অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মালভোগ শাক :

মালভোগ শাকৰ বিষয়ে লিখা হৈছে ।

 

অসমৰ উদ্ভিদ প্ৰজাতিসমূহৰ বৈচিত্ৰ্য মন কৰিবলগীয়া। প্ৰজাতিসমূহ স্থানভেদে ডাঠ অৰণ্যৰপৰা তৃণভূমিলৈ পাৰিপাৰ্শ্বিকৰ সৈতে অভিযোজন কৰি বৰ্তি আছে। অসমত শাকৰ প্ৰজাতিসমূহো বিস্তৃত।

মালভোগ শাক অসমৰ সকলো স্থানতে দেখিবলৈ পোৱা এবিধ মূল্যৱান শাক। এই শাকবিধক স্থানবিশেষে মালভোগ খুতৰা বুলিও জনা যায়।

Portulacaceae পৰিয়ালৰ অন্তৰ্গত এইবিধ শাকৰ সাধাৰণ ইংৰাজী নাম Common Purslane আৰু বৈজ্ঞানিক নাম Portulaca Oleracea।

ব’হাগ বিহুত খোৱা শাকৰ সমাহাৰত এইবিধ শাকৰো উল্লেখ আছে। খাদ্য হিচাপে আৰু ঔষধি গুণবিশিষ্ট বাবে পৃথিৱীৰ অতি কমেও পঞ্চাশখন দেশত এইবিধ শাক বেছ সমাদৃত হৈ আহিছে। আমেৰিকা যুক্তৰাজ্যত এইবিধ শাক ছালাডৰ লগত খোৱা হয়।

মালভোগ শাক কম উচ্চতাৰ(মাটিৰপৰা ২-২৫ ছেঃমিঃ ওখ), থিয়, মঙহাল তৃণ। ইয়াৰ ডাল পোহৰ ৰঙা, পাত ঠাৰিবিহীন, ডিম্বাকাৰ আৰু সূৰ্যৰ পোহৰত দৃঢ়ভাৱে আলোকিত হয়। এজোপা শাকে জীৱন চক্ৰত অতি কমেও ২,৪০,০০০টা বীজ দিব পাৰে।

অধিক পৰিমাণত বীজ উৎপাদন হয় বাবেই অতি কম সময়ৰ ভিতৰতে ঘাঁহনিত পৰিণত হয়। এই শাকবিধ মধ্যপ্ৰাচ্য(উত্তৰ আফ্ৰিকা) আৰু ভাৰত উপ-মহাদেশৰ থলুৱা উদ্ভিদ।

বৰ্তমান পৃথিৱীৰ আটাইবোৰ অংশত(১৬ শতিকাত ইউৰোপ আৰু উত্তৰ আমেৰিকা) দেখিবলৈ পোৱা যায়।

ই অসমৰ প্ৰায়বোৰ স্থানত(বিশেষকৈ পৰিত্যক্ত ভূমি, পাচলিৰ পথাৰ) সামান্যতম সেমেকাৰপৰা অধিক সেমেকা অথচ উষ্ণ অঞ্চলত দেখিবলৈ পোৱা যায়।

মালভোগ শাক পৰিপুষ্টিগত দিশৰপৰা অতি উত্তম। প্ৰয়োজনীয় খনিজ লৱণ উপৰি এই শাকবিধত বহু জৈৱ-কাৰ্যকৰী(Bioactive Compound) উপাংশ আছে, যাৰ বাবে ঔষধি দিশৰপৰা অত্যন্ত উপযোগী হিচাপে চিহ্নিত হৈছে। ই

*কেলছিয়াম,

*লো,

*মেগনেছিয়াম আৰু

*পটেচিয়ামসমৃদ্ধ।

*বহু প্ৰতিজাৰক পদাৰ্থ,

*ওমেগা-৩-ফেটী এচিড,

*ভিটামিন ‘ক’, ‘খ’,

*টাৰ্পিনয়ড,

*আইচ’ফ্লেভ’নয়ড,

*ক’মেৰিন আৰু

*বহু কেইটা অল্মৰ অংশ এইবিধ শাকত পোৱা যায়।

আয়ুৰ্বেদত মালভোগ শাকৰ ঔষধি গুৰুতৰ বিষয়ে উল্লেখ আছে। ঔষধ বিজ্ঞানৰ জনক ডায়স্কৰিডছ(Dioscorides, ৪০-৯০ খ্ৰীষ্টাব্দ)-এ এই শাকবিধৰ ঔষধি গুণসমূহ লিপিবদ্ধ কৰি থৈ গৈছে। ইয়াৰ-

*প্ৰস্ৰাৱ পৰিষ্কৰণ,

*বীজাণুনাশক,

*স্কাৰ্ভি প্ৰশমন,

*কংকালী পেশীৰ শিথিলতা হ্ৰাসকৰণ,

*বেক্টেৰিয়ানাশক,

*তেজ পৰিস্ৰাৱক,

*ফোঁহা আৰু আন আনুষংগিক বেমাৰ দূৰীকৰণ,

*জ্বৰ প্ৰশমন,

*পেলুনাশক,

*ঘা নিৰ্মূলকাৰক,

*কটা আৰু পোৰাৰ ঘঁহন মেৰামতিকৰণ,

*বাতবিষনাশক,

*দাঁত আৰু মূৰৰ বেদনা প্ৰশমণৰ উপৰি বহু ব্যৱহাৰৰ আছে।

পৃথিৱীৰ বহু দেশত পৰম্পৰাগত জ্ঞান আৰু মৌখিক প্ৰচলনৰ মাধ্যমেৰে মানৱ স্বাস্থ্যজনিত সমস্যাসমূহ দূৰ কৰাৰ বাবে এইবিধ শাক ব্যৱহাৰ কৰি অহা হৈছে।

পৰম্পৰাগত জ্ঞান আৰু মৌখিক প্ৰচলনৰ যোগেদি এইবিধ উদ্ভিদ-

*পেটৰ জ্বলা-পোৰা নাশ কৰা,

*মূত্ৰথলীৰ সমস্যা হ্ৰাস কৰা,

*অস্বাভাৱিক ৰক্তক্ষৰণ বন্ধ কৰা,

*অৰ্শনাশক হিচাপে দেশে দেশে ব্যৱহাৰ কৰি আহিছে।

ব্যৱহাৰৰ দিশত ইয়াৰ কোনো এটা অংশই বাদ পৰি যোৱা নাই।ঔষধ বিজ্ঞানৰ উন্নতিৰ লগে লগে আৰু প্ৰযুক্তিগত বিকাশৰ বাবে এই উদ্ভিদজোপাৰ প্ৰায় আটাইবোৰ অংশক মানসিক বিকাৰ, জীৱনশৈলীৰ লগত জড়িত বেমাৰ, যেনে- ৰক্তচাপ আৰু মধুমেহৰ ঔষধ আৱিষ্কাৰ কৰাৰ বাবে অধ্যয়ন আৰু গৱেষণা চলি আছে।

এই শাকবিধৰপৰা বহু নব্য আৰু মানৱহিতৈষী ব্যৱহাৰৰ বাবে দৰব প্ৰস্তুত কৰাৰ প্ৰয়াস চলি আছে।

লেখক: মহেশ দাস(দৈনিক অসম)

3.11111111111
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top