অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মাকৈ খেতি

মাকৈ খেতি

সকলো মানুহেই জীয়াই থাকিবলৈ জীৱন সংগ্ৰামত অৱতীৰ্ণ হ’ব লাগিব, স্ংগ্ৰামহীন জীৱন জীৱনেই নহয়। এই ভাষ্য ব্ৰহ্মপুত্ৰৰ খহনীয়াত সৰ্বস্ব হেৰুৱায়ো সৎ সাহসেৰে চৰ-চাপৰি নতুবা কোনোবা মথাউৰিৰ পথৰ দাঁতিত বাস কৰা মৰিগাঁও জিলাৰ ভূৰাগাওঁ ৰাজহ চক্ৰৰ অন্তৰ্গত একাংশ লোকৰ। খহনীয়াত ঘৰ-বাৰী, কৃষি ভূমি হেৰুৱায়ো জীয়াই থাকিবলৈ পুনৰ চৰ-চাপৰি আৰু নৈ পৰীয়া অঞ্চলৰ কৃষিভূমিসমূহত কৃষিকৰ্মত নিয়োজিত হৈ পৰিছে বহু কৃষক। উল্লেখ্য যে খহনীয়াগ্ৰস্ত অঞ্চলটোৰ কৃষকসকলে কমদিন আৰু অতি কম খৰছৰ ভিতৰত কৰিব পৰা লাভজনক খেতি হিচাপে চিনাক্ত কৰিছে মাকৈ খেতি। জানিব পৰা মতে এডৰা মাটিতে এই খেতি কৰাৰ পিছত সেই একেডৰা মাটিতে পুনৰ শালি বা বাও ধানৰ খেতি কৰিব পৰা যায়। ৰাজহ চক্ৰটোৰ অন্তৰ্গত পোকালাগি, বৰশীবন্ধা, গেৰুৱা, তাপতলা, সোণডোৱাৰ উপৰি কালাই চৰ, মিৰিকামাৰী চৰ, শলমাৰী চাপৰি, হলৌকন্দা চৰ, সেউজীয়া পথাৰ চাপৰি, গমলু চৰ আদিকে ধৰি প্ৰায়বোৰ চাপৰিত এইবাৰ মাকৈ খেতি নদন-বদন হৈ উঠিছে। ইতিমধ্যে কৃষকসকলে পথাৰৰ পৰা উৎপাদিত মাকৈসমূহ চপোৱা কাৰ্য আৰম্ভ কৰিছে। জানিব পৰা মতে, এইবাৰ চৰ-চাপৰি আৰু নৈপৰীয়া অঞ্চলটোৰ ২০৮৫ হেক্টৰ কৃষিভুমিত মাকৈ খেতি কৰা হৈছে। ৰাজহ চক্ৰটোৰ পোকালাগি গাওঁৰ জ্যোতিষ বিশ্বাস আৰু কালাই চৰৰ আলালউদ্দিনে জনোৱা মতে, বৰ্তমান সময়ত অতি লাভজনক খেতি হৈ পৰিছে মাকৈ খেতি। উৎপাদন অনুপাতে খৰচৰ পৰিমাণ একেবাৰে সামান্য। তেওঁলোকে কোৱামতে, প্ৰতি বিঘা মাটিত হাল বোৱা, বীজ, সাৰ প্ৰয়োগসহ উৎপদিত শস্য চপোৱালৈ খৰচ হয় মাত্ৰ ২০০০-২৫০০ টকা। ইয়াৰ বিপৰীতে প্ৰতি বিঘা মাটিত মাকৈ উত্ৎপাদন হয় ১২-১৪ কুইন্টল। বৰ্তমান বজাৰৰ মূল্য প্ৰতি কুইন্টল মাকৈত ১২০০ টকা। সেই হিচাপে এজন মাকৈ খেতিয়কে প্ৰতি বিঘা মাটিত ২০০০-২৫০০ টকা খৰচ কৰি পায় ১৪,৪০০-১৬৮০০ টকা। মাকৈ খেতিৰ এনে লাভজনক দিশটোৰ প্ৰতি লক্ষ্য ৰাখি ৰাজহ চক্ৰটোৰ শ শ কৃষকে মাকৈ খেতি কৰিবলৈ আগবাঢ়ি অহা পৰিলক্ষিত হৈছে। আনকি নিজৰ কৃষি ভূমি নথকাসকলেও আনৰ মাটি চুক্তি লীজ অৰ্থাত চুক্তিত লৈ বিঘাই বিঘাই মাকৈ খেতি কৰিবলৈ মন মেলিছে। ৰাজহ চক্ৰটোৰ পোকালাগি গাওঁৰ তেনে এজন মাকৈ খেতিয়ক হৈছে জ্যোতিষ বিশ্বাস। এইজন কৃষকে এইবাৰ ১০ বিঘা মাটিত মাকৈ খেতি কৰিছে। একেদ’ৰে শ’লমাৰী চাপৰিৰ জামানউদ্দিনে ১৫ বিঘা, আবুল কালামে ৮ বিঘা, আকব মিঞাই ৮ বিঘা, হলৌবান্দা চৰৰ ছাত্ৰা আলিয়ে ৫ বিঘা, মহম্মদ আলীয়ে ৪ বিঘা, তফাৰ্জুলে ২ বিঘা মাটিত মাকৈ খেতি কৰি পৰিয়াল পোহপাল দিবলৈ সমৰ্থ হৈছে। এইসকল ভূমিহীন মাকৈ খেতিয়কে প্ৰকাশ কৰা মতে, চৰকাৰ তথা জিলা কৃষি বিভাগে যদি তেওঁলোকক বীজ আৰু সাৰ যোগান ধৰিলেহেঁতেন তেতিয়া তেওঁলোকে আৰু অধিক উপকৃত হ’লহেতেন। কিন্তু ৰাজহ চক্ৰটোৰ মাকৈ খেতিয়কসকলৰ প্ৰতি কৃষি বিভাগে কোনো গুৰুত্ব দিয়া নাই। ইমানৰ পিছতো ৰাজহ চক্ৰটোত বৃহৎ পৰিমাণে উৎপাদিত মাকৈসমূহ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তলৈ ৰপ্তানি হৈ থকা বুলি মাকৈ খেতিয়ক সকলে জনায়।

বিষ্ণু ডেকা, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 3/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate