মূল পৃষ্ঠা / কৃষি / অসমৰ খেতিসমূহ / বগৰী, বগৰী, বগৰী :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বগৰী, বগৰী, বগৰী :

বগৰী, বগৰী, বগৰীৰ বিষয়ে লিখা হৈছে ।

আগকথা : দুমাহমানৰ আগতে ফেচবুকত মোলৈ এজন বন্ধুৱে বাৰ্তা প্ৰেৰণ কৰিলে - অসমত বগৰীৰ বতৰ চলি আছে ৷ গছবিলাকত লমালমকৈ বগৰী লাগি পকি 'মোক খা মোক খা' কৰি আছে ৷ কিন্তু বগৰীৰ গুণাগুণ সম্পৰ্কে আমি একো নাজানোঁ ৷ আপুনি বগৰীৰ বিষয়ে এটি নিবন্ধ লিখিলে ৰাইজ উপকৃত হব ৷

বগৰীৰ প্ৰতি মোৰো দূৰ্বলতা আছে ৷ সৰুৰে পৰা নিচুকনি গীত কাণত পৰি আহিছে- 'আমাৰ মইনা শুব এ, বাৰীতে বগৰী ৰুব এ, বাৰীৰে বগৰী পকি সৰি যাব,মইনাই বুটলি খাব' ! আকৌ স্কুলীয়া দিনৰ পৰা শুনি আহিছোঁ - সৰস্বতী পূজাৰ পিছৰ পৰাহে বগৰী খাব পায় ৷ বেচিকৈ বগৰী খালে কাহ হব; আদি ৷ বগৰী বুলিলে তেতিয়া দুবিধ বগৰী চিনি পাইছিলোঁ ৷ এবিধ হ'ল আমলখি এটাৰ সমান ডাঙৰ ঘূৰণীয়া অসমত পোৱা বগৰী আৰু আনবিধ হ'ল তাতকৈ আকৃতিত ডাঙৰ দীঘলীয়া আকৃতিৰ বিহাৰ, উত্তৰ প্ৰদেশ আদিৰ পৰা চালানী হৈ অহা 'বিলাতী' বগৰী ৷ অৱশ্যে পাঠশালাত পঢ়া দিনত মটৰ মাহৰ সমান সৰু 'কেঞা বগৰী' নামৰ এবিধ পলিথিনৰ পেকেটত ভৰোৱা শুকান পকা বগৰী কিনি খোৱাৰ কথা পাহৰা নাই ৷
আমাৰ খানাপাৰাৰ ঘৰত অনেক ঠাল-ঠেঙুলি থকা এজোপা বৰ ডাঙৰ বগৰী গছ আছিল ৷ বতৰত তাতো বগৰী লমালমকৈ লাগিছিল ৷ কিন্তু গছজোপাৰ কিছুমান ডাল কাষৰ চুবুৰীয়াৰ দুটা ঘৰলৈ আগুৱাই হাওঁলি যোৱাত যোৱা বছৰ পৰিবাৰে গছজোপা মানুহ লগাই গুৰিতে কটাই পেলালে ৷ সেই উকা ঠাইডোখৰ দেখিলে মোৰ মনত এতিয়াও দুখ লাগে ৷

অসমীয়া সমাজত বিশ্বাস আছে বাৰীত থকা বগৰীৰ বতাহে গৃহস্থক সংক্ৰামক ব্যাধিৰ পৰা সুৰক্ষা দিয়ে ৷ সেই লোকবিশ্বাসৰ সৈতে সংগতি ৰাখি আজিও গ্ৰামাঞ্চলত বহুতে গৰু বিহুৰ দিনা অপায় অমংগল ৰোধ কৰিবলৈ বুলি বগৰীৰ জেং ঘৰৰ দুৱাৰ মুখত আঁৰি দিয়ে ৷ অসমীয়া ফকৰা যোজনাটো বগৰীযুক্ত কিছুমান বাক্য গাঁথনি শুনিবলৈ পোৱা যায় ৷ যেনে হাবিত জুই লাগিলে উলুৰ লগত বগৰী পোৰা যায়, ডলাৰ বগৰীৰ দৰে ঠাই সলাই থকাজনৰ উন্নতি নহয় ৷
ৰামায়ণত ৰামৰ বনবাসৰ সময়ত শবৰী নামৰ এগৰাকী বৃদ্ধাই বগৰী নিজে মিঠা হয়নে নহয় স্বাদলৈ জুঠা বগৰী ৰামক খাবলৈ দিয়াৰ কাহিনী পাঠকসকলে নিশ্চয় নুশুনাকৈ থকা নাই ৷ এটা সময়ত বগৰী এবিধ বনৰীয়া ফল আছিল ৷ খৃষ্ট জন্মৰ বহু বছৰ পূৰ্বেই ইয়াৰ ঘৰচীয়াকৰণ কৰা হৈছিল বুলি বনস্পতিবিদসকলৰ বিশ্বাস ৷ গোটেই বিশ্বত বগৰীৰ প্ৰায় ৪০০প্ৰজাতি চিনাক্ত কৰা হৈছে ৷ প্ৰজাতিভেদে গছৰ আৰু ফলৰ আকৃতি আৰু স্বাদৰ কিছু তাৰতম্য দেখা যায় ৷ সাধাৰণতে বগৰীৰ ডাল কাঁইটীয়া হলেও কাঁইটবিহীন বগৰীৰ গছো আছে বুলি জনা যায় ৷ বনস্পতিবিদ এচ. দত্তই প্ৰকাশ কৰা মতে অসমত ৫টা প্ৰজাতিৰ বগৰী উপলব্ধ ৷ তাৰে দুবিধৰ নাম হ'ল-বালি বগৰী আৰু টেঙা-মিঠা বগৰী ৷
এই বগৰীৰ ব্যৱসায়িক দিশটোৰ কথাও এই চেগতে উনুকিয়াব খুজিছোঁ ৷ অসমৰ কলগাছিয়াৰ জাহাংগীৰ আলি আৰু দাউদ আলি, মানিকপুৰৰ আব্দুল কৰিম এই কেইজন যুৱকে কেইবছৰমান আগতে গুৱাহাটীৰ নাৰ্চাৰীৰ পৰা বগৰীৰ পুলি কিনি নি নিজ নিজ ঠাইত বগৰীৰ বাগিছা স্থাপন কৰে ৷ তেওঁলোকে এতিয়া প্ৰতি বছৰে ৫০০ৰ পৰা ১০০০কিলোগ্ৰাম বগৰী বিক্ৰী কৰি স্বাৱলম্বী হবলৈ সক্ষম হোৱাটো এটা সুখবৰ ৷ প্ৰতি কিলোগ্ৰাম বগৰীৰ মূল্য ৫০ৰ পৰা ৭০টকাৰ ভিতৰত ৷

বগৰীক ইংৰাজীত মতা নাম কেইটামান হ'ল- যুযুবি, ৰেড ডেইট, ইণ্ডিয়ান প্লাম, ইণ্ডিয়ান ডেইট, চাইনীজ ডেইট,কোৰিয়ান ডেইট ৷ আৰবীত (উন্নাব), ফৰাচীত (যুযুবিয়াৰ),জাৰ্মানীত (যুযুবি), কোৰিয়ান ভাষাত (দেই চ্যু),ইৰাণী ভাষাত (অন্নব), টাই ভাষাত (মাক খে), নেপালীত (বয়ৰ),সংস্কৃতত (বদৰি,গুদাফলা, অজাপ্ৰিয়া, কাৰকান্ধু), বাংলাত (বৰই, কুল,বদৰি), হিন্দী আৰু সিন্ধীত (বেৰ), গুজৰাটী, মাৰাঠী আৰু কোংকনীত (বোৰ), কাৰ্বিত (থাকৰি), উৰিয়াত (বৰা কল্লি), মলয়ালমত (বদাৰী), তামিলত (ইলনটাম), তেলেগুত (ৰেগি পান্দু) ৷
ব'টানিকেল নাম হ'ল –Ziziphus mauritiana ৷ জাতি- Rhamnaceae

