অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গ্ৰাম্য দাৰিদ্ৰতা উপশম কৰা

ভাৰত নিৰ্মাণ ভলন্টিয়াৰ সকল

ভাৰত নিৰ্মাণ ভলন্টিয়াৰ সকল কোন ?

ভাৰত নিৰ্মাণ ভলন্টিয়াৰ (ভি.এন.ভি) হল কোনো ব্যক্তি বিশেষ যি কোনো পৰিয়াল গোট আৰু বিভিন্ন চৰাকাৰী বিভাগৰ মাজত সক্ৰিয়ভাবে সংযোগ ৰাখি চৰকাৰৰ পৰা পাবলগীয়া সা-সুবিধাবিলাক অন্যথা নোপোৱা পৰিয়ালবিলাকে পোৱাত সহায় কৰিবলৈ সংযোগী হিচাপে কাম কৰিবলৈ গাওঁৰ ঘৰৰ পৰা স্বেচ্চাই উলাই আহিছে। অন্য কথাত তেওঁলোক হল “ঢুকি নোপোৱা ব্যক্তিৰ গোট আৰু আঁচনিসমূহৰ মাজৰ শেষ সীমনাৰ সংযোগ”।

ভাৰত নিৰ্মাণ ভলন্টিয়াৰ কিয় লাগে?

ভাৰত চৰকাৰ আৰু বিভিন্ন ৰাজ্য চৰকাৰে বহুতো কল্যাণমূলক আৰু উন্নয়নমূলক আঁচনি কেবাদশকৰ পৰা ৰূপায়ণ কৰি আছে, কিন্তু বহুতো মূল্যায়ণৰ অধ্যয়নৰ পৰা দেখা গৈছে যে এই আঁচনিসমূহ ৰূপায়ণৰ ক্ষেত্ৰত বহুতো বৈসাদৃশ্য আছে যাৰ বাবে দৰিদ্ৰসীমা ৰেখাৰ তলৰ লোক সকলৰ বাবে থকা সুবিধাবিলাক তেওঁলোকে পোৱা নাই। বিভিন্ন পৰ্য্যায়ত সেৱা প্ৰদানৰ বাবে থকা বিভিন্ন ব্যৱস্থাৱলীৰ সংখ্যা সীমিত আকাৰৰ আৰু লক্ষ্য বান্ধি লোৱা গ্ৰাম্যাঞ্চলৰ ঘৰ সমূহলৈ গৈ পাবৰ বাবে থকা অপৰ্য্যাপ্ত সময়ৰ বাবেও আঁচনিসমূহ অসময়ত হোৱাই নহয়, বহু সময়ত আঁচনিসমূহ অবাঞ্চিতও হয়। গতিকে গ্ৰাম্যাঞ্চলৰ ঘৰসমূহৰ লগত সংযোগৰ শেষ সীমনাত মানৱীয়তাৰ মুখ প্ৰদান কৰিবলৈ, সকলো কল্যাণময় আৰু উন্নতিৰকল্পে থকা আঁচনিসমূহৰ বিষয়ে গ্ৰাম্যাঞ্চলত সজাগতা সৃ্ষ্টি কৰি উত্তম পৰিকল্পনা, মানদণ্ড আৰু ৰূপায়ন আৰু দায়ীত্বশীল কৰিবলৈ সম্ভাৱনাময় যুৱক-যুৱতীসকলক ভাৰত নিৰ্মাণ ভলন্টিয়াৰ (ভি.এন.ভি) নামেৰে ব্যৱহাৰ কৰিবলৈ গুৰুত্ব দিয়া হৈছে।

তেওঁলোকে স্বেচ্চাই কিয় কাম কৰিব?

কিছু বছৰৰ পৰা কিছুমান কাৰক যেনে অসংখ্য স্বাৰ্থনিষ্ঠ ক্ষমতাকেন্দ্ৰিক গোটৰ উত্থান, বিভিন্ন জনগোষ্ঠীৰ সম্প্ৰদায় সমূহৰ মাজত মিলা-প্ৰীতিত ভাঙুন, তেওঁলোকৰ সৈতে জড়িত সমস্যাসমূহৰ ওপৰত সচেতনতাৰ অভাৱ, সেৱা প্ৰদানকাৰী সংস্থাবিলাকৰ নিৰ্লিপ্ততা, স্বজনপ্ৰীতি, ভ্ৰষ্টাচাৰ, চৰকাৰৰ আঁচনিসমূহ ৰূপায়নৰ ক্ষেত্ৰত থকা প্ৰক্ৰিয়াসমূহৰ বিষয়ে সজাগতাৰ অভাৱ আদিৰ বাবে গ্ৰাম্য পৰিবেশৰ অপূৰণীয় ক্ষতি সাধন হৈছে। গতিকে বিভিন্ন চৰকাৰী আঁচনিসমূহৰ লাভ পাবলগীয়া গ্ৰাম্যাঞ্চলৰ দুখীয়া ঘৰ সমূহ গৈ নাপায়। গতিকে, বিভিন্ন কল্যাণমূলক আৰু উন্নতিমূলক আঁচনিৰ পৰিকল্পনা আৰু ৰূপায়নৰ প্ৰক্ৰিয়াত গ্ৰাম্য পৰিয়ালসমূহৰ অংশগ্ৰহণ অপৰ্য্যাপ্ত হৈছে।

