অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কলৰ ব্যৱসায়েৰে স্বাৱলম্বী মুকুল আলী

কলৰ ব্যৱসায়েৰে স্বাৱলম্বী মুকুল আলী

দৰং জিলাৰ ছিপাঝাৰ সমষ্টিৰ অন্তৰ্গত দুমুনিচকীৰ ওচৰৰ খাছসোণাপুৰ গাঁৱৰ এজন শিক্ষিত যুৱক মুকুল আলী ভীষণ ব্যস্ত কলৰ ব্যৱসায়ত। কলৰ ব্যৱসায়ৰ জৰিয়তে স্বাৱলম্বী হৈ সুখী জীৱন কটোৱা মুকুল আলীৰ জন্ম হৈছিল১৯৭৬ চনত। তেওঁৰ পিতৃৰ নাম আফাজ আলী। খাছসোণাপুৰ প্ৰাথমিক বিদ্যালয়ত শিক্ষাগ্ৰহণৰ পিছত মুকুল আলীয়ে অধ্যয়ন কৰিছিল পশ্চিম  লোক্ৰাই মজলীয়া বিদ্যালয়ত। পকাদলি উচ্চ মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰি ১৯৯২ চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। ঘৰুৱা অৱস্থা অতি শোচনীয় হোৱাৰ পিছতো অনেক বাধা-বিঘিনি নেওচি তেওঁ ২০০০ চনত বাইহাটা চাৰিআলিৰ পূব কামৰূপ মহাবিদ্যালয়ত নামভৰ্তি কৰি স্নাতক ডিগ্ৰী লাভ কৰে। বিশ্ববিদ্যালয়ত পঢ়াৰ ইচ্ছা আছিল যদিও আৰ্থিক দুৰৱস্থাৰ বাবে সেই আশা ত্যাগ কৰিলে মুকুলে। চৰকাৰী চাকৰিৰ বাবে কেইবা বছৰৰ হাবাথুৰি খোৱাৰ পিছত অৱশেষত আলীয়ে ব্যৱসায় কৰাৰ কথা চিন্তা কৰিলে। প্ৰথমে মনলৈ আহিল কলৰ ব্যৱসায়ৰ কথা। সেই মতে নিজৰ ঘৰৰ বস্তিৰ কল সংগ্ৰহ কৰি আৰু ওচৰ চুবুৰীয়াৰ পৰা কল কিনি বজাৰে বজাৰে পকা কলবোৰ বিক্ৰী কৰি লাভান্বিত হ’ল শিক্ষিত যুৱক মুকুল আলী। ইয়াৰ পিছত একাণপতীয়াভাৱে লাগি গ’ল কলৰ ব্যৱসায়ত। ইফালে, গাঁৱৰ হোজা মানুহক ঠগিলে নিজে যে ঠগ খায়, এই কথা শিক্ষিত নিবনুৱা যুৱক মুকুলে ভালদৰে বুজি পাইছিল। গাঁৱৰ পৰা সংগ্ৰহ কৰা কলবোৰ কৃত্ৰিম পদ্ধতিৰে অৰ্থাৎ ‘কাৰ্বাইড’ প্ৰয়োগ কৰি কম সময়ৰ ভিতৰত পকোৱাই ধন ঘটাৰ মানসিকতা পৰিত্যাগ কৰি নিজে উদ্ভাৱন কৰিছিল কেঁচা কল সুন্দৰ পদ্ধতিৰে পকাব পৰাৰ ব্যৱস্থা। আলীয়ে জনোৱা মতে, এটা বাঁহৰ ডুলিত সোণাৰু গৰুৰ পাত কেঁচাকলৰ আষিবোৰৰ তলে-ওপৰে তৰপে তৰপে জাপি দি তিনি-চাৰি দিন ঢাকি ৰাখিলে কলবোৰ সুন্দৰভাৱে পকি উঠে। বৰ্তমান মুকুল আলীয়ে দুমুনিচকীৰ আশে-পাশে থকা পাটগিৰি চুবা, লাউজান, লোক্ৰাই, স’লপাম, শিঙিমাৰী, নাৰিকলী, শৰাইঘাট, বাথান আদি গাঁওসমূহৰ পৰা কল ক্ৰয় কৰি বজাৰে বজাৰে বিক্ৰী কৰি যথেষ্ট লাভৱান হৈছে। আনকি সঞ্চিত ধনেৰে নিজে পাঁচ বিঘা মাটিত এখন কলৰ বাগিচা তৈয়াৰ কৰি লৈছে। অহা ব’হাগ বিহুৰ সময়ত নিজৰ বাগিচাৰ কল বিক্ৰী কৰিব পৰা যাব বুলি তেওঁ জানিবলৈ দিয়ে।

দুমুনিচকীৰ শনিবাৰৰ সাপ্তাহিক বজাৰ, মঙলবাৰে বেজেৰাত, বুধবাৰে খান্দাজানত, বৃহস্পতিবাৰে বাইহাটা চাৰিআলিত বহা সাপ্তাহিক বজাৰত মুকুল সকলোৰে পৰিচিত। উৎসৱ-পাৰ্বণৰ সময়ছোৱাত এদিনত ১৫-১৬ ঠোক বিক্ৰী কৰি ৮ ৰ পৰা ১০ হাজাৰ টকা সংগ্ৰহ কৰে বুলি মুকুল আলীয়ে জনায়। ২০০৫ চনত বাথান গাঁৱৰ মিনজুৱাৰা বেগমৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱা মুকুলে একমাত্ৰ পুত্ৰ মৃদুল আৰু কন্যা মিজুৱাৰা বেগমক লৈ অত্যন্ত সুখী পৰিয়াল এটা চলাই আছে। মুকুল আলীৰ মতে, কলৰ ব্যৱসায় অতি কম মূলধনৰ জৰিয়তে আৰম্ভ কৰিব পাৰি। মুকুল আলীৰ আদৰ্শ নৱ-প্ৰজন্মৰ বাবে বৰ্তমান সময়ত নিশ্চয়কৈ আদৰণীয় আৰু অনুকৰণীয়।

লিখক: পুলক চমুৱা।

শেহতীয়া উন্নীতকৰণ: : 5/28/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate