অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

৩.১ কৰ্মচাৰী মজুৰী আৰু বেতন

লক্ষ্য

পাঠ ৩

কৰ্মচাৰীৰ মজুৰি আৰু বেতন

শিক্ষণৰ উদ্দেশ্য

এই সূচাংকটো সম্পূৰ্ণ কৰাৰ শেষত পঢ়ুৱৈ এ তলত উল্লেখিতসমূহ কৰিব পাৰিব।

  • বেতন পোৱাৰ লাভালাভৰ তালিকা প্ৰস্তুত কৰিব পাৰিব আৰু মজুৰীৰ লগত পাৰ্থক্য বুজি পাব।
  • এটা বিশেষ পৰিমাণৰ আয়ৰ পিছত কৰ প্ৰদানৰ সীমা চিনাক্ত কৰিব পাৰিব।
  • কৰ ৰেহাইৰ সুবিধাসমূহ আৰু আয়ৰ ওপৰত কৰৰ লাভালাভসমূহ বুজি পাব।

পাতনি


গণেশে উচ্চতৰ মাধ্যমিক পৰীক্ষা পাছ কৰিছে। বৰ্তমানে সি কাম-কাজ আৰম্ভ কৰিব বিচাৰিছে আৰু পৰিয়ালৰ উপাৰ্জনত অৰিহণা যোগাব বিচাৰে। তাৰ দেউতাক আৰু খুড়াক শ্ৰমিক। খেতিৰ সময়ত তেওঁলোকে কৃষি শ্ৰমিক হিচাপে কাম কৰে। বছৰৰ বাকী সময়ছোৱাত তেওঁলোকে ওচৰৰ চহৰত নিৰ্মাণ শ্ৰমিক হিচাপে কাম পায়।

গণেশে তাৰ শিক্ষা স্থানীয় বিদ্যালয়তে সম্পূৰ্ণ কৰিছে আৰু অধিক পঢ়িবলৈ তাৰ মন নাই। তেওঁৰ মামাক গোপালে ওচৰৰ চহৰ এখনত থাকে আৰু গণেশক সেই চহৰৰে এটা বেংকৰ চাকৰিত সুমুৱাই দিয়াৰ প্ৰতিশ্ৰুতি দিছে। তেওঁ এজন বেংক বিষয়াৰ ড্ৰাইভাৰ হিচাপে কাম কৰে আৰু তেওঁৰ নিয়োগকৰ্তা বৰুৱা ছাৰক গণেশক বেংকৰ কাম এটা দিবলৈ অনুৰোধ জনাইছে।

শ্ৰীবৰুৱা এটা মধ্যমীয়া ব্যৱসায়ীক বেংকৰ মেনেজাৰ। তেওঁৰ ড্ৰাইভাৰৰ অনুৰোধ ৰক্ষা কৰি গণেশক এদিন মাতি পঠিয়ালে আৰু গণেশৰ লগত কথা পাতি ভাল পালে। তেওঁ গণেশক প্ৰাথমিক বেতন হিচাপে ৩৫০০ টকা দি বেংকৰ পিয়নৰ চাকৰি প্ৰদান কৰিব বিচাৰিলে। তেওঁ গণেশক ক’লে যে ভাৰা ঘৰৰ বানচ, যাতায়তী বানচ, চিকিৎসাৰ খৰছ আৰু গণেশৰ নিজৰ আৰু তাৰ পৰিয়ালৰ বাবে স্বাস্থ্য বীমাৰ দৰে আন বহুবোৰ সুবিধাও গণেশে লাভ কৰিব।

প্ৰতিবছৰে নৈমিত্তিক ছুটী, ৰোগৰ বাবে ছুটী, বিশেষ ছুটী আদিৰ দৰে ছুটীবিলাকো গণেশে ল’ব পাৰিব। যদিহে গণেশে ৫ বছৰতকৈ অধিক কাল উক্ত বেংকতে চাকৰি কৰি থাকে তেন্তে চাকৰি এৰাৰ সময়ত তেওঁ অতিৰিক্ত ভাট্টা লাভ কৰিব। আটাইতকৈ ভাল কথাতো হ’ল যদিহে অৱসৰৰ বয়সলৈকে সি উক্ত বেংকতে চাকৰি কৰি থাকে তেন্তে সমগ্ৰ জীৱন কালৰ বাবে সি পেন্সন লাভ কৰিব।

গণেশ এটা সহজ সৰল ল’ৰা। সি বিভ্ৰান্ত হৈ ঘৰলৈ উভতিলে। সি বাছত আহি থাকোতে কিছুমান হিচাপ কৰি চালে- “যদিহে মই মাহত ৩৫০০ টকাকৈ দৰমহা পাওঁ তেন্তে এবছৰত পাম ৩৫০০×১২=৪২০০০” কথাটো ভাবি তাৰ ভাল লাগিল। এয়া  তাৰ প্ৰথম চাকৰি। সোনকালে ঘৰ গৈ পায় কথাটো পৰিয়ালৰ লোকৰ লগত আলোচনা কৰিবলৈ সি বেগ্ৰ হৈ পৰিল।

কৰ্মচাৰী মজুৰী আৰু লাভসমূহ

 

কৰ্মচাৰীৰ মজুৰী

যেতিয়া গণেশে মাক-দেউতাক আৰু খুড়াকক চাকৰিৰ কথাটো ক’লে তেওঁলোকে তাক অভিনন্দন জনালে। সি এটা বেংকৰ চাকৰিত সোমোৱা আৰু নগৰত কাম কৰাৰ সুবিধা পোৱা বিষয়টোক লৈ গৰ্বিত হ’ল। কিন্তু যেতিয়া তাৰ দৰমহাৰ পৰিমাণটো শুনিলে তেওঁলোক অকমান হতাশ হ’ল।

“ইমান কম দৰমহা কিয় দিছে? আমি সদায় জানো যে চাকৰিয়ালসকলে আমাতকৈ বহুত পৰিমাণৰ আয় কৰে.....” তাৰ খুড়াকে ক’লে।

“একেবাৰে সঁচা কথা”। তাৰ দেউতাকে বৰ্ণনা কৰিলে “কৃষি ক্ষেত্ৰত আয় সিমান বেছি নহয়..... আমি এটা খেতিৰ বতৰত (তিনিমাহত)গড় হিচাপত ১০,০০০ টকাহে পাওঁ। কিন্তু লাভজনক সদিচ্ছা পাওঁ, আমাৰ মাটিৰ মালিকে গোটেই পৰিয়ালটোক প্ৰয়োজন হোৱা এবছৰৰ ধান দিয়ে।  এতিয়া সেইটো পৰম্পৰা হৈ পৰিছে। সেইবাবে আমি উক্ত কামটো এৰাৰ চিন্তাও কৰিব নোৱাৰো”।

“তেন্তে তুমি কিয় পূৰ্ণকালীন নিৰ্মাণ শ্ৰমিক হিচাপে যোগ দিয়াৰ কথা নাভাবা? আমি প্ৰতিদিনে কমেও ২৫০ টকাকৈ পাওঁ। অৰ্থাৎ যদিহে মাহত ৩০ দিন কাম কৰো তেন্তে ৭৫০০ টকা পাওঁ। তোমাক বেংকে দিব বিচৰা বেতনতকৈ ই প্ৰায় দুগুণ” খুড়াকে প্ৰতিক্ৰিয়া জনালে।

“মই আমাৰ অভিযন্তা গৰাকীৰ লগত কথা পাতিম আৰু তোমাক যাতে এটা কাম দিয়ে তাৰ বাবে অনুৰোধ কৰি চাম। তোমাৰ দৰে ডেকা ল’ৰা এটাই নিৰ্মাণ শ্ৰমিক হিচাপে ভাল উপাৰ্জন কৰিব পাৰিবা” গণেশৰ দেউতাকে ক’লে।

“কিন্তু গণেশে যদিহে বেংকৰ চাকৰিত সোমায় তাৰ পদোন্নতি হোৱাৰ সুযোগ আছে বুলি মোৰ ভাইটিয়ে কৈছিল....” গণেশৰ মাকে মাজতে মাত লগালে। “নিৰ্মাণ কাৰ্য্যত তাৰ জীৱনটো বৰ কঠিন হৈ পৰিব....”।

“নহয়, গণেশৰ মাক.....নিৰ্মাণ কাৰ্য্যতো গণেশৰ দৰে উদ্যমী ল’ৰাৰ বহুত সুযোগ আছে। মই এনে বহুত মানুহক জানো যিয়ে নিৰ্মাণ ব্যৱসায়ীটো বুজি লৈ নিজাকৈ তেনে ব্যৱসায়ী আৰম্ভ কৰিছে। তেওঁলোকে মানুহ ভাড়াত লৈ সৰু ঠিকা কৰে। কেইবছৰমান পিছত তেওঁলোকে যেতিয়া এনে ঠিকা-ঠুকুলি কাম আৰু দক্ষতা বৃদ্ধি হ’ব তেতিয়া তেওঁলোকে ডাঙৰ ঠিকা লব পাৰিব আৰু সিহঁতৰ জীৱন-ধাৰণ ভাল হৈ পৰিব”। গণেশৰ দেউতাকে উত্তৰ দিলে।

“জানো পাই, আপুনি যি ভাবে” গণেশৰ মাকে ক’লে।

“আমি কৃষিকাৰ্য্য কৰিবলৈ ইচ্ছা নকৰো বাবেই আমি উন্নতিৰ পথত আগবাঢ়িব পৰা নাই। মাটিৰ মালিকৰ প্ৰতি আমাৰ কৰ্তব্য আছে। প্ৰয়োজনত তেওঁ আমাক যথেষ্ট সহায় কৰে। তোমাৰ মনত আছেনে যেতিয়া গণেশ অতি বেছিকৈ অসুস্থ হৈ পৰিছিল আৰু তাক চহৰৰ ডাঙৰ চিকিৎসালয়লৈ নিব লগা হৈছিল?”

“মোৰ মনত আছে। জমিদাৰেই আমাক তালৈ লৈ গৈছিল আৰু ঘূৰাই লৈ আনিছিল আৰু সকলো খৰছ তেওঁৱেই দিছিল” মাকে সমৰ্থন জনালে।

গণেশ বেংকত চাকৰি কৰিবলৈ আগ্ৰহী। কিন্তু মাক-দেউতাকৰ কথা মানি চলা প্ৰয়োজন বুলি উপলব্ধি কৰিলে। মুঠৰ ওপৰত সি যিমান সম্ভৱ সিমানে তাৰ পৰিয়ালৰ উপাৰ্জনত অৰিহণা যোগাব বিচাৰে।

 

কৰ্মচাৰীৰ লাভসমূহ

সেইদিনা দেওবাৰ। গণেশৰ মামাক ঘৰলৈ অহাৰ কথা আৰু গণেশৰ দেউতাকো ঘৰতে থাকিব। মামাকে নাজানে দেউতাকে নিৰ্মাণ কাৰ্য্যত যোগদান কৰিবলৈ গণেশক উপদেশ দিবনে নাই। গণেশৰ দেউতাকে বেংকৰ চাকৰিত থকা ভৱিষ্যতৰ লাভালাভসমূহ মামাকৰ পৰা ভালদৰে বুজি ল’বলৈ চেষ্টা কৰিব।

গণেশৰ মামাক গোপাল ১১ বজাত পালেহি। সকলোৰে খা-খবৰ লোৱাৰ পিছত আচল কথাৰ আলোচনাত বহিল।

গোপালে সুধিলে, “গণেশে কেতিয়াকৈ বেংকত যোগদান কৰাৰ কথা ভাবিছে”।

“এই বিষয়ে তোমাৰ লগত মই কথা পাতিব বিচাৰিছো.... তেওঁলোকে তাক ৩৫০০ টকা বেতন আৰু কিছুমান লাভ প্ৰদান কৰিব। কিন্তু মই ভাবো নিৰ্মাণ শ্ৰমিক হিচাপে সি বেছি উপাৰ্জন কৰিব পাৰিব.....” গণেশৰ দেউতাকে উত্তৰ দিলে।

“যদিহে তেওঁলোকে অন্যান্য সা-সুবিধাৰ লগতে প্ৰাথমিক বেতন ৩৫০০ টকা দিম বুলি কৈছে তেন্তে প্ৰকৃততে বহু পৰিমাণৰ ধন হ’ব! কেনেকৈ হ’ব মই বুজাই দিওঁ ৰ’ব।” এজন বেংকৰ কৰ্মচাৰী হিচাপে গোপালে দৰমহাৰ সজ্জাৰ প্ৰতিটো অংশ বৰ্ণনা কৰিবলৈ আৰম্ভ কৰিলে।

প্ৰাথমিক বেতন

বেতনৰ অন্য অংশবোৰ হিচাপ কৰিবলৈ এইটো প্ৰাথমিক ধনৰ পৰিমাণ। ধৰি ল’লো গণেশৰ প্ৰাথমিক বেতন ৩৫০০ টকা।

 

ঘৰ ভাড়াৰ ভাট্টা

ঘৰ ভাড়াৰ ভাট্টা প্ৰাথমিক বেতনৰ ওপৰত শতাংশ হিচাপে প্ৰদান কৰা হয়। ধৰাহওঁক, বেংকে ৪০ শতাংশ ঘৰ ভাড়াৰ ভাট্টা প্ৰদান কৰে। অৰ্থাৎ গণেশে প্ৰতিমাহে তেওঁৰ প্ৰাথমিক বেতনৰ ওপৰিও ঘৰ ভাড়াৰ বাবে ১,৪০০ টকা লাভ কৰিব। কোম্পানীবোৰে সাধাৰণতে প্ৰাথমিক বেতন আৰু ঘৰ ভাড়াৰ ভাট্টা পৃথকৈ ৰাখে কাৰণ ঘৰ ভাড়াৰ ভাট্টা কৰমুক্ত হ’ব পাৰে।

 

ভ্ৰমণৰ ভাট্টা

এইটোও প্ৰাথমিক বেতনৰ এটা শতাংশ হ’ব পাৰে। কিন্তু এটা নিৰ্দিষ্ট পৰিমাণৰ ধনো হ’ব পাৰে। বিভিন্ন পৰ্য্যায়ৰ কৰ্মচাৰীৰ বাবে কোম্পানীয়ে ভ্ৰমণ ভাট্টা হিচাপে পৃথক পৃথক পৰিমাণ নিৰ্দিষ্ট কৰি দিয়ে। ধৰি লওঁ, গণেশৰ ক্ষেত্ৰত এই ভ্ৰমণৰ ভাট্টা প্ৰতিমাহে ১০০০ টকা। এই ধনখিনি কেৱল ঘৰৰ পৰা কাৰ্য্যালয়ৰ আৰু কাৰ্য্যালয়ৰ পৰা ঘৰলৈ অহাৰ কাৰণে দিয়া হয়। পিয়ন হিচাপে গণেশে যদি অফিচৰ কামত ভ্ৰমণ কৰিব লগা হয় তেন্তে সেই ধন গণেশে পৃথককৈ পাব।

 

চিকিৎসা ভাট্টা

চিকিৎসাৰ খৰছৰ বাবদ প্ৰদান কৰা ধনৰ ৰচিদ জমা দিলে প্ৰতিবছৰে গণেশে কিছু পৰিমাণৰ টকা পাব। যদিহে নথি জমা দিয়ে তেন্তে এই ধন কৰমুক্ত হ’ব। নথি প্ৰদান নকৰিলেও তাক এই ধন প্ৰদান কৰিব। ধৰি লোৱা হওঁক গণেশে প্ৰতিবছৰে চিকিৎসা ভাট্টা হিচাপে ১০ হাজাৰ টকা লাভ কৰিব। 

 

ভৱিষ্য নিধি

প্ৰতি মাহত গণেশে পোৱা প্ৰাথমিক বেতনৰ পৰা ১২ শতাংশ কৰ্তন কৰি তাৰ নামত থকা ভৱিষ্য নিধি হিচাপত জমা ৰখা হ’ব। তাৰ নিয়োগকৰ্তা বেংকেও সম পৰিমাণৰ ধন তাৰ হিচাপত জমা ৰাখিব। যদিহে গণেশৰ দৰমহাৰ পৰা ৩৫০ টকা তাৰ ভৱিষ্য নিধি হিচাপত জমা ৰখা হয়, তেন্তে বেংকেও অতিৰিক্ত ৩৫০ টকা তাৰ হিচাপত জমা থ’ব। প্ৰতি বছৰে এই জমা ধনৰ পৰা সুত লাভ কৰি থাকিব।

