মূল পৃষ্ঠা / কৃষি / অসমৰ খেতিসমূহ / কৃষি বনানিকৰণৰ প্ৰয়োজনীয়তা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কৃষি বনানিকৰণৰ প্ৰয়োজনীয়তা :

কৃষি বনানিকৰণৰ প্ৰয়োজনীয়তাৰ বিষয়ে লিখা হৈছে ।

 

কৃষি বনানিকৰণৰ হ’ল মাটিৰ সৰ্বোত্তম ধাৰণক্ষমতা ব্যৱহাৰ কৰা এক যুটীয়া কৃষি পদ্ধতি, য’ত একেডৰা মাটিতে বিভিন্ন জাঁতৰ বহু উদ্দেশ্যৰ গছ-গছনিৰ লগত কৃষিশস্য, উদ্যান শস্য, ঘাঁহ-বন আনকি জীৱ-জন্তু সন্নিবিষ্ট কৰি অঞ্চলৰ কৃষি জলবায়ু আৰু আৰ্থ-সামাজিক ভিত্তিক খেতিয়কৰ দৈনন্দিন লগা খাদ্য, ফলমুল, ঔষধ আদি আহৰণ কৰিব পাৰি। এনে পদ্ধতিৰ সহায়ত অঞ্চলৰ আৰ্থ-সামাজিক দিশৰ লগতে পাৰিপাৰ্শ্বিকতাৰ উন্নয়ন সাধিব পৰা যায়।

কৃষি অবিহনে কোনো সংস্কৃতি জীয়াই থাকিব নোৱাৰে-এই মন্তব্য ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ প্ৰাক্তন সঞ্চলক প্ৰধান তথা নাবাৰ্ডৰ চেয়াৰ প্ৰফেছৰ ড° এছ আয়াপ্পানৰ। জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে খাদ্যক পবিত্ৰ আৰু উৎকৃষ্ট পণ্য হিচাপে গণ্য কৰি অহা হৈছে। খাদ্য উৎপাদনৰে দেশক উজ্জীৱিত কৰি ৰখা বাবে কৃষক আৰু কৃষি বিজ্ঞানীসকলে গৌৰৱ বোধ কৰিব লাগে। কিয়নো দেশৰ ৫২ শতাংশ শ্ৰম শক্তিয়েই হ’ল কৃষি ভিত্তিক। আশী শতাংশত গ্ৰাম্য লোকৰ জীৱিকাৰ মুল উৎস হ’ল কৃষি। দেশৰ ঘৰুৱা উৎপাদনৰ চৈধ্য শতাংশ কৃষিৰ পৰা আহৰণ হয়। নতুন প্ৰযুক্তিৰ ব্যৱহাৰ, কৃষকক উন্নতমানৰ বীজ সময়তে যোগান, পানীৰ উপযুক্ত ব্যৱহাৰ আদিৰ জৰিয়তে কৃষি ক্ষেত্ৰক অধিক উন্নতিৰ দিশলৈ আগবঢ়াই নিয়াৰ থল আছে। প্ৰ’টিনযুক্ত খাদ্য, তৈলবীজ আদিৰ উপৰি উদ্যান শস্য তথা হাঁহ-কুকুৰা , মৎস্য পালনত উত্তৰ পুৰ্বাঞ্চলত প্ৰচুৰ সম্ভাৱনা আছে।

অতি প্ৰাচীন কালৰ পৰাই মানৱ সভ্যতাৰ ক্ৰমবিকাশত গছে বিশেষ ভুমিকা গ্ৰহণ কৰি আহিছে। আদিম মানুহৰ মুখ্য সমস্যা আছিল অন্ন আৰু বস্ত্ৰৰ। গছেই তাক সমাধান কৰিছিল, গছৰ ফল মানুহৰ অন্ন, পাত ব্যঞ্জন, ছাল বস্ত্ৰ আৰু শুকান ডাল-পাত খৰি হিচাপে ব্যৱহাৰ কৰি। মানুহৰ অগ্ৰগতিৰ নিৰ্দেশক প্ৰথম আৱিষ্কাৰ হ’ল জুই। গছৰ পৰাই জুত আহৰণ আৰু সংৰক্ষণ দুয়োটা কৰ্মই হৈছিল। গছৰ খোৰোং, ডাল আদি মানুহৰ আশ্ৰয়স্থল। প্ৰথমতে গছৰ ডাল-পাতেৰেই মানুহে ঘৰ সাজিবলৈ লয়। নৈ আৰু সাগৰপৰীয়ালোকে গছ কাটি নাও সাজিবলৈ শিকে। আমাৰ দেশৰ গুপ্ত বংশ সম্ৰাটসকলৰ ৰাজপ্ৰসাদো আছিল কাঠেৰে নিৰ্মিত।

গছ সৌন্দৰ্যবৰ্ধক আৰু চিন্তা উন্মেষক। গছ-গছনিৰ নৈসৰ্গিক শোভাই যে ঋষি-মুনি কবিকুলকে অকল মুগ্ধ কৰি আহিছে এনে নহয়, ই সাধাৰণ লোককো মুগ্ধ কৰে। অহত, বট আদি সুদুৰপ্ৰসাৰী পুৰণীকলীয়া গছবোৰে মানুহৰ মনত ৰহস্য সন্ধানী প্ৰশ্ন জগায়। নিৰ্জন ঠাইত এনেকুৱ গছৰ ছাঁত বহি বুদ্ধকে আদি কৰি অনেক মহাপুৰুষে জীৱন ৰহস্য উদঘাটন কৰিবলৈ সমৰ্থ হৈছে।

জীৱ জগতৰ প্ৰতি উদ্ভিদ জগতৰ বিশেষ অৱদান আছে। দৰাচলতে জীৱজগত আৰু উদ্ভিদ জগত পৰিপুৰক। মাটি আৰু বতাহক জীৱৰ উপযোগী কৰি ৰখাত গছ-বিৰিখত ভুমিকা অপৰিহাৰ্য। গছে মাটিক জীপাল কৰি ৰাখে, নৈৰ, সোঁত, বানপানী, বৰষুণ আদিৰ পৰা  ভুমিস্খলন, ক্ষয়ীকৰণক বাধা দিয়ে। বায়ুমণ্ডল শীতল কৰি ৰাখি বৰষুন হোৱাত সহায় কৰে। জীৱই নিশ্বাসত উলিয়াই দিয়া এঙাৰ গেছ গছে ধাৰণ কৰি তাৰ পৰিৱৰ্তে জীৱৰ জীৱনদায়িনী অম্লজান গেছ সমপৰিমাণে উলিয়াই দিয়ে।

প্ৰতিধিন গছ লতা, বন, গুল্ম আদি মানুহৰ এটা নহয়, এটা কামত লাগে। পৃথিৱীৰ অধিকাংশ প্ৰাণীয়ে উদ্ভিদৰ পৰা পোনপটীয়াকৈ আহাৰ সংগ্ৰহ কৰি খাই জীয়াই থাকে। মাংসহাৰী প্ৰাণীবোৰেও প্ৰকাৰান্তৰে উদ্ভিদৰ সহায়তে আহাৰ পোৱা বুলি ক’ব পাৰি, কিয়নো মাংসহাৰী প্ৰাণীৰ যিবোৰ প্ৰাণী খাদ্য, সেই আটায়ে তৃণ বা শস্যভোজী। যেণে হৰিণা তৃণভোজী, তৃনৰ ওপৰতেই বৰ্তি আছে। বাঘ মাংসভোজী, ই হৰিণাৰ নিচিনা তৃণভোজী প্ৰাণী খাই জীয়াই থাকে। বাঘে হৰিণাৰ নিচিনা প্ৰাণী খাই কিছু পাতলাই নাৰাখিলে, ইহঁত ইমানকৈ বাঢ়িলহেঁতেন, ফলত শস্যভোজী তৃণ শস্য আদি পৃথিৱীত একো হ’বলৈ নাপালেহেঁতেন, ফলত শস্যভোজী তৃণভোজী আৰু আন আন জীৱৰ লগত ইহঁতে খাদ্যাভাৱতেই ধ্বংস হ’লহেঁতেন। গতিকে আপাত দৃষ্টিত চাবলৈ গ’লে অপকাৰী যেন লগা পৃথিৱীৰ সকলো বস্তু বা প্ৰাণীয়েই উপকাৰী। গতিকে পৃথিৱীত যিমানবোৰ গছ-গছনি, জীৱজন্তু, চৰাই-চিৰিকতি আছে, পৃথিৱী সেইবোৰৰ আটাইৰে উমৈহতীয়া বাসস্থান আৰু আটায়ে পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল।

ভৈয়াম  আৰু পাহাৰ অঞ্চলৰ মুঠ মাটিকালিৰ শতকৰা ৩৩ আৰু ৬২ ভাগত গছ- গছনি থাকিলেহে প্ৰাকৃতিক পৰিৱেশ বিশুদ্ধ হৈ থাকে আৰু জীৱৰ বাসোপযোগী হৈ থাকে। কিন্তু বৰ্তমান বননিৰ পৰিমাণ কমি গৈছে। প্ৰায় ২০.৬ শতাংশ হৈছে। গতিকে খেতিমাটিৰ আলি, পুখুৰীৰ পাৰ, পতিত মাটি, অনুষ্ঠান প্ৰতিষ্ঠানৰ মাটি, ৰাস্তা-ঘাটৰ দাঁতি আৰু ঘৰ বাৰীত বৃক্ষৰোপণ কৰি গছ-গছনিৰ পৰিমাণ শতকৰা ৩৩ ভাগ অনায়াসে কৰিব পাৰি। ইয়াৰ বাবে গোটাচেৰেক উপায় তলত দিয়া হ’ল:

১) খেতি পথাৰৰ আলিত গমাৰি, একাচিয়া, চিচু, তিতাচপা, কদম, মজ, কোৰানিম, বাঁহ ৰুই মাজডোখৰত কৃষি শস্যৰে খেতি কৰিব পাৰি।

২) তামোল আৰু নাৰিকল বাৰীত উন্নত জাঁতৰ ঘাঁহ, আনাৰস, কল , কচু, শাক পাচলি আৰু গা-গছত বগাবলৈ পাণ, জালুকৰ খেতি কৰিলে যথেষ্ট লাভ হয়।

৩) খেজুৰ, তাল, তামোল, নাৰিকল, কল, আনাৰস, অমিতা, পুখুৰীৰ পাৰত লগাব পাৰি।

৪) বালি পৰি খেতিৰ অনুপযোগী হোৱা মাটিত শিমলু, কদম আদি।

৫) কাঠনিবাৰীত চেগুণ, গমাৰি, চিচু, তিতাচপা, বন বগৰী, বেত আৰু পাটী দৈ লগালে কৃষকৰ উত্‌পাদন বাঢ়ে।

৬) বাৰীত নাৰিকল, তামোল, কঠাল, চজিনা, আমলখি, লিচু, তেঁতেলি, কল, টেঙা, ক’লাজামু আদিৰ লগতে চেগুন, গমাৰি , মজ, বাঁহ-বেত আদি আৰু জালুক পাণ, আদা, হালধি, নানাবিধ শাক-পাচলি আৰু ফুলৰ খেতি অনায়াসে কৰিব পাৰি।

৭) পানী জমা হোৱা ঠাইত আজাৰ, ভেলকৰ, বৰুণ, ক’লাজামু , ঔটেঙা আদি।

৮) ঔষধি গছ যেনে-আমলখি, শিলিখা, ভোমোৰা, অৰ্জুন, ক’লাজামু, বগাজামু, লেটেকু, পনিয়ল আদি স্কুল-কলেজৰ চৌহদত লগাব পাৰি।

৯) সৌন্দৰ্য বৰ্ধনৰ বাবে সোণাৰু, দেৱদাৰু, নাহৰ, বকুল, ৰাধাচুড়া, পলাশ, মদাৰ , এজাৰ আদি গছ আলিবাটৰ কাষে কাষে লগাব পাৰি।

লেখক: ড° আয়ুব আলী আহমেদ, ড° সমীৰণ পাঠক

লেখিকা: ড° জ্যোতি প্ৰসাদ বৰুৱা (সেউজ সোপান)

 

 

2.90909090909
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top