মূল পৃষ্ঠা / কৃষি / আমাৰ কৃষক, আমাৰ গৌৰৱ / মুকালমুৱাৰ দ ভুমিত সমন্বিত ধান আৰু মীনপালন
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মুকালমুৱাৰ দ ভুমিত সমন্বিত ধান আৰু মীনপালন

মুকালমুৱাৰ দ ভুমিত সমন্বিত ধান আৰু মীনপালন

মুকালমুৱাৰ কানবাৰী অঞ্চলৰ বৃহ্‌ত্‌ কৃষিভুমি তুলনামূলকভাৱে বৰ দ।সেয়ে বছৰৰ বেছিভাগ সময় গভীৰ জলভাগে আবৃত কৰি ৰাখে অঞ্চলটো। স্বাভাৱিকতে এনে অঞ্চলৰ কৃষকসকলে ডিচেম্বৰ মাহমানৰপৰা এপ্ৰিললৈ বৰো ধানৰ খেতি কৰাৰ বাহিৰে বাকী সময়খিনি এনেয়ে বহি থকাৰ বাদে গত্যন্তৰ নাথাকে।এই অব্যৱহৃত কৃষিভূমিয়ে কৃষক ৰাইজলৈ অবাঞ্ছিত চকুপানীৰ ধল বোৱাই অনাৰ লগতে কঢ়িয়াই আনে আৰ্থিক সংকট। এয়া আছিল কিছুবছৰ আগৰ পটভূমি।কিন্তু সেই দুখ আজি হৈছেগৈ সম্পদ। ২০১২ চনত স্থানীয় সৰবৰহী যুৱক আতাউৰ ৰহমান আৰু আব্দুল ছামাদৰ নেতৃত্বত ৰাইজে সম্পদ আৰু সম্ভাৱনীয়তাৰ অফুৰন্ত ভাণ্ডাৰ পানীখিনিক কিদৰে কামত লগাব পাৰি তাৰ চিন্তাত লাগে।ৰাইজক সংগঠিত কৰি যুৱকদ্বয়ে লগ ধৰে স্থানীয় মীন প্ৰদৰ্শক ছফিৰউদ্দিন আহমেদক।আহমেদেও ৰাইজৰ উত্‌সাহ দেখি যাৱতীয় দিহা-পৰামৰ্শৰে সহায় কৰিবলৈ আগবাঢ়ি আহে।তেওঁ পানীখিনি নিৰ্দ্দিষ্ট পৰিসীমাৰ ভিতৰত সৰু সৰু গোটত আবদ্ধ কৰি ধানখেতিৰ পিছত মীনপালনৰ দিহা দিয়ে।সকলোখিনি বুজাই-বঢ়াই হাতে-কামে আগবঢ়াই নিয়াত সহযোগিতা কৰিবলৈও তেওঁ গাত লয়।উল্লেখযোগ্য যে কেৱল আন্ত:গাঁথনিমূলক কামখিনিৰ বাদে ইয়াত আন কোনো বিশেষ মূলধনী ব্যয়ৰ কথা নাই।আনহাতে, এনে পানীত মাছৰ প্ৰাকৃতিক খাদ্যৰ উপলভ্যতা যথেষ্ট থাকে আৰু ইয়াৰ উৰ্বৰতা শক্তিও তুলনামূলকভাৱে বহু বেছি।এনে পটভূমিত কেৱল বিজ্ঞানসন্মত দৃষ্টিভংগী প্ৰয়োগ কৰি কম খৰচতে সন্তোষজনক মাছ উত্‌পাদন পাব পাৰি।সমন্বিত ধান আৰু মীন পালনৰ ইতিবাচকতাখিনি থোৰতে এনেধৰণৰ-

  • এনে কৌশলত খেতি মাটিৰ স্থায়ী বিলুপ্তি নঘটোৱাকৈ মীন পালন কৰিব পাৰি।
  • একে ভূমিক্ষেত্ৰৰপৰা ধানৰ লগতে মাছৰো উত্‌পাদন পোৱা যায়।
  • মাছৰ বিক্ৰীমূল্য ধানতকৈ বেছি বাবে পামৰ সামগ্ৰিক আয় দুগুণলৈ বৃদ্ধি পায়।
  • মাছে ধানৰ গুৰি খুটি মাটিত থকা পুষ্টিদ্ৰব্য ধানে গ্ৰহণ কৰিব পৰাকৈ মুক্ত কৰে।
  • মাছে ধানৰ বাবে অপকাৰী কীট-পতংগ নিয়ন্ত্ৰণ কৰে,সেয়ে ধান খেতিত কীটনাশক আৰু তৃণনাশক প্ৰয়োগ কৰাৰ প্ৰয়োজন নহয়।

সি যি কি নহওক, কৃষক ৰাইজে বিভাগীয় দিহা মৰ্মে কেইবাটাও আত্মসহায়ক গোট গঠন কৰিলে। তাৰে ভিতৰত পুৰুষ-মহিলা সমন্বিতে গঠিত স্বৰ্ণ আত্মসহায়ক গোটটো অন্যতম। ২০১২ চনত ধান সামৰাৰ পিছতেই এই গোটসমূহে নিজ নিজ এলেকাৰ ধাননি পথাৰসমূহ আপাত দৃষ্টিত ৰূপান্তৰিত কৰে একো একোটা পুখুৰীলৈ।মন কৰিবলগীয়া যে ধান খেতিৰ ক্ষেত্ৰত কাম-কাজ ব্যক্তিগত,কিন্তু মীন পালনৰ ক্ষেত্ৰত দৃষ্টিভংগী সমূহীয়া।বিভাগীয়ভাৱে ক্ষেত্ৰভিত্তিক প্ৰশিক্ষণেৰে সাজু কৰি তোলা হ’ল কৃষক ৰাইজক।এনে কৌশলত মীনপামৰ পৰিচালনা,ব্যৱস্থাপনা,প্ৰজাতি সংমিশ্ৰণ,জৈৱিক-অজৈৱিক সাৰ প্ৰয়োগ আদি কিছু সুকীয়া।কাম চলিল পূৰ্ণগতিত।প্ৰায় ৭০০ বিঘা কৃষিভূমিত পুৰুষ-মহিলা সমন্বিতে ১০০০ জনমান কৃষক জড়িত হ’ল এনেদৰে।আগেয়ে প্ৰায় ৮মাহ এনেই বহি থাকিবলগীয়া পৰিস্থিতিৰ অৱসান হোৱাত সকলো ব্যস্ত হৈ পৰিল কামত।প্ৰথম বছৰতে আশাতীত সফলতা।তেওঁলোকে জনোৱা মতে ধানৰ তুলনাত মাছৰপৰা লাভ প্ৰায় পাঁচগুণ বেছি।অৰ্থাত্‌ এবিঘা ধানখেতিৰ পৰা সৰ্বাধিক ১০,০০০টকা পোৱাৰ বিপৰীতে মাছৰপৰা আহে কমেও ৫০,০০০টকা।অব্যৱহৃত ভূমিখিনিৰপৰা এইদৰে ধন উপাৰ্জন তেওঁলোকৰ বাবে আছিল তেনেই অপ্ৰত্যাশিত।উদাহৰণস্বৰূপে, স্বৰ্ণ আত্মসহায়ক গোটে জনোৱা মৰ্মে, তেওঁলোকে বিঘাই প্ৰতি ১৬-১৮মোন ধান আৰু হেক্টৰে প্ৰতি মাছ পায় প্ৰায় ৩০০০কিলোগ্ৰাম।আতাউৰৰ চাৰি হেক্টৰ আৱদ্ধ জলৰাশিৰপৰা বছৰেকত মাছৰপৰা সকলো খৰচ বাদ দি হাতত থাকে কমেও চাৰি লাখ টকা।এই সফলতাই অঞ্চলটোৰ আৰ্থ-সামাজিক উন্নয়নত বাৰুকৈয়ে ইতিবাচক প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে।কৃষক ৰাইজৰ ঘৰ-দুৱাৰ, যাতায়াত, জীৱন ধাৰণ-সকলোতে হৈছে অভূতপূৰ্ব পৰিৱৰ্তন।গুৰূত্বপূৰ্ণ কথা যে বৰো ধানৰ খেতি চপোৱাৰ পিছত পথাৰত থকা নৰা আদি আৱদ্ধ পানীত পচি পৰৱৰ্তী বৰ্ষৰ বাবে জৈৱিক সাৰৰ কাম কৰে।তদুপৰি এইবোৰত জমা হোৱা জলজ কীট-পতংগ আদি মাছৰ উত্‌কৃষ্ট খাদ্য।তদুপৰি ধানখেতিৰ সময়ত প্ৰয়োগ কৰা সাৰ-গোবৰ আদিয়ে পৰৱৰ্তী সময়ত মীন পালনতো সহায় কৰে।অৱশ্যে আৱদ্ধ জলভাগত নিয়মমাফিক নিৰ্দ্দিষ্ট হিচাপ,নিৰিখ আৰু সময়ত চূণ প্ৰয়োগ কৰা হয়।অঞ্চলটোৰ মত্‌স্য বিপণন সুনিশ্চিত কৰিবলৈ ‘কানবাৰী-বৰলীয়াপাৰা’ নামেৰে দৈনিক বহে এখন পাইকাৰী মাছৰ বজাৰ।স্থানীয়ভাৱে উত্‌পাদিত ৫০কুইণ্টলমান মাছ দৈনিক বিপণন হয় এই বজাৰত।আতাউৰ, ছফিৰ, ছামাদ, মীনবিভাগ আদি সকলোৰে উমৈহতীয়া প্ৰচেষ্টাত একালৰ অনগ্ৰসৰ অঞ্চলটো আজি হৈ পৰিছে ৰাজ্যৰ অন্যতম সমৃদ্ধিশালী অঞ্চল।ইমান বৃহ্‌ত্‌ অঞ্চল এটাত সুসংগঠিতভাৱে সকলোৱে মিলি এইদৰে আগবাঢ়ি যোৱাৰ দৃষ্টান্ত সঁচাকৈয়ে বিৰল।ক্ষেত্ৰ প্ৰাংগনত লগ পোৱা জিলা মীন বিষয়া ভানু বৰাই জনোৱা মতে,কানবাৰীৰ সফলতাৰ পৌণিক ৰূপান্তৰ জিলাখনৰ আন ঠাইসমূহলৈও লৈ যাবলৈ তেওঁলোকে প্ৰচেষ্টা অব্যাহত ৰাখিছে।ৰাজ্যৰ আন অঞ্চলসমূহতো অনুৰূপভাৱে মীনপালন কৰি লাভৱান হোৱাৰ থল আছে।

লেখক: ড° ধ্ৰুৱজ্যোতি শৰ্মা, দৈনিক অসম

2.91379310345
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top