 

বাৰ্ষিক বৃদ্ধি

প্ৰতি বছৰে সা-সামগ্ৰীৰ মূল্যবৃদ্ধিৰ লগত সংগতি ৰাখি বেংকে তেওঁলোকৰ কৰ্মচাৰীৰ বেতন বৃদ্ধি কৰে। ইয়াক বাৰ্ষিক বেতন বৃদ্ধি বোলা হয়। যদিহে কৰ্মচাৰীজনে ভালদৰে কাম-কাজ কৰে তেন্তে এই বৃদ্ধি গড় হিচাপতকৈ অধিক হয়।

গোপালে বৰ্ণনা কৰি বুজালে যে সচৰাচৰ চকুত নপৰা আৰু অধিক লাভ আছে। যিবোৰে জীৱনটো সহজ আৰু সুখী কৰি তোলে।

 

বেতনসহ বন্ধদিন

সপ্তাহত বেংক মাত্ৰ ৬ দিনহে খোলা থাকে। ইয়াৰ উপৰিও বেংকৰ বন্ধ দিনৰ লগত গণেশেও বন্ধ পাব.... প্ৰতিবছৰে প্ৰায় ১৪ দিন এনে বন্ধ থাকে। গণেশে নৈমিত্তিক ছুটী, অসুস্থতাৰ ছুটী আৰু বিশেষ ছুটী ল’ব পাৰিব। যিসমূহ ছুটীৰ বিপৰীতে সম্পূৰ্ণ দৰমহা লাভ কৰিব। এই সকলোবোৰ ছুটী মিলি ১ বছৰত প্ৰায় ৩০ দিনমান হয়গৈ।

 

চিকিৎসা বীমা

বেছিভাগ ডাঙৰ কোম্পানীয়ে কৰ্মচাৰী আৰু নিকট আত্মীয় (মাক-দেউতাক, স্বামী/স্ত্ৰী, সন্তান) ৰ বাবে দলগত বীমা প্ৰদান কৰে। অৰ্থাৎ, যদি আপুনি বা আপোনাৰ পৰিয়াল চিকিৎসালয়ত থাকিব লগা হয়, তেন্তে অসুস্থতাৰ ওপৰত নিৰ্ভৰ কৰি সম্পূৰ্ণ  বা আংশিক খৰছ আপুনি কোম্পানীৰ পৰা লাভ কৰিব। গোপালে এটা আনুষ্ঠানিক কোম্পানীত গণেশে দীৰ্ঘদিন কাম কৰিলে পাব পৰা লাভালাভসমূহৰ বৰ্ণনাও আগবঢ়ালে।

 

অৱসৰকালীন ভাট্টা

এটা কোম্পানীত ৫ বছৰতকৈ অধিক কাম কৰাৰ পিছত যেতিয়া আপুনি চাকৰিৰ পৰা আতঁৰি আহিব তেতিয়া চাকৰি কৰা সময়ছোৱাৰ প্ৰতি বছৰে লাভ কৰা মুঠ বেতনৰ ২০ শতাংশকৈ আপোনাক প্ৰদান কৰিব।

 

পেন্সন

বেছিভাগ ক্ষেত্ৰতে, যদি আপুনি কমেও ১৫ বছৰ কাম কৰে আৰু যেতিয়া আপুনি অৱসৰৰ বয়সত (৫৮ বা ৬০ বছৰ) উপনীত হয় তেতিয়া আপুনি যিটো পদবীত থাকি অৱসৰ লৈছে সেই হাৰত মাহেকীয়া পেন্সন লাভ কৰি থাকিব।

 

