অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পটল

পটলৰ বিষয়ে লিখা হৈছে

পাচলি হিচাপে পটলৰ জনপ্ৰিয়তা আৰু চাহিদাৰ বিষয়ে নতুনকৈ কোৱাৰ নিশ্চয় প্ৰয়োজন নাই। অসমৰ চহৰবোৰৰ লগতে গ্ৰামাঞ্চলতো পটলৰ প্ৰচুৰ চাহিদা আছে। সেইবাবেই বজাৰত আন পাচলিৰ তুলনাত পটলৰ দাম প্ৰায়ে অধিক হোৱা দেখা যায়। খাবলৈ সোৱাদ লগা বাবেই গ্ৰাহক ৰাইজে বেছি দাম দি হ’লেও পটল কিনে। আনহাতে বজাৰত আগতীয়াকৈ ওলোৱা পটলৰ দামো বেছি হয়। বিশেষকৈ কবি, মূলা, বেঙেনা, বিলাহী আদি শীতকালীন পাচলি খাই আমনি লগা সময়তে বজাৰলৈ অহা পটলৰ দাম আৰু চাহিদা ঊৰ্ধমুখী হোৱাটো নিতান্তই স্বাভাৱিক। অসমৰ পৰিৱেশ এইবিধ পাচলিৰ খেতিৰ বাবে বিশেষভাৱ উপযোগী। অন্যান্য পাচলিৰ তুলনাত পটলৰ খেতিত বৰ বেছি খৰচো নহয়, লাগি থাকিবও নালাগে। অৱশ্যে আগতীয়াকৈ বজাৰত উলিয়াই অধিক লাভ পাবলৈ হ’লে পটলৰ খেতি আগতীয়াকৈ কৰিব লাগিব। উন্নত প্ৰণালীৰে পটলৰ খেতি কৰিলে যথেষ্ট লাভ হয়। অসমৰ বিভিন্ন প্ৰান্তৰ বহু উৎসাহী কৃষকে পটলৰ খেতি বিস্তৃত হাৰত কৰি কম সময়ৰ ভিতৰতে যথেষ্ট ধন উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। আহকচোন আজি আমি পটলৰ উন্নত কৃষি প্ৰণালী সম্পৰ্কে কিছু কথা আলোচনা কৰো-

জাত বাছনিঃ

 

উন্নতমানৰ তথা অধিক উৎপাদনক্ষম স্থানীয় জাতবোৰৰ খেতি কৰিব লাগে।

পথাৰ প্ৰস্তুতিঃ

 

  • দকৈ দুই-তিনি চাহমান হালবাই, মৈয়াই সমান কৰি লোৱা পথাৰত দুই মিটাৰ ব্যৱধানত একোটা শাৰী কৰি প্ৰতিটো শাৰীত দুই মিটাৰ ব্যৱধানত একোটা ঢিপ বনাব লাগে।
  • মাটি প্ৰস্তুতিৰ সময়তে যথেষ্ট পৰিমাণে পচন সাৰ দিব লাগে।
  • পানী জমা হ’ব নোৱাৰা, ওখ, বালিচহীয়া পলসুৱা মাটি পটল খেতিৰ বাবে বাছি ল’ব লাগে।
  • আগৰ বছৰৰ খেতিৰ পৰা পটলৰ মঙহাল শিপাৰ কাটিং প্ৰস্তুত কৰি প্ৰতিটো ভেটিত একোটাকৈ ৰুব লাগে।
  • পটল খেতিত মাইকী আৰু মতা গছৰ অনুপাত ১০:১ হ’ব লাগে। অৰ্থাৎ মাইকী গছৰ পৰা সংগ্ৰহ কৰা ১০ টা শিপাৰ কাটিং ৰোৱাৰ লগে লগে মতা গছৰ শিপাৰ কাটিং একোটা ৰুব লাগে। তেতিয়া প্ৰতি ১০ জোপা মাইকী গছৰ বিপৰীতে এজোপাকৈ মতা গছ থাকিব।
  • এবিঘা মাটিত ৩৫০ টামান কাটিং ৰুব পৰা যায়।
  • পটল খেতি আৰম্ভ কৰাৰ সময় হ’ল জানুৱাৰী-ফেব্ৰুৱাৰী। অৱশ্যে ডিচেম্বৰৰ মাজভাগৰ পৰাই খেতি আৰম্ভ কৰিব পাৰি।
  • আগৰ বছৰৰ খেতিৰ পটল গছৰ পৰা ১০০ ছেঃ মিঃ দীঘল লতা একোডাল কাটি ল’ব লাগে। এতিয়া এনে একোটা ডাল কাটিঙৰ মাজৰ অংশ মাটিৰে ঢাকি দুয়োমূৰে ১০ ছেঃ মিঃ মুকলিকৈ ৰাখিব লাগে। এনেদৰেও পটলৰ খেতি কৰিব পাৰি। এনেদৰে ৰোৱা কাটিঙৰ পৰাও সময়ত পোখা মেলি একোজোপা গছ হ’ব।

সাৰ প্ৰয়োগঃ

 

  • শেষৰ বাৰ হাল বোৱাৰ সময়তে বিঘাই প্ৰতি ৫-৬ কুইণ্টল পচন সাৰ, ১২ কিলোগ্ৰাম ইউৰিয়া, ২০ কিলোগ্ৰাম ছুপাৰ ফছফেট আৰু ৫ কিলোগ্ৰাম এম অ’ পি সাৰ প্ৰয়োগ কৰিব লাগে।
  • আগৰ বছৰৰ খেতিৰ ক্ষেত্ৰত মৰি যোৱা গছবোৰৰ মূঢ়াৰ পৰা পুনৰ পোখা মেলাৰ পাছত বন-বাত নিৰাই প্ৰথমবাৰ মাটি চপাই দিয়াৰ সময়তে ওপৰত উল্লেখ কৰা পৰিমাণৰ সাৰখিনি প্ৰয়োগ কৰিব লাগে।

পৰিচৰ্যাঃ

 

  • খেতিডৰা বন-বাতৰ পৰা মুক্ত কৰি ৰাখিব লাগে। নিৰনিৰ সময়তে গছৰ গুৰিত মাটি চপাই দিব লাগে।
  • লাউ, জিকা আদি দৰে চাং সাজি কৰা খেতিৰ ক্ষেত্ৰত বাঁহেৰে চাং সাজি দিব লাগে। আনহাতে যদি গছবোৰক মাটিত বগাবলৈ দিয়া হয় তেন্তে মাটিত ধানখেৰ, নৰা আদি পাৰি দিব লাগে।
  • বতৰ বৰ খৰাং হ’লে পাতলীয়াকৈ জলসিঞ্চন কৰিব পাৰিলে ভাল হয়।
  • ভালকৈ পৰিচৰ্যা কৰি প্ৰথম বছৰৰ তুলনাত দ্বিতীয় বছৰত প্ৰায় দুগুণ উৎপাদন পোৱা যায়।

(উৎসঃ অসমীয়া খবৰ)।

3.06060606061
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top