মূল পৃষ্ঠা / কৃষি / অসমৰ খেতিসমূহ / ঘৰৰ বাৰীখনৰ পৰা উপাৰ্জন কৰক
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ঘৰৰ বাৰীখনৰ পৰা উপাৰ্জন কৰক

ঘৰৰ বাৰীখনৰ পৰা উপাৰ্জন কৰক, সেই বিষয়ে লিখা হৈছে ।

 

অসমৰ সকলো গৃহস্থৰ ঘৰতে একোখন বাৰী থাকে । বাৰী বুলিলে এডোখৰ ওখ মাটি য’ত গৃহস্থজনে নিজৰ ঘৰখন বাঁহ-কাঠৰে আটোম-টোকাৰিকৈ থাকিবৰ বাবে সাজি লয় । আগফালে ৰ’দ পৰাকৈ এখন চোতাল য’ত বহা-মেলাৰ পৰা আৰম্ভ কৰি মৰণা মৰা, ধান শুকোওৱা, বিয়া-বাৰু পতা বা সকাম-নিকাম পতাৰ ব্যৱস্থা কৰা হয় । বাৰীৰ ঢাপত আৰু পাছফালে নানা তৰহৰ ফলমূল যেনে নাৰিকল, তামোল, আম, কঁঠাল, নেমু, কমলা, কল, অমৰা, জলফাই, জামু, লেতেকু, পনিয়ল, পাণ, জালুক ইত্যাদি ৰোপণ কৰি লয় । লগতে থাকে এটা গোহালি, খেৰ ঘৰ, ভঁৰাল ঘৰ, এটা পুখুৰী, এখন শাক-পাচলিৰ সৰু বাৰী য’ত ঘৰৰ বাবে প্ৰয়োজনীয় শাক-পাচলিখিনি পাব পাৰি । অৱশ্যে মাটিৰ পৰিমাণ অনুযায়ী বাৰীখনৰ পৰিসীমা ভিন ভিন হয় । কাৰোবাৰ এবিঘা, কাৰোবাৰ দুই-তিনি বিঘা । কাৰোবাৰ দুই-তিনি কঠা মাটিত বাৰীখন তৈয়াৰ কৰি লয় ।

কৃষকসকলে সাধাৰণতে ঘৰৰ চৌহদত বাৰীখন পাতি লয় যাতে বাৰীখনৰ পৰা ঘৰখনৰ বাবে প্ৰয়োজনীয় শাক-পাচলি, নেমু,কল, বগৰী, জলফাই, পাণ-তামোল আদি ঘৰতে উৎপন্ন হোৱা বাৰীখনৰ পৰা পাব পাৰি । ঘৰতে হাঁহ-ছাগলী পুহি, প্ৰয়োজনীয় গাইজনী পুহি ঘৰতে গাখীৰকণ পাব পাৰি । কিন্তু নিজৰ বাৰীখনৰ পৰা বছৰেকত কিমান টকাৰ শাক-পাচলি, কল, নেমু-পাণ আদি বিক্ৰী কৰি, গাখীৰ বা মাছ-মঙহ পোৱা হ’ল তাৰ কোনো হিচাপ কৃষকৰ হাতত নেথাকে । বাৰীত যি উৎপন্ন হৈছে তাক ঘৰতে খাইছে, ওচৰ-চুবুৰীয়াক দিছে, তাক বিক্ৰী কৰিছে । যদি বাৰীত উৎপন্ন নহ’লহেঁতেন তেন্তে কিমান টকা খৰচ হ’লহেঁতেন তাৰ হিচাপ নেথাকিলহেঁতেন । মাত্ৰ হঠাতে হাঁহ দুটা বা ছাগলী এটা বিক্ৰী কৰিছে বা কল এঠোকা বিক্ৰী কৰিছে তাৰ হিচাপটোহে মোটামুটি জানে ।

