মূল পৃষ্ঠা / কৃষি / চাহ খেতি / চাহ খেতিৰ মাটি পৰীক্ষাৰ বাবে নমুনা সংগ্ৰহৰ পদ্ধতি
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

চাহ খেতিৰ মাটি পৰীক্ষাৰ বাবে নমুনা সংগ্ৰহৰ পদ্ধতি

চাহ খেতিৰ মাটি পৰীক্ষাৰ বাবে নমুনা সংগ্ৰহৰ পদ্ধতি

নমুনা সংগ্ৰহৰ পদ্ধতি

(ক) ৰাসায়নিক পৰীক্ষাৰ বাবে যেনে মাটিৰ অম্লতা (pH), জৈৱ পদাৰ্থৰ পৰিমান নিৰ্দ্ধাৰণ বা নাইট্ৰজেন, পটাছ আৰু ফচফেটৰ পৰিমান নিৰ্দ্ধাৰণ আদিৰ বাবে সাধাৰণ ২ ছে: মি: ভোঁহৰ (carpenters auger) ব্যৱহাৰ কৰি নমুনা সংগ্ৰহ কৰিব পাৰি ৷ উপৰোক্ত পৰীক্ষা কেইটাৰ বাবে প্ৰায় ৫০০ গ্ৰাম পৎ মাটিৰ প্ৰয়োজন হয় ৷

(খ) মাটিৰ বিন্যাস বিশ্লেষণ (Aggregate analysis) ৰ বাবে নিৰুপদ্ৰৱ (undistrubed) মাটিৰ নমুনাহে লোৱা উচিত ৷ এই নমুনাবিলাক যাদৃচ্ছিকভাৱে (randomly) মাটিডৰাৰ কেইবাঠাইৰ পৰা এখন খন্তি বা খুৰ্পিৰে সংগ্ৰহ কৰিব পাৰি ৷ প্ৰতিটো বিন্দুৰ পৰা ১৫ ছে: মি: x ১৫ ছে: মি: x ১৫ ছে: মি: ৰ একোটা মাটিৰ ‘ব্লক’ গোটাই লৈ আটাইবোৰ একেলগে হাতেৰে পাতলকৈ গুৰি কৰি মিহলাব লাগে ৷ ‘ব্লক’বোৰ গুৰি কৰোতে সাৱধান হব লাগে যাতে এইবোৰৰ ওপৰত বৰ বেছি হেঁচা বা জোৰ প্ৰয়োগ কৰা নহয় ৷

(গ) মাটিৰ ৰাসায়নিক বিশ্লেষনৰ বাবে সদায়েই মিশ্ৰ (Composite) নমুনাহে লোৱা উচিত ৷ যিখিনি ঠাইৰ মাটিৰ পৰা নমুনা সংগ্ৰহ কৰা হয়, সেই ঠাইৰ মাটিৰ কালি ১৫ বিঘাতকৈ বেছি হব নালাগে ৷ যেতিয়া সৰহ মাটিৰপৰা নমুনা সংগ্ৰহ কৰা হয়, তেনে ক্ষেত্ৰত মাটিডৰা ১৫ বিঘা কালিৰ কিছুমান খণ্ডত ভগাই লৈ নমুনা ল’ব লাগে ৷ প্ৰতিটো খণ্ডৰ নমুনা পৃথকভাৱে লব লাগে ৷

(ঘ) প্ৰতিটো খণ্ডত কম পক্ষেও বিশটা গাঁত যাদৃচ্ছিকভাৱে অ’ত ত’ত খান্দিব লাগে ৷ তাৰ পিছত প্ৰতিটো গাঁতৰ পৰা তুলি অনা মাটিবোৰ ভালদৰে মিহলাই সেই বিশেষ মাটিডৰাৰ একোটা প্ৰতিনিধি (representative) নমুনা প্ৰস্তুত কৰিব লাগে ৷ তাৰোপৰি ওপৰৰ মাটি (top soil) আৰু তলৰ মাটি (sub soil) ৰ নমুনা পৃথকভাৱে লোৱা উচিত ৷ ওপৰৰ মাটিৰ বাবে গভীৰতা (depth) হ’ব লাগে ০-২২.৫ ছে: মি: আৰু তলৰ মাটিৰ বাবে গভীৰতা হ’ব লাগে ২২.৫-৪৫.০ ছে: মি: ৷ এই দুয়োবিধ মাটি কেতিয়াও একেলগ কৰিব নালাগে ৷ বিন্যাস বিশ্লেষণ (Aggregate analysis) ৰ বাবে সদায়েই ওপৰৰ মাটিৰ নমুনাহে ব্যৱহাৰ কৰিব লাগে ৷

(ঙ) নমুনা লোৱাৰ সময়ত চাব লাগে যাতে মাটিৰ লগত অপ্ৰয়োজনীয় জাবৰ-জোঠৰ বা অন্যান্য পদাৰ্থ মিহলি হৈ নাথাকে ৷ সাধাৰণতে মাটিৰ নমুনা লওঁতে ওপৰৰ ঘাঁহ পাতবোৰ গুচাই লৈহে লব লাগে ৷ আগতে খান্দি ৰখা গাঁত আদি থকা ঠাইৰপৰা নমুনা লব নালাগে ৷ তাৰোপৰি সাৰ প্ৰয়োগ কৰাৰ ঠিক পিছতেই নমুনা লব নালাগে ৷

নমুনা পঠোৱাৰ পদ্ধতি

মাটিৰ নমুনা বিলাক সুন্দৰকৈ বান্ধি চিন দিব লাগে ৷ ধাতুৰ টিন, কাঠৰ বাচক নাইবা পলিথিনৰ মোনাত নমুনাবিলাক ভৰাই ভালদৰে বন্ধ কৰি পৰীক্ষাৰ বাবে পঠাব লাগে ৷ নমুনাবিলাক কেতিয়াও কাগজেৰে টোপোলা বান্ধি পঠাব নালাগে ৷
নমুনাৰ লগত একোখন লেবেল থাকিব লাগে ৷ সেই লেবেলখনৰ দুয়ো পিঠিৰে চাহখেতি কৰিব খোজা ঠাইখন বা ইতিমধ্যে চাহখেতি কৰি থকা বাগানৰ সম্পূৰ্ণ নাম, ঠিকনা মাটিৰ ডাগ নং, পট্ৰা নং ইত্যাদি লিখি পঠাব লাগে ৷

মাটিৰ নমুনা পঠোৱাৰ সময়

চাহখেতি আৰু নাৰ্চাৰী স্হাপনৰ বাবে ব্যৱহাৰ কৰিব খোজা মাটি ডৰাৰ নমুনা পৰীক্ষাৰ বাবে বছৰটোৰ যিকোনো সময়তে পৰীক্ষা কেন্দ্ৰ বা গৱেষণাগাৰলৈ পঠাব পাৰি ৷ প্ৰস্তাবিত আচঁনি হাতত লোৱাৰ যথেষ্ট আগতেই পৰীক্ষা কেন্দ্ৰলৈ মাটিৰ নমুনা পঠাব লাগে ৷

শস্যকৃমি (Nematode) ৰ সংখ্যা নিৰ্দ্ধাৰণ

নাৰ্চাৰী স্হাপনৰ বাবে বাচনি কৰা স্হানৰ মাটিৰ অম্লতা আৰু শস্যকৃমিৰ সংখ্যা নিৰ্দ্ধাৰণকৰা উচিত ৷
শস্যকৃমিৰ পৰীক্ষাৰ বাবে যি নমুনা পঠোৱা হয়, সেই নমুনাবোৰ ততালিকে পঠোৱাৰ দৰকাৰ ; কিয়নো মাটিৰ জীপ কমি গলে বহুতো কৃমি মৰি যায় আৰু এনে ক্ষেত্ৰত পৰীক্ষাৰ ফলাফলো শুদ্ধ নহয় ৷ সেয়েহে শস্য কৃমিৰ পৰীক্ষাৰ বাবে নমুনা পঠাওঁতে নমুনাবোৰ ভালদৰে পলিথিনৰ মোনাত বান্ধি অলপ জীপাল কৰি পঠাব লাগে ৷

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

3.05
সুশীলা প্ৰভা ভৰালী কাকতি৷ Oct 19, 2019 07:45 PM

নিশ্চয় উপকৃত হ’ম ৷Soil test কেনেকৈ কৰিব
পাৰি জনাবনে?Orgenic সাৰ ব্যৱহাৰ কৰা
৫বছৰৰ ওপৰ হ’ল৷

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top