপুনি আপোনাৰ ঋণ পৰিশোধত খৰছ কৰক। তাৰ পিছতহে বাকী থকা ধনখিনি ঘৰুৱা খৰছৰ বাবে ব্যৱহাৰ কৰক। ঘৰুৱা খৰছৰ ভিতৰতো অত্যাৱশ্যকীয় (খাদ্য, বিদ্যালয়ৰ মাচুল, ঔষধ) খৰছসমূহ ক্ৰম অনুসৰি তালিকাভুক্ত কৰক আৰু যিমান সম্ভৱ হয় আপুনি আৰু আপোনাৰ পৰিয়ালক বিনোদন, উৎসৱ আৰু আলহীৰ খৰছ আদিৰ পৰা আতঁৰাই ৰাখক নতুবা নূন্যতম কৰক। ঋণ সম্পূৰ্ণৰূপে পৰিশোধ নকৰালৈকে এনেদৰেই চলিবলৈ চেষ্টা কৰক।
ধৰি ল’লো আপুনি আপোনাৰ লক্ষ্যসমূহ স্থিৰ কৰি লৈছে আৰু বিভিন্ন দীৰ্ঘম্যাদী আৰু হস্ৰম্যাদী বিত্তীয় সামগ্ৰীত বিনিয়োগ কৰিছে। ধৰি লওক, এই সকলোবোৰ আপোনাৰ পৰিকল্পনা মতেই আগবাঢ়িছে আৰু আপুনি আপোনাৰ বিত্তীয় সূচী অনুসৰি এই বিত্তীয় সামগ্ৰীসমূহত বিনিয়োগ কৰি আহিছে। হঠাৎ এনেকুৱা এটা সময় আহিলে যে আপোনাৰ এই আঁচনিসমূহত নিৰ্দিষ্ট গতিত ধনৰ যোগান ধৰাতো নিশ্চিত কৰিবলৈ আপুনি নিজেই নাই। আপুনি আপোনাৰ প্ৰিয়জনক দেখুওৱা সপোনবোৰ হঠাতে নোহোৱা হৈ নাযাবনে? এনে হোৱাটো অনুচিত। যদি আপুনি পৰ্য্যাপ্ত পৰিমাণৰ বীমা আঁচনি ক্ৰয় কৰে তেন্তে আপোনাৰ অনুপস্থিতিতো তেওঁলোকৰ বাবে আপুনি দেখা সপোনবোৰ নিশ্চিতভাৱে সফল হ’ব।
এটা পৰিয়ালৰ প্ৰতিজন আয় কৰা ব্যক্তিয়ে আন কৰোবাত বিনিয়োগ কৰাৰ পূৰ্বে বীমাত বিনিয়োগ কৰিব লাগে। এজন ব্যক্তিয়ে প্ৰিমিয়ামৰ বাবে প্ৰতিবছৰে এটা পৰিমাণৰ ধন আঁচনিখনৰ ম্যাদৰ কাললৈকে প্ৰদান কৰিব লাগে।
কিমান পৰিমাণৰ বীমা এজন মানুহৰ বাবে পৰ্য্যাপ্ত হ’ব সেইটো কেনেকৈ হিচাপ কৰিব? এইটো নিৰ্ভৰ কৰে আপোনাৰ বৰ্তমানৰ বিত্তীয় অৱস্থা কেনেকুৱা আৰু আপুনি আপোনাৰ পৰিয়ালৰ বাবে কি থৈ যাব বিছাৰে।
উদাহৰণস্বৰূপে, ধৰা হ’ল আপুনি ঋণৰ ৩ লাখ টকা পৰিশোধ কৰিবলৈ বাকী আছে। এই পৰিমাণৰ ধন নিশ্চিতভাৱে বীমাৰে আচ্ছাদিত হ’ব লাগিব। আকৌ ধৰাহওঁক, বিভিন্ন ঘৰুৱা সামগ্ৰী, মাচুল, ৰক্ষণাবেক্ষণ আৰু মেৰামতি আদিৰ বাবে প্ৰতিমাহে ১০ হেজাৰ টকাকৈ খৰছ হয়। আৰু ধৰাহ’ল, আপুনি আগত ৪ বছৰৰ বাবে পৰিয়ালটোক ভৰণ-পোষণ দিব লাগিব। কিয়নো তাৰ পিছতহে অন্য কিবা ব্যৱস্থা হ’ব পাৰে যেনে, আপোনাৰ সন্তানে উপাৰ্জন কৰিব বা আপোনাৰ পৰিবাৰে কোনো কামত যোগদান কৰিব। সেইবাবেই আপোনাৰ বীমাৰ ধন ৪ লাখ ৮০ হাজাৰ হ’ব লাগে, যাতে তেওঁলোকৰ ৪ বছৰৰ খৰছৰ ধন বীমা ধনৰ পৰা পায়। ধৰি লোৱা হ’ল, আপুনি ইতিমধ্যে ২ লাখ টকা জমা কৰিছে আৰু আপুনি ভাৱে যে, সেই ধন পৰিয়ালৰ মাহেকীয়া খৰছত ব্যৱহাৰ কৰিব পৰা যায়। তেন্তে, আপুনি বীমাকৃত ধনৰ পৰা ২ লাখ টকা কমাই দিব পাৰে। এই সহজ উদাহৰণটোৰ যোগেৰে আপুনি বীমাকৃত ধনৰ পৰিমাণ ২ লাখ় ৬০ হাজাৰ কৰিব লাগিব। ব্যৱহাৰিক ক্ষেত্ৰত আপুনি আপোনাৰ পৰিয়ালৰ সকলো প্ৰয়োজনীয়তা-তেওঁলোকৰ বাবে আপোনাৰ লক্ষ্যসমূহ আৰু আপোনাৰ ইতিমধ্যেই থকা বিত্তীয় সামগ্ৰীসমূহ অতি যত্নসহকাৰে বিচাৰ কৰিব লাগে। এইটোৱে আপোনাক কিমান পৰিমাণৰ বীমা কৰা প্ৰয়োজন সেই সিদ্ধান্ত লোৱাত সহায় কৰিব।
অগ্ৰাধিকাৰ খণ্ডত (বেংকে আৱশ্যকীয়ভাৱে সহায় কৰিব লগা, ভাৰতীয় ৰিজাৰ্ভ বেংকে নিৰ্দিষ্ট কৰি দিয়া বিশেষ কাম-কাজসমূহ) তুলনামূলকভাৱে কম।
উৎস: আইএনডিজি দল
শেহতীয়া উন্নীতকৰণ: : 6/21/2020
বিত্তীয় আয় আৰু বিনিয়োগসমূহ কেনেদৰে পুনঃৰ্নিৰীক্ষণ ...
অৱসৰৰ পিছত লোৱা বিত্তীয় ব্যৱস্থাপনাসমূহ ইয়াত আলোচন...
বিভিন্ন বিত্তীয় বিষয়ৰ সামগ্ৰী আৰু দক্ষতাৰ বিষয়ে আ...
‘এন পি এছ’ ৰ আঁচনিৰে অৱসৰৰ পৰিকল্পনা কৰিবলৈ যাওঁতে