গতিকে গাওঁবাসীসকলৰ নিজৰ, বিশেষকৈ যুৱক-যুৱতীসকলে স্বেচ্চাই কৰা অংশগ্ৰহণ তলত দিয়া কাৰণ সমূহৰ বাবে প্ৰয়োজন হৈ পৰিছে।

  • যুৱক-যুৱতীসকল আৰ্থ-সামাজিক পৰিবৰ্ত্তনত অংশ লবলৈ সুযোগ বিচাৰি থাকে।

  • গাওঁৰ উন্নতি মানে তেওঁলোকৰ নিজৰ ঘৰৰে উন্নতি হোৱা, গতিকে তেওঁলোকে নিজৰ ভূমিকা বিচাৰি পায়।

  • যিহেতু তেওঁলোক একেখন গাৱৰে গতিকে তেওঁলোকৰ কামে প্ৰশংসা পায়।

  • তেওঁলোকৰ মাজৰ কিছুমান নিবনুৱাই নিযুক্তি পোৱালৈকে বা গাওঁখন এৰাৰ আগলৈকে গোটত কাম কৰাটো আনন্দজনক আৰু প্ৰশংসাজনক বুলি অনুভৱ কৰে।

  • স্বয়ং সেৱাই আত্মসন্মান আৰু স্বীকৃতি প্ৰদান কৰে।

  • বি.এন.ভি এ তেওঁলোকৰ ব্যক্তিত্ব আৰু ভাৱাধাৰাত দৃষ্টিগোচৰ হোৱা ধৰনৰ পৰিবৰ্ত্তন দেখা পায়।

  • কোনো সফলতা পোৱাৰ পিছত “আমি এইটো কৰিলো” বুলি অহা অনুভৱে যথেষ্ঠ আত্ম-মৰ্য্যদা আনে।

  • এ.পি.এ.আৰ.ডি য়ে পাইছে যে সকলো স্বেচ্ছাসেৱীয়েই নিজৰ গাৱৰ জীৱনধাৰণৰ মানদণ্ড উন্নীতকৰণৰ ক্ষেত্ৰত আন্তৰিকভাৱে ইচ্ছুক।

প্ৰধানমন্ত্ৰীৰ গ্ৰাম্য উন্নয়ন সহযাত্ৰী আঁচনি (পি.এম.আৰ.ডি.এফ)

পি.এম.আৰ.ডি.এফৰ বিষয়ে

প্ৰধানমন্ত্ৰীৰ গৃহ পৰিক্ৰমাই দেশখনৰ 60 খন জিলাক বামপন্থী উগ্ৰবাদী জিলা হিচাপে চিনাক্ত কৰিছে। ভাৰত চৰকাৰে এই জিলা সমূহত ইনটিগ্ৰেটেড একচন প্লেন (আই.এ.পি.) নামেৰে এটা বিশেষ আঁচনি আৰম্ভ কৰিছে। চেপ্তেম্বৰ মাহৰ 13 তাৰিখে গ্ৰাম্য উন্নয়ন কেন্দ্ৰীয় মন্ত্ৰী জয়ৰাম ৰমেশে এই জিলা সমূহৰ জিলা উপায়ুক্তক সহায় কৰিবলৈ পেশাদাৰী যুৱক ব্যক্তিসকলক নিযুক্তি দিবলৈ প্ৰধান মন্ত্ৰীৰ গ্ৰাম্য উন্নয়ন সহযাত্ৰী (পি.এম.আৰ.ডি.এফ)আঁচনিখন ঘোষণা কৰে।

অভিযান

পি.এম.আৰ.ডি.এফ সকল মূলতঃ উন্নয়নৰ আঁতধৰোতা হিচাপে কাৰ্য্যনিৰ্বাহ কৰিব, তেওঁলোকে প্ৰত্যেকখন আই.এ.পি. জিলাত জিলা উপায়ুক্ত আৰু তেওঁৰ/তাইৰ সহকৰ্মী সকলক সহায় কৰিব। তেওঁলোকে প্ৰয়োজনীয় পৰিস্থিতিৰ বিশ্লেষণ আৰু সেইবোৰ সমাধানৰ বাবে কি কৰা যায় সেই সম্পৰ্কীয় বিষদ দাঙি ধৰিব।

তলত দিয়া তিনিটা মূখ্য কৌশলৰ ওপৰত ভিত্তি কৰি সহযাত্ৰী সকলে জিলাৰ আঁচনি প্ৰস্তুতিৰ বাবে যথাযথ উপায় অৱলম্বন কৰিবঃ

  • জিলাখনৰ সকলোধৰনৰ পৰিকল্পিত কাম কাজৰ বাবে প্ৰয়োজনীয় সমলৰ যোগান ধৰিবলৈ উপায় অৱলম্বন কৰি আৰু যুক্তিপূৰ্ণভাবে বাজেট প্ৰস্তুত কৰি জিলাৰ কাম-কাজৰ আঁচনি লবলৈ জিলাৰ সমলৰ ভেটি মজবুত কৰা।
  • প্ৰত্যেকটো অতি বঞ্চিত গোষ্ঠীয়ে সেৱা পাব পৰাকৈ নতুন ব্যৱস্থা স্থাপন কৰা বা বিকল্প ব্যৱস্থাৰ অনুধাৱন কৰা।
  • এই লক্ষ্যৰে উদ্দেশ্যৰে কৰা (উদাহৰণ স্বৰূপে গ্ৰাম্য পৰিকল্পনা) পৰিবৰ্ত্তনবিলকক সমৰ্থন কৰা প্ৰক্ৰিয়াবিলাক কাৰ্য্যকৰী কৰা।

এইটোৰ সমৰ্থনকাৰী আন কিছুমান ক্ৰিয়া-কলাপ যেনে জিলা আৰু ব্লক পয্যায়ৰ বিষয়াসকলৰ সমৰ্থ বৰ্ধন কৰা আদিৰে পৰিপূৰণ কৰা হব; সমগ্ৰ জিলা জুৰি বিষেশকৈ যুৱককলৰ মাজত সামাজিক পৰিচালনৰ প্ৰক্ৰিয়া খৰতকীয়া কৰা; তৃণমূল পৰ্য্যায়ৰ সমৰ্থন আদায় কৰা আৰু পঞ্চায়তবিলাকৰ লগত সুদৃঢ় সম্পৰ্ক গঢ়ি তোলা।

আবেদন কৰাৰ প্ৰক্ৰিয়া

ইয়াৰ উদ্দেশ্য হল আই.এ.পি. জিলা বিলাকত প্ৰধান মন্ত্ৰীৰ গ্ৰাম্য উন্নয়ন সহযাত্ৰী হিচাপে (পি.এম.আৰ.ডি.এফ) নিযুক্ত হবলৈ প্ৰস্তুত উচ্চ মানদণ্ডৰ উন্নয়নৰ পেচাদাৰীসকলৰ সমলৰ ভাণ্ডাৰ তৈয়াৰ কৰা।

স্থানৰ সংখ্যাঃ আই.এ.পি.জিলা বিলাকত নিযুক্ত কৰিবলগীয়া পি.এম.আৰ.ডি.এফৰ শেষান্ত সংখ্যা হব 180। দুটা পৰ্য্যায়ত পি.এম.আৰ.ডি.এফৰ নিযুক্তি সম্পন্ন কৰা হব। প্ৰত্যেক পৰ্য্যায়ত প্ৰশিক্ষণৰ অন্ততঃ 90 জন প্ৰাৰ্থী বাছনি কৰা হব। ইয়ে চামটো স্থাপন কৰাত বিচক্ষনতা নিশ্চিত কৰাত সহায় কৰিব।.

যোগ্যতাৰমাপকাঠি

যোগ্যতাৰ হব মাপকাঠিবিলাক হবঃ

  • বয়স 21-30 বছৰ হব লাগিব
  • সমাজ বিজ্ঞানৰ/ বিজ্ঞান/ মেনেজমেন্টৰ স্নাতোকত্তৰ ডিগ্ৰী বা আইন/ ইঞ্জিনিয়াৰ/মেডিচিনৰ স্নাতক ডিগ্ৰীধাৰী হব লাগিব।
  • হিন্দী ভাষাৰ জ্ঞান আৰু আই.এ.পি. জিলাত চলা ভাষা জনাটো বাঞ্চনীয়।
  • কাম কৰাৰ অভিজ্ঞতা থাকিলে অগ্ৰাধিকাৰ দিয়া হব।

বাচনি কৰাৰ পদ্ধতি

বাচনিটো মুক্ত বিজ্ঞাপন প্ৰক্ৰিয়াৰ জড়িয়তে কৰা হব। আবেদন কৰিব খোজা ব্যক্তিসকলে অন লাইনত আবেদন পত্ৰ জমা দিব লাগিব।

  • প্ৰাৰ্থীসকলে মাৰ্কশ্বীট আৰু ডিগ্ৰীৰ প্ৰমাণপত্ৰ জমা দিয়াৰ প্ৰয়োজন নাই।
  • প্ৰাৰ্থীসকলে ৰিফাৰে়ঞ্চ পত্ৰ জমা দিব নালাগে।
  • কেৱল তালিকাভূক্ত কৰি লোৱা প্ৰাৰ্থীসকলক জি.ডি. আৰু ইন্টাৰভিউৰ আগে আগে ওপৰৰ আৰু
  • পঠিয়াবলৈ অনুৰুধ কৰা হব। চুটি তালিকা প্ৰস্তুত কৰোতে প্ৰয়োজন হলে কমিটিয়ে অতিৰিক্তি তথ্যৰ বাবে ৰিফাৰেঞ্চত দিয়া ব্যক্তিসকলক মাতি আনি কথা পাতিব পাৰে। অন্যথা আবেদন পত্ৰত দিয়া তথ্য আৰু ৰচনাখিনিয়েই প্ৰাৰ্থীসকলক চুটি তালিকাত অৰ্ন্তভূক্ত কৰিবলৈ যথেষ্ঠ হব।
  • আবেদনপত্ৰ পূৰ কৰি অনলাইনত জমা দিব লাগিব। প্ৰাৰ্থীসকলে তেওঁলোকে দিয়া আবেদনপত্ৰৰ প্ৰাপ্তিৰ প্ৰাপ্তিশ্বীকাৰ পত্ৰ পাব। জানিব বিচৰা সকলোবোৰ তথ্য জমা দিব লাগিব। অসম্পূৰ্ণ আবেদনপত্ৰ নাকচ কৰা হব।
  • প্ৰাৰ্থীসকলে আবেদনপত্ৰৰ লগত জমা দিয়া লিখনিৰ ওপৰত ভিত্তি কৰি স্থানটোৰ কাৰণে প্ৰাৰ্থীজনে আবেদন কৰাৰ অন্তৰালত থকা অভিপ্ৰায়ৰ বিষয়ে বিশ্লেষন কৰা হব। প্ৰাৰ্থীসকলে তলৰ প্ৰশ্নবিলাকৰ উত্তৰ 1000 শব্দৰ ভিতৰত দিব লাগিব।
  1. পি.এমৰ সহযাত্ৰী আঁচনিখনে বাম পন্থী উগ্ৰবাদী অধ্যুসিত অঞ্চলৰ উন্নয়নৰ ক্ষেত্ৰত কাম কৰাত আপোনাক কেনেদৰে সহায় কৰিব? [মূটা-মূটি 300 শব্দ]
  2. বাম পন্থী উগ্ৰবাদী অধ্যুসিত অঞ্চলৰ কোনো এটা আৰ্থ-সামাজিক সমস্যা চিনাক্ত কৰক আৰু ইয়াক সমাধানৰ বাবে কিছুমান উপায়ৰ পৰামৰ্শ আগবঢ়াওক? [মূটা-মূটি 400 শব্দ]
  3. আপোনাৰ ভৱিষ্যতৰ উদ্দেশ্যসমূহৰ ক্ষেত্ৰত ই কেনেদৰে সহায়ক হব ? [মূটা-মূটি. 300 শব্দ]

প্ৰাৰ্থীজনে আই.এ.পি. জিলাত থকা কোনো এটা মৌলিক সমস্যা বাছি লব পাৰে আৰু তাৰ সমাধানৰ উপায় দেখুৱাব পাৰে। এনে সংক্ষিপ্ত উত্তৰবিলাক প্ৰাৰ্থীজনৰ সুমধুৰ আৰু চমুকৈ লিখাৰ ক্ষমতা নিশ্চিত কৰাত ব্যৱহাৰ কৰা হব।

প্ৰাৰ্থীজনে জনা স্থানীয় ভাষা আৰু অগ্ৰাধিকাৰ দিব খোজা জিলাৰ নাম আবেদন পত্ৰত উল্লেখ কৰিব।

শিক্ষাগত অৰ্হতা আৰু অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি প্ৰাৰ্থীসকলৰ চুটি তালিকা প্ৰস্তুত কৰা হব। বাছনি লিখিত সংক্ষিপ্ত বিৱৰণৰ ওপৰত ভিত্তি কৰি কৰা হব; প্পাৰ্থীজনৰ আগ্ৰহ, নেতৃত্ব দিয়াৰ ক্ষমতা সামাজিক আৰু আলাপ-আলোচনা কৰাৰ পাৰদৰ্শিতা গ্ৰুপ ডিছকাচন আৰু ইন্টাৰভিউৰ দ্বাৰা পৰীক্ষা কৰা হব।

স্বনিয়োজনৰ বাবে অসম চৰকাৰৰ সাহাৰ্য্য

উত্স: আইএনডিজি দল।

শেহতীয়া উন্নীতকৰণ: : 1/4/2022



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate