অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আদাৰ খেতিৰে সদাগৰ হৈছে ধেমাজিৰ বহু কৃষক

আদাৰ খেতিৰে সদাগৰ হৈছে ধেমাজিৰ বহু কৃষক

আদা বেপাৰীক জাহাজৰ বাতৰিৰ প্ৰয়োজন নাই বুলি উক্তি কৰি আদাৰ বেপাৰক তুচ্ছ-তাচ্ছিল্য কৰা হৈছিল যদিও শেহতীয়াকৈ ধেমাজি জিলাত উৎপাদিত আদাৰ দাম প্ৰ্তি কিলোগ্ৰামত ২০০ টকা হোৱাত এতিয়া জিলাখনৰ আদা উৎপাদক-কৃষকসকলৰ মান-সন্মান সদাগৰৰ শ্ৰেনীলৈ উন্নীত হৈছে।ধেমাজি জিলাৰ অসম-অৰুনাছল সীমান্তৰ প্ৰায় ১৫৫ কিলোমিটাৰ দীঘল আৰু ৫ কিলোমিটাৰ বহল অংশটো অৰ্থাৎ ৭৭৫ বৰ্গ কিলোমিটাৰ পাহৰৰ পাদদেশৰ ভূমি অংশ আদা,হালধি,ৰবৰ।আনাৰস,কাজি নেমু,নেমু,শিমলু আলু,আৰু কমলা উৎপাদনৰ বাবে অতি উপযুক্ত ভূমি বুলি স্বীকৃত হৈছে।এই অংশটো বাঁহ আৰু কুহিয়াঁৰৰ খেতিৰ বাবেও উপযুক্ত বুলি বিবেচিত হৈছে।

ধেমাজি জিলাত সাধাৰন আদা (বগা)আৰু মৰান আদা(কলা ৰঙৰ ঔষধি আদা)ৰ খেতি কৰা হয়।মৰান আদাতকৈ সাধাৰন আদাৰ উৎপাদন ক্ষমতা প্ৰ্তি জোপাত ০,৫ কিলোগ্ৰাম পৰ্যন্ত হোবাৰ বাবে কৃষকে হাবি ভাঙি সাধাৰন আদাৰ খেতি কৰি বিঘাই প্ৰ্তি ৩০-৫০ হাজাৰ টকাৰ আদা উৎপাদন কৰিবলৈ সক্ষম হৈছে।

সাধাৰনতে ভেটি বনাই,ফলা তুহঁ আদি দি পৰম্পৰাগত পদ্ধতিৰে আদা উৎপাদন কৰা পদ্ধতি এৰি ধেমাজিৰ কৃষকে আলুৰ দৰে মাটি চহাই দুই শাৰীৰ মাজত কোৰ মাৰিব পৰাৰ ব্যৱধাব ৰাখি আদা ৰোৱা পদ্ধতি এটা অৱলম্বন কৰাত জিলাখনত আদাৰ খেতিৰ উৎপাদন চমকপ্ৰ্দভাবে বৃদ্ধি পাইছে।বৰ্তমানলৈ ৰাসায়নিক সাৰ ব্যৱহাৰ নোহোবা আদা উৎপাদনৰ স্থলীবোৰত বৰ্তমান নতুনকৈ ৰোৱা আদা গজিবলৈ আৰম্ভ কৰিছে।এই শাৰী শাৰীকৈ গজা আদাবোৰত অহা আগষ্ট ভিতৰত প্ৰ্থমবাৰ মাটি দিয়া কাম সম্পন্ন কৰা হব।গোবৰ,বনজ্বলোবা ছাই ছটিয়াই আদা খেতি কৰা ধেমাজিৰ কৃষকে বৰ্তমানলৈ এই খেতিৰ ওপৰত কোনো বিষাক্ত পোক মৰা ঔষধ ছটিয়াই দিয়াৰ ব্যৱস্থা গ্ৰহন কৰা নাই।নিজস্ব উদ্ভাৱনী ব্যবস্থাৰে আদাৰ শাৰীবোৰত বছৰত আগষ্টৰ ভিতৰত এবাৰ আৰু অক্টোবৰৰ ভিতৰত এবাৰ মাটি চহাই দিয়েই আদা খেতি কৰি মাঘৰপৰা ফাগুনৰ ভিতৰত আদা চপোৱা কাম কৰা হয়।ধেমাজি জিলাত কিমান বিঘা মাটিত আদাৰ খেতি কৰা হয়,সেই সম্পৰ্কে কৃষি বিভাগ অৱগত নহয়।কৃষি বিভাগে ২০০৬ বৰ্ষত জিলাখনত আদা খেতি কৰাৰ বাবে আদাৰ সঁচ ক্ৰয় কৰি প্ৰায় পঞ্চাশ লাখ টকা ব্যয় কৰাৰ বিপৰীতে আদাৰ সলনি কেতুঁৰীৰ চপৰা কৃষকৰ মাজত বিতৰন কৰাত সেই বছৰৰপৰা আদাৰ খেতিয়কসকল কৃষি বিভাগৰ কাষ চপা নাই।

জিলাখনৰ ঘৰুবা উৎপাদন আদা মচলা হিচাপে জিলাখনৰ পঞ্চানবৈ শতাংশ আমিষভোজী লোকে ব্যৱহাৰ কৰাৰ বিপৰীতে সিংহ ভাগ আদা কলকাতাৰ বেপাৰীয়ে উৎপাদনস্থলীৰ পৰাই ক্ৰয় কৰি ঔষধ উৎপাদনৰ বাবে লৈ যায়।জিলাখনৰ জোনইৰ আদা খেতিয়কসকলেই বছৰত বেছিকৈ আদা উৎপাদন কৰে।নুন্যতম পাঁচ বিঘাৰপৰা পঞ্চাশ বিঘা পৰ্যন্ত আদাৰ খেতি কৰা খেতিয়ক জোনাইত আছে।

ধেমাজি জিলাত উৎপাদন হোবা আদাই বজাৰৰ চাহিদা পুৰাব নোবাৰা শেহতীয়াকৈ শদিয়াৰ আদা ধেমাজিলৈ আহিছে। অতি বৃহৎ আকৃতিৰ শদিয়াৰ আদাবোৰ ধেমাজিৰ বজাৰত প্ৰ্তি কিলোগ্ৰামত ২০০ টকাকৈ বিক্ৰি হৈছে।

দিলীপ কুমাৰ হাজৰিকা, ধেমাজি

শেহতীয়া উন্নীতকৰণ: : 3/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate