মূল পৃষ্ঠা / কৃষি / অসমৰ খেতিসমূহ / কঙালীৰ ভয়াবহতা দূৰ কৰাত ৰবি শস্যৰ ভূমিকা:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কঙালীৰ ভয়াবহতা দূৰ কৰাত ৰবি শস্যৰ ভূমিকা:

কৃষিজীৱি অসমীয়া সমাজখনৰ জাতীয় উৎসৱ হ’ল বিহু

কৃষিজীৱি অসমীয়া সমাজখনৰ জাতীয় উৎসৱ হ’ল বিহু।ঋতুৰ ওপ্ৰত নিৰ্ভৰ কৰি বিহুক ৰঙালী,কঙালী আৰু ভোগালী এই তিনি প্ৰকাৰত বিভক্ত কৰা হৈছে।কৃষি ভিত্তিক এই বিহু উৎসৱৰ প্ৰতিটোৰে আছে সুকীয়া সুকীয়া বৈশিষ্ট্য।বহাগ মাহত আৰম্ভ হোৱা ৰঙালী বিহু অহাৰ লগে লগে যেনেদৰে ডেকা-গাভৰুৰ মনত ৰং তামচাৰ মনোভাৱ গঢ়ি উঠে ঠিক তেনেদৰে মাঘ মাহাত পালন কৰা ভোগালী বিহু ওচৰ চপাৰ লগে লগে অসমীয়া মানুহৰ মনত ভোগ বিলাসৰ উৎসাহ এটি জাগি উঠে।ঠিক এনেদৰেই কাতি মাহত পালন কৰা কঙালী বিহুৰ কথা মনত পৰাৰ লগে লগে অভাৱ-অনাতনেৰে পৰিপূৰ্ণ দুৰ্বিষহ দিন কেইটিমানৰ কথা মনলৈ আহে।কঙালী নামৰ এই অৰ্থপূৰ্ণ শব্দটিয়ে যেন কৃষিজীৱি অসমীয়া সমাজখনৈ কঢ়িয়াই আনে এক ভয়াবহু দিনৰ আগলি বতৰা।যাৰ বাবে এই বিহুত অসমীয়া সমাজখনে শস্য সম্ভৱা লখিমীৰ শুভ কামনাৰে খেতি পথাৰত ঔ টেঙাৰ খোলাৰে চাকি জ্বলাই পূজা-অৰ্চনা কৰে।সেই দিনাখনৰ চাকিৰ পোহৰে যেনেদৰে খতিপথাৰখন উজ্বলি উঠে খেতিয়ক ৰাইজে তাকেই কামনা কৰে।

কিন্তু আজি বিজ্ঞানৰ অগ্ৰগতিৰ লগে লগে কাতি বিহু সম্পৰ্ক্ত আমাৰ সমাজত প্ৰচলিত অভাৱ অনাতন বা দুৰ্বিষহ দিনৰ ভয়াবহ ধাৰণাটো যেন লাহে লাহে লোপ পাবলৈ আৰম্ভ কৰিছে।ইয়াৰ মূলতে হ’ল আহিণ-কাতি মাহ পৰাৰ লগে লগে পৰম্পৰাগতভাৱে কৃষি কৰ্মত নিয়জিত জনসাধাৰণৰ ভৰাল যেনেদৰে উদাং হৈ পৰিছিল,বৰ্তমান কৃষি বিজ্ঞানী সকলে গৱেষণাৰ জৰিয়তে উদ্ভাৱন কৰা নানান ধৰণৰ উন্নত জাতৰ(হাইব্ৰীড)আগতীয়া ধান নাইবা শাক-পাচলি আদিৰ প্ৰচলনে খেতিয়ক সকলৰ প্ৰচলনে খেতিয়ক সকলৰ আহিণ-কাতি মহীয়া সেই অভাৱ-অনাতন বহু পৰিমাণে লাঘৱ কৰিবলৈ সক্ষম হৈছে।লখিমীক কেন্দ্ৰ কৰি কঙালী বিহুৰ ধাৰণাটো জড়িত হৈ আছে বাবে এই লেখাত ধানখেতিৰ কথা উপস্থাপন কৰা হ’ল যদিও আমাৰ এই লেখাৰ মূল উদ্দেশ্য হৈছে আহিণ-কাতি মাহত উৎপাদন হোৱা ৰবিশস্য শাক-পাচলিহে।ইয়াৰ কাৰণ হ’ল কঙালী বিহুৰ ভয়াবহ ধাৰণাটো অৰ্থনীতিৰ সৈতে অঙ্গাঙ্গীভাৱে জড়িত; আনহাতে সম্প্ৰতি কৃষি বিজ্ঞানী সকলে এই আহিণ-কাতি মাহত উৎপাদন কৰিব পৰা বিভিন্ন উন্নত জাতৰ শাক-পাচলিয়ে কৃষক সকলৰ এই সময়ত অৰ্থনৈতিক মণ্ডাৱস্থাৰ পৰিৱেশ তথা ধাৰণাটো যিহেতু বহুখিনি লাঘৱ কৰিবলৈ সক্ষম হৈছে;সেই দৃষ্টিকোণৰ পৰা আগতীয়া ৰবিশস্যৰ বিষয়ে এই লিখাত আলোচনা কৰা নিশ্চয় যুক্তিযুক্ততা আছে।

সাধাৰণতে বতৰৰ ফল-মূল বতৰত লগাটো প্ৰকৃতিক নিয়ম যদিও কৃষক তথা উপভোক্তা ৰাইজৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি কৃষি বিজ্ঞানী সকলে শেহতীয়াকৈ নানান গৱেষণাৰ জৰিয়তে বতৰৰ খেতি কেনেদৰে আবতৰতে কৃষিকাৰ্যতাৰে উৎপাদন কৰিব পৰা যায় তাৰ কৌশল উদ্ভাৱন কৰি উলিয়াইছে।আবতৰত উৎপাদন কৰিব পৰা কৃত্ৰিম জাতৰ এই শস্য সমূহক হাইব্ৰীড শস্য বুলি কোৱা হয়।উন্নত জাতৰ এই আবতৰীয়া শস্যবোৰৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট হ’ল ইয়াৰ পুলিবোৰ সূৰ্যৰ অতিৰিক্ত তাপ সহন ক্ষমতা অধিক বেছি আৰু ই প্ৰয়োজনী সাৰ-পানী অধিক পৰিমাণে শোষণ কৰিব পাৰে।যাৰ ফলত এই বিলাক শস্যৰ উৎপাদনো যথেষ্ট বৃদ্ধি পায় আৰু খেতিয়ক সকল অধিক লাভৱান হ’বলৈ সক্ষম হয়।অৰ্থনৈতিক দিশত লাভৱান হোৱা বাবে বৰ্তমান খেতিয়ক সকলে এই আগতীয়া শাক-পাচলিবোৰ কৰাত অধিক গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হৈছে।

অবতৰত উৎপাদন কৰিব পৰা ৰবিশস্য-

 

এনেদৰে আবতৰত উৎপাদন কৰিব পৰা ৰবিশস্যৰ ভিতৰত অন্যতম হ’ল ফুলকবি,বন্ধাকবি,ওলকবি,বিলাহী,তিয়ঁহ,ব্ৰুকলি আৰু কেপচিকাম আদি।উল্লেখ্য যে তিয়ঁহৰ বাদে বাকীবোৰ পাচলিৰ খেতি কৰিবলৈ হ’লে প্ৰথমতে বীজতলী(পুলি বাৰী)তৈয়াৰ কৰি লোৱাৰ আৱশ্যক।এই পুলিবোৰ সুস্থ সৱল হ’লেহে শস্যবিধৰ উৎপাদন আশা কৰা ধৰণে পাব পাৰি সেয়ে সুস্থ সৱল পুলি উৎপাদনৰ বাবে বীজতলীখন অতি যত্নেৰে প্ৰস্তুত কৰি তোলা অতি প্ৰয়োজনীয়।সাধাৰণতে সকলোবোৰ পাচলিৰ বীজতলী প্ৰস্তুত কৰা প্ৰণালী একে ধৰণৰ।আগতীয়া পাচলিবোৰৰ খেতি কৰিবলৈ হ’লে বীজ সিঁচাৰ উপযুক্ত সময় হ’ল জুলাই মাহৰ 15 তাৰিখৰ পৰা আগষ্ট মাহৰ 15 তাৰিখলৈ।অৰ্থাৎ অসমীয়া শাওণ মাহ।কৃষি বিজ্ঞানী সকলে ঠাৱৰ কৰিছে যে 15 জুলাই বা 30 জুলাইত বীজ সিঁচিলে পাচলি বিধৰ উৎপাদনৰ বৰবেছি তাৰতম্য নহয় যদিও 30 জুলাইত বীজ সিঁচা পাচলিৰ উৎপাদন বিঘাই প্ৰতি 15 কিলোগ্ৰামৰ পৰা 30 কিলোগ্ৰাম কম হয়।সেয়েহে ভাল ফচল লাভ কৰিবলৈ হ’লে উপযুক্ত সময়ত উন্নত জাতৰ বীজ সিঁচা অতি প্ৰয়োজন।

বীজতলী প্ৰস্তুতৰ কাৰণে  মাটি-

 

বীজতলী প্ৰস্তুতৰ কাৰণে এডোখৰ ৰ’দঘাই ওখ সাৰুৱা মাটি বাছনি কৰি ল’ব লাগে।মাটিডৰাত সৰহ পৰিমাণে পছন সাৰ দি হাল-কোৰ বাই মৈয়াই লৈ এক মিটাৰ বহল,20-25 ছে:মি: ওখ আৰু বীজৰ প্ৰয়োজন অনুযায়ী ভেটিটো দীঘলকৈ তৈয়াৰ কৰি ল’ব লাগে।বীজতলীৰ মাটি আলতীয়া হ’লে কিছু পৰিমাণে বালি মিহলাই ল’ব লাগে।মাটিডৰাত বীজাণুমুক্ত কৰিবলৈ 0.1 শতাংশ কেপ্টান বা ফাইটলেন বা 4 শতাংশ শক্তিৰ ফৰমেলিন মিশ্ৰণেৰে ভেটিতোৰ 10-15 ছে:মি: দ’লৈকে মাটিখিনি ভিজি যোৱাকৈ মিহলাই ল’ব লাগে।মাটিদোখৰ দুদিনৰ কাৰণে পলিথিনেৰে ঢাকি ৰখা প্ৰয়োজন।দুদিনৰ পিছত পলিথিনখন আঁতৰাই মাটিডোখৰ কোৰ মাৰি 3-4 দিনলৈ মুকলি কৰি ৰাখিব লাগে।উল্লেখ্য যে জুলাই আগষ্ট মাহত প্ৰায়ে বৰষুণ হয় বাবে বীজতলী যাতে বৰষুণৰ পানীয়ে তিয়াই পেলাব নোৱাৰে তাৰ বাবে ওপৰত পলিথিনৰ চালিৰ ব্যৱস্থা কৰা প্ৰয়োজন।ইয়াৰোপৰি বীজ সিঁচাৰ আগতে বীজতলীৰ মাটিখিনি যাতে পোক-পৰুৱাৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিব পাৰি তাৰ বাবে প্ৰতি বৰ্গমিটাৰ মাটিৰ ভেটিত দহ গ্ৰাম হিচাপে পাঁচ শতাংশ শক্তিৰ মালাথিয়ন পাউদাৰ মিহলাই দিয়া প্ৰয়োজন।ইয়াৰ পিছতো পুলিবোৰত সিঁচিব লগা বীজ খিনি কেপটাফ বা থিৰাম বা বেভিষ্টিন ঔষধেৰে(1 কি:গ্ৰাম বীজত 3 গ্ৰাম) শোধন কৰি বীজবোৰ বীজাণুমুক্ত কৰি ল’ব লাগে আৰু ইয়াৰ পিছতহে বীজতলীত বীজ সিঁচিব লাগে।বীজ সিঁচাৰ পিছয় পৰিষ্কাৰ পচন সাৰ নাইবা গোৱৰৰ গুৰি বালিৰ সৈতে মিহলাই বীজবোৰ পাতলকৈ ঢাকি দি এডাল ঘূৰণীয়া দণ্ডেৰে সমানকৈ হেঁচি দিব লাগে।ভেটিৰ ওপৰভাগ তিতি যোৱাকৈ সম পৰিমাণে পানী দিব লাগে।তাৰ পিছত কলপাত নাইবা খেৰেৰে বীজতলীখন বীজ নগজালৈকে ঢাকি ৰাখিব লাগে।পুলিবোৰ যেতিয়া গজালি মেলিব পুৱা আৰু বিয়লি এবাৰকৈ পাতলীয়া পানী চটিয়াই দিব লাগে।আনহাতে টান ৰ’দ আৰু বৰষুণৰ পৰা ৰক্ষা পাবৰ বাবে বীজতলীখনিত পলিথিন চালি পাতি দিব লাগে।পুলিবোৰৰ বয়স 25-30 দিন হ’লে স্বাস্থ্যবান হৈ উঠে আৰু মূল পথাৰত ৰোপন কৰিবৰ উপযোগী হৈ পৰে।অৱশ্যে বীজতলীৰ পৰা পুলিবোৰ তোলাৰ সাত দিন মান আগৰ পৰা বীজতলীত পানীৰ যোগান কমাই আনিব লাগে।এনে কৰিলে পুলিবোৰ কঠিন হয় আৰু মূল পথাৰত ৰোপন কৰাৰ পিছতো সহজে মৰি নাযায়।পুলিবোৰ তোলাৰ আগতে বীজতলীখনি পানীৰে তিয়াই ল’ব লাগে।এনে কৰিলে পুলিবোৰ উভালি আনোতে শিপাবোৰ চিগি নেযায় আৰু উভালি আনোতেও সহজ হয়।উল্লেখযোগ্য যে ব্যৱসায়ীক ভিত্তিত খেতি কৰিবলৈ হ’লে দ্বিতীয় পুলিবোৰী প্ৰস্তুত কৰাৰ আৱশ্যক।দ্বিতীয় পুলিবাৰীৰ ক্ষেত্ৰতো আগৰ দৰেই মাটিখিনি প্ৰস্তুত কৰি প্ৰথম পুলিবাৰীত পুলিবোৰৰ বয়স 25-26 দিন হোৱাৰ পিছত সাৱধানে উভালি আনি দ্বিতীয় পুলিবাৰীত 5-10 ছে: মি:ৰ ব্যৱধানত শাৰী শাৰীকৈ ৰোপন কৰিব লাগে।দ্বিতীয় পুলিবাৰীত প্ৰথম দুদিনমান ছাঁৰ ব্যৱস্থা কৰাৰ প্ৰয়োজন।পুৱা গধুলি পানীৰ যোগান ধৰিব লাগে।দ্বিতীয় পুলিবাৰীত 10-15 দিন থকাৰ পিছত পুলিবোৰ মূল পথাৰত ৰোপন কৰিব পাৰি।

বীজতলী প্ৰস্তুতৰ কাৰণে আটাইবোৰ শস্যৰ বাবে একে পদ্ধতি অৱলম্বন কৰা হয় যদিও মূল পথাৰখনত পুলি ৰোপন কৰাৰ লগতে পৰিচৰ্যাৰ পদ্ধতি সকলোৰে বাবে কিছু সুকীয়া।সেয়েহে এই লেখাত আমি উদাহৰণ স্বৰূপে কেৱল আগতীয়া ফুলকবি খেতিৰ বিষয়েহে চমুকৈ আলোচনা কৰিব বিচাৰিছোঁ।আগতীয়া ফুলকবিৰ বাবে বাছনি কৰা মূল পথাৰখনত যথেষ্ট পৰিমানে পচন সাৰ বা গোবৰ প্ৰয়োগ কৰি ভালদৰে চহাই লোৱা প্ৰয়োজন।পথাৰত পুলিবিলাক নিৰ্দিষ্ট দূৰত্বত ৰোপন কৰিব লাগে।আগতীয়া ফুলকবিৰ পুলি মূল পথাৰত ৰোপন কৰোতে প্ৰতিটো পুলি আৰু শাৰীৰ ব্যৱধান ডেৰফুট হ’ব লাগে আৰু শেহতীয়া সঁচৰ পুলি ৰোপন কৰোতে প্ৰতিটো পুলি আৰু শাৰীৰ ব্যৱধান দুফুট হোৱা প্ৰয়োজন।সাৰ প্ৰয়োগ কৰাৰ তিনি চাৰিদিন পিছত পুলিবোৰ ৰোপন কৰিব লাগে।কৃষি বিজ্ঞানীসকলে অনুমোদন কৰা মতে ফুলকবি শস্যৰ বাবে এবিঘা মাটিত এক টন গোবৰ বা পচন সাৰ,ইউৰীয়া 22।5 কিলোগ্ৰাম,একক ফচফেট 50 কিলোগ্ৰাম আৰু মিউৰেট অৱ পটাছি 11 কিলোগ্ৰাম ব্যৱহাৰ কৰিব লাগে।সম্পূৰ্ণভাগ গোবৰ,একক চুপাৰ ফচফেট আৰু মিউৰেট অৱ পটাছ আৰু আধাভাগ ইউৰীয়া সাৰ পথাৰত শেসৰ বাৰ মাটি চাহ কৰাৰ আগতে প্ৰয়োগ কৰিব লাগে।বাকী থকা ইউৰীয়া সাৰখিনি পথাৰত পুলি ৰোপন কৰাৰ এমাহৰ পিছত গোবৰৰ লগত মিহলাই পুলিবোৰৰ কাষত লোৰ কৰি সিঁচি দি মাটি জাপি দিব লাগে।প্ৰয়োজন অনুসৰি অন্যান্য সাৰৰ সৈতে বিঘাই প্ৰতি 1 কিলোগ্ৰাম বৰাক্স প্ৰয়োগ কৰিব লাগে।

খেতি পথাৰত পুলি ৰোপন কৰাৰ পিছত পুলিবোৰ সজাল ধৰালৈ প্ৰতিদিনে বিয়লি এবাৰ যোগান ধৰিব লাগে।ইয়াৰ পিছত মাটিৰ আদ্ৰতাৰ ওপৰত নিৰ্ভৰ কৰি 12/15 দিনৰ অন্তৰত একোবাৰ পানীৰ যোগান ধৰিব লাগে।এমাহৰ পিছত যেতিয়া পুলিৰ গুৰিত বাকী থকা ইউৰীয়া সাৰ ভাগ প্ৰয়োগ কৰা হয় তাৰ পিছত পুলিৰ গুৰিত মাটি চপাই দিব লাগে।খেতিডৰাত অপতৃণ গজিলে সাৰ প্ৰয়োগ কৰাৰ আগতে নিৰাই দিব লাগে।সাৰ প্ৰয়োগৰ 2/3 দিন পিছত প্ৰয়োজন সাপেক্ষে পাতলীয়াকৈ পানীৰ যোগান ধৰিব লাগে।প্ৰথমবাৰ বনবাত নিৰাই দিয়াৰ পিছত 20/25 দিনৰ ব্যৱধানত আকৌ বনবাত নিৰাই দিব লাগে।আনহাতে কবি খেতি কৰাৰ আৰম্ভণীতে যদি প্ৰয়োজন হয় বিঘাই প্ৰতি 1 কিলোগ্ৰাম চডিয়াম বা এমানিয়াম মলিবডেট সাৰ গছৰ গুৰিৰ মাটিত প্ৰয়োগ কৰিব লাগে।ইয়াৰ পৰিৱৰ্তে মলিবডেনাম সাৰৰ উপাদান মলিমেক্স পুলিৰ গুৰিৰ মাটিত প্ৰয়োগ কৰিব পাৰি।

খেতিডৰাত যাতে কোনো ৰোগ বা পোক পৰুৱাই আক্ৰমণ কৰিব নোৱাৰে তাৰ বাবে নিয়মিত চোৱা-চিতা কৰা প্ৰয়োজন।কবিৰ পাতখোৱা পোক ব মোৱা পোকে আক্ৰমণ কৰিলে 1.5 মিলিটাৰ মালাথিয়ন ঔষধ 1 লিটাৰ পানীত মিহলাই শস্যৰ পাটত চটিয়াই দিব লাগে।আনহাতে মাটিত থকা ভুৰ পোক,উ’ই,ৰঙা পৰুৱা,কুমটি আদিৰ পৰা খেতিডৰা ৰক্ষা কৰিবলৈ পুলি ৰোপন কৰাৰ আগতে মাটিডৰাত বিঘাই প্ৰতি 2.5 কিলোগ্ৰামকৈ 5 শতাংশ মালাথিয়ন পাউদাৰ প্ৰয়োগ কৰিব লাগে।কবিৰ গুৰি পছা বা ব্লেক ৰ’ট বেমাৰৰ প্ৰতিকাৰৰ বাবে এগ্ৰমাইচিন নামৰ দ্ৰব প্ৰতিলিটাৰ পানীত 100 মিলিগ্ৰাম হিচাবে মিহলাই পুলি ৰোপন কৰাৰ আগতে ধুই বা ডুবাই ল’ব লাগে।পুলি ৰোপনৰ এশ দিন মানৰ ভিতৰত কবি খাব পৰা অৱস্থা হয়।মন কৰিবলগীয়া যে শস্য চপোৱাৰ 10/12 দিন আগতে কেতিয়াও পাতত ঔষধ প্ৰয়োগ কৰিব নালাগে।পুচা,কেটকী,পুচা দিপালী,আৰ্লি কুঁৱৰী,চিলেকটিভ আৰ্লি দ’ন,আৰ্লি চাইনিজ প্ৰিন্স,হেভী চিলভাৰ প্লেট,জৱাহৰ মতি আদি আগতীয়াকৈ ৰোপন কৰিব পৰা ফুল কবিৰ সঁচ।এই সঁচবোৰৰ উৎপাদন বিঘাই প্ৰতি 8.5 কুইন্টলৰ পৰা 10.8 কুইন্টললৈ হয়।বৰ্তমান হিচাপত ইয়াৰ বজাৰ মূল্য কুইন্টলে প্ৰতি 3000 পৰা 3500 টকা।গতিকে এনে ধৰণৰ লাভজনক আগতীয়া ৰবি শস্যৰ উৎপাদনে আমাৰ সমাজত প্ৰচলিত কঙালীৰ ভয়াবহ দিনৰ ধাৰণা আঁতৰ কৰাত যথেষ্ট পৰিমাণে বৰঙণি যোগাবলৈ সক্ষম হৈছে।

(উল্লেখযোগ্য যে বৰ্তমান পলিথিনৰ বহুলনে আগতীয়াকৈ বৰষুণ আৰু প্ৰখৰ ৰ’দৰ বতৰত পুলি উৎপাদনল সম্ভ হৈ পৰিছে।পূৰ্বতে ইয়াৰ প্ৰচলন কম আছিল বাবে খেতিয়ক সকলে আগতীয়াকৈ শাক-পাচলি আদি ৰবিশস্যৰ খেতি কৰা অতি কঠিন হৈ পৰিছিল।কিন্তু বিজ্ঞানৰ অগ্ৰগতিৰ ফলত আজিকালি এনেকুৱা কিছুমান পলিথিন প্ৰস্তুত কৰিছে যিবোৰে নেকি শীতকালত পলিথিনৰ ঘৰৰ ভিতৰত বায়ুৰ উষ্ণতা 5 ৰ পৰা 10° ছে: গ্ৰেডলৈ বঢ়াই দিয়ে।আনহাতে 200 মাইক্ৰণ ডাঠ(এই পলিথিনবিধ বজাৰত UV stabilise plastic materials of 200 micron thickness হিচাপে পোৱা যায়)পলিথিনেৰে সজা পলিঘৰে বাৰিষাৰ বৰষুণ আৰু শিলাবৃষ্টি আদিও প্ৰতিৰোধ কৰিব পাৰে।এইবিধ পলিথিন একেৰাহে 4-5 বছৰলৈ ব্যৱহাৰ কৰিব পাৰি বাবে খৰচৰ ফালৰ পৰা যথেষ্ট কম হয়।বহু ঠাইত আগতীয়াকৈ উন্নত জাতৰ শাক-পাচলিৰ খেতি কৰিবলৈ এনেকুৱা পলিথিনেৰে পলিহাউ প্ৰস্তুত কৰি লয়।)

 

লেখক:কন্দৰ্প কুমাৰ ৰায়

3.15555555556
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top