অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অসমৰ কৃষিখণ্ড :

অসমৰ কৃষিখণ্ডৰ বিষয়ে লিখা হৈছে ।

 

অসম কৃষিপ্ৰধান ৰাজ্য। ৰাজ্যৰ ৭০ শতাংশতকৈও অধিক লোক প্ৰত্যক্ষভাৱে কৃষি আৰু অন্য আনুষংগিক কাম-কাজত নিয়োজিত। সেয়ে ৰাজ্যত জলসিঞ্চনৰ প্ৰয়োজনীয়তা অনস্বীকাৰ্য। কিন্তু দুখৰ বিষয়- এতিয়াও ৰাজ্যৰ দৰিদ্ৰ কৃষকে বৰষুণৰ পানীক নিৰ্ভৰ কৰিয়েই খেতি কৰিবলগীয়া হয়। পানীৰ অভাৱত অধিকাংশ খেতিয়কৰে অৱস্থা তথৈবচ। ২০০৯ বৰ্ষত খৰাং পৰিস্থিতিৰ বাব্দ ৰাজ্যৰ দৰিদ্ৰ কৃষকে সময় মতে খেতি কৰিব নোৱাৰিলে। ইমানৰ পিছতো নিষ্ক্ৰিয় ভূমিকা পালন কৰি আছে ৰাজ্যৰ জলসিঞ্চন বিভাগে। ২০১০ বৰ্ষত বিভাগীয় এক বৈঠকত দহদিনৰ ভিতৰত নলাসমুহ, আঁচনিসমূহ মেৰামতি কৰি কৃষকৰ পথাৰত পানী দিয়া হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল যদিও কাৰ্যক্ষেত্ৰত একো কামেই হৈ নুঠিলগৈ। অসমৰ মুঠ মাটিকালি ৭৮.৪৪ লাখ হেক্টৰ। ইয়াৰ ভিতৰত মুঠ কৃষিভূমিৰ পৰিমাণ ৪০.৮৭ লাখ হেক্টৰ। ২০০৪-০৫ বৰ্ষৰ অৰ্থনৈতিক জৰীপ মতে ইয়াৰে মাত্ৰ ১১.২৬ লাখ হেক্টৰতহে জলসিঞ্চনৰ ব্যৱস্থা কৰিব পৰা হৈছেফৈ। ২০০৮-০৯ বৰ্ষৰ অসমৰ অৰ্থনৈতিক সমীক্ষা মতে মুঠ শস্যভূমিৰ মাত্ৰ ২৭ লাখ হেক্টৰতহে জলসিঞ্চনৰ বাবে প্ৰয়োজনীয় আঁচনি গ্ৰহণ কৰা হৈছে। ইয়াৰে ১০ লাখ হেক্টৰ কৃষিভূমিত বহুমূখী আৰু মধ্যমীয়া জলসিঞ্চন প্ৰকল্পৰে আৰু ১৭ লাখ হেক্টৰত ক্ষুদ্ৰ জলসিঞ্চন আঁচনিৰ অধীনত সামৰি ল’ব বিচৰা হৈছে। সেই কাম এতিয়াও সম্পূৰ্ণ হৈ উঠা নাই। এনে পৰিস্থিতিত দৰিদ্ৰ কৃষক ৰাইজ বৰষুণ বিনে পানীৰ অভাৱত বিবুদ্ধিত পৰাটো স্বাভৱিক। ২০০৭-০৮ বৰ্ষত বিভাগে ১৬২০ হেক্টৰ কৃষিভূমিত জলসিঞ্চনৰ লক্ষ্য নিৰ্ধাৰণ কৰি লৈছিল যদিও মাত্ৰ ৮১৪ হেক্টৰতহে সুবিধাৰ সৃষ্টি কৰিব পাৰিলে। কৃষকৰ উন্নতিৰ বাবে কৃষি বিভাগৰো ফলপ্ৰসূ পদক্ষেপৰ অভাৱ। যিবিলাক আঁচনি বিভাগটোৱে ৰুপায়ণ কৰে সেইবোৰ আঁচনি প্ৰকৃত কৃষকৰ ওচৰ নাপায়গৈ। ইপিনে বানপানী –গৰাখহনীয়াৰ সমস্যা আছেই। ৰাজ্যৰ মুঠ কৃষিভূমিৰ ২৩ শতাংশই বানপানী বা খৰাংপ্ৰৱণ। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ তথ্য মতে ২০০১ চনৰ ৩১ মাৰ্চৰ পৰা ২০০৯ চনৰ জুলাই পৰ্যন্ত বান আৰু গৰাখহনীয়াৰ ফলত ৮৫ লাখ ৭৮ হাজাৰ ৫২৩ টা পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে। অকল ২০০৬-০৭ বৰ্ষতেই অসমৰ বিভিন্ন জিলাত মুঠ ৮২১.৮৩ হেক্টৰ মাটি গৰাখহনীয়াত পৰিছে। ইয়াৰ উপৰি অসমৰ ৮৩ শতাংশ কৃষকেই ক্ষুদ্ৰ আৰু উপান্ত কৃষক। অসমত গড় মাটি পট্টা ১.১৫ হেক্টৰহে। এই সকলোবোৰ মিলি ৰাজ্যৰ কৃষিখণ্ডৰ সৰ্বাংগীণ বিকাশ সম্ভৱ হোৱা নাই। সেয়ে জনসংখ্যাৰ অধিকাংশ লোক কৃষিখণ্ডৰ সৈতে জড়িত থাকিও ৰাজ্যৰ মুঠ ঘৰুৱা উৎপাদনলৈ কৃষিখণ্ডৰ অৱদান আজিও ৩০-৩৫ শতাংশৰ ভিতৰতেই সীমাবদ্ধ হৈ আছে। ১৯৯৯-২০০০ ত আছিল ৩২.২৪ শতাংশ, ২০০৩-০৪ ত ৩১.১৯ শতাংশ। ২০০৭-০৮ ত ই উদ্বেগজনকভাৱে হ্ৰাস পাই হ’লগৈ ২২.৮৫ শতাংশ। কৃষিখণ্ডৰ সাৰ্বিক গড় উন্নয়নৰ হাৰ অষ্টম পঞ্চবাৰ্ষিক পৰিকল্পনাত আছিল ১.১৩ শতাংশ। নৱম পৰিকল্পনাত ই হ’লগৈ ০.৩৯ শতাংশ। আৰু অৰ্থনৈতিক জৰীপৰ পূৰ্বানুমান মতে দশম পৰিকল্পনাৰ সমাপ্তিত হ’বগৈ ০.২৭ শতাংশ। এই গতিৰে আগবাঢ়িছে অসমৰ কৃষিখণ্ড। চাউল, ফলমূল, পাচলিৰ পৰা আৰম্ভ কৰি বিভিন্ন খাদ্যশস্য , মাছ, কণী, কুকুৰা অসমলৈ সকলো আহে ৰাজ্যৰ বাহিৰৰ পৰা। অথচ অসমত কৰিব পৰা সকলো সুবিধাই আছে। কেতবোৰ ঋণাত্মক অভিযোগৰ মাজতো দুই-এজন দক্ষ আৰু সৎ কৃষি বিষয়াৰ বাবে সামান্য কাম হৈছে। কিন্তু অসম কেতিয়া স্ব-নিৰ্ভৰশীল হ’ব?

বিভাগীয় পুঁজিৰ ব্যৱহাৰ -

বিভাগীয় পুঁজি ব্যৱহাৰৰ ক্ষেত্ৰত দেখুওৱা ব্যৰ্থতাৰ বাবে কিদৰে ৰাজ্যৰ ক্ষুদ্ৰ আৰু উপান্ত কৃষকসকল বঞ্চিত হ’বলগীয়া হৈছে তাৰ এক নমুনা উদঙাই দিছে কেগৰ (মহাগাণনিক )প্ৰতিবেদনে। ২০০৯ বৰ্ষৰ প্ৰাৰম্ভতে (২০০৮ ৰ ৩১ মাৰ্চ পৰ্যন্ত বিভাগীয় বৰ্ষৰ বাবে) দাখিল কৰা প্ৰতিবেদনে দেখুৱাইছে যে বানপীড়িত ক্ষুদ্ৰ আৰু উপান্ত কৃষকৰ কল্যাণৰ বাবে আৱণ্টিত ধনৰ ১.৫৫ কোটি টকা ব্যৱহাৰ কৰাত কৃষি বিভাগ বিফল হৈছে। ৰাজ্য চৰকাৰে দুৰ্যোগ সাহায্য পুঁজিৰ অধীনত ৪.৯৮ কোটি টকাৰ মঞ্জুৰি দিছিল। কৃষি সঞ্চালকে ৫,২৫,৩০০০ জন ক্ষুদ্ৰ আৰু উপান্ত কৃষক আৰু ১,২৭,৫০০ বিঘা প্লাবিত ভূমিক সামৰি কাৰ্যসূচী ৰুপায়ণৰ বাবে ২৫ জন উপায়ুক্তক এই ধন মুকলি কৰি দিছিল। ট্ৰেক্টৰ আৰু নাঙলৰ ভাৰা হিচাপে এই সাহায্য দিবলগীয়া আছিল। কৃষি সঞ্চালকৰ নথি-পত্ৰ আৰু সংগৃহীত তথ্যৰ ভিত্তিত ওলাই পৰিছিল যে উপায়ুক্তসকলে ৩.৪৩ কোটি টকাহে ব্যৱহাৰ কৰিছিল। ৩,৪৩,২৯৭ জন কৃষকক উক্ত কাৰ্যসূচীৰে সামৰি লোৱা হৈছিল যদিও ৮২,০০৩ জন কৃষক ভূমি চহাবলৈ ৰৈ গৈছিল। অৱশিষ্ট ১.৫৫ কোটি টকাৰ ১০.৭৭ লাখ টকা উপায়ুক্তসকলে দুৰ্যোগ সাহায্য পুঁজিলৈ ঘূৰাই পঠিয়ায় আৰু বাকী ১.৩৩৩ কোটি টকা কৃষি সঞ্চালকক ঘূৰাই দিয়া হয়। বাকী ১১.২৩ লাখ টকা ৩ জন উপায়ুক্তই কৃষি সঞ্চালকৰ নিৰ্দেশ পোৱা সত্ত্বেও ৩ বছৰতকৈ অধিক কাল আৱদ্ধ কৰি ৰাখিছিল। গুৰুত্বপূৰ্ণ কথাটো হ’ল ব্যয় নোহোৱা সৰ্বমুঠ ১.৪৪ কোটি টকা আবদ্ধ কৰি ৰখাৰ কাৰণ আৰু দুৰ্যোগ সাহায্য পুঁজিত জমা নিদিয়াৰ কাৰণ নথি-পত্ৰত বিচাৰি নাপালে মহাগাণনিকে। তেতিয়াৰ কৃষি সঞ্চালকে কেগক জনাইছিল যে ট্ৰেক্টৰৰ বৰ্দ্ধিত ভাৰা, অসুচল সময় আৰু বতৰানুকুল শস্যৰ অভাৱত পুঁজি সম্পূৰ্ণকৈ ব্যৱহাৰ কৰা নাছিল। ২০০৭ চনৰ আগষ্টত চৰকাৰক এই বিষয়ক প্ৰতিবেদন দিয়া হৈছিল যদিও ২০০৮ চনৰ ছেপ্টেম্বৰলৈ এই সম্পৰ্কত কোনো উত্তৰ নাপালে।

জলসিঞ্চনক লৈ ল’ৰাধেমালি -

যিবিলাক প্ৰকল্পত ইতিমধ্যে বুজন পৰিমাণৰ ধন বিনিয়োগ কৰা হৈছে আৰু যিবিলাক প্ৰকল্পত ৰাজ্য চৰকাৰে নতুনকৈ বিনিয়োগ কৰাৰ সামৰ্থ্য নাই তেনে জলসিঞ্চন, বহুমুখী প্ৰকল্পৰ কাম ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰাৰ প্ৰধান লক্ষ্যৰে দ্ৰুত জলসিঞ্চন কল্যাণ  কাৰ্যসূচী (এ আই বি পি) প্ৰৱৰ্তন কৰা হৈছিল ১৯৯৬-৯৭ চনত। পৰৱৰ্তী সময়ত এ আই বি পিৰ অধীনত ক্ষুদ্ৰ জলসিঞ্চন প্ৰকল্প ৰুপায়ণৰ কামো ১৯৯৯-২০০০ চনত সামৰি লোৱা হৈছিল। এ আই বি পিৰ অধীনত ৰাজ্যৰ ১০ টা বৃহৎ আৰু মজলীয়া , ২৮৯ টা ক্ষুদ্ৰ জলসিঞ্চন প্ৰকল্প সামৰি লোৱা হৈছিল। (২০০৭-০৮) ইয়াৰে মাত্ৰ চাৰিটা বৃহৎ, মজলীয়া আৰু ১১৪ টা ক্ষুদ্ৰ জলসিঞ্চন প্ৰকল্প ২০০৮ চনৰ মাৰ্চত সম্পূৰ্ণ হৈছিল। হিচাপ পৰীক্ষাৰ সময়ত পৰিলক্ষিত হোৱা গুৰুত্বপূৰ্ণ বিষয়সমূহ আছিল এনেধৰণৰ-

কেন্দ্ৰীয় চৰকাৰে দিয়া পুঁজিৰ অংশ ৰাজ্য চৰকাৰে কমকৈ মুকলি কৰি দিয়াৰ উপৰি ৰাজ্যিক অংশ মোকলাই নিদিয়া, ৰুপায়ণকাৰী সংস্থাসমূহক পুঁজি কমকৈ মুকলি কৰি দিয়াৰ ফলত প্ৰকল্পসমূহ সম্পূৰ্ণকৰণত ১০ ৰ পৰা ৩৬৭ দিনৰ বিলম্ব ঘটিছিল।

নিৰ্ধাৰিত সময়ত কোনো এটা বৃহৎ বা মজলীয়া প্ৰকল্প সম্পূৰ্ণ কৰিব পৰা হোৱা নাছিল । প্ৰকল্প সম্পূৰ্ণ হোৱাত ৭ ৰ পৰা ৩০ বছৰ পৰ্যন্ত বিলম্ব ঘটিছিল।

৩৫৯.২৩ হেজাৰ জলসিঞ্চন সম্ভাৱনীয় শক্তিৰ নিৰ্ধাৰিত লক্ষ্যৰ বিপৰীতে কেৱল ১২২.৩২ হাজাৰ হেক্টৰতহে কৃতকাৰ্যতা লাভ কৰিছিল।

পানীৰ নিৰিখৰ বাবদ পাবলগীয়া ৩৮.৯৪ কোটি টকাৰ বিপৰীতে কেৱল ২২ লাখ টকা (০.৫৬ শতাংশ) আদায় কৰিব পাৰিছিল।

কোনোবাজন হ’লগৈ ৰিক্সাৱালা, কোনোবাজন:

বানপানী, গৰাখহনীয়া, খৰাং পৰিস্থিতিৰ বাবেই ৰাজ্যৰ লক্ষ লক্ষ কৃষকৰ বিলাই-বিপত্তিৰ সীমা-সংখ্যা নোহোৱা হৈছে। উপান্ত ক্ষুদ্ৰ কৃষকসকলৰ অন্যান্য সমস্যাসমূহতো আছেই। ফলত নিজৰ বৃত্তি এৰিবলৈ বাধ্য হৈছে কৃষকসকল। বুজনসংখ্যক কৃষকে মাট-বাৰী হেৰুৱাই গুৱাহাটী মহানগৰীলৈ ঢাপলি মেলিছে কিবা এটা কৰি পেটৰ ভাতমুঠি মোকলাবলৈ। কিন্তু গুৱাহাটীলৈ আহি কৃষকসকলে কৰিছে কি? কোনোবাই যদি ৰিক্সা বা ঠেলা চলাইছে, কোনোবাই হাজিৰা কামত লাগিছে, কোনোবাজনে হোটেলত কৰ্মচাৰীৰুপে কাম কৰিছে। গুৱাহাটীত কোম্পানীত চাকৰি কৰোঁ বোলা বহুতে কোম্পানীত নিয়োজিত হয় ছিকউৰটি গাৰ্ডৰুপে। কিছুসংখ্যক গুচি যায় লক্ষ্ণৌলৈ বুলি কোম্পানীত কাম বিচাৰি। ঢকুৱাখনাই হওক বা বৰপেটাই হওক, ধুবুৰীয়েই হওক বা লখিমপুৰ- সকলোৰে একেই অৱস্থা।

টিক্ৰিকিলাৰ ৰামচন্দ্ৰ ৰাভাৰ নিজা মাটি মাত্ৰ তিনিবিঘা। পাৰিলে আধিলৈয়ো লয় কেতিয়াবা। কিন্তু সেই ধানেৰে বছৰটো খাবলৈ নোজোৰে। সেয়ে খেতি নথকা সময়ত ৰামচন্দ্ৰ গুৱাহাটীলৈ আহে। আগতে হাজিৰা কৰিছিল। এইবাৰ হাতীগড়-অনুৰাধা ৰাস্তাত ৰিক্সা চলাবলৈ লৈছে। বামুণীমৈদাম কলনীত ৮০০ টকীয়া এটা কোঠাত চাৰিজনে ভাড়া কৰি থাকে। ৰামচন্দ্ৰই ক’লে- ‘চাইনিজ’ ধানৰ খেতিৰ বতৰ আহিব। তেতিয়া পুনৰ গাঁৱলৈ যাম’।

বৰপেটা জিলাৰ মাজগাঁৱৰ হজৰত খণ্ডকাৰৰ (৩০) বানপানীয়ে সকলো ধুই নিলে। অসহায় হজৰত গ’ল ২০০৮ বৰ্ষত কাম বিচাৰি। লক্ষ্ণৌত কোম্পানীৰ কাম কৰে হজৰতে।

বাগচা জিলাৰ আনন্দবজাৰৰ গোপনে কলিতাক বানপানীয়ে কৃষকৰ পৰা হোটেলৰ কৰ্মচাৰী কৰিলে। গুৱাহাটীৰ সাধাৰণ হোটেলত কাম কৰে গোপনে।

এয়া মাথোঁ তিনিখন জিলাৰ তিনিজন কৃষকৰ উদাহৰণহে।

গোবৰ, গোমূত্ৰৰ পৰা প্ৰসাধন সামগ্ৰী -

গোমূত্ৰ আৰু গোবৰ ব্যৱহাৰ কৰি এইবাৰ প্ৰসাধন সামগ্ৰী, ধূপকাঠি, টুথপেষ্ট আদি প্ৰস্তুত কৰিব নাগপুৰৰ গো-বিজ্ঞান অনুসন্ধান কেন্দ্ৰই। গো-ধন সম্পৰ্কীয় গৱেষণাৰ বাবে পৰিচিত কেন্দ্ৰটোৱে ইতিমধ্যে গোমূত্ৰ-গোবৰৰ আয়ুৰ্বেদিক ঔষধ প্ৰস্তুত কৰি সমাদৰ লাভ কৰিছে। কেন্দ্ৰটোৱে বিভিন্ন ছালৰ ৰোগ, মেদবহুলতা, মূত্ৰাশয়ৰ বিভিন্ন ৰোগৰ উপৰি আন কেইবাবিধো ৰোগৰ চিকিৎসা সেৱাও এখন ক্লিনিকৰ জৰিয়তে আগবঢ়াই আহিছে। কেন্দ্ৰৰ সহযোগত অসম কৃষি বিশ্ববিদ্যালয়েও বিভিন্ন প্ৰকল্প চলাই আছে।

চাউলৰ উৎপাদন বৃদ্ধি: ধাৰাবাহিকতা থাকিবনে?

২০০৮-০৯ বিত্তীয় বৰ্ষত অভিলেখ পৰিমাণৰ চাউল উৎপাদন হৈছে। চৰকাৰীভাৱে কোৱা হৈছে যে ১৯৫১ চনৰ পাছত এটা বিত্তীয় বৰ্ষত ইমান চাউল উৎপাদন হৈছে। চৰকাৰীভাৱে কোৱা হৈছে যে ১৯৫১ চনৰ পাছত এটা বিত্তীয় বৰ্ষত ইমান চাউল কেতিয়াও উৎপাদন হোৱা নাছিল। কৃষি বিভাগৰ তথ্য মতে- ২০০৮-০৯ বিত্তীয় বৰ্ষত ২৪.৮৪ লাখ হেক্টৰ মাটিত কৰা ধানখেতিৰ পৰা ৪০.৬৯ লাখ মেট্ৰিকটন চাউল উৎপাদন হৈছে। ৰাজ্যৰ জনসংখ্যাৰ বিপৰীতে ১৭৮ লাখ মেট্ৰিকটন উদ্ধৃত্ত চাউল উৎপাদন হৈছে বুলি চৰকাৰীভাৱে কোৱা হৈছে। ইয়াৰ পূৰ্বে ২০০০-০১ চনত ৩৯.৯৮ লাখ মেট্ৰিকটন চাউল উৎপাদন হৈছিল। ২০০৮-০৯ বৰ্ষত চাউল বেছিকৈ উৎপাদিত হৈছে যদিও অসমত চাউলৰ উৎপাদন সন্তোষজনক নহয়। বৰ্ং বিগত সময়ছোৱাত জনসংখ্যাৰ তুলনাত চাউলৰ উৎপাদন কমহে হৈছে। প্ৰাপ্ত তথ্য মতে- ২০০৩ চনৰ পৰা ২০০৮ বৰ্ষ পৰ্যন্ত অসমত ৩৪.৮৮ লাখ মেট্ৰিকটন চাউল প্ৰয়োজনতকৈ কমকৈ উৎপাদিত হৈছে।

বৰ্ষ

প্ৰয়োজনৰ তুলনাত হোৱা ঘাটি(লাখ মেট্ৰিকটন হিচাপত)

২০০৪-০৫

৩.৭২

২০০৫-০৬

৩.০৯

২০০৬-০৭

১৩.৭৫

২০০৭-০৮

১৪.৩২

 

লেখক: অৰুপ শাণ্ডিল্য

উৎস: কৃষি বাণিজ্যিকীকৰণ আৰু উদ্যোগমুখিতা (আধুনিক কৃষিকথা)

3.21052631579
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top