মূল পৃষ্ঠা / কৃষি / অসমৰ খেতিসমূহ / অসমত কৃষিৰ বাণিজ্যিকৰণ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অসমত কৃষিৰ বাণিজ্যিকৰণ :

অসমত কৃষিৰ বাণিজ্যিকৰণৰ বিষয়ে লিখা হৈছে ।

 

এতিয়া কৃষিকৰ্ম কেৱল পথাৰতে আৱদ্ধ হৈ থকা নাই। কৃষিৰ পৰিসৰ পথাৰৰ সীমা চেৰাই আন্তঃৰাষ্ট্ৰীয় সীমাও পাৰ হৈ গৈছে। ভাৰত তথা অসমৰ ৭০ শতাংশ লোকেই কেৱল কৃষিৰ ওপৰত নিৰ্ভৰশীল আৰু ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ(GDP)ত ১৮ শতাংশ বৰঙণি কৃষিয়েই যোগাই। বিগত কিছু বছৰত ভাৰতে প্ৰায় ১৭৪৫ কোটি ডলাৰ(১১৩৪২৫ কোটি টকা)ৰ কৃষি সামগ্ৰী ৰপ্তানি কৰিবলৈ সক্ষম হৈছে। সমগ্ৰ বিশ্বত বিভিন্ন কৃষি সামগ্ৰীৰ চাহিদা বাঢ়ি গৈ আছে। দেশী-বিদেশী বজাৰত শস্য, মৎস্য, পতংগকে মুখ্য কৰি বহুতো সামগ্ৰী চকুত লগাকৈ উপলব্ধ হ’বলৈ লৈছে। বাৰীৰ চুকত আমলখিৰ পৰা আপেললৈ, পুখুৰীৰ টোঁৰা মাছৰ পৰা তিমি মাছলৈ, শাক-শোকোতাৰ পৰা ধান-মাহলৈ সকলোৰে বিপনন হ’বলৈ ধৰিছে। বহুতো কৃষকে ইয়াৰ সুবিধা ল’বলৈ সক্ষম হৈছে যদিও অসমৰ নগন্য ব্যক্তিহে লাভৱান হৈছে। বজাৰৰ প্ৰয়োজন অনুসৰি সামগ্ৰী উৎপাদন কৰা কৃষকসকল সফল হৈছে।

অসম তথা উত্তৰ-পূৰ্বাঞ্চল অনেক বনজ, জলজ তথা জীৱজন্তুৰে সমৃদ্ধ। ইয়াৰ জলবায়ু বিভিন্ন শস্য-মৎস্য আৰু জীৱ-জন্তুৰ উৎপাদনৰ বাবে উপযুক্ত। তৎসতেও কম উৎপাদন তথা বজাৰৰ অভাৱত আমাৰ সম্পদসমূহ সঠিকভাৱে ব্যৱহৃত হোৱা নাই। যি ক্ষুদ্ৰ পৰিমাণৰ সামগ্ৰী বজাৰলৈ গৈছে, তাৰো প্ৰকৃত মূল্য কৃষকসকলে পোৱা নাই। কিছু মধ্যভোগীয়ে কৃষকৰ পৰা অতি কম মূল্যত বা বিনামূলীয়াকৈ এইবিলাক সংগ্ৰহ কৰা দেখা যায়। মূল্য সংযোজনৰ অভাৱত কেঁচা কৃষি সামগ্ৰীসমূহে বজাৰো দখল কৰিব পৰা নাই। বজাৰ সন্ধান কৰাতোও সৰ্বসাধাৰণ মানুহৰ বাবে সম্ভৱ হৈ উঠা নাই। ইয়াৰোপৰি সৰু-সুৰা উদ্যোগ প্ৰতিষ্ঠা কৰিবলৈ আগ্ৰহী যুৱক-যুৱতীয়ে ৰঙাফিটাৰ মেৰপাকৰ বাবে পিছ হুহকিবলৈ বাধ্য হৈছে। কিন্তু বৰ্তমান চৰকাৰৰ কেইটামান নীতি এইক্ষেত্ৰত প্ৰশংসনীয় বুলি ক’ব পাৰি যদিও নীতিসমূহ কিমান কাৰ্যকৰী হ’ব সেইয়া সময়হে ক’ব। আজিৰ যুৱক-যুৱতী সকল Computer, Internet আদি ব্যৱহাৰৰ ক্ষেত্ৰত পাকৈত। এইক্ষেত্ৰত কৃষি সামগ্ৰীৰ বিপনৰৰ ক্ষেত্ৰত তেওঁলোকে বিশেষ ভূমিকা ল’ব পাৰে। সামগ্ৰী প্ৰস্তুতকৰণ(Processing)ৰ বাবে গোট/সমবায় সমূহ আগবাঢ়ি আহিলে থলুৱা সম্পদসমূহৰ সদব্যৱহাৰ হোৱাৰ আগতে অসমীয়া কৃষকসকল অৰ্থনৈতিক ভাৱে লাভৱান হ’ব। এইক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ Act East নীতিৰ সম্পূৰ্ণ সুযোগ ল’বলৈ প্ৰচেষ্টা ল’ব লাগিব। বিদেশলৈ ৰপ্তানি কৰাৰ আগতে সামগ্ৰীসমূহৰ উৎপাদন, মূল্য সংযোজন তথা বিপননৰ বাবে পাকৈত হৈ উঠিব লাগিব।

অসমৰ কৃষি বাণিজ্যিকৰণৰ কিছু সম্ভাৱনা -

১)ধানৰ বজাৰ:

অসমৰ জলবায়ু ধানখেতিৰ বাবে উপযুক্ত। পাহাৰৰ এঢলীয়া মাটিৰ পৰা দ পানী থকা মাটিলৈ ধানখেতি কৰিব পাৰি। আজি কিছুবছৰ পৰা আন্তঃৰাষ্ট্ৰীয় বজাৰত, ক’লা চাউলৰ ছাহিদা বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। ৰঙা আৰু ক’লা চাউলৰ যথেষ্ট পৰিমাণৰ ভিটামিন তথা Antioxident পোৱা যায়। ইয়াৰোপৰি এই ধান কৰা পথাৰত ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰা নহয়। বাওধানৰ উৎপাদন কম যদিও ৰঙা বাওধান বজাৰত উলিয়াই দিব পাৰিলে কৃষকসকলে যথেষ্ট বেছি দামত বিক্ৰী হয়। পিঠা-পনা তথা জলপানৰ বজাৰো অসমৰ চহৰ অঞ্চলত গঢ় লৈ উঠিছে। ভোগালী জলপানে চহৰাঞ্চলৰ বজাৰ ল’বলৈ সক্ষম হোৱা দেখা গৈছে। উচিত মানদণ্ড ৰক্ষা কৰি থলুৱা পদ্ধতিৰে প্ৰস্তুত কৰা এই সামগ্ৰীসমূহৰ চাহিদা কেতিয়াও নকমে। বিশেষকৈ উৎসৱ আদিৰ বতৰত এই সামগ্ৰীসমূহ যথেষ্ট বিক্ৰী হয়। অসমত পিঠা-পনা, জা-জলপানসমূহে আন্তঃৰাজ্যিক বা আন্তঃৰাষ্ট্ৰীয় সীমা অতিক্ৰম কৰিব পৰা নাই। কিন্তু দক্ষিণ ভাৰতৰ ইডলী, দোচা, বড়া, কলৰ চীপ আদি সমগ্ৰ দেশৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। এই সামগ্ৰীসমূহৰ মূল্য সংযোজন কৰাৰ বাবে বিপননৰ সুবিধা হৈছে। এইক্ষেত্ৰত অসমৰ থলুৱা পিঠা-পনা আৰু জলপানসমূহ আকৰ্ষণীয় ৰূপত বজাৰত উলিয়াই দিব পাৰিলে কৃষকসকল অধিক লাভৱান হ’ব। একেধৰণে জহাধান তথা ধানৰ ভূচিৰ তেল(Rice Brand Oil)ৰ চাহিদাও বাঢ়িছে। অসমে এইক্ষেত্ৰত বিশেষ আগভাগ ল’ব পাৰে। ধানৰ ভূঁচি, তুঁহ আৰু ভগা টাউলেৰে পশু আৰু মাছৰ খাদ্য প্ৰস্তুত কৰা উদ্যোগৰো প্ৰচুৰ সম্ভাৱনা আছে।

২)থলুৱা আৰু অলংকাৰীক মাছ:

অসমত ঘৰে প্ৰতি সৰু সৰু পুখুৰী আছে। ইয়াৰোপৰি ৰাজ্যখনত সৰু-বৰ জলাশয়ৰ অভাৱ নাই। কিন্তু সৰু সৰু পুখুৰী বা খাল-দোঙত ব্যৱসায়ভিত্তিত মৎস পালনৰ বাবে উপযুক্ত নহয়। কিন্তু এই পুখুৰী/জলাশয়সমূহ সৰু সৰু থলুৱা মাছৰ বাসস্থান। এই মাছবোৰৰ বৈশিষ্টতা আছে। কিয়নো, এইবিলাক মাছেই গ্ৰামাঞ্চলৰ ৰাইজৰ প্ৰটিন তথা উপাৰ্জনৰ উৎস। এই মাছবোৰ প্ৰজনন কৰি উৎপাদন বঢ়াব পাৰি। অতিৰিক্ত মাছৰ পৰা বিভিন্ন খাদ্য প্ৰস্তুত কৰি ওচৰ-চুবুৰীয়া ৰাজ্য/দেশকেইখনৰ বজাৰ দখল কৰিব পৰা হয়। শুকান মাছ, মাছৰ আচাৰ, খৰিকাত দিয়া মাছ আদিৰ সুন্দৰকৈ বজাৰত উলিয়াব পাৰিলে যথেষ্ট অৰ্থ উপাৰ্জন কৰিব পাৰিব। বিজ্ঞানভিত্তিক মৎসপালন আৰু ইয়াৰ মূল্য সংযোজন কৰিব পাৰিলেহে ই সম্ভৱ হৈ উঠিব।

অসমৰ কেইবাবিধো আলংকাৰিক মাছ পোৱা হয়। এনে মাছৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ এখনো আছে। আলংকৰিক মাছ ৰপ্তানি হৈছে যদিও ই নগণ্য।

গাহৰিৰ মাংস -

অসমৰ প্ৰায় সকলো জনজাতীয় অঞ্চলত গাহৰি পালন কৰা হয় যদিও বজাৰত গাহৰি মাংস স্বাস্থ্যসন্মত ব্যৱহাৰে বিক্ৰী কৰা নহয়। গাহৰি মাংস প্ৰটিনৰ ভাল উৎস আৰু ইয়াৰ চাহিদা সংগ্ৰ উত্তৰপূৰ্বাঞ্চলৰ লগতে দক্ষিণ-পূৱ এছিয়াৰ দেশৰ বজাৰত আছে। বিজ্ঞানসন্মত গাহৰি পালন আৰু গাহৰি মাংস প্ৰস্তুত কৰা উদ্যোগ গঢ়িবৰ বাবে আমাৰ যুৱক-যুৱতী সকল আগবাঢ়ি আহিব পাৰে। অতি পৰিতাপৰ বিষয় এই যে পৰম্পৰাগত ভাৱে গাহৰি নোপোহা কেইখনমানে ৰাজ্যই গাহৰিৰ মাংসৰে উত্তৰ-পূৰ্বাঞ্চলৰ বজাৰ দখল কৰিবলৈ লৈছে।

ফুলৰ বজাৰ -

অসমৰ জলবায়ু বহুতো ফুল, অৰ্কিড তথা আলংকাৰীক গছ-গছনিৰ খেতি কৰাৰ বাবে উপযুক্ত। ক্ষীপ্ৰ নগৰীকৰণৰ ফলত ফুলৰ বজাৰখন ৰমৰমীয়া হৈ উঠিছে। বিভিন্ন মেল-মিটিঙত ফুলৰ প্ৰয়োজন বাঢ়িছে। প্ৰয়োজনীয় ফুলখিনিও অসমৰ বাহিৰৰ পৰা আহি আছে। মূল খেতি চপোৱাৰ পিছত বা পতিত ফুলৰ খেতি কৰি কম সময়ৰ ভিতৰতে যথেষ্ট লাভৱান হ’ব পাৰে। ঠিক একেধৰণে অৰ্কিডৰ বজাৰখনো বেছ ভাল। বহুতো অপম্পৰাগত ফুলৰ চাহিদালৈ লক্ষ্য কৰি এই ফুলবোৰৰ বিপননৰ ব্যৱস্থা কৰিব পাৰি। ফুলৰ খেতি কৰাৰ উপৰিও ইয়াৰ মূল্যসংযোজনৰ কৌশলসমূহ আয়ত্ব কৰাতো বাঞ্ছনীয়।

কল, মাটিকঁঠাল আৰু নেমুৰ খেতি আৰু মূল্যসংযোজন -

অসমৰ কল, মাটিকঁঠাল আৰু কাজিনেমু সমগ্ৰ দেশতে বিখ্যাত আৰু এই ফল কেইবিধৰ উৎপাদনো ভাল হয়। কলৰ পৰা প্ৰস্তুত কৰা Chips, শিশুখাদ্য, Paste আদিৰ ভাল বজাৰ আছে। ঠিক একেধৰণে মাটিকঁঠালৰ মূল্য সংযোজনৰ যথেষ্ট আৱশ্যক আছে। নেমুটেঙাৰ চৰবত, আচাৰ আদিৰো ভাল বজাৰ আছে। এই শস্যকেইবিধ অসমত যথেষ্ট হয়, কিন্তু মূল্য সংযোজনৰ অভাৱত অসমীয়া কৃষকসকল লাভৱান হ’ব পৰা নাই।

বীজ উৎপাদন -

অসমলৈ বহু পৰিমাণৰ বীজ আমদানি কৰাৰ বাবে ৰাজ্যখনৰ ৰাজকোষৰ পৰা যথেষ্ট ধন বাহিৰলৈ যায়। কিন্তু ধান, সৰিয়হ, মাটিমাহ, নেমু, কল, বহুতো ফল, ফুলৰ প্ৰমাণিত বীজ উৎপাদন কৰি ৰাজ্যখনৰ বহুতো যুৱক-যুৱতী সংস্থাপিত হ’ব পাৰে।

ঔষধি গছ বন -

পতঞ্জলীৰ দৰে উদ্যোগ অসমত হোৱাৰ ফলত বাৰীৰ চুকৰ আমলখি, শিলিখা, মানিমুনি, তুলসী, মছন্দৰী আদিৰ চাহিদা হৈছে। এইবিলাক অসমত জলবায়ুৰ লগত খাপ খোৱা। কিন্তু এই গছ-লতাসমূহ নিজে নিজেই হৈছে। সংগৱদ্ধভাৱে প্ৰচেষ্টা কৰি এই ঔষধি গছ-বনৰ সংৰক্ষণ কৰি উৎপাদন বঢ়োৱাৰ আৰু বিপননৰ ব্যৱস্থা কৰাৰ অৱকাশ আছে। ইয়াৰ পৰা অসমৰ গ্ৰামাঞ্চলৰ বাসিন্দা সকলেই লাভৱান হ’ব।

ইয়াৰোপৰি অসমত উৎপাদিত বহুতো গছ-লতা, বন-বাত, পতঙ্গ, মাছ-মাংসৰ উৎপাদন বৃদ্ধি কৰি আৰু মূল্য সংযোজন কৰি আৰ্থিকভাৱে লাভৱান হোৱাৰ স্থল আছে। কৃষকৰ লগতে চৰকাৰী বিভাগ, বেংক তথা কৌশল বিকাশ কেন্দ্ৰসমূহ সক্ৰিয় হ’লেহে অসমত কৃষিভিত্তিক বাণিজ্য গঢ় লৈ উঠিব আৰু কৃষকসকল লাভৱান হ’ব আৰু গাওঁ এৰি যোৱা যুৱক-যুৱতীসকল কৃষিকৰ্মত প্ৰতি আকৰ্ষিত হ’ব।

এইক্ষেত্ৰত চৰকাৰৰ কৰণীয় যথেষ্ট আছে। চৰকাৰী আঁচনিসমূহ কাৰ্যকৰী কৰিলে বহুতো যুৱক-যুৱতী কৃষি বাণিজ্যৰ লগত জড়িত হ’ব। ইয়াৰ দ্বাৰা ৰাজ্যখনৰ নিবনুৱা সমস্যাৰ সমাধান হোৱাৰ লগতে অৰ্থনৈতিক বিকাশো হ’ব।

লেখক: ড° কিশোৰ কুমাৰ শৰ্মা(সেউজ সোপান)

 

 

 

 

3.06896551724
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top