অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

স্বাস্থ্য

স্বাস্থ্য

  • অনাময় আৰু স্বাস্থ্যবিধি
  • এক অনাময় স্বাস্থ্যবিধি মানি চলিলেহে সু-স্বাস্থ্যৰ গৰাকী হ’ব পাৰি। এটা স্বাস্থ্যকৰ পৰিৱেশত থাকিলেহে এইটো সম্ভৱ হ’ব। এই স্বাস্থ্যকৰ পৰিৱেশ গঢ়ি তুলিবলৈ ব্যক্তিগত স্বাস্থ্যৰ যত্নৰ লগতে ঘৰৰ ভিতৰ আৰু চাৰিওকাষ পৰিষ্কাৰ পৰিচন্নকৈ ৰখাৰ উপৰিও বিশুদ্ধ খোৱা পানী আৰু বিশুদ্ধ আহাৰ গ্ৰহণৰ প্ৰয়োজন। এই শিতানত উক্ত বিষয়ৰ বিষদ বিৱৰণ দাঙি ধৰা হৈছে।

  • আয়ুস
  • আয়ুৰ্বেদ, যোগ, উনানী, সিদ্ধা, হোমিঅ’পেথি, প্ৰাকৃতিক চিকিৎসা আদিৰ বিষয়ে ইয়াত আলোচনা কৰা হৈছে।

  • ঔষধ
  • ইয়াত বিভিন্ন ধৰণৰ ঔষধৰ আলোচনা কৰা হৈছে।

  • কৰʼনা ভাইৰাছ
  • কৰʼনা ভাইৰাছ ৰোগ কি? কৰʼণা ভাইৰাছৰ সংমণৰ লক্ষণবোৰ। হোম কোৱাৰেন্টিন কি? কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে লবলগীয়া পদক্ষেপবোৰ আৰু অসম চৰকাৰে এই ৰোগ প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰা ব্যৱস্থা

  • জিলাভিত্তিক স্বাস্থ্য বাতৰি
  • ইয়াত জিলাভিত্তিক স্বাস্থ্যৰ বিভিন্ন তথ্য উল্লেখ কৰা হʼল।

  • জীৱনৰ সত্যসমূহ
  • এই শিতানত শিশুৰ সুস্বাস্থ্যৰ বাবে প্ৰয়োজনীয় ব্যৱস্থাসমূহ যেনে: নিৰাপদ মাতৃত্ব, শিশুৰ বিকাশ আৰু যত্ন, স্তনপান, পৰিপুষ্টি আৰু বৃদ্ধি, প্ৰতিষেধক ইত্যাদিৰ বিষয়ে আলোচনা কৰা হৈছে।

  • প্ৰাথমিক চিকিৎসা
  • কোনো এজন লোকে কোনো এটা দুৰ্ঘটনাত পতিত হোৱাৰ পাছত বা সাধাৰণভাৱে আঘাটপ্ৰাপ্ত হোৱাৰ পিছত এজন সাধাৰণ মানুহে চিকিৎসালয়লৈ নিয়াৰ পূৰ্বে লোৱা যত্নসমূহক প্ৰাথমিক চিকিৎসা বুলি কোৱা হয়। এজন মানুহে হঠাতে কোনো দুৰ্ঘটনাত আক্ৰান্ত হ’লে তেওঁক কেনেদৰে প্ৰাথমিক চিকিৎসা প্ৰদান কৰিব লাগে সেই বিষয়ে সকলো লোকে জনা উচিত। ঘৰ, বিদ্যালয়, মহাবিদ্যালয়, কাৰ্য্যালয়, কাৰখানা আদি সকলোতে এটা প্ৰাথমিক চিকিৎসা সঁজুলি বাকচ ৰাখি কেনেদৰে প্ৰাথমিক চিকিৎসা প্ৰদান কৰিব লাগে এই সকলোবোৰ কথা তলত বহলাই ব্যাখ্যা কৰা হৈছে।

  • পৰিপুষ্টি
  • এজন মানুহৰ এটা সু-স্বাস্থ্যৰ বাবে পৰিপুষ্টি আটাইতকৈ প্ৰয়োজনীয় উপাদান। উত্তম পৰিপুষ্টি, নিয়মীয়া আহাৰ গ্ৰহণ আৰু দৈনিক শাৰীৰিক শ্ৰম এইকেইটা হৈছে এটা সু-স্বাস্থ্যৰ মাপকাঠি। অনুন্নত পৰিপুষ্টিয়ে শৰীৰত বিভিন্ন ধৰণৰ বেমাৰৰ সৃষ্টি কৰে আৰু শাৰীৰিক আৰু মানসিক বিকাশত বাধা জন্মায়। কেনেকুৱা খাদ্যই খালে সম্পূৰ্ণ পৰিপুষ্টি লাভ কৰিব পাৰি আৰু কোনবিধ খাদ্যত কি খাদ্যপ্ৰান থাকে বা কেনেকুৱা ধৰণৰ খাদ্য খাব লাগে। এই সকলোবোৰ বিষয় তলত আলোচনা কৰা হ’ল।

  • মহিলাৰ স্তনৰ কৰ্কট
  • স্তন কৰ্কট এবিধ অতি মৰ্মান্তিক আৰু যন্ত্ৰণাদায়ক ৰোগ। স্তনৰ ভিতৰত নানা ধৰণৰ অৰ্বুদৰ উদ্ভৱ হ’ব পাৰে। সাধাৰণতে শান্ত আৰু দুষ্ট এই দুই ধৰণৰ অৰ্বুদ স্তনৰ ভিতৰত হোৱা দেখা যায়। ধাতুগত প্ৰৱণতা থাকিলে কেতিয়াবা কেতিয়াবা শান্ত অৰ্বুদবোৰ পাছলৈ দুষ্ট অৰ্বুদলৈ পৰিণত হয়।

  • মহিলাৰ স্বাস্থ্য
  • এই শিতানত কিশোৰীৰ স্বাস্থ্য, গৰ্ভাৱস্থাৰ স্বাস্থ্য আৰু প্ৰজনন স্বাস্থ্য এই তিনিটা বিষয়ৰ ওপৰত আলোচনা কৰা হৈছে। গৰ্ভধাৰণ আৰু গৰ্ভাৱস্থা, শিশু জন্মকে ধৰি সকলো তথ্য, নিজৰ আৰু শিশুটিৰ সুৰক্ষা, এই সম্পৰ্কীয় স্বাস্থ্য সেৱা আদি সুনিশ্চিতভাৱে প্ৰগতিপেডিয়া শিতানত উল্লেখ কৰা হৈছে।

  • মানসিক স্বাস্থ্য
  • ইয়াত মানসিক স্বাস্থ্যৰ বিষয়ে আলোচনা কৰা হৈছে।

  • শিশুৰ স্বাস্থ্য
  • এটা নৱজাত শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশৰ বাবে পৰিপুষ্টি, সোঁচৰা বেমাৰত ল’ব লগা সাৱধানতা, চিতা আদিবোৰে শিশুটোৰ বিকাশত এক বিশেষ ভূমিকা গ্ৰহণ কৰে। এটা শিশুৰ জন্ম হোৱাৰে পৰা আৰম্ভ কৰি বিদ্যালয়লৈ যোৱালৈকে কেনেদৰে ঘৰ ল’ব লাগে বা কেনেধৰণে বিভিন্ন ৰোগসমূহৰ পৰা আতৰাই ৰাখিব পাৰি বা ৰোগত আক্ৰান্ত হ’লে কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগে এই সম্পৰ্কে তলত আলোচনা কৰা হৈছে।

  • স্বাস্থ্য
  • স্বাস্থ্য

  • স্বাস্থ্য আৰু সুস্থতা
  • নতুন দিল্লীৰ সৈতে অংশীদাৰীত্বত ইউনেস্কো, এনচিইআৰটিয়ে আয়ুষ্মান ভাৰতৰ অধীনত বিদ্যালয় স্বাস্থ্য কাৰ্যসূচীৰ 11 টা বিষয়বস্তুৰ ওপৰত গুৰুত্ব দি 11 টা এনিমেটেড ভিডিঅ' প্ৰস্তুত কৰিছিল।

  • স্বাস্থ্য কিটিপ
  • স্বাস্থ্য বিষয়ক থাউকতে জানিব পৰা বিষয় কিছু ইয়াত সন্নিৱিষ্ট কৰা হৈছে।

  • ৰক্ত দান- জীৱন দান
  • ৰক্ত দান- জীৱন দান

  • ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযান
  • গ্ৰাম্য জনসাধাৰণৰ বিশেষ স্বাস্থ্য যত্ন, মহিলা আৰু শিশুৰ উন্নত স্বাস্থ্য, দেশৰ দুখীয়া গ্ৰাম্য জনসাধাৰণৰ স্বাস্থ্য ব্যৱস্থা উন্নত কৰাৰ মানসেৰে ২০০৫ চনৰ ১২ এপ্ৰিলত ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰীয়ে যে এই আঁচনিখনৰ মূল লক্ষ্য আৰু উদ্দেশ্য হৈছে যাতে দেশৰ সকলো দুখীয়া জনসাধাৰণে উন্নত স্বাস্থ্য ব্যৱস্থা লাভ কৰে। ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযানৰ এই সকলোবোৰ তথ্য তলত আলোচনা কৰা হৈছে।

  • ৰোগসমূহ
  • মানুহৰ শৰীৰত দেখা দিয়া বিভিন্ন ৰোগৰ বিষয়ে আৰু এই ৰোগবোৰত ল’ব লগা সাৱধানতা, কেনেদৰে এই ৰোগৰ পৰা প্ৰতিকাৰ লাভ কৰিব পাৰি। এই ৰোগৰ কাৰণসমূহনো কি ইত্যাদি বিষয়সমূহ তলত আলোচনা কৰা হৈছে।

    © C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
    English to Hindi Transliterate