অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ফলমূল শস্যত গৌণ সাৰৰ প্ৰয়োজনীয়তা :

ফলমূল শস্যত গৌণ সাৰৰ প্ৰয়োজনীয়তা :

 

অসমৰ মাটি আৰু জলবায়ু অনুসৰি অসমত বহুতো ফলমূল শস্যৰ খেতি কৰা হয় আৰু ইহঁতৰ উৎপাদনো ভাল হয় । উৎপাদন ভাল হ’বলৈ হ’লে শস্য ৰোপণৰ পাছত নিয়মিতভাৱে সাৰ-গোবৰ প্ৰয়োগ কৰি বিজ্ঞানসন্মতভাৱে বছৰজুৰি প্ৰতিপালন কৰিব লাগে ।

ফলমূল শস্যৰ খেতি কৰি ভাল উৎপাদন পাবলৈ হ’লে শস্যৰ প্ৰয়োজনীয় খাদ্য অৰ্থাৎ সাৰ-গোবৰ নিয়মিতভাৱে যোগান ধৰিব লাগিব । মাটিত থকা মৌলবোৰেই হৈছে শস্যৰ খাদ্য । এই মৌল বা খাদ্যবোৰ দুটা ভাগত প্ৰধানকৈ ভাগ কৰা হয়- যেনে মুখ্য মৌল বা সাৰ আৰু গৌণ সাৰ । এই সকলোবোৰ খাদ্য মাটিত কম- বেছি পৰিমাণে থাকে । কিন্তু মাটিৰ শ্ৰেণী অনুযায়ী, শস্যক্ৰমৰ অনুযায়ী মাটিত থকা সাৰখিনি শস্যৰ বাবে কম হোৱা বাবে আমি বাহিৰৰ পৰা যোগান ধৰিব লাগে । মাটিত থকা নাইট্ৰ’জেন, ফছফৰাছ , পটাছ, কেলছিয়াম, মেগনেছিয়াম, ছালফাৰৰ বাহিৰেও মাটিত গৌণ সাৰ জিংক, আয়ৰন, কপাৰ,বৰণ মলিব ডেনাব, মেংগানিজ আদিও থাকে । এই সকলো মৌল গোবৰ কম পৰিমাণে থাকে বাবে বিঘাই প্ৰতি বা গছে প্ৰতি গোবৰ সাৰৰ পৰিমাণ বহুত লাগে । কেঁচুসাৰত এই মৌলবোৰৰ পৰিমাণ গোবৰতকৈ বেছি ।

শস্য উৎপাদনত মুখ্য সাৰবোৰৰ যেনেদৰে প্ৰয়োজন, ঠিক তেনেদৰে গৌণ সাৰবোৰৰো প্ৰয়োজন আছে । গৌণ সাৰবোৰ গছক অতি কম পৰিমাণে প্ৰয়োজন হয় যদিও মাটিত ইহঁতৰ পৰিমাণ সেই কম পৰিমাণো নাথাকে যদি গছত তাৰ লক্ষণবোৰ ফুটি উঠে আৰু উৎপাদন আৰু গুণগত মানত বিঘিনি ঘটে । ফলমুল শস্যবোৰ বহুবৰ্ষজীৱী হোৱা বাবে এই গৌণ সাৰবোৰ কেতিয়াবা কিছুমান ফলমূল মাত্ৰাত নিয়মিতভাৱে যোগান ধৰিব লাগে ।

টেঙা শস্য, যেনে- নেমু, কমলা, সুমথিৰা, ৰবাব, চকলা, মৌচাম্বী আদি শস্যত মুখ্য সাৰৰ যিদৰে প্ৰয়োজন ঠিক তেনেদৰে গৌণ সাৰবোৰৰো প্ৰয়োজন । টেঙা শস্যৰ ওপৰৰ পৰা গছৰ ডাল শুকই মৰি অহাৰ মুখ্য কাৰণ হৈছে গছত গৌণ  সাৰ, যেনে- জিংক, কপাৰ,আয়ন, বৰণ, মলিবডেনাম আদিৰ অভাৱ । গতিকে যিবিলাক গৌণ সাৰ যৌগ অৱস্থা, যেনে-ট্ৰেছেল, এগ্ৰমিল, মাল্টিপ্লেক্স আদিৰ যিকোনো এটাৰ তিনি শতাংশ শক্তিৰ মিশ্ৰণ এমাহৰ ব্যৱধানত তিনিবাৰ গছৰ পাতত ছটিয়াব লাগে । সাধাৰণতে জেঠ, আহাৰ,শাওণ মাহত ছটিয়াব পাৰিলে গছৰ বাবে ভাল।মাটিত বছৰেকত যি তিনিবাৰ ইউৰিয়া, ছুপাৰ ফছফেট, মিউৰেট অব পটাছ সাৰৰ প্ৰয়োগৰ সময়ত ফলৱতী গছে প্ৰতি ৫০ গ্ৰাম বৰাক্স সাৰ প্ৰয়োগ কৰিলে ফলসৰা ৰোধ কৰাৰ উপৰি ফলৰ মান উন্নত হয় । অৱশ্যে বেছিকৈ ফল সৰিবলৈ ধৰিলে হৰম’ন অৰ্থাৎ প্লেনোফিক্স নামৰ হৰম’ন ছটিয়াব লাগে ।

আমগছত ফল ফাটি যোৱা আৰু সৰি পৰা ৰোধ কৰিবৰ বাবে গছত সাৰ প্ৰয়োগৰ সময়ত ফলৱতী গছত ৫০-১০০ গ্ৰাম বৰাক্স সাৰ মাটিত প্ৰয়োগ কৰিব লাগে । কেতিয়াবা আকৌ আমটোৰ এটা অংশত ক’লা পৰি যায়, যাক বহুতে কুলিয়ে পদা বুলি কয় । ইয়াৰ নিবাৰণৰ বাবে বৰাক্স সাৰ ব্যৱহাৰ কৰিব লাগে । ঠিক তেনেদৰে কঁঠাল গছত কঁঠালবোৰ গাত এফালে ক’লা পৰি কোঁচখাই যায় আৰু টান হয়, য’ত কঠালৰ ফুটাবোৰ নাথাকে । ইয়াক ইংৰাজীত ফ্ৰট নেক্ৰ’ছিছ বোলা হয় অৰ্থাৎ ফলটো বচে খোৱা বুলি কওঁ । ইয়াৰ নিবাৰণৰ বাবে ফলৱতী গছত ১০০-১৫০ গ্ৰাম বৰাক্স সাৰ মাটিত প্ৰয়োগ কৰিব লাগে । আমলখিৰ ফলবোৰতো ফলটোৰ এফালে ক’লা পৰি ৰস নাইকিয়া হয় আৰু ইও বৰণ সাৰৰ অভাৱৰ বাবে হয় । নিবাৰণৰ বাবে গছে প্ৰতি ৫০-১০০ গ্ৰাম বৰাক্স সাৰ প্ৰয়োগ কৰিব লাগে ।

নাৰিকল, তামোল আদি শস্যত বৰণ সাৰৰ অভাৱত গছৰ আগটোৰ কোঁহটো বাঢ়িব নোৱাৰে, পাতবোৰ মেটুৰা-মেটুৰি হয়, ঠাৰিডাল চুটি হয় আৰু ক’লা পৰি লাহে লাহে ৬/৭ মাহৰ পাছত গছজোপা মৰি যায় । নিবাৰণৰ বাবে গছে প্ৰতি নাৰিকল গছত ৫০ গ্ৰাম আৰু তামোল গছত ২৫ গ্ৰাম বৰাক্স সাৰ মাটিত প্ৰয়োগ কৰিব লাগে । বৰণ সাৰ পটাছ সাৰৰ অভাৱ একেলগে হ’লে নাৰিকল-তামোলৰ কলিবোৰ সৰি পৰে । গতিকে প্ৰতিকাৰৰ বাবে প্ৰতি বছৰে সাৰ প্ৰয়োগৰ সময়ত বৰাক্স সাৰ প্ৰয়োগ কৰিব লাগে । লিচু, ডালিমৰ ফলবোৰ বৰণ  সাৰৰ অভাৱৰ বাবে তলৰ ফালে ফাটি যায় । গতিকে প্ৰতিকাৰৰ বাবে বছৰেকত এবাৰ বৰাক্স সাৰ প্ৰয়োগ কৰিব লাগে । অমিতা গছত বৰণ সাৰৰ অভাৱ হ’লে অমিতাৰ ফলবোৰৰ গাতো খহুলা-খহুলি হয়, দেখিবলৈ আপচু হয় আৰু বজাৰত চাহিদা কমি যায় । গতিকে অমিতা গছত ফুল ফুলাৰ পাছত গছে প্ৰতি ৫০ গ্ৰাম বৰাক্স সাৰ গোবৰৰ লগত মিহলাই মাটিত বছৰেকত এবাৰ প্ৰয়োগ কৰিব লাগে ।

লেখক – ড° ৰাজেন্দ্ৰ প্ৰসাদ দাস

উৎস – দৈনিক জনমভূমি

শেহতীয়া উন্নীতকৰণ: : 3/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate