অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মীন পালনেৰে উচ্চ শিক্ষিত যুৱক শম্ভু বৰ্মনৰ আৰ্থিক সচ্ছলতাৰ বাট

মীন পালনেৰে উচ্চ শিক্ষিত যুৱক শম্ভু বৰ্মনৰ আৰ্থিক সচ্ছলতাৰ বাট

নলবাৰী জিলাৰ ঘগ্ৰাপাৰ অঞ্চলৰ পাইকাৰকুছিৰ সমীপৱৰ্তি শুৱালকুছি বিলৰ এজন পয়ত্ৰিশ বছৰীয়া চফল ডেকা-নাম শম্ভু বৰ্মণ।কলাৰ স্নাতক তথা বয়ন শিল্পৰ চাৰ্টিফিকেটধাৰী স্পষ্টবাদী যুৱকজন আজি কেৱল অঞ্চলবাসীৰেই নহয়, সমগ্ৰ জিলাখনৰো বহুতৰে বাবে আদৰ্শ। কাৰণ শম্ভুৱে প্ৰমাণ কৰি দিছে- ইচ্ছা, দুৰন্ত উদ্যম অৰু অদমনীয় কৰ্মস্পৃহাৰে মীন পালনত আগবাঢ়ি ধৰাতেই মৰণ ৰচিব পাৰি।

শিক্ষা সাং কৰি ঘৰৰে অৱহেলিত তথা অনাদৃত দুকঠা মাটিৰ পুখুৰীটোতে কিবা এটা কৰো বুলি ২০০৩ চনত শম্ভুৱে পোনা প্ৰতিপালনৰে যাত্ৰা আৰম্ভ কৰে। এই ক্ষেত্ৰত শম্ভুক যাৱতীয় দিহা-পৰামৰ্শৰে সহযোগিতা কৰিবলৈ আগবাঢ়ি আহিল ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ অগ্ৰণী মীনপালক দেৱজিৎ বৰ্মণে। ৰাজ্যৰ মীন খণ্ডৰ অন্যতম পৰিচিত নাম দেৱজিতে সকলোখিনি কাৰিকৰী সহাযোগিতা আগবঢ়োৱাৰ উপৰি শম্ভুক ভ্ৰূণ পোনাখিনিও যোগান ধৰে। তেতিয়ালৈ অৱশ্যে শম্ভুৱে মীন পালনৰ অ,আ, ক খা একো নাজানিছিল। প্ৰথম বছৰতে ভ্ৰূণ পোনা আঙুলি জোখলৈ প্ৰতিপালন কৰি বিক্ৰী কৰি শম্ভুৱে আহৰণ কৰে আশাতীত অৰ্থনৈতিক সফলতা। পৰৱতী বছৰত স্থানীয় দুই-এটা পুখুৰী চুক্তিভিত্তিত লৈ অব্যাহত ৰাখিলে পোনা প্ৰতিপালনৰ কাম। সমানুপাতিকভাৱে বাঢ়ি গ’ল লাভৰ পৰিমাণ। ২০০৮ চনত শম্ভুৰ উৎসাহ দেখি ভাৰতীয় ষ্টেট বেংকৰ উপ-প্ৰবন্ধক সম্বৰ বড়োৰ বিশেষ উদ্যোগত এক লাখ পঁচাশী হাজাৰ টকা ঋণ আগবঢ়োৱা হয়। এই ধনেৰে শম্ভুৱে ছয় বিঘা জলকালিৰ দুটা পুখুৰী খান্দি ন উদ্যমেৰে মীন পালন অব্যাহত ৰাখে। প্ৰত্যাশিতভাৱে কাৰিকৰী পৰামৰ্শদাতাৰ ভূমিকাত থাকিল দেৱজিৎ। পোনা প্ৰতিপালনৰ লগতে সংমিশ্ৰিত কৌশলত মীন পালনৰো সংযোজন ঘটিল এইবাৰ। প্ৰথম বছৰতে হাতলৈ আহিল চাৰি লাখ টকাৰ লাভ, যিটো শম্ভুৰ বাবে কেৱল অনাকাংক্ষিতেই নহয় অকল্পনীয়ও। প্ৰতি বছৰে লাভাংশৰ এটা অংশ বিনিয়োগেৰে ন মাটি কিনি পাম সম্প্ৰসাৰণ অব্যাহত ৰাখে শম্ভুৱে। বেংকৰ ঋণো পৰিশোধ কৰে নিৰ্ধাৰিত সময়ৰ আগতেই। বৰ্তমান ৮ টা বিভিন্ন জোখৰ পুখুৰীৰে চাৰি হেক্টৰ জলকালিৰে সমৃদ্ধ শম্ভুৰ মীনপাম। পৰৱৰ্তী সময়ত জিলা মীন বিভাগো জড়িত হৈ পৰে শম্ভুৰ উত্তৰণত। নলবাৰী জিলা মীন বিভাগে হৃদয়ৰ তাগিদাৰে যাৱতীয় দিহা-পৰামৰ্শ আৰু কাৰিকৰী সহযোগিতাৰে শম্ভুক জিলাখনৰ অন্যতম আদৰ্শ হিচাপে গঢ়ি তুলিব চেষ্টাৰ ত্ৰুটি কৰা নাই। ক্ৰমান্বয়ে শম্ভুৱে সমন্বিত মীন আৰু উদ্যান শস্য আৰু সমন্বিত মীন আৰু গাহৰি পালনতো মনোনিৱেশ কৰে। মীনপামখনৰ সকলো ভূমি সমভাৱে ব্যৱহাৰোপযোগী কৰাৰ লগতে অধিক আয় প্ৰাপ্তিৰ লক্ষ্যৰে পুখুৰীৰ পাৰ আৰু ঢালসমূহত ৰোপণ কৰে উন্নত জাতৰ কলকে আদি কৰি বিভিন্ন উদ্যান শস্য। কেৱল কলৰ পৰাই বছৰেকত হাতলৈ আহে দুই লাখমান টকা। আনহাতে, সমন্বিতভাৱে গাহৰিৰ লগত মীন পালন কৰিলে পুখুৰীত মাছৰ বাবে কোনো পৰিপূৰক খাদ্য, জৈৱিক আৰু অজৈৱিক সাৰ প্ৰয়োগৰ প্ৰয়োজন নাথাকে। তদুপৰি পুখুৰীত মাছৰ ঘনত্বও সচৰাচৰ পালনতকৈ বঢ়াই দিব পাৰি। সেয়েহে লাভৰ পৰিমাণ এই কৌশলত বহুত বেছি। আনহাতে, একেটা ক্ষেত্ৰৰ পৰাই মাছ মাংস একেলগে একে সময়তে পোৱাৰ সুযোগ থাকে। শম্ভুৰ সফলতা দেখি ভাৰতীয় ষ্টেট বেংকে পুনৰ তেওঁক চাৰে চাৰি লাখ টকা ঋণ প্ৰদান কৰিবলৈ কেতিয়াও অৱহেলা নকৰে। গতিকে ঋণ লোৱাসকলেও শম্ভুৰ দৰে ঋণ পৰিশোধৰ ব্যৱস্থা নিয়মমাফিক বৰ্মণৰ অৰিহণা স্বীকাৰ কৰিবই লাগিব। শম্ভুৰ সফলতাৰ পৌণিক ক্ৰিয়াই স্থানীয় বহু যুৱক-যুৱতীক মীন পালনলৈ আকৰ্ষিত কৰিব সক্ষম হোৱাটো শুভ লক্ষণ।

শম্ভু বৰ্মণ আজিৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে এটা জীয়া আদৰ্শ। শম্ভুৰ নিজৰ ভাষাত- ‘ইমান শান্তিৰে বছৰেকত ৭-৮ লাখ উপাৰ্জন কৰি মই অতি সুখী। আজি মোৰ ঘৰ-বাৰী গাড়ী সকলো মীন পালনৰে অৱদান। তদুপৰি এইটো এনে এটা উৎপাদন, য’ত ফচল বিক্ৰী বাবে একো চিন্তা কৰিবলগীয়া নাই। ঘৰৰ পৰাই ক্ৰেতাই লৈ যায়।’ পত্নী আৰু কনমাণি জীৰ সৈতে শম্ভু এটা সুখী পৰিয়ালৰ গৰাকী।

আপুনিও এবাৰ শম্ভুৰ পাম পৰিদৰ্শন কৰি বাৰ্তালাপ কৰি উপকৃত হ’ব পাৰে। আপোনাক যাৱতীয় সহযোগিতা আগবঢ়াবলৈ শম্ভু বৰ্মণ সদা প্ৰস্তুত।

লিখক: ড° ধ্ৰুৱজ্যোতি শৰ্মা, মীন বিষয়া, মীন সঞ্চালকালয়।

শেহতীয়া উন্নীতকৰণ: : 3/22/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate