অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

৫.১ দীৰ্ঘম্যাদী লক্ষ্যসমূহৰ ধৰণ

লক্ষ্য

 

সূচাংক

দীৰ্ঘম্যাদী সঞ্চয় আৰু বিনিয়োগসমূহ

শিক্ষণৰ উদ্দেশ্যসমূহ

এই সূচাংকৰ অন্তত পঢ়ুৱৈয়ে তলত উল্লেখ কৰা সমূহত সক্ষমতা লাভ কৰিব।

  • দীৰ্ঘম্যাদী লক্ষ্যসমূহৰ ধৰণ জানিব পৰা আৰু এইবোৰৰ ওপৰত মুদ্ৰাস্ফ্ৰীতি আৰু আশংকাসমূহৰ প্ৰভাৱ বুজি পোৱা। দীৰ্ঘম্যাদী পৰিকল্পনাত সহায়ক হোৱা বিভিন্ন বিত্তীয় আহিলাৰ তালিকা প্ৰস্তুত কৰিব পৰা।
  • যিবোৰ বিত্তীয় সামগ্ৰীয়ে মুদ্ৰাস্প্ৰীতিৰ বাবে ক্ষতিপূৰণ প্ৰদান কৰে তেনে সামগ্ৰীবোৰ চিনাক্ত কৰা আৰু ব্যাখ্যা কৰিব পৰা হোৱাৰ লগতে কিছুমান আশংকাত বীমাই কেনেদৰে সুৰক্ষা প্ৰদান কৰে সেই সম্পৰ্কে বুজি পোৱা।
  • অৱসৰৰ বাবে পৰিকল্পনা কৰাৰ গুৰুত্বতা বুজি পোৱা আৰু এনে লক্ষ্যসমূহক সহায় কৰিব পৰা আহিলাসমূহ চিনাক্ত কৰিব পৰা।

পাতনি

ৰাজেন আৰু লীলাৰ জীৱন যাত্ৰা ভালদৰেই চলি আছে। ৰাজেন আৰু তেওঁৰ ককায়েক দৰ্শনে তেওঁলোকৰ পৰিয়ালৰ গেলামালৰ দোকানখন ভালভাৱে চলাই নিছে। বৰ্তমান সাধাৰণ সা-সামগ্ৰীৰ উপৰিও বিভিন্ন ধৰণৰ প্ৰসাধন সামগ্ৰী আৰু আ-অলংকাৰ আদি চহৰৰ পৰা কিনি আনি তেওঁলোকে উক্ত দোকানত বিক্ৰীৰ বাবে ৰাখিছে। লীলাই দোকানৰ এটা চুকত আৰম্ভ কৰা শাৰী বিক্ৰীৰ ব্যৱসায়টোলৈ যথেষ্ঠ সংখ্যক গ্ৰাহক আকৰ্ষিত হৈছে আৰু বিশেষকৈ উৎসৱৰ সময়ত যথেষ্ট ভীৰ হয়।

তেওঁলোকে এই ব্যৱসায়টোলৈ বহুতো সপোন ৰচিছে আৰু লীলাই শাৰীৰ ব্যৱসায়ৰ লগতে শিশুৰ তৈয়াৰী পোছাকৰ এখন পৃথক দোকান খোলাৰ কথা ভাবিছে। সময়ত তেওঁলোকৰ একমাত্ৰ জী প্ৰীতিৰ বিয়াখনো ডাঙৰকৈ পতাৰ চিন্তা কৰিছে। প্ৰীতিৰ বয়স এতিয়া ১২ বছৰ আৰু বিয়াৰ আগতে তাইক ভাল শিক্ষা প্ৰদানৰ বাবে তেওঁলোকে অহৰহ চেষ্টা কৰি গৈছে। বৃদ্ধ বয়সত তেওঁলোকে কেনেদৰে সময় কটাব সেই সম্পৰ্কেও মাজে মাজে আলোচনা কৰে। যিহেতু তেওঁলোকৰ পুত্ৰ সন্তান নাই গতিকে অৱসৰ সময়ৰ বাবে উপাৰ্জনক্ষম বছৰ বোৰতে ধন সঞ্চয় কৰাৰ বিষয়ে তেওঁলোক সচেতন হৈছে।

এই সকলোবোৰ লক্ষ্যৰ লগত খৰছ জড়িত হৈ আছে। কিন্তু লীলা আৰু ৰাজেনে অতীতৰ অভিজ্ঞতাৰ পৰা ভালদৰে বুজি উঠিছে যে যদিহে প্ৰতিটো সপোনৰ বাবে তেওঁলোকে আগতীয়াকৈ ধন সঞ্চয় কৰে তেন্তে সেয়া দিঠক হ’বই হ’ব।

দীৰ্ঘম্যাদী লক্ষ্যসমূহৰ ধৰণ

পাতনি

 

ৰাজেন আৰু লীলাৰ পুৰণি বন্ধু প্ৰকাশ এতিয়া তেওঁলোকৰ অনানুষ্ঠানিক বিত্তীয় উপদেষ্টা। তেওঁ সোঁৱৰাই দিয়ে যে সাধাৰণতে হ্ৰস্বম্যাদী লক্ষ্যসমূহতকৈ দীৰ্ঘম্যাদী লক্ষ্যসমূহৰ বাবে পৰিকল্পনা কৰাটো অধিক প্ৰত্যাহবানযুক্ত। প্ৰথম কথা হ’ল, হ্ৰস্বম্যাদীসমূহতকৈ দীৰ্ঘম্যাদী লক্ষ্যৰ আকাৰ বৃহৎ হয়। উদাহৰণস্বৰূপে, বন্ধৰ দিনৰ বিনোদন কৰা বা ঘৰ মেৰামতি কৰা বা গাড়ী এখন কিনা আদিবোৰ হ্ৰস্বম্যাদী লক্ষ্য আৰু সন্তানৰ শিক্ষা প্ৰদান, বিয়া, আমাৰ অৱসৰ আদিবোৰ দীৰ্ঘম্যাদী পৰিকল্পনা। ফলস্বৰূপে, স্বাভাৱিকতেই দীৰ্ঘম্যাদী লক্ষ্যত উপনীত হ’বলৈ বৃহৎ পৰিমাণৰ ধন সঞ্চয় কৰাৰ প্ৰয়োজনীয়তা আহি পৰে।

দ্বিতীয়তে, আমি এই হিচাপো ৰাখিব লাগে যে দীৰ্ঘসময়ত সকলোবোৰৰেই মূল্য বৃদ্ধি পাব। সেইবাবেই যদি আমি এটা দীৰ্ঘম্যাদী লক্ষ্য স্থিৰ কৰো আৰু তাৰ বৰ্তমান মূল্য ২ লাখ টকা হয় তেন্তে ১৫ বছৰৰ পিছত তাৰ মূল্য ৪ লাখ টকাও হ’বগৈ পাৰে।

শেষত, দীৰ্ঘম্যাদী লক্ষ্যৰ পৰিকল্পনা কৰোঁতে আমি সদায় অভাৱনীয় ঘটনাৰ বাবে সাঁজু থাকিব লাগে যাৰ বাবে আমি আমাৰ পৰিকল্পনা সলনি কৰিব লগাও হ’ব পাৰে। উদাহৰণস্বৰূপে, আমি সন্তানটো চিকিৎসক বা অভিযন্তা হোৱাটো বিচাৰিব পাৰো। ইয়াৰ বাবে আমি ১০ বছৰ আগৰ পৰাই পৰিকল্পনা কৰি ধন সঞ্চয় কৰিব লাগিব। কিন্তু সন্তানটোৱে সময়ত শিল্পীহে (এই ক্ষেত্ৰত কম পৰিমাণৰ বিত্তীয় বিনিয়োগৰ প্ৰয়োজন হয়) হ’ব বিচাৰে বা বিদেশত শিক্ষা গ্ৰহণ (এই ক্ষেত্ৰত অধিক পৰিমাণৰ বিত্তীয় বিনিয়োগৰ প্ৰয়োজন হয়) কৰিব বিচাৰে।

“আশংকাসমূহ আৰু মুদ্ৰাস্ফীতি ভালদৰে বুজি পোৱা আৰু ইয়াৰ বাবে পৰিকল্পনা কৰাই দীৰ্ঘম্যাদী লক্ষ্যত উপনীত কৰাত সহায় কৰে। এই দুটা কাৰকৰ বিষয়ে তোমালোকক মই ভালদৰে কওঁ ৰ’বা” প্ৰকাশে ক’লে।

মুদ্ৰাস্ফীতি

 

মুদ্ৰাস্ফীতি কি আৰু বিশেষকৈ দীৰ্ঘম্যাদী লক্ষ্যসমূহৰ বিত্তীয় পৰিকল্পনাত ই কেনেদৰে প্ৰভাৱ পেলায় সেই বিষয়ে প্ৰকাশে বিতংভাৱে বুজাবলৈ ধৰিলে।

“মুদ্ৰাস্ফীতিক সহজ ভাষাত মূল্যবৃদ্ধি বুলিব পৰা যায়। ইয়াক এটা সূত্ৰৰ সহায়ত জোখা হয় আৰু ইয়াৰ ফলাফল সূচাংকত ওলাই পৰে। আপুনি কিনা সামগ্ৰীৰ দাম বা আপুনি ব্যৱহাৰ কৰা সেৱাসমূহৰ মূল্য কিমান বাঢ়িছে সূচাংকৰ তথ্যই তাৰ গড়। অতি গুৰুত্বপূৰ্ণ কথা, ই আপোনাক এনেকুৱা এটা ধাৰণা কৰাত সহায় কৰে যে সম পৰিমাণৰ ধনত আপুনি কিমান কম সামগ্ৰী কিনিলে।

ধৰাহওঁক যে আপুনি জানুৱাৰী ২০১০ ত ১০০ টকা আয় কৰিলে আৰু সেই ধনেৰে কোনো এখন বজাৰৰ পৰা নিৰ্দিষ্ট পৰিমাণৰ এবিধ বিশেষ সামগ্ৰী ক্ৰয় কৰাত খৰছ কৰিলে।

যদিহে সেই সামগ্ৰীবিধৰ মূল্য এবছৰৰ ভিতৰত শতকৰা ৭ শতাংশ বৃদ্ধি হৈছে তেন্তে আপুনি ২০১১ চনৰ জানুৱাৰীত সেই সামগ্ৰীবিধ সম পৰিমাণৰ কিনিবলৈ প্ৰয়োজন হ’ব ১০৭ টকা। অৰ্থাৎ আপুনি যিটো বস্তুৰ দাম বৰ্তমান ৭ টকা সেই বস্তুটো কিন্তু আপুনি নাপালে। সেইবাবেই বিগত বছৰতে আপোনাৰ ১০০ টকাটোৰ মূল্য বৰ্তমান ৭ শতাংশ কমিলে। আপোনাৰ উপাৰ্জনৰ মূল্য মুদ্ৰাস্ফীতিয়ে কেনেদৰে কমাই আনে তাৰে এটা বাস্তৱ উদাহৰণ দাঙি ধৰা হ’ল। ১০ বছৰৰ আগতে আপুনি ১০০ টকাত ৩ লিটাৰতকৈও অধিক পেট্ৰল পাইছিল। ২০০৮ ৰ জানুৱাৰীত ২ লিটাৰতকৈ অধিক পেট্ৰল পোৱা গৈছিল। মাত্ৰ ৯ মাহৰ পিছত ২০০৮ চনৰ ছেপ্টেম্বৰত ১০০ টকাৰে আপুনি ১.৮৫ লিটাৰ পেট্ৰল ক্ৰয় কৰিব পাৰিছিল আৰু ২০১১ চনৰ অক্টোৱৰত ১০০ টকাৰে মাত্ৰ ১.৪ লিটাৰ তেলহে ক্ৰয় কৰিব পাৰিছিল। অৰ্থাৎ পেট্ৰলৰ দাম বৃদ্ধি পোৱাৰ ফলত আপোনাৰ ১০০ টকাটোৰ মূল্য সংকুচিত হৈ আহিল।”

“আকৰ্ষণীয় বিষয়। কিন্তু ই আমাৰ বিত্তীয় পৰিকল্পনাত কেনেদৰে প্ৰভাৱ পেলাব”? ৰাজেনে প্ৰশ্ন কৰিলে।

“কেনেকৈ প্ৰভাৱ পেলায় সেইটো মই এটা উদাহৰণেৰে বুজাই দিছো। মোৰ সন্তানৰ বয়্স এতিয়া মাত্ৰ ৩ বছৰ। কিন্তু মই ভাবো যে সি  সঁচাকৈয়ে মেধা আৰু ডাঙৰ হ’লে তাক মই নাম থকা প্ৰতিষ্ঠান এটাত বৃত্তিগত পাঠ্যক্ৰমত নামভৰ্ত্তি কৰোৱাম। স্বাভাৱিকতেই যেতিয়া নামভৰ্ত্তিৰ সময় হ’ব তেতিয়া মোৰ হাতত প্ৰয়োজনীয় ধন থাকিব লাগিব।

মই গম পালো যে বৰ্তমান এখন ভাল প্ৰতিষ্ঠানত স্নাতক শিক্ষাৰ বাবে খৰছ হয় প্ৰায় ২ লাখ টকা। মোৰ সন্তানে এনে পাঠ্যক্ৰমত ভৰ্ত্তি হ’ব ১৭ বছৰ পিছত আৰু মুদ্ৰাস্ফীতিৰ ফলত সকলোবোৰ খৰছেই বৃদ্ধি পাব। মই আগতেই বুজোৱাৰ দৰেই মুদ্ৰাস্ফীতিৰ হাৰ যদি ৫ শতাংশ হয় তেন্তে ইয়াৰ অৰ্থই হ’ল যিটোৰ খৰছ যোৱা বছৰত ১০০ টকা আছিল এই বছৰত তাৰ মূল্য হ’ব ১০৫ টকা। যদিহে মুদ্ৰাস্ফ্ৰীতিৰ হাৰ দ্বিতীয় বছৰতো ৫ শতাংশই হয় তেন্তে দুবছৰ আগতে যিটো সামগ্ৰীৰ খৰছ ১০০ টকা আছিল সেইটোৰ মূল্য কেৱল ১১০ টকা নহয় ইয়াৰ মূল্য হ’বগৈ ১১০.২৫। কিয়নো দ্বিতীয় বছৰত ১০৫ টকাৰ ওপৰত ৫ শতাংশ বৃদ্ধি পাইছে।

এতিয়া মোৰ ল’ৰাটোৱে স্নাতক পাঠ্যক্ৰম পঢ়িবলৈ সাঁজু হোৱাৰ সময়ছোৱাত মূল্য কিমান বৃদ্ধি হ’ব তাকে চোৱা যাওঁক। প্ৰতি বছৰে মুদ্ৰাস্ফীতিৰ  হাৰ ৫ শতাংশ বৃদ্ধি পোৱা বুলি ধৰি ল’লে প্ৰথম বছৰত ২ লাখ টকাটো হ’বগৈ ২ লাখ ১০ হাজাৰ টকা। দ্বিতীয় বছৰত হ’বগৈ ২,২০,৫০০ টকা। এনেকৈ ১০ বছৰত হ’বগৈ ৩,২৫,৭৭৯ আৰু সপ্তদশ বছৰত পাঠ্যক্ৰমৰ খৰছ হ’বগৈ প্ৰায় ৪,৬০,০০০ টকা!”

“মুদ্ৰাস্ফীতিয়ে আমাৰ দীৰ্ঘম্যাদী লক্ষ্যসমূহত উপনীত হোৱাৰ খৰছ কি দৰে বৃদ্ধি কৰে এতিয়া মই বুজি পালো কিন্তু আমি কেনেকৈ এই লক্ষ্যসমূহত উপনীত হ’ব পাৰিম?” ৰাজেনে প্ৰশ্ন কৰিলে।

“অংকৰ পৰিমাণটো বৰ ডাঙৰ যেন লাগিলেও চিন্তা কৰাৰ প্ৰয়োজন নাই। যদিহে আপুনি বাৰ্ষিক ৮ শতাংশ সুত প্ৰদান কৰা কোনো বিত্তীয় সামগ্ৰীত প্ৰতিমাহে এহেজাৰ টকাকৈ বিনিয়োগ কৰি যায় (আপোনাক প্ৰদান কৰা সুতৰ ধন নুলিওৱাকৈ)তেন্তে ১৭ বছৰত আপুনি ৪,৮৫,০০০ টকা জমা কৰিব পাৰিব।” প্ৰকাশে বুজাই দিলে।

“তুমি বিষয়টো একেবাৰে সহজ কৰি পেলালা” লীলাই মন্তব্য কৰিলে।

“এইটো এটা উদাহৰণ মাত্ৰ। ইয়াৰ মাজেৰে ক’ব বিচৰা কথাটো হ’ল ধনৰ পৰিমাণ যিমানেই ডাঙৰ নহওঁক নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে নিয়মীয়াকৈ কম পৰিমাণৰ ধন দীৰ্ঘসময়ৰ বাবে বিনিয়োগ কৰি থাকিলে সময়ত এক বৃহৎ পৰিমাণৰ ধন জমা কৰাত সহায় হয়।” প্ৰকাশে ক’লে।

বিপদ

বিশেষকৈ দীৰ্ঘম্যাদী লক্ষ্যৰ বাবে পৰিকল্পনা কৰাৰ ক্ষেত্ৰত কেনেধৰণৰ আশংকা থাকিব পাৰে আৰু বিত্তীয় পৰিকল্পনাত কেনেদৰে প্ৰভাৱ পেলায় সেই বিষয়েও প্ৰকাশে বিৱৰণ দাঙি ধৰিলে।

প্ৰকাশে সুধিলে, “আশংকা শব্দটো শুনিলে তোমালোকে কি ভাবা?”

“বিপদ” লীলাই তপৰাই উত্তৰ দিলে।

“বহুলোকে এনেদৰেই ভাবে। কিন্তু প্ৰকৃততে আশংকাৰ অৰ্থ হ’ল কোনো এটা পৰিস্থিতি কেনেকৈ পাৰ হ’ব সেইটো আমি নিশ্চিতকৈ ক’ব নোৱাৰো। আৰু আমি আশা নকৰা কিবা এটা হোৱাৰ সম্ভাৱনা থাকে”।

“যেতিয়া আমি কওঁ যে হ্ৰস্বম্যাদী লক্ষ্যতকৈ দীৰ্ঘম্যাদী লক্ষ্যত অধিক আশংকা থাকে। ইয়াৰ অৰ্থ আমি এইটোৱেই বুজিম নেকি যে আমাৰ দীৰ্ঘম্যাদী লক্ষ্য উপনীত হ’ব পাৰিম নে নোৱাৰিম সেইটো নিশ্চয়তা নাই” ৰাজেনে প্ৰশ্ন কৰিলে।

“সেইটো প্ৰকৃততে সত্য নহয়। ইয়াৰ অৰ্থ হ’ল লক্ষ্যত উপনীত হোৱা পথটো আমি বিচৰাতকৈ পৰিৱৰ্তন হ’ব পাৰে। কিন্তু লক্ষ্যত উপনীত হোৱাটো সম্পূৰ্ণৰূপে আমাৰ হাতৰ মুঠিত থাকে”।

লীলাই ক’লে, “মই বুজি নাপালো”।

“ৰ’বা মই বুজাই দিছো। ধ’ৰা তোমালোকে প্ৰীতিৰ শিক্ষাৰ বাবে ধন জমা কৰিবলৈ দীৰ্ঘম্যাদী সময়ত তোমাৰ বিনিয়োগ বৃদ্ধি পোৱা ইকুইটি মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰিবলৈ আৰম্ভ কৰিছা। তোমালোকৰ বিত্তীয় পৰিকল্পনা মতে প্ৰীতিৰ বয়্স যেতিয়া ২০ বছৰ হ’ব তেতিয়া মিউচুৱেল ফাণ্ডৰ পৰা ধন উলিয়াই প্ৰীতিৰ পাঠ্যক্ৰমৰ বাবে ব্যবহাৰ কৰিব পাৰিবা। কিন্তু তোমালোকক ধন প্ৰয়োজন হোৱাৰ দুবছৰৰ আগতে তোমালোকে বুজি পালা যে ষ্টক মাৰ্কেট নিম্নগামী হৈছে আৰু কিছুদিনৰ বাবে বেয়া অৱস্থাত থাকিব। আনহাতে সেই সময়তে বেংকৰ ফিক্স  ডিপোজিটসমূহত বেংকে ভাল পৰিমাণৰ সুত প্ৰদান কৰিছে। সেইবাবে তোমালোকে মিউচুৱেল ফাণ্ডৰ পৰা ধন উলিয়াই বেংকৰ ফিক্স ডিপোজিটত জমা কৰিব পাৰা যাতে ইয়াৰ মূল্য কমি নাযায়। সেয়েহে মই ক’বলৈ বিচাৰিছো যে আমাৰ দীৰ্ঘম্যাদী লক্ষ্যত উপনীত হোৱাৰ পথটো ভৱিষ্যতবাণী কৰিব নোৱাৰি”।

“যেতিয়া এটা বিত্তীয় সামগ্ৰীত আশংকাযুক্ত বুলি কোৱা হয় তেন্তে তাৰ অৰ্থটোনো কি?” ৰাজেনে সুধিলে।

“বিত্তীয় ব্যৱস্থাত আশংকাৰ অৰ্থ হ’ল আমি এটা ম্যাদ আমাৰ ধন বিনিয়োগ কৰি ৰখাৰ পিছত কি মূল্য ঘূৰাই পাম সেইটো নিশ্চিতকৈ আমি ক’ব নোৱাৰো। যেতিয়া আমি কোনো এটা সামগ্ৰীক ‘উচ্চ আশংকা’ বুলি কওঁ, ইয়াৰ অৰ্থ হ’ল চূড়ান্ত মূল্য একেবাৰেই ভৱিষ্যতবাণী কৰিব নোৱাৰা। আকৌ যেতিয়া আমি কোনো এটা সামগ্ৰী ‘কম আশংকা’ ৰ বুলি কওঁ। ইয়াৰ অৰ্থ হ’ল আমি কিমান ঘূৰাই পাম সেইটোৰ কিছু ধাৰণা আমি কৰিব পাৰো। সেইবাবেই আমি শ্বেয়াৰসমূহক উচ্চ আশংকাযুক্ত সামগ্ৰী আৰু ফিক্স ডিপোজিটসমূহক কম আশংকাযুক্ত সামগ্ৰী বুলি কওঁ”।

“তেন্তে যদি নিশ্চয়তাই নাথাকে আমি কিয় উচ্চ আশংকাযুক্ত সামগ্ৰীত বিনিয়োগ কৰিব লাগে” ৰাজেনে সুধিলে।

“আশংকাৰ বিষয়ে এটা আঁচৰিত কথা হ’ল যদিহে তুমি বিনিয়োগ কৰাৰ সময়ত উচ্চ আশংকা ল’বলৈ সাঁজু থাকা তেন্তে অতি বেছি পৰিমাণৰ ধন ঘূৰাই পোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। কিন্তু মনত ৰাখিবা যিহেতু ই উচ্চ আশংকা জড়িত ইয়াৰ অৰ্থ হ’ল তুমি অতি বেছি ধন ঘূৰাই পাব পাৰা বা অতি কম ধন ঘূৰাই পাব পাৰা বা এটা থুলমূল ধন ঘূৰাই পাব পাৰা। এই কথা আমি নিশ্চিতকৈ ক’ব নোৱাৰো। আনহাতে নিম্ন আশংকাযুক্ত বিনিয়োগসমূহত কিমান পৰিমাণৰ ধন ঘূৰাই পাবা সেইটো জানিব পাৰা আৰু বেছিভাগ ক্ষেত্ৰতে প্ৰকৃতপক্ষে সেই পৰিমাণৰ ধনেই ঘূৰাই পাবা। তোমালোকে এইটো জানি থোৱা ভাল যে উচ্চ আশংকাযুক্ত বিনিয়োগতকৈ নিম্ন আশংকাযুক্ত বিনিয়োগৰ পৰা ঘূৰাই পোৱা ধনৰ পৰিমাণ কম”।

“উচ্চ আশংকাযুক্ত নে নিম্ন আশংকাযুক্ত সামগ্ৰীত বিনিয়োগ কৰা ভাল?” লীলাই প্ৰশ্ন কৰিলে।

“ইয়াৰ কোনো এটা উত্তৰ নাই। তোমাৰ ব্যক্তিগত আৰু তোমাৰ পৰিৱেশ পৰিস্থিতিৰ ওপৰত সেইটো নিৰ্ভৰ কৰে। কিছুমান মানুহে স্বাভাৱিকতেই আশংকা ল’বলৈ সাঁজু হৈ থাকে। প্ৰকৃতাৰ্থত তেওঁলোকে আশংকাৰ মুখামুখী হৈ আনন্দ পায়। আনসকলে তেওঁলোকে কিমান ঘূৰাই পাব তাৰ নিশ্চয়তা থকা কম লাভদায়ক বিনিয়োগো বাচি ল’ব পাৰে। গোটেই বিষয়টো আপোনাৰ পৰিস্থিতিৰ ওপৰতো নিৰ্ভৰ কৰে। উদাহৰণস্বৰূপে, তোমাৰ বয়স বৃদ্ধি পোৱাৰ লগতে যেতিয়া অৱসৰৰ সময় কাষ চাপিব তেতিয়া স্বাভাৱিকতে আশংকাৰ পৰা বিৰত থাকিবলৈ বিচাৰিবা। আকৌ যদিহে তুমি এটা বৃহৎ পৰিয়ালৰ দায়িত্ব ল’ব লগা হয় তেতিয়াও আশংকাৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিবা আৰু সেইবাবেই সকলোবোৰ কথা তোমাৰ ওপৰত নিৰ্ভৰ কৰে”।

“প্ৰকাশ, পুনৰ আমাৰ আশংকা আৰু দীৰ্ঘম্যাদী লক্ষ্যৰ বাবে পৰিকল্পনাৰ আলোচনালৈ ঘূৰি আহো। আশংকাৰ পৰা আমি নিজকে কেনেদৰে সুৰক্ষিত কৰিম?” ৰাজেনে সুধিলে।

“বহুবোৰ বিত্তীয় আশংকা বীমাৰ যোগেৰে নোহোৱা কৰিব পাৰি। উদাহৰণস্বৰূপে, যদিহে পৰিয়ালটোৰ মূল আয় কৰা মানুহজনৰ অসময়ত মৃত্যু হয় তেতিয়া পৰিয়ালটোক লক্ষ্যত উপনীত হোৱাত বীমাৰ ধনে কিছু সহায় আগবঢ়ায়। বাহনৰ বীমা, শস্য বীমা, গৃহ বীমা, স্বাস্থ্য বীমা আদি ধৰণৰ বীমাবোৰে হঠাতে হোৱা দূৰ্ঘটনা, ৰোগ, প্ৰাকৃতিক আৰু মানৱ সৃষ্ট ধ্বংস কাৰ্য্য আদিবোৰত আৰ্থিকভাৱে সহায় আগবঢ়ায়।”

“দীৰ্ঘম্যাদী পৰিকল্পনাত হ’ব পৰা আশংকাসমূহৰ ক্ষেত্ৰতো বীমাই সহায় কৰিবনে?” লীলাই প্ৰশ্ন কৰে।

“মই সেই কথালৈকে আহিছো.....তাত কিছুমান অন্য আশংকাও আছে। উদাহৰণস্বৰূপে, তোমালোকৰ লক্ষ্য সলনি হ’ব পাৰে বা লক্ষ্যৰ অগ্ৰাধিকাৰৰ ক্ৰম সলনি হ’ব পাৰে। তেনে ক্ষেত্ৰত আপুনি বিনিয়োগৰ পৰা ভবাৰ দৰে ঘূৰাই নাপাবও পাৰে। এনেবোৰ পৰিস্থিতিৰ ক্ষেত্ৰত নিয়মীয়াকৈ তোমালোকক বিত্তীয় পৰিকল্পনা পুনঃনিৰীক্ষণ কৰাটোৱেই আশংকাসমূহ নেওঁচি লক্ষ্যত উপনীত হোৱাত সহায় কৰিব।”