বাৰীখনৰ পৰা পোৱা উপাৰ্জনৰ বিষয়টো হিচাপ কৰি বিভিন্ন উৎসৰ পৰা পোৱা আয়খিনি আমি ধৰিম । কিন্তু এই ক্ষেত্ৰত শ্ৰমিকৰ খৰচৰ কথা আমি গণ্য নকৰোঁ । এই কাৰণেই যে বাৰীখনৰ বাবে কৰিব লগীয়া কামখিনি কৃষকজনে নিজেই কৰিব লাগে । কাৰণ গৃহস্থজনে বা কৃষকজনে নিজেই সময় বুজি দিনে এক-দুই ঘণ্টা শ্ৰম কৰিলেই অৰ্থাৎ নিজেই বাৰীখন চোৱা-চিতা কৰিব পাৰে । কাচিৎহে শ্ৰমিকৰ প্ৰয়োজন হয় । বিশেষকৈ মধ্যমীয়াৰ পৰা ডাঙৰ বাৰীখনৰ ক্ষেত্ৰত সাধাৰণতে বাৰীখনত কোৰ মৰা, কলৰ পুলি দুটা ৰোপণ কৰা, নেমু জোপাৰ গুৰিত বা কল জোপাত গোবৰ-জাবৰ দিয়া, পাচলিবাৰী ডৰাত গোবৰ দিয়া, বাৰীৰ পৰা বন-বাত আঁতৰোৱা, কলজোপাত ঢোকা এডাল দিয়া, নাৰিকলজোপাৰ পৰা শুকান পাত কটা, তামোল গছত গছৰ গুৰিত জমা হোৱা পানীখিনি নলা খান্দি উলিয়াই দিয়া, গছৰ গুৰিত গোবৰ-জাবৰ দিয়া, ভগা জেওৰাখন বাতি দিয়া ইত্যাদি কামবোৰ অলপ সময় খৰচ কৰিলেই নিয়াৰিকৈ হৈ যায় । ঘৰৰ ল’ৰা-ছোৱালীকেইটা, পৰিবাৰগৰাকী আছেই, মাজে সময়ে দুই-এটা সৰু-সুৰা ইটো-সিটো কৰিব দিব পাৰে ।

বৰ্তমান কৃষকজনৰ নিজৰ বাৰীখনৰ পৰা কিমান টকা উপাৰ্জন হ’ব পাৰে তাৰ যদি মোটামুটি এটা হিচাপ ধৰা যায় তেতিয়া বছৰেকত আয় বহুত হ’ব । ধৰা হওক, কৃষকজনৰ বাৰীত পাঁচজোপা কল, দুই-তিনি জোপা নেমু, চাৰি-পাঁচজোপা তামোল আৰু তামোল গছত পাণ, দুজোপা নাৰিকল, এজোপাকৈ আম, কঁঠাল, লিচু, মধুৰী, এজোপা বাঁহ, দুজনী গাই গৰু, দুই-তিনিটা ছাগলী, চাৰি-পাঁচটা হাঁহ, সৰুকৈ এখন শাকনিবাৰী, পাছফালে এটা সৰু পুখুৰীকে ধৰি বাৰীখন আছে । গোহালিৰ পৰা ওলোৱা গোবৰখিনি কেতিয়াবা শাকনি বাৰীত, কেতিয়াবা কল জোপা বা নেমুজোপা বা অন্য ফলমূলৰ গছৰ গুৰিত দিব পৰা যায় । নাৰিকল-তামোলকেইজপোৰ গুৰিতো মাজে-সময়ে গোবৰ- পচনসাৰ প্ৰয়োগ কৰি থাকিব লাগে আৰু গছৰ গুৰিৰ পৰা বন- বাতবোৰ নিয়মিত আঁতৰাই থাকিলে বছৰেকত এনেদৰে উপাৰ্জন হ’ব- কল পাঁচোজপোৰ পৰা পাঁচথোকা কলত দুশ টকাকৈ এহেজাৰ টকা, নাৰিকলৰ পৰা পোৱা ৫০ টা নাৰিকল গোটে বিশ টকাকৈ এহেজাৰ টকা, আম কঁঠাল, লিচু, মধুৰীকেইজোপাৰ পৰা ধৰা হ’ল তিনিশ টকা, গাইজনীৰ পৰা চাৰি হাজাৰ টকা (এক লিটাৰ গাখীৰ কৈ এশ দিনত), বছৰেকত দুটা ছাগলী বিক্ৰী কৰি দুহেজাৰ টকা, হাঁহ-পাৰ বিক্ৰী কৰি আঠশ টকা, তামোল-পাণৰ পৰা এহেজাৰ টকা, (চাৰিজোপা তামোলৰ পৰা দুপোণকৈ আঠপোণ তামোল আশী টকা হিচাপে) শাকনি বাৰীখনৰ পৰা বছৰেকত ২০০ দিনৰ পাচলি যোগান ধৰিলে দিনে বিশ টকাকৈ চাৰি হেজাৰ টকা, পুখুৰীৰ পৰা দুশ টকাৰ মাছ আৰু বাঁহ কেইটাৰ পৰা দুহেজাৰ টকা ( বছেৰেকত বিশটা বাঁহ গোটে এশ টকাকৈ) মুঠতে ষোল্ল হাজাৰ তিনিশ টকা বছৰেকত উপাৰ্জন হয় । যদি ইয়াত নিজৰ ফালৰ পৰা পাঁচশ টকা খৰচ হিচাপে ধৰিলে বছৰেকত পোন্ধৰ হাজাৰৰ ওপৰত টকা আয় হ’ব । এবিঘা মাটিৰ বাৰীখনত (নিজৰ থকা ঘৰ, গোহালি , ভঁৰাল, খেৰৰ ঘৰ, আগ ফালৰ চোতাল আদি সাঙুৰি) মুঠ বিশেষ কষ্ট নকৰাকৈ নিজৰ আৰু ঘৰখনৰ শ্ৰম আৰু প্ৰতিপালনে পোন্ধৰ হাজাৰ টকা আয় হয় । যদি কৃষকজনে আৰু অলপ মনোযোগ আৰু বিজ্ঞান সন্মতভাৱে প্ৰতিপালন কৰে, সাৰ-গোবৰ দিয়ে, পোক-বেমাৰৰ সঠিক নিৰাময়ৰ ব্যৱস্থা লয় তেতিয়া বছৰেকত উপাৰ্জন চৌব্বিশ- পঁচিশ হেজাৰ টকালৈ বাঢ়িব । ইয়াৰ বাবে কল, নেমু, তামোল-নাৰিকল আদি গছত নিয়মিত সাৰ-গোবৰ দিয়ে বিশেষকৈ গোবৰ-জাবৰ-পচনসাৰ দি প্ৰয়োগ কৰে আৰু ইয়াৰ বাবে বাৰীত দুটা পচনসাৰৰ গাঁত তৈয়াৰ কৰি ল’ব লাগিব । শাকনি বাৰীডৰাত গোবৰ বা কেঁচুসাৰ বা সেউজসাৰ দিব লাগে । কেঁচুসাৰত শস্যৰ বাবে প্ৰয়োজনীয় খাদ্য গোবৰতকৈ বেছি থাকে । কেঁচুসাৰৰ এটা সৰু ব্যৱস্থা কৰি ল’ব পাৰিলে বৰ ভাল হয় । শাকনি বাৰী, পাকঘৰ আৰু বাৰীৰ অন্য গছ-গছনিৰ পৰা ওলোৱা পেলনীয়া জৈৱিক পদাৰ্থসমূহ সৰু  ৰুকৈ কাটি পচন সাৰৰ গাঁতত পেলাই তাত মাজে  সময়ে গোবৰ দি থাকিলে ভাল পচন সাৰ উৎপাদন হ’ব । প্ৰয়োজন সাপেক্ষে কিছুমান শস্যত যেনে তামোল, নাৰিকল, মধুৰী, লিচু আদিত গোবৰৰ লগত ৰাসায়নিক সাৰ প্ৰয়োগ কৰিলে উৎপাদন দুই-তিনি গুণ বৃদ্ধি পাব । বাৰীখনৰ পৰা উৎপাদন আৰু উপাৰ্জন বঢ়োৱাটো মুখ্য উদ্দেশ্য হোৱাৰ বাহিৰেও ঘৰৰ চৌহদৰ সৌন্দৰ্য অটুট ৰখাৰ বাবে ঘৰৰ  সন্মুখত এখন ধুনীয়া ফুলনি পাতি ল’ব লাগে, যাতে কাম কৰি ভাগৰ লাগিলে ফুলৰ বাগানখন চাই ভাগৰ আৰু ক্লান্তি দূৰ কৰিব পাৰে ।

লেখক :- ড° ৰাজেন্দ্ৰ প্ৰসাদ দাস

উৎস :- দৈনিক জনমভূমি

2.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top