অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ৰাজ্যৰ তৃতীয় স্থান প্ৰাপ্ত কৃষক বনমালী চৌধুৰী

ৰাজ্যৰ তৃতীয় স্থান প্ৰাপ্ত কৃষক বনমালী চৌধুৰী

‘পঞ্চম শ্ৰেণীত পঢ়ি থাকোতেই ৰামপুৰ উন্নয়ন খগণ্ডৰ পৰা পোৱা এমোনিয়াম চালফেট পথাৰত ব্যৱহাৰ কৰি আধুনিক কৃষিৰ প্ৰতি তেতিয়াই ক’ব নোৱাৰাকৈ উৎসাহিত হৈ পৰে। সপ্তম শ্ৰেণীত জাৰ্চি গৰুৰ প্ৰতিপালন আৰু গিনি ঘাঁহৰ খেতি কৰি লাভ কৰিছিলোঁ ২০০ টকাৰ পুৰস্কাৰ। খেতি আৰু পশুপালনে মানুহক কেনেকৈ আৰ্থিক বিকাশত সহায় কৰিব পাৰে সেই শিক্ষা মই তেনেদৰেই কৈশোৰৰ পৰাই লাভ কৰিছিল’। - এই উক্তি বনমালি চৌধুৰীৰ। ঘৰ মিৰ্জা কৃষি চক্ৰৰ অন্তৰ্গত কল্লাপাৰা গাঁৱত। শিক্ষাগত অৰ্হতা কলা শাখাৰ স্নাতক।

হাইস্কুলত পঢ়ি থকা কালৰে পৰা আই আৰ ৮, আই টি আই, জয়া আদিৰ দৰে উন্নত জাতৰ ধানৰ খেতি কৰিবলৈ আৰম্ভ কৰা চৌধুৰীয়ে ১৯৭৬ চনত কলেজত পঢ়ি থকা সময়ত শিক্ষা মূলক ভ্ৰমণৰ জৰিয়তে বিভিন্ন ৰাজ্যৰ উন্নত কৃষি পদ্ধতিৰ চক্ষুস অভিজ্ঞত আহৰণ কৰে। কলেজৰ হোষ্টেলত জাতীয় সেৱা আঁচনিৰ শাখা গঠন কৰি মীন পালন আৰু ধান খেতিৰ জৰিয়তে শ্ৰমৰ মৰ্যাদাৰ নিদৰ্শন দাঙি ধৰি গুণী জনৰ দ্বাৰা প্ৰশংসিত হয়।

কলেজীয়া শিক্ষা শেষ কৰি এইজন উদ্যমী যুৱকে জীৱিকা নিৰ্বাহৰ বাবে বাচি লয় কৃষি আৰু পশুপালন ক্ষেত্ৰ। ১৯৮২ চনত ৰাণী বহুমুখী পাম পৰিচালনা কেন্দ্ৰত গ্ৰহণ কৰা প্ৰশিক্ষণে তেওঁক আৰু প্ৰণালী বদ্ধভাৱে কৃষি কাৰ্যত মনোনিৱেশ কৰাত সহায় কৰে। তাৰ মাজতে চৌধুৰীয়ে ইতিমধ্যে গুজৰাটৰ আমূল ডেইৰী পৰিদৰ্শন কৰিও দুগ্ধ উৎপাদন সম্বন্ধে অভিজ্ঞতা অৰ্জন কৰে। সেই সময়ৰ মিৰ্জা কৃষি চক্ৰৰ কৃষি সম্প্ৰসাৰণ বিষায়া হিচাপে কাৰ্য নিৰ্বাহ কৰা কবীন্দ্ৰ বৰকাকতি (এতিয়াৰ কৃষি সঞ্চালক)য়ে অঞ্চলটোত বনমালী চৌধুৰীক এখন কৃষি সামগ্ৰীৰ দোকান দিয়াৰ বাবে উৎসাহিত কৰে।

১৯৮৩ চনত চৌধুৰীয়ে নিজৰ মাটিত পৰিকল্পিত ভাৱে পিতাকৰ স্মৃতিত আৰম্ভ কৰে ‘প্ৰফুল্ল চৌধুৰী বহুমূখী পাম’। কৃষি বিভাগৰ বিভিন্ন আঁচনিৰ জৰিয়তে লাভ কৰা সা-সুবিধা আৰু প্ৰাগজ্যোতিষ গাঁৱলীয়া বেংকৰ বৰিহাট শাখাৰ পৰা লাভ কৰা কৃষি ঋণে এই পাম খনে নিজস্ব গতি লাভ কৰাত বহু খিনি সহায় কৰাৰ বিষয়ে চৌধুৰীয়ে অকপট ভাৱে প্ৰকাশ কৰে।

বৰ্তমান চৌধুৰীৰ পাম খনৰ মাটিৰ পৰিমাণ ১৪ বিঘা। ইয়াৰ ভিতৰৰে দুবিঘা মাটিত আছে দুটাকৈ পুখুৰী। এবিঘা মাটিত তামোল-পাণকে ধৰি উদ্যান শস্যৰ খেতি আৰু বাকী খিনি মধ্যমীয়া আৰু বাম মাটিত ধান প্ৰমুখ্যে বছৰ জুৰি কৰে বিভিন্ন শস্যৰ খেতি। পশুপালন ক্ষেত্ৰ খনে সামৰি লৈছেবৰ্ণ সংকৰ গাই গৰু, ছাগলী, হাঁহ আদিৰ দৰে পশু ধন। প্ৰয়োজনৰ সময়ত কে চি চি যোগে লোৱা ঋণে তেওঁক বিশ্বাসী বন্ধুৰ দৰে সহায় কৰিছে। প্ৰণালী বদ্ধ কিন্ত তুলনা মূলকভাৱে সীমিত এই এই কৃষি ক্ষেত্ৰ খনৰ পৰাই চৌধুৰীয়ে বছৰি আয় কৰি আহিছে ৫ লাখতকৈও অধিক টকা। ২০১৩-২০১৪ বৰ্ষত এই গৰাকী কৃষকে কামৰুপ জিলাৰ শ্ৰেষ্ঠ কৃষকৰ বঁটা লাভ কৰে।

অধ্যৱসায়, সামাজিক নেতৃত্ব তথা উন্নত কৃষি প্ৰযুক্তিৰ প্ৰয়োগৰ প্ৰতি থকা ধাউতিৰ বাবে ২০১৩-২০১৪ বৰ্ষত বনমালী চৌধুৰীক কৃষি বিভাগে আগবঢ়ায় ৰাজ্যৰ তৃতীয় স্থান প্ৰাপ্ত কৃষকৰ সন্মান।

উৎস: এগ্ৰি হৰ্টি প্ৰদৰ্শনী

শেহতীয়া উন্নীতকৰণ: : 3/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate