মূল পৃষ্ঠা / কৃষি / অসমৰ খেতিসমূহ / অসমৰ কৃষি আৰু ইয়াৰ উন্নয়ন :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অসমৰ কৃষি আৰু ইয়াৰ উন্নয়ন :

অসমৰ কৃষি আৰু ইয়াৰ উন্নয়নৰ বিষয়ে লিখা হৈছে ।

 

কৃষি মানুহৰ প্ৰধান জীৱিকা।কাৰণ যিমান ধৰণৰ জীৱিকাই নাথকক কিয়,কৃষি অবিহনে মানৱ সমাজে খাদ্যৰ কথা ভাবিব নোৱাৰে।খাদ্য অবিহনে মানুহ জীয়াই থাকিব নোৱাৰে।

কৃষিৰ উন্নয়নৰ কথা ভাবিলে কেইটামান কথা আমাৰ মনলৈ আহে।যেনে-কৃষকে প্ৰতি উৎপাদিকতা,কৃষি বৰ্তমান বজাৰৰ হিচাপত এজন ভাৰতীয় কৃষকক আয়।কৃষিসমুহ জৈৱিক সাৰেৰে উৎপাদিত হয় নে নহয় আৰু একেটা বছৰত এজন কৃষকে কেইবাৰকৈ খেতি কৰে,এই সকলোবোৰ উত্তৰৰ বাবে আমি তলত দিয়া ধৰণে আলোচনা কৰিব লাগিব।অসমৰ বহুতো কৃষি হেৰাই যোৱাৰ পথত যেনে-বাওধানৰ খেতি আজিকালি বহু পৰিমাণে হ্ৰাস পাইছে।বাওধানৰ পৰা বহু পৰিমাণে খাদ্যপ্ৰাণ পোৱা যায়।

কৃষিৰ উৎপাদন কমি যোৱাৰ তিনিটামান প্ৰধান কাৰণ হ’ল -

(১)মাটিৰ ভাগ-বতৰাৰ বাবে মাটিৰ আকাৰ কৃষিৰ বাবে কমি আহিছে।তাৰ ফলত উপযুক্তভাৱে কৃষিকাৰ্য কৰাটো অসুবিধা হৈছে।

(২)কৃষকসকলৰ মাজত কামৰ স্পৃহা সমানে থকা দেখা নাযায়।

(৩)অসমৰ বহুতো ভুমিখণ্ড বাংলাদেশৰ পৰা অহা মানুহেৰে ঠাহ খাই পৰাত অসমৰ কৃষিৰ ছবিখন পৰিৱৰ্তন হৈছে।আৰু এইটো চিৰন্তন সত্য কথা।

এখন উন্নয়নশীল দেশৰ বাবে কৃষিৰ গুৰুত্ব অতি দৰকাৰী দিশ।কাৰণ ইয়াৰ উন্নয়নৰ দ্বাৰা দেশৰ ভিতৰত খাদ্যৰ যোগান আৰু বৈদেশিক বাণিজ্যত সহায় হয়।কৃষিখণ্ডৰ পৰা খাদ্যসম্ভাৰ উপৰি কিছুমান উদ্যোগৰ বাবে কেঁচা মালৰ যোগান ধৰিব পাৰি।উদাহৰণ হিচাপে চেনি উদ্যোগৰ বাবে কুঁহিয়াৰ,কপাহী বস্ত্ৰ উদ্যোগৰ বাবে কপাহৰ খেতি আদিৰ দৰকাৰ।

ভাৰতৰ অন্য কিছুমান কৃষিপ্ৰধান ৰাজ্যৰ দৰে অসমতো প্ৰায় ৫০ শতাংশ মানুহ প্ৰত্যক্ষ বা পৰোক্ষভাৱে কৃষিৰ লগত জড়িত।কিন্তু যিমান পৰিমাণৰ শস্য উৎপাদন হ’ব লাগে সিমানখিনি উৎপাদন হোৱা নাই।

উৎপাদনৰ পৰিমাণ নিম্ন হোৱাৰ  কাৰণসমূহ হ'ল -

১/পুৰণিকলীয়া পদ্ধতিৰে কৃষিকাৰ্য চলোৱাৰ ফলত উৎপাদন কম পৰিমাণে থাকে।

২/বৈজ্ঞানিক কৃষিৰ কৌশলৰ বাবে প্ৰশিক্ষণৰ দৰকাৰ।ইয়াৰ বহুল প্ৰসাৰ হোৱা নাই।

৩/বছৰৰ গোটেইকেইটা মাহে কৃষিকাৰ্যত জড়িত থকাটো নিতান্তই প্ৰয়োজন।

৪/পানী যোগানৰ অসুবিধা।

৫/কৃষকসকলৰ বাবে সহযোগিতাৰ অভাৱ।সংঘবদ্ধভাৱে কৃষিও কৰিব পৰা যায়।

৬/কৃষি সম্প্ৰসাৰণ বিষয়াসকলে উপযুক্ত দিহা-পৰামৰ্শ দি কৃষকসকলক সহায় কৰিব পৰা নাই।

৭/ছন পৰি থকা মাটিসমুহ কামত লগাব পৰা নাই।

৮/পথাৰসমুহত বৰষুণৰ পানী জমা কৰি ৰখা দেখা পোৱা নাযায়।

৯/কৃষক প্ৰতি উৎপাদন কম।

১০/ভুমি সংস্কাৰ সম্পুৰ্ণ হৈ উঠা নাই।

১১/গৱেষণা যথেষ্ট পৰিমাণে কৃষকে পোৱা নাই।

১২/উন্নত মানৰ বীজ,মুলধন,উপযুক্ত প্ৰযুক্তিবিদ্যাৰ অভাৱৰ ফলত উৎপাদন কম হয়।

১৩/কৃষি উৎপাদিত সামগ্ৰীসমুহৰ উপযুক্ত দাম পোৱাটো উচিত।

১৪/অসমত প্ৰতিবাৰে বানপানীয়ে বিস্তৰ ক্ষতিসাধন কৰাৰ ফলত কৃষি উৎপাদন নিম্ন হয়।

যদিও আজিকালি গ্ৰাম্য ঋণগ্ৰস্ততা কমি আহিছে,সকলো কৃষকে উপযুক্ত সময়ত কৃষি ঋণৰ পৰা বঞ্চিত হোৱাৰ বাবে বিপদত পৰিবলগীয়া হয়।

এইদৰে কৃষিকাৰ্য আজিকালি কৰিবলৈ গ’লে জৈৱিক সাৰৰ দ্বাৰা কৃষি উৎপাদন বঢ়াব পাৰি।সকলো অঞ্চলতে শাক-পাচলিখিনি সংগ্ৰহ কৰি নাইবা প্ৰতি ঘৰতে পচন সাৰৰ যোগান ধৰিব পৰা যাব।এইটো সকলো মানুহে ভালদৰে জানে যে ৰাসায়নিক সাৰ প্ৰয়োগৰ বাবে মানুহৰ বিভিন্ন ধৰণৰ ৰোগে দেখা দিছে।আনকি পঞ্জাব,হাৰিয়ানা আদিত কৃষি উৎপাদন বেছি হ’লেও বহুতো মানুহে বিভিন্ন ৰোগত আক্ৰান্ত হোৱা দেখা গৈছে।

কৃষিৰ ভুমিকা আৰু অৰ্থনীতিত ইয়াৰ অৱস্থান -

ভাৰতবৰ্ষত কৃষিৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰা হয়।১৯৫১ চনৰ হিচাপত কৃষিৰ পৰা ৫৯ শতাংশ ৰাষ্ট্ৰীয় আয়লৈ বৰঙণি আছিল।অৱশ্যে মুঠ উৎপাদনো তেনেই তাকৰ আছিল।

২০১৪-১৫ চনৰ হিচাপত কৃষিখণ্ডৰ পৰা ৰাষ্ট্ৰীয় আয়লৈ ১৯ শতাংশহে বৰঙণি যোগাইছিল।

আজি ভাৰতত প্ৰায় ৫০ শতাংশ লোকে পৰোক্ষ আৰু প্ৰত্যক্ষভাৱে কৃষিৰ লগত জড়িত হ’লেও উৎপাদন যথেষ্ট নহয়।কিন্তু উন্নত দেশ কিছুমান যেনে- আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইংলেণ্ডত ৩ শতাংশ লোকহে কৃষিৰ লগত জড়িত হৈ আছে।কিন্তু তেওঁলোকে নিজৰ দেশৰ খাদ্য যোগানৰ উপৰি বহু পৰিমাণে শস্য ৰপ্তানি কৰিব পাৰিছে।

কাৰণ তেওঁলোকে বৈজ্ঞানিক পদ্ধতিৰে কৃষি উৎপাদন বহুল ভিত্তিত কৰিছে।আচলতে কৃষিৰ পৰা জনমুৰি উৎপাদন কিমান সেইটো ডাঙৰ কথা।জনমুৰি উৎপাদন বৃদ্ধি হোৱা মানে কৃষিকাৰ্যত দেশ এখনে এটা দিশত আগবাঢ়িব পাৰিছে।কিন্তু গুণগত উৎপাদনো অত্যন্ত গুৰুত্বপুৰ্ণ কথা।

বছৰটোত কিমানটা শস্য চপাব পাৰিছে,সেয়াই কৃষকৰ জীৱনৰ উন্নতিৰ মাপকাঠী বুজায়।মিশ্ৰ কৃষিৰ দ্বাৰাও কৃষকসকলে যথেষ্ট উৎপাদন বৃদ্ধি কৰিব পাৰে।

তলত উল্লেখ কৰা কথাকেইটা মন কৰিবলগীয়া -

১/কিমান আগ্ৰহী কৃষকে প্ৰশিক্ষণ আৰু কৃষি সা-সঁজুলি কৃষি বিভাগৰ যোগেদি লাভ কৰি উপযুক্ত প্ৰশিক্ষণ লৈ নিজৰ কৰ্মক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰিছে।আৰু তাৰ ফলত আগৰ বছৰবিলাকত তুলনাত মুঠ উৎপাদন বছৰি কিমানকৈ বাঢ়িছে।

২/এই কথাটোও গুৰুত্বপুৰ্ণ যে প্ৰতিজন কৃষকৰ খেতিৰ মাটি কিমান আৰু গ্ৰীষ্মকালীন আৰু শীতকালীন শস্যৰ কিমান মাটিকালিত উৎপাদন কৰিব পাৰিব।তাৰ বাবে চৰকাৰে ব্যৱস্থা লোৱাটো অত্যন্ত দৰকাৰী কথা।কাৰণ তেতিয়াহে কৃষি পৰি কল্পনাত সা-সুবিধাৰ দিশটো প্ৰয়োগ কৰিব পাৰিব।

৩/এক বছৰত কিমানটা শস্য চপাব পাৰিছে আৰু প্ৰতিবিঘা মাটিত উৎপাদনৰ পৰিমাণ কিমান?

৪/জৈৱিক সাৰ কিমান কৃষিভুমিত ব্যৱহাৰ কৰিব পাৰিছে।

৫/জনসঞ্চিনৰ ব্যৱস্থা বা কেনে সুবিধা আছে।

৬/বেংক লোন কৃষকসকলে লৈছে যদি সেই লোনৰ দ্বাৰা উৎপাদনত কিমান শতাংশ বৃদ্ধি হৈছে আৰু বৰ্তমান লোনৰ পৰিস্থিতি কেনে ধৰণৰ।

৭/এইবোৰ প্ৰশ্নৰ উত্তৰ পোৱাৰ পিছত কৃষি পৰিকল্পনাত কিছু পৰিমাণে হ’লেও সহায় হ’ব।

লেখক: চন্দ্ৰমোহন কলিতা (নিয়মীয়া বাৰ্তা)

2.91428571429
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top