প্ৰাপ্তিস্থান - বিভিন্ন প্ৰজাতিৰ বগৰীৰ গছ বিশ্বৰ বিভিন্ন দেশত উপলব্ধ ৷ তাৰ ভিতৰত উল্লেখযোগ্য হ'ল ভাৰত,পাকিস্তান, বাংলাদেশ,নেপাল,চীন,ইৰাণ, থাইলেণ্ড,ফিলিপাইনচ,কোৰিয়া, ৱেষ্ট ইণ্ডিজ,বাৰ্মা ৷ ইয়াৰ ওপৰিও আফ্ৰিকা, ইউৰোপ আৰু অষ্ট্ৰেলিয়াৰ অঞ্চল বিশেষে বগৰীৰ গছ আছে বুলি জনা যায় ৷ মধ্যপ্ৰাচ্যৰ দেশ কাটাৰত ৰাজধানী চহৰ ডোহাৰ সাগৰৰ পাৰত, দেশখনৰ পাৰ্ক সমূহত আৰু ৰাজপথৰ দাঁতিত অনেক বগৰীৰ গছ ৰোপন কৰা হৈছে ৷ সেই গছসমূহে বাটৰুৱাক বিনামূলীয়া ফলৰ সোৱাদ দিয়াৰ ওপৰিও গৰমত জিৰণী লবলৈ শীতল ছাঁৰ যোগান ধৰে ৷

গছৰ চমু বৰ্ণনা - উচ্চতা ৫ৰ পৰা ১২মিটাৰ ৷ সৰু সৰু আকৃতিৰ পাতযুক্ত কাঁইটীয়া ডালৰে আৱৰা ৷ ফুলৰ বৰণ-সেউজ-হালধীয়া ৷ মৌ মাখিয়ে ফুলৰ ৰেণু বিয়পায় ৷ ফল কেঁচাত সেউজীয়া, স্বাদত কেঁহা আৰু টেঙা ৷ ফল পকিলে হালধীয়া-ৰঙচুৱা বৰণৰ হয় ৷ পকা বগৰীৰ সুগন্ধ থাকে ৷ পকা বগৰী অতি সুস্বাদু ৷ কিছুমান বগৰীৰ স্বাদ অমিতা-আপেল-নাচপতিৰ মিশ্ৰণ যেন লাগে ৷ পকা বগৰী শুকাব ধৰিলে শুকান খেজুৰৰ দৰে দেখায় ৷ টান ঘূৰণীয়া এটি বীজ বগৰীৰ ফলৰ ভিতৰত থাকে ৷ বগৰী গছ যাতে কীটৰ আক্ৰমণত ৰোগাক্ৰান্ত নহয় সেয়ে প্ৰয়োজন সাপেক্ষে কীটনাশক দি গছৰ যত্ন লব লাগে ৷

খাবলৈ বগৰী কেনেদৰে ব্যৱহাৰ কৰে ?
পকা বগৰী জুতিৰ বাবে সামান্য নিমখ লগাই বা এনেয়ো খাব পাৰি ৷ বহুতে আঞ্জাত দি, চাটনি বনাই, চৰবত বনাই নাইবা আচাৰ বনাই খায় ৷ বগৰী ৰদত শুকুৱাই সংৰক্ষণ কৰি থব পাৰি ৷ কোনো কোনোৱে শুকান বগৰী পিচি পাউদাৰ কৰিও থয় ৷ অসমীয়া মহিলাসকল বগৰীৰ নানান ৰন্ধন প্ৰকৰণ আৰু সংৰক্ষণ পদ্ধতিৰ সৈতে বাৰুকৈয়ে অৱগত ৷

কি কি লাগতিয়াল তত্ব বগৰীত থাকে ?
বগৰীৰ ফল হ'ল ভিটামিন (বি-কমপ্লেক্স আৰু ভিটামিন-চি) , এন্টিঅক্সিডেন্ট, খনিজ পদাৰ্থ (লৌহ পদাৰ্থ, কেলচিয়াম, মেগনেচিয়াম, প'টেচিয়াম,ফচফ'ৰাচ), ডায়েটেৰী ফাইবাৰ, প্ৰটিন, কাৰ্বহাইড্ৰেট, এমাইনো এচিড, কেৰটিন'ইড আদিৰ সংমিশ্ৰণৰে ভৰা ৷ প্ৰতি ১০০গ্ৰাম বগৰীত থাকে প্ৰটিন (৮০০মিলিগ্ৰাম), কাৰ্বহাইড্ৰেট (১৭গ্ৰাম), চুগাৰ (১০গ্ৰাম), চৰ্বি (৭০মিলিগ্ৰাম), ডায়েটেৰী ফাইবাৰ (৬০০মিলিগ্ৰাম), ভিটামিন-চি (৭০মিলিগ্ৰাম), আইৰণ (১.৮মিলিগ্ৰাম) আৰু পানীৰ পৰিমাণ হ'ল ৮৩ গ্ৰাম ৷ উৰ্জা- ৫.৯১৮কেলৰি প্ৰতি ১০০গ্ৰামত ৷ বগৰীত থকা ভিটামিন-চিৰ পৰিমান আন যি কোনো ফলৰ তুলনাত কুৰি গুণ বেচি ৷
আপুনি জানি আচৰিত হব বগৰীৰ ফলৰ ওপৰিও গছৰ পাত,ছাল-বাগলি প্ৰতিটো অংশই ঔষধি গুণযুক্ত ৷

উপযোগিতাৰ তালিকা : -
চীন দেশত বগৰী অনিদ্ৰা আৰু মানসিক উদ্বেগ আতৰাবলৈ ব্যৱহাৰ কৰি অহা হৈছে ৷
বাৰ্মা আৰু কেনিয়াত বগৰীৰ পৰা চিল্কৰ কাপোৰত দিয়া ৰং তৈয়াৰ কৰা হয় ৷
বগৰীৰ খৰিৰ ভাল আঙঠা হয় ৷ গছৰ ডালৰ পৰা সৰসুৰা লাগতিয়াল কাঠৰ সৰঞ্জাম তৈয়াৰ কৰা হয় ৷ বগৰী ফুলৰ পৰা সুগন্ধি নিৰ্মাণ কৰিব পাৰি ৷
বাকলি বা পাত পিচি প্ৰলোপ দিলে ঘাঁ সোনকালে শুকায়,জ্বৰ কমে ৷ মিঠাতেলৰ সৈতে মিহলাই বাত বিষৰ মালিশ হিচাবে ব্যৱহাৰ কৰি সুফল পোৱা যায় ৷
বগৰী গুটি পিচি দৈৰ সৈতে খালে ওকালি,বমি, পেটৰ বিষ, শৌচ-কঁচা আৰোগ্য হয় ৷
প্ৰটিন,কেৰটিনইড আৰু ভিটামিন- বি কমপ্লেক্স থকা বাবে বগৰী হ'ল চুলিৰ স্বাস্থ্যৰ বাবে উপযোগী৷
আইৰণ,ফচফৰাচ আদিৰ উপস্থিতিৰ বাবে বগৰীয়ে এনিমিয়া হ্ৰাস কৰে ৷ তেজ চলাচল সুচল কৰে ৷কেলচিয়াম,ফচফৰাচ আদিয়ে হাঁড় সবল কৰে ৷
বগৰীত থকা ভিটামিন আৰু এন্টিঅক্সিডেন্টে ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায় ৷
এন্টিঅক্সিডেন্টে অহিতকাৰী ফ্ৰি-ৰেডিকেলৰ ক্ষমতা হ্ৰাস কৰি কৰ্কট ৰোগৰ বিৰুদ্ধে প্ৰতিৰোধ আগবঢ়ায় ৷কাহ আৰু শ্বাসজনিত ৰোগৰ উপক্ষম কৰাত বগৰী সহায়ক ৷
কলা নিমখৰ লগত বগৰি খালে আভোক আৰু আজীৰ্ণ আতৰ হয় ৷কলেষ্টৰল,মেদবহুলতা আৰু ষ্ট্ৰেচ কমোৱাত বগৰী সহায়ক ৷
উল্লেখযোগ্যযে ভাৰতবৰ্ষত আয়ুৰ্বেদিক চিকিৎসাত বগৰীৰ বিভিন্ন অংশৰ প্ৰযোগ বহুবছৰৰ পৰা চলি আহিছে আৰু ইয়াৰ নানাবিধ উপকাৰিতাত ওপৰত বহুতো গবেষণা চলি আছে ৷
বগৰীৰ পাত গৰু, ছাগলি, মহ আদি পোহনীয়া জন্তৰ খাদ্য হিচাবে ব্যৱহৃত হয় ৷

বগৰীৰ অপকাৰিতা আৰু লবলগীয়া সাবধানতা :
বগৰী টেঙা হলে গাখীৰৰ সৈতে কেতিয়াও গ্ৰহণ নকৰিব ৷ইয়াৰ বাহিৰে গৰ্ভৱতী মহিলা,হৃদৰোগ থকা লোকেও নিৰ্ভয়ে বগৰী খাব পাৰিব ৷ বহুতৰ ধাৰণা বগৰীয়ে কাহ আৰু কফ কৰে- সেয়া ভুল ধাৰণা ৷

  • সচেতন পাঠকৰ অভিজ্ঞতাৰ পৰা সংযোজন :
  • অসমীয়া সমাজত প্ৰচলিত এটি প্ৰথা অনুসৰি নৱজাতকক লৈ মাতৃ যিটো কোঠাত থাকে তাৰ দুৱাৰদলিত পৰিবেশ বিশুদ্ধ ৰাখিবলৈ বগৰীৰ ডাল বান্ধি দিয়া হয় ।
  • বগৰী গছৰ কুমলীয়া পাত চোবাই খালে মুখৰ ঘা ভাল হয় ৷
  • চকুত যেতিয়া আচিনা উঠে ৫বা ৭খিলা বগৰীৰ পাতেৰে সেই আচিনা সেকিলে উপশম পোৱা যায় ।
  • বগৰী গছৰ টান কাঠৰ পৰা বনোৱা Charcoal আহোম শাসনৰ সময়ত অসমত বাৰুদ নিৰ্মানত ব্যৱহাৰ হৈছিল।
  • কোনো কোনো ঠাইত মৃতকৰ অন্তিম সৎকাৰত গা ধোৱাবলৈ ব্যৱহাৰ কৰা পানীত বগৰীৰ কেইখিলামান পাত মিলাই দিয়া হয় ৷
  • 'অৰণ্য মানৱ' যাদব পায়েঙে মোলাই কাঠনি পাতোঁতে প্ৰথমেই যথেষ্ট পৰিমাণৰ বগৰী গছ ৰুইছিল। বগৰী গছ আন গছৰ তুলনাত সোনকালে ডাঙৰ হয় আৰু সেইবাবে ঠাই বিশেষে গৰাখহনীয়া ৰোধৰ বাবে বগৰী গছ ৰোপন কৰা হয় ৷
  • বগৰীৰ অতবোৰ গুণৰ বাবেই সাহিত্যিক ডঃ মহেশ্বৰ নেওগদেৱে বগৰীক ''সপোনপুৰীৰ হীৰা' বুলি আখ্যা দিছিল।

সেয়ে দেখাত সাধাৰণ যেন লগা প্ৰকৃতিৰ এই মূল্যবান বৰদানক সকলোৱে সাদৰেৰে গ্ৰহণ কৰক।

লেখক :-ডা০ ভূপেন শইকীয়া

উৎস :- দৈনিক জনমভূমি

2.88888888889
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top