জীৱনকালৰ বাবে স্বাস্থ্যবীমা

কিছুমান কোম্পানীয়ে তেওঁলোকৰ কৰ্মচাৰী আৰু আশ্ৰিতসকলৰ বাবে অৱসৰৰ পিছতো স্বাস্থ্যবীমা আগবঢ়ায়। চিকিৎসাৰ ব্যয় দিনক দিনে বৃদ্ধি পোৱাৰ সময়ত এইটো এটা ডাঙৰ আৰ্থিক সহায়। আনহাতে বেছিভাগ লোকেই বৃদ্ধাৱস্থাতহে বিভিন্ন ধৰণৰ অসুস্থতাত ভোগে।

এজন বেতনপ্ৰাপ্ত ব্যক্তিৰ বেতনৰ সজ্জাসমূহ গোপালে ভালদৰে বৰ্ণনা কৰি বুজাই দিয়াৰ পিছত গণেশৰ দেউতাক আৰু খুড়াক দুয়ো গণেশক বেংকত চাকৰি কৰিবলৈ দিয়াৰ বাবে সন্মত হ’ল। গণেশ আৰু মাকো তেওঁলোকৰ সিদ্ধান্তত আনন্দিত হ’ল আৰু গণেশে অতি সোনকালে চাকৰিত যোগদান কৰাৰ বাবে বেগ্ৰ হৈ পৰিল।

 

সাৰাংশ

দৈনিক মজুৰীৰ কাম

বেতনপ্ৰাপ্ত চাকৰি

  • এজন কৰ্মীৰ শ্ৰমৰ বিনিময়ত যি দিয়া হয় তাকে মজুৰী বুলি কোৱা হয়। সাধাৰণতে এই ক্ষেত্ৰত ধন দিয়া হয় যদিও আন সামগ্ৰী যেনে ধান, কাপোৰ ইত্যাদিও হব পাৰে।
  • এজন কৰ্মচাৰীয়ে যি সেৱা আগবঢ়ায় তাৰ বিপৰীতে বেতন প্ৰদান কৰা হয়। সকলোতে এই বেতন ধন যোগে প্ৰদান কৰা হয়।
  • হাতত পোৱা ধনকেইটা কেতিয়াবা আকৰ্ষণীয় পৰিমাণৰ হ’ব পাৰে।
  • হাতত পৰা ধন কেতিয়াবা কম আকৰ্ষণীয় হ’ব পাৰে।
  • সাধাৰণতে উপৰুৱা সা-সুবিধাৰ বিষয়ে কোনো চুক্তি বা নিশ্চিত পত্ৰ নাথাকে।
  • আপুনি কোম্পানীৰ পৰা এখন পত্ৰ লাভ কৰিব য’ত আপুনি কৰ্মচাৰী হিচাপে মানিব লগা সকলো চৰ্তাৱলী আৰু আপুনি লাভ কৰিব লগা সা-সুবিধাসমূহৰ বৰ্ণনা থাকিব।
  • আপোনাৰ বীমাৰ কোনো নিশ্চয়তা নাথাকে। এইসকলোবোৰ নিয়োগকৰ্তা আৰু আপোনাৰ মাজৰ বুজা-বুজিৰ ওপৰত নিৰ্ভৰ কৰে।
  • বহুবোৰ কোম্পানীয়ে তেওঁলোকৰ কৰ্মচাৰী আৰু নিকট আত্মীয়লৈ বীমা আগবঢ়ায়।
  • আপুনি যিমান দিন কাম কৰিব সেই কেইদিনৰ বাবেহে আপোনাক মজুৰি প্ৰদান কৰিব।
  • আপুনি প্ৰতি বছৰে নিৰ্দিষ্ট সংখ্যক বন্ধৰ দিনটো বেতন লাভ কৰিব।
  • নিয়োগ বা দীৰ্ঘম্যাদী সা-সুবিধাৰ কোনো নিশ্চয়তা আপুনি লাভ নকৰে। এই বিষয়টো নিয়োগকৰ্তা আৰু আপোনাৰ মাজত নিৰ্ভৰ কৰে।
  • দীৰ্ঘম্যাদী কৰ্মচাৰীৰ সা-সুবিধা সমূহ আপোনাক প্ৰথমেই দিয়া প্ৰস্তাৱ পত্ৰত উল্লেখ থকাৰ দৰে নিশ্চিতভাৱে লাভ কৰিব।

উৎস: আইএনডিজি দল

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate