অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মৈৰাবাৰীৰ এগৰাকী প্ৰগতিশীল মীনপালকৰ কথাৰে

মৈৰাবাৰীৰ এগৰাকী প্ৰগতিশীল মীনপালকৰ কথাৰে

প্ৰসন্ন ৰাভা-ওদালগুৰি জিলাৰ মৈৰাবাৰী অঞ্চলৰ বেটাগাঁৱৰ একুৰি সোতৰ বছৰীয়া চফল ডেকাজনৰ পৰিচয় ৰাজ্যৰ সীমান্তত এজন প্ৰগতিশীল মীনপালক হিচাপে। সুদৰ্শন ডেকাজনে নিষ্ঠা, সততা আৰু একাগ্ৰতাৰ সমাহাৰেৰে একাণপতীয়াকৈ মীন পালনত ব্ৰতী হৈ উদীয়মানসকললৈ ৰাখিছে আদৰ্শনীয় চানেকী। তেনেই  নি:স্ব অৱস্থাৰ পৰা অতি চালুকীয়াভাৱে মীনপালন আৰম্ভ কৰি ৰাভাই প্ৰমাণ কৰি দিছে মীন পালনতেই লুকাই থাকে ধৰাতেই সৰগ ৰচাৰ সপোন। অৱশ্যে প্ৰসন্নৰ এই উত্তৰণৰ সিংহভাগ কৃতিত্বই দাবী কৰিব পাৰে জিলাখনৰ অন্যতম শ্ৰেষ্ঠ প্ৰগতিশীল মীনপালক তথা সু-মীন সংগঠক ধৰ্মেশ্বৰ ৰাভাই। প্ৰসন্নৰ দৰে দুই শতাধিক উদীয়মান যুৱক-যুৱতীক মীন পালনলৈ আকৰ্ষিত কৰি আত্মপ্ৰত্যয়েৰে আত্মসংস্থাপন প্ৰশস্ত কৰি ৰাভাই গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ ভূমিকা। প্ৰসন্ন ৰাভা তাৰ এক জ্বলন্ত উদাহৰণ।

১৯৯৮ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈয়েই ৰাভাই মন মেলিলে মীন পালনৰ। ধৰ্মেশ্বৰ ৰাভাৰ দিহামৰ্মে পিতাকৰ আধা বিঘা এনেয়ে পৰি থকা জলকালিতেই আৰম্ভ হ’ল মীন পালন। কাৰিকৰী দিহা-পৰামৰ্শ প্ৰদানত ধৰ্মেশ্বৰ ৰাভায়ো নকৰিলে কোনো কাৰ্পণ্য। প্ৰথম বছৰতে অপ্ৰত্যাশিত সফলতা। তাৰ পাছত আজিকোপতি ডেকাজনে আৰু পিচলৈ উভতি চাবলৈ আহৰি পোৱা নাই। প্ৰতি বছৰে মীনপালনৰ পৰা আৰ্জিত ধনেৰে সম্প্ৰসাৰণ কৰি থাকিল মীনপামখন। ৰূপায়িত কৰিবলৈ ল’লে বিভিন্ন মীন পালনৰ কৌশল। প্ৰসন্ন ৰাভাৰ ভাষাতেই-‘মীন পালনে কেৱল মোক অৰ্থনৈতিক স্বাচ্ছন্দ্যই দিয়া নাই’, দিছে এক অনাবিল আনন্দও। কিয়নো মাটি আৰু পানীৰ সংস্পৰ্শত থাকি মীন পালনৰ পৰা যি বিমল প্ৰশান্তি পোৱা যায় তাক ভাষাৰে বৰ্ণাব নোৱাৰি। তদুপৰি ইয়াত তুলনামূলকভাৱে কম লাভ আৰু কম মূলধন বিনিয়োগৰ জৰিয়তে অধিক লাভ কৰিব পাৰি। আজি মই এটা সুখী পৰিয়ালৰ গৰাকী আৰু মোৰ সকলো সুখ-সমৃদ্ধি-সন্তুষ্টিৰ আধাৰ মীন পালন’। অতি চালুকীয়া অৱস্থাৰ পৰা আৰম্ভ কৰা মীন পালনেৰে আজি প্ৰসন্ন ৰাভা ১৫ বিঘা জলকালিৰ এক বিশাল সাম্ৰাজ্যৰ গৰাকী। তাতোকৈ ডাঙৰ কথা ৰাভাৰ প্ৰতিটো কাম-কাজেই সম্পূৰ্ণ বিজ্ঞানসন্মত দৃষ্টিভংগী আৰু শৃংখলাবদ্ধ পৰিক্ৰমাৰে পৰিচালিত। এই মসৃণ যাত্ৰাৰ পথ পৰিক্ৰমাৰে ২০১২ বৰ্ষত প্ৰসন্নই হাপা পদ্ধতিৰে গুণগত মানৰ মীনপোনা উৎপাদনৰ মন মেলিলে। উদ্দেশ্যে স্থানীয় অঞ্চলত গুণগত মানৰ মীন পোনাৰ যোগান সুনিশ্চিত কৰা চাহিদা অনুপাতে মীনপালকক সহজলভ্যভাৱে যোগান ধৰা। এই ক্ষেত্ৰত তেওঁক কাৰিকৰীভাৱে সহায় কৰিবলৈ আগবাঢ়ি আহে ধৰ্মেশ্বৰ ৰাভাৰ আন এজন শিষ্য মতিলাল বৰ্মন। বৰ্মনে কণী থকা মাছ সংগ্ৰহ, মতা মাছ, মাইকী মাছ নিৰ্বাচন, মাছক বেজী দিয়া, হাপা প্ৰস্তুত কৰা, পোনা জগোৱা আদি সকলোখিনি কাম হাতে-কামে শিকাই প্ৰসন্নক কাৰিকৰীভাৱে উদ্ধুদ্ধ কৰি তোলে। প্ৰথম প্ৰচেষ্টাতে প্ৰসন্ন সম্পূৰ্ণ সফল হয়। উৎপাদন কৰে প্ৰথম ঋতুতে ৪.৫ লাখ ভাৰতীয় মূলৰ আৰু বিদেশী মূলৰ কাৰ্প জাতীয় মাছৰ আঙুলি জোখৰ পোনা। প্ৰসন্নৰ পোনাৰ বাঢ়ন ফলাফলো অতি আশাপ্ৰদ।

লিখক: ধ্ৰুৱজ্যোতি শৰ্মা, অসমীয়া প্ৰতিদিন।

শেহতীয়া উন্নীতকৰণ: : 4/3/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate