অংশিদাৰী

কৃষি

কৃষি

  • agr1

    ধাৰণশীল জীৱিকাৰ বাবে প্ৰাকৃতিক সম্পদসমূহৰ ব্যৱস্থাপনা

    ভাৰত প্ৰাকৃতিক সম্পদত চহকী এখন দেশ। এই প্ৰাকৃতিক সম্পদৰ ওপৰত নিৰ্ভৰ কৰি্যে দেশৰ সৰহ সংখ্যক লোকেই জীৱিকা নিৰ্বাহ কৰি আছে। এটা ধাৰণশীল জীৱিকাৰ বাবে প্ৰাকৃতিক সম্পদসমূহৰ সঠিক ব্যৱস্থাপনাৰ অত্যন্ত প্ৰয়োজন।

  • agr2

    কৃষি আৰু কৃষি সম্পৰ্কীয় ক্ষেত্ৰসমূহত ফলপ্ৰসূ নিয়োগ ব্যৱস্থা

    ভাৰতত কৃষি আৰু কৃষি সম্পৰ্কীয় ক্ষেত্ৰসমূহে নিয়োগৰ ক্ষেত্ৰত এক বৃহৎ পৰিসৰ প্ৰদান কৰিছে। বিভিন্ন কৃষি সম্পৰ্কীয় চৰকাৰী নীতি/আঁচনি, বিভিন্ন কাৰ্য্যসূচী ইত্যাদিবোৰৰ সঠিক ৰূপায়নে নিবনুৱা সমস্যাটোৰ যথেষ্ট পৰিমাণে হ্ৰাস কৰিছে। এই বিভাগত কৃষি সম্পৰ্কীয় তথ্যসমূহ সন্নিৱিষ্ট কৰা হৈছে।

  • agr3

    ধাৰণশীল জীৱিকাৰ বাবে প্ৰাকৃতিক সম্পদসমূহৰ ব্যৱস্থাপনা

    ভাৰত প্ৰাকৃতিক সম্পদত চহকী এখন দেশ। এই প্ৰাকৃতিক সম্পদৰ ওপৰত নিৰ্ভৰ কৰি্যে দেশৰ সৰহ সংখ্যক লোকেই জীৱিকা নিৰ্বাহ কৰি আছে। এটা ধাৰণশীল জীৱিকাৰ বাবে প্ৰাকৃতিক সম্পদসমূহৰ সঠিক ব্যৱস্থাপনাৰ অত্যন্ত প্ৰয়োজন।

এই কৃষি বিভাগটোত বিকাশপেডিয়া শিতানৰ জৰিয়তে স্বেচ্ছাসেৱীসকলৰ দ্বাৰা কৃষি সম্পৰ্কীয় তথ্য আৰু বিভিন্ন জ্ঞানবৰ্দ্ধক লিখনি সংযোজন কৰিবলৈ প্ৰয়াস কৰা হৈছে। আপোনালোকেও এই শিতানত আপোনালোকৰ মতামত, অভিজ্ঞতা বিনিময় কৰাৰ লগতে এই শিতানত সন্নিৱিষ্ট বিষয়সমূহৰ ওপৰত আপোনাৰ লিখনি আৰু ইয়াত থকা আলোচনাসমূহত সক্ৰিয় অংশগ্ৰহণ কৰিব পাৰিব।

বিকাশপেডিয়াৰ শিতানৰ এই বিভাগত কৃষি সম্পৰ্কীয় বিষয়সমূহৰ বিষয়ে বহলাই আলোচনা কৰা হৈছে।

শস্য উৎপাদন

এই শিতানত কৃষিৰ পৰামৰ্শ, উৎপাদন প্ৰযুক্তি, পথাৰৰ সঁজুলীসমূহ, খেতি ছপোৱাৰ পিছৰ প্ৰযুক্তি, বতৰ, বজাৰ ইত্যাদি বিষয়সমূহৰ বিষয়ে আলোচনা কৰা হৈছে।

পশু পালন

দুগ্ধ উৎপাদন, গাহৰি, ছাগলী, ভেৰা, শঁহাপহু, গৰু, ঘোঁৰা ঘৰুৱা জন্তু ইত্যাদিবোৰৰ প্ৰতিপালন পৰিচালনা আৰু ব্যৱসায়িক উৎপাদন আদি বিষয়সমূহ আলোচনা কৰা হৈছে।

মাছ পালন

এই শিতানত মিছামাছ, আলংকাৰীক মাছ, মুকুতা পালন, ফিঙ্গাৰলিংগ মাছৰ ব্যৱসায়ীক উৎপাদন, মূল্য সংযোজিত সামগ্ৰী ইত্যাদিৰ বিষয়ে বহলাই আলোচনা কৰা হৈছে।

উত্তম অভ্যাস

এই শিতানত ধাৰণশীল কৃষি, পশুপালন, মীনপালন, ফাৰ্ম ভিত্তিক উদ্যোগ, অভিজ্ঞ ব্যক্তিসকলৰ অভিজ্ঞতা ইত্যাদি বিষয়সমূহ আলোচনা কৰা হৈছে।

নীতি / আঁচনিসমূহ

এই শিতানত কৃষি, পশুপালন, মীনপালন, গ্ৰাম্য নিয়োজন ইত্যাদিৰ নীতি আৰু আঁচনিসমূহৰ বিষয়ে বহলাই আলোচনা কৰা হৈছে।

ঋণ আৰু বীমা

কৃষি ঋণ আৰু কৃষিজ বীমা সম্পৰ্কীয় বিষয়ৰ বিষয়ে বহলাই আলোচনা কৰা হৈছে।

অসমৰ খেতিসমূহ

ইয়াত অসমৰ বিভিন্ন ধৰণৰ খেতিসমূহৰ কথা উল্লেখ কৰা হৈছে।

Pinku nath Mar 12, 2018 12:12 PM

মই গাহৰি, ছাগলী আৰু হাঁহ-মূৰ্গী পালন কৰিব বিচাৰোঁ । এই ক্ষেত্ৰত কেনেদৰে আগবাঢ়িলে সুফল পাম ? অনুগ্ৰহ কৰি জনাই যেন ।

Nayan Kumar Bora Feb 17, 2018 03:27 PM

হবিবুৰ ৰহমান Feb 17, 2018 11:29 AM
আপোনাৰ চিন্তাধাৰা অতি উন্নত । ইয়াৰ লগতে আপোনালৈ এটি অনুৰুধ - খেতিয়ক সকলক ৰাসায়নিক সাৰৰ পৰিবর্তে জৈবিক সাৰ প্রয়োগ আৰু তৈয়াৰৰ প্রশিক্ষণ দিব লাগে । আপুণি আমাতকৈ বেছি অভিজ্ঞ - ই মাটিৰ উৰ্বৰতা ধৰি ৰাখে আৰু আমাৰ স্বাস্হ্য ভালে ৰাখে । ধন্যবাদ ।

আপোনাৰ পৰামৰ্শৰ বাবে ধন্যবাদ । বিকাশপেডিয়া নিয়মীয়াকৈ চাই থাকিব । জৈৱিক সাৰৰ বিষয়ে লিখনি প্ৰকাশ কৰা হʼব ।

Nayan Kumar Bora Feb 17, 2018 12:01 PM

क‌ेशव बाहादुर मगर Feb 05, 2018 10:22 AM
মই বন্ধাকবি আৰু ফুলকবি খেতি কৰিবৰ বাবে প্ৰয়োজনীয় সকলোবোৰ কথা জানিব বিচাৰোঁ

উত্তৰ প্ৰদানঃ নয়ন কুমাৰ বৰা
------------------------------------

ফুলকবিৰ খেতি
--------------------

জাত/ বীজৰ পৰিমাণ/ বীজ সিঁচাৰ সময়/ ৰোপন দূৰত্বঃ

আগতীয়া জাতঃ- আৰ্লি কুৱৰী, পুচা কাট্কী, পুচা দিপালী, কাৰ্তিকা, অগ্ৰহানী। বীজৰ পৰিমাণ প্ৰতি বিঘাত- ৮০ গ্ৰাম, বীজ সিঁচাৰ সময়- জুলাই মাজভাগৰ পৰা আগষ্টৰ মাজভাগলৈ। ৰোপন দূৰত্ব- শাৰীৰ মাজত- ৪৫ ছেন্টিমিটাৰ আৰু পুলিৰ মাজত- ৪৫ ছেন্টিমিটাৰ।

মধ্যমীয়া জাতঃ- ইমপ্ৰভ জাপানীজ, পুচা চিন্থেটিক, পুচা স্ন’বল। বীজৰ পৰিমাণ প্ৰতি বিঘাত- ৫৫ গ্ৰাম, বীজ সিঁচাৰ সময়- ছেপ্তেম্বৰৰ প্ৰথম সপ্তাহৰ পৰা অক্টোবৰৰ শেষ সপ্তাহলৈ। ৰোপন দূৰত্ব- শাৰীৰ মাজত- ৬০ ছেন্টিমিটাৰ আৰু পুলিৰ মাজত- ৬০ ছেন্টিমিটাৰ।

শেহতীয়া জাতঃ- স্ন’বল-১৬। বীজৰ পৰিমাণ প্ৰতি বিঘাত- ৮০ গ্ৰাম, বীজ সিঁচাৰ সময়- নবেম্বৰৰ প্ৰথম সপ্তাহৰ পৰা শেষ সপ্তাহলৈ। ৰোপন দূৰত্ব- শাৰীৰ মাজত- ৪৫ ছেন্টিমিটাৰ আৰু পুলিৰ মাজত- ৪৫ ছেন্টিমিটাৰ।
(অন্যান্য হাইব্ৰীড জাতবোৰ কোম্পানীসমূহৰ অনুমোদন পত্ৰিকা মৰ্মে খেতি কৰিব লাগে)

ৰাসায়নিক সাৰঃ
পচন সাৰ- ১৫-২০ কুইন্টল, ইউৰীয়া-২৪ কিঃগ্ৰাঃ, একক চুপাৰ ফচফেট-৪৮ কিঃগ্ৰাঃ, মিউৰেট অব পটাছ-১২ কিঃগ্ৰাঃ আৰু বৰাক্স- ১ কিঃগ্ৰাঃ প্ৰয়োগ কৰিব লাগে। ইউৰীয়াৰ আধা, সমুদায় একক চুপাৰ ফচফেট আৰু মিউৰেট অব পটাছ পুলি ৰোৱাৰ আগেয়ে শেষৰ চাহ হালবোৱাৰ সময়ত মাটিত প্ৰয়োগ কৰিব লাগে। ইউৰীয়া সাৰৰ বাকী আধা পুলি ৰোৱাৰ ৩০ দিনৰ পিছত মাটি চপোৱাৰ সময়ত প্ৰয়োগ কৰিব লাগে। পুলি ঠন ধৰি উঠাৰ পিছত ১৫-২০ দিনৰ মূৰে মূৰে অণুসাৰ (পেকেটৰ অনুমোদিত হাৰত) পাতত স্প্ৰে কৰিব লাগে।

জলসিঞ্চনঃ
পুলি ৰোৱাৰ পিছত এবাৰ, মাটি চপোৱাৰ পিচত এবাৰ আৰু ফুলকবি ধৰিবলৈ আৰম্ভ কৰাৰ সময়ত এবাৰকৈ মুঠ ৩ বাৰ জলসিঞ্চন কৰিব লাগে। খৰাং বতৰত অধিক জলসিঞ্চনৰ প্ৰয়োজন আছে।
শস্যৰক্ষাঃ
 পুলি ৰোৱাৰ পিছত গুৰি অংশ ক’লা পৰি যায় আৰু পাতবিলাক হালধীয়া পৰি মৰহি যায়। এই ৰোগ নিয়ন্ত্ৰণৰ বাবে ষ্ট্ৰেপট’মাইচিন বেক্টেৰীয়ানাশকৰ ১ গ্ৰাম প্ৰতি ১০ লিটাৰ পানীত মিহলাই পুলিৰ গুৰি অংশত স্প্ৰে কৰিব লাগে।
 পাতত নাইবা গুৰি অংশত ভেঁকুৰ বেমাৰ যেনে, গুৰি পচা, অলটাৰনেৰিয়া লিফ স্পট আদিয়ে আক্ৰমণ কৰিব পাৰে। ইয়াক নিয়ন্ত্ৰণৰ বাবে মেনক’জেব- 75 WP (২.৫ গ্ৰাম প্ৰতি লিটাৰ পানীত) নাইবা কাৰ্বানডাজিম ০.০৫% ( ১ গ্ৰাম প্ৰতি লিটাৰ পানীত) স্প্ৰে কৰিব লাগে।
 পাত খোৱা পলু পোক নিয়ন্ত্ৰণৰ বাবে মালাথিয়ন ৫০ ইচি কীটনাশক (১.৫ মিঃলিঃ প্ৰতিলিটাৰ পানীত) স্প্ৰে কৰিব লাগে।
 অণুসাৰৰ অভাৱত ফুলকবিত নানাধৰণৰ বিসঙ্গতি হব পাৰে। সেয়ে, ফুলকবি ঠন ধৰি উঠাৰ পিছতে বজাৰত উপলব্ধ অণুসাৰ ১৫-২০ দিনৰ মূৰে মূৰে অনুমোদিত হাৰত পাতত স্প্ৰে কৰিব লাগে।

বন্ধাকবিৰ খেতিঃ
---------------------

জাত/ বীজৰ পৰিমাণ/ বীজ সিঁচাৰ সময়/ ৰোপন দূৰত্বঃ

সোনকালে চপাব পৰা জাতঃ- গল্ডেন একৰ, প্ৰাইদ অব ইণ্ডিয়া, পুচা মুক্তা (চেল-৮)
পলমকৈ চপাব পৰা জাতঃ ড্ৰামহেড আৰু ইক্লিপচ ড্ৰামহেড
বজাৰত উপলব্ধ বিভিন্ন কোম্পানীৰ হাইব্ৰীড জাত যেনে, গ্ৰীন এক্সপ্ৰেছ, ৰেয়াৰ বল, লাকি বল আদি কৃষকৰ মাজত জনপ্ৰিয়।

বীজৰ পৰিমাণঃ প্ৰতি বিঘাত আগতীয়া খেতিৰ বাবে ১০৬ গ্ৰাম, শেহতীয়া খেতিৰ বাবে ৬০ গ্ৰাম। কিন্তু হাইব্ৰীড জাতৰ ক্ষেত্ৰত এই পৰিমাণ ৩০-৪০ গ্ৰাম।

ৰোপন দূৰত্বঃ
আগতীয়াঃ শাৰীৰ মাজত- ৬০ ছেন্টিমিটাৰ, পুলিৰ মাজত- ৩০ ছেন্টিমিটাৰ
শেহতীয়াঃ শাৰীৰ মাজত- ৬০ ছেন্টিমিটাৰ, পুলিৰ মাজত- ৬০ ছেন্টিমিটাৰ

বীজ সিঁচাৰ সময়ঃ ফুলকবিৰ সৈতে একেই

ৰাসায়নিক সাৰঃ
পচন সাৰ- ১৫-২০ কুইন্টল, ইউৰীয়া-৩৬ কিঃগ্ৰাঃ, একক চুপাৰ ফচফেট-৪৮ কিঃগ্ৰাঃ, মিউৰেট অব পটাছ- ১২ কিঃগ্ৰাঃ আৰু বৰাক্স- ১ কিঃগ্ৰাঃ প্ৰয়োগ কৰিব লাগে। ইউৰীয়াৰ আধা, সমুদায় একক চুপাৰ ফচফেট আৰু মিউৰেট অব পটাছ পুলি ৰোৱাৰ আগেয়ে শেষৰ চাহ হালবোৱাৰ সময়ত মাটিত প্ৰয়োগ কৰিব লাগে। ইউৰীয়া সাৰৰ বাকী আধা পুলি ৰোৱাৰ ৩০ দিনৰ পিছত মাটি চপোৱাৰ সময়ত প্ৰয়োগ কৰিব লাগে। পুলি ঠন ধৰি উঠাৰ পিছত ১৫-২০ দিনৰ মূৰে মূৰে অণুসাৰ (পেকেটৰ অনুমোদিত হাৰত) পাতত স্প্ৰে কৰিব লাগে।

জলসিঞ্চনঃ
ফুলকবিৰ সৈতে একেই

হবিবুৰ ৰহমান Feb 17, 2018 11:29 AM

আপোনাৰ চিন্তাধাৰা অতি উন্নত । ইয়াৰ লগতে আপোনালৈ এটি অনুৰুধ - খেতিয়ক সকলক ৰাসায়নিক সাৰৰ পৰিবর্তে জৈবিক সাৰ প্রয়োগ আৰু তৈয়াৰৰ প্রশিক্ষণ দিব লাগে । আপুণি আমাতকৈ বেছি অভিজ্ঞ - ই মাটিৰ উবৰতা ধৰি ৰাখে আৰু আমাৰ স্বাস্হ্য ভালে ৰাখে । ধন্যবাদ ।

Nayan Kumar Bora Jan 28, 2018 10:51 AM

বিজিত হাজং Jul 03, 2017 03:18 PM
কাঠফুলা খেতি কৰিব বিচাৰো। কত যাওঁ কি কৰো ।অনুগ্ৰহ কৰি সহায় কৰিব নেকি?
--------------------------------------------------------------------------------------------

কৃষি বিভাগ, অসম, কৃষি বিজ্ঞান কেন্দ্ৰ আৰু অসম কৃষি বিশ্ববিদ্যালয়ত কাঠফুলা খেতিৰ ওপৰত সময়ে সময়ে প্ৰশিক্ষণ অনুষ্ঠিত কৰে, আপুনি যোগাযোগ ৰাখিব।

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
Back to top