সাৰাংশ

  • হ্ৰস্বম্যাদী লক্ষ্যৰ বাবে পৰিকল্পনা কৰাতকৈ দীৰ্ঘম্যাদী লক্ষ্যৰ বাবে পৰিকল্পনা কৰাটো অধিক প্ৰত্যাহবানজনক। কাৰণ:
    • সাধাৰণতে হ্ৰস্বম্যাদী লক্ষ্যতকৈ দীৰ্ঘম্যাদী লক্ষ্য বৃহৎ হয়। ফলস্বৰূপে, দীৰ্ঘম্যাদী লক্ষ্যত উপনীত হ’বৰ বাবে আমি বৃহৎ পৰিমাণৰ ধন সঞ্চয় কৰিব লগা হয়।
    • দ্বিতীয়তে, আমি দীৰ্ঘসময়ৰ বাবে সকলোবোৰৰে মূল্য বৃদ্ধি হোৱা কথাটো প্ৰকৃতভাৱে হিচাবত ৰাখিব লাগে।
    • শেষত, দীৰ্ঘম্যাদী লক্ষ্যৰ বাবে পৰিকল্পনা কৰোতে আমাৰ পৰিকল্পনা পৰিৱৰ্তন কৰিব লগা হ’ব পৰা অভাৱনীয় ঘটনাৰ বাবেও সাঁজু থাকিব লগা হয়।
    • সামগ্ৰীৰ মূল্য বৃদ্ধি হোৱাটোকে সহজ ভাষাত মুদ্ৰাস্প্ৰীতি বুলিব পাৰি। মুদ্ৰাস্প্ৰীতিৰ ফলত আমাৰ দীৰ্ঘম্যাদী লক্ষ্যসমূহৰ খৰছৰ পৰিমাণ বৃদ্ধি পায়।
    • দীৰ্ঘম্যাদী লক্ষ্যৰ খৰছ যিমানেই বৃহৎ নহওঁক কিয় নিয়মীয়া বিৰতিত কম পৰিমাণৰ ধন অধিক সময়লৈ বিনিয়োগ কৰি আমি প্ৰয়োজনীয় বৃহৎ ধন জমা কৰিব পাৰো।
    • কোনো এটা বিষয় আমাৰ পক্ষে যাব নে বিপক্ষে যাব সেই বিষয়ে নিশ্চয়কৈ ক’ব নোৱাৰাটোকে আশংকা বোলা হয়।
    • আমি বিচৰা ধৰণে লক্ষ্যত উপনীত হোৱাৰ পথ আশংকাৰ বাবে সলনি কৰিব লগা হ’ব পাৰে। কিন্তু লক্ষ্যত উপনীত হোৱাটো সম্পূৰ্ণৰূপে আমাৰ হাতৰ মুঠিত থাকে।
    • জীৱন বীমাই বহুবোৰ অৰ্থনৈতিক আশংকাত সহায়ক হয়। বাহনৰ বীমা, স্বাস্থ্য বীমা, গৃহ বীমা, শস্য বীমা আদি ধৰণৰ বীমাবোৰে হঠাতে হোৱা দূৰ্ঘটনা, ৰোগ, প্ৰাকৃতিক আৰু মানৱ সৃষ্ট ধ্বংসকাৰ্য্য আদিবোৰত আৰ্থিকভাৱে সহায় আগবঢ়ায়।

তাত কিছুমান অন্য আশংকাও আছে- নিয়মীয়াকৈ বিত্তীয় পৰিকল্পনা পুনঃনিৰীক্ষণ কৰাটোৱেই আশংকাসমূহ নেওঁচি লক্ষ্যত উপনীত হোৱাত সহায় কৰিব।

উৎস: আইএনডিজি দল

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate