অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মৰাপাট

জাত

জাত সিঁচাৰ সময় উত্পাদন(কু:/হেক্টৰ) গা পঁচা ৰোগৰ প্রতিৰোধ ক্ষমতা মন্তব্য
তিতামৰা
জে আৰ চি২১২ (সবুজ আশা) ফাগুণৰ মাজৰ পৰা বহাগৰ মাজ ২২-২৬ মধ্যমীয়া ওখ আৰু মধ্যমীয়া মাটিৰ বাবে উপযোগী
জে আৰ চি ৩২১ সোণালী ফাগুণৰ পৰা বহাগৰ মাজ ২১-২৬ কিছুপৰিমাণে বেমাৰ হয় মধ্যমীয়া আৰু দ মাটিৰ বাবে
ইউ পি চি ৯৪ (ৰেসমা) ২১-২৬ মধ্যমীয়া দ মাটিৰ বাবে
জে আৰ চি ৭৪৪৭ (শ্যামলী)ঐ ২২-২৭ মধ্যমীয়া ওখ আৰু মধ্যমীয়া মাটিৰ বাবে
মিঠামৰা
জে আৰ ও ৫২৪ (নবিন) চ'তৰ পৰা জেঠৰ প্রথম ভাগ ২৫-৩০ সহনশীল মধ্যমীয়া দ মাটি
জে আৰ ও ৭৮৩৫ (বাসুদেব) ২৫-৩০ মধ্যমীয়া মধ্যমীয়া দ মাটি
জে আৰ ও ৬৩২ (বৈশাখী পাট) বহাগৰ পৰা জেঠৰ প্রথমভাগ ২৫-৩০ মধ্যমীয়া ওখ আৰু মধ্যমীয়া মাটি
চিলেকচন ২ (বহাগী) বহাগৰ পৰা জেঠৰ প্রথমভাগ ২৯-৩৫ সহনশীল

মাটি

মৰাপাট খেতিৰ বাবে সাধাৰণতে বালিচহীয়া আৰু পলসুৱা মাটি উত্তম । মাটি প্র্রস্তুতি : মৰাপাটৰ বীজ সিচিঁবৰ বাবে মাটিডৰা মিহি আৰু বন-বাত নোহোৱা হব লাগে । মাটিডৰা ৫-৬ বাৰমান হালবাই মৈয়াই মিহিকৈ চহাই লব লাগে । উইচিৰিঙ্গা আৰু উইপোকৰ উপদ্রব থকা পথাৰত মাটিৰ লগত ৫% মালাথিয়ন গুড়ি হেক্টৰে প্রতি ৩০ কেজি হিচাবত মিলাই লব লাগে । মাটিৰ অম্লতা ৫.৫ ৰ কম হলে বীজ সিচাঁৰ ২১ দিনৰ আগতে হেক্টৰে প্রতি ২০-৩০ কুইন্টল চূণ প্রতি ৩ বছৰৰ অন্তৰত প্রয়োগ কৰিব লাগে ।

বীজৰ পৰিমাণ

ক) শাৰী পদ্ধতিত ৰোৱাৰ বাবে তিতামৰা : ৬-৭ কেজি প্রতি হেক্টৰত বা ৮০০-৯০০ গ্রাম প্রতি বিঘাত মিঠামৰা : ৫-৬ কেজি প্রতি হেক্টৰত বা ৬৬০-৮০০ গ্রাম প্রতি বিঘাত

খ) সিঁচা পদ্ধতিৰ বাবে

তিতামৰা : ১০-১১ কেজি প্রতি হেক্টৰত বা ১৩০০-১৫০০ গ্রাম প্রতি বিঘাত

মিঠামৰা : ৫-৬ কেজি গ্রতি হেক্টৰত বা ৬৬০-৮০০ গ্রাম প্রতি বিঘাত

ব্যৱধান

শাৰী পদ্ধতিত সিঁচিবৰ কাৰণে দুটা শাৰীৰ মাজৰ দূৰত্ব হব লাগে ২২-২৫ চে :মি : আৰু দুজোপা গছৰ মাজৰ দূৰত্ব ৫-৭ চে :মি:। নিৰণিৰ পাচত প্রয়োজনীয গছৰ সংখ্যা প্রতি বর্গ মিটাৰত ৫০ জোপাৰ পৰা ৬০ জোপা হব লাগে।

সাৰ প্রয়োগ : সম্ভব হলে মাটি প্রস্তুতিৰ সময়ত হেক্টৰে প্রতি ৫ টনকৈ গোবৰ বা পচন সাৰ প্রয়োগ কৰিব লাগে আৰু সেই অনুক্রমে অনুমোদিত সাৰৰ পৰিমাণ কমাই দিব লাগে । একটন গোবৰ বা পচন সাৰে প্রায় ৫ কেজি N ২-৫ কেজি P2O5 আৰু ৫ কেজি K2O যোগান ধৰে।

পুষ্টি-পোষক
প্রয়োজন
প্রকাৰ
সাৰৰ পৰিমাণ
(কি:গ্রা:/হে:)
(কি:গ্রা:/বিঘা)
ক) তিতামৰা
N
৪০
ইউৰিয়া
৮৮
১২
P2O5
২৫
চিঙ্গল চুপাৰ ফচফেট
১৫৬
২০
K2O
৩০
মিউৰেট অব পটাচ
৫০
খ) তোষাপাট
N
৩০
ইউৰিয়া
৬৬
P2O5
২৫
চিঙ্গল চুপাৰ ফচফেট /মুচৌঠী ৰক ফছফেট
১৫৬/১২৫
২০/১৫
K2O
২৫
মিউৰেট অব পটাচ
৪২

দ্রষ্টব্য: মিঠাপাত চিঙ্গল চুপাৰ ফছফেটত সলনি মুচেটৰী ৰক ফছফেট ব্যৱহাৰ কৰিলে শেষবাৰ মাটি চহোৱাত কমেও ৩ সপ্তাহ আগতে প্রয়োগ কৰিব লাগে।

সাৰ প্রয়োগৰ সময়

সমুদায় ফছফেট আৰু পটাচ সাৰ শেষবাৰ মাট চহোৱাৰ সময়ত প্রয়োগ কৰিব লাগে। নাইট্রজেন সাৰখিনি সমানে দুভাগ কৰি বীজ সিঁচাত ৪-৬ সপ্তাহ পিচত এবাৰ আৰু ৬-৮ সপ্তাহ পিচত এবাৰ প্রয়োগ কৰিব লাগে। যদিহে মাটিত পানী জমা হয় তেতিয়াহলে সাৰভাগ পাতত প্রয়োগ কৰিব লাগে।

পাতত ইউৰীয়া সাৰৰ প্রয়োগ

যদিহে ইউৰীয়া সাৰৰ টপদ্রেচি সম্ভবপৰ নহয় তেতিয়াহলে পাতত ইউৰীয়া সাৰ স্প্রে কৰিব পাৰি। ইউৰিয়া (11.5 kg n/he) সিঁচাৰ ৪০-৬০ দিনৰ পিচত স্প্রে কৰা হয়। প্রথমটো স্প্রে সিঁচাৰ ৪০-৫০ দিন পিছত Low volume power sprayer (Microvette) ৰ দ্বাৰা আৰু দ্বিতীয়টো স্প্রে আৰু ১০-১৫ দিন পিচত দিয়া হয়। Aspee Bolo sprayer ৰ দ্বাৰা ৩ টা স্প্রে দিয়া প্রয়োজন হয়। প্রথমটো স্প্রেৰ ১০ দিনৰ আগৱত আৰু দুটা স্প্রে দিয়া হয়। হস্তচালিত স্প্রেয়াৰৰ সহায়ত (high volume) দুবাৰ স্প্রে কৰাৰ প্রয়োজন হয়। প্রথমটো বীজ সিঁচাৰ ৪০-৪৫ দিন পিচত আৰু তাৰ পিচত সিঁচাৰ ৫৫-৬০ দিনৰ ভিতৰত দ্বিতীয় স্প্রে দিয়া হয়।

প্রতিপালন

পুলিবোৰ গজাৰ ৩-৪ সপ্তাহৰ পিচত পাতলাই দিব লাগে। পাতলাই দিয়াৰ সময়তে এটা নিৰণি দিব লাগে। বীজসিঁচাৰ ৪-৫ সপ্তাহৰ পিচত এবাৰ (Wheel hoe) হুইল হু যন্ত্র চলালে বন-বাত বোৰ যথেষ্ট পৰিমাণে কমে।

সিঁচা পদ্ধতিত কৰা খেতিত খেতিডৰাৰ বয়স ২-৩ চাৰি সপ্তাহ হলে ২-৩ বাৰ বিন্ধা ব্যৱহাৰ কৰিব লাগে আৰু পুলিবোৰ পাতলাই দিব লাগে যাতে পুলিৰ মাজৰ দূৰত্ব ১২-১৩ চে :মি : হয় আৰু গছৰ সংখ্যা প্রতি হেক্টৰত ৬-৭ লাখ হয় (৬০-৭০ জোপা গছ/ বর্গ : মি :) গছ গজাৰ আগতে ফ্লুক্লোৰেলিন ৩ লি : /হেক্টৰ হিচাবত ১০০০ লি : পানীত মিলাই ৩ দিন আগত প্রয়োগ কম ।

চপোৱা আৰু গেৰোৱা

ভাল উত্পাদন পাবলৈ মৰাপাটৰ সৰু সৰু ৰেই ধৰাৰ লগে লগে চপাব লাগে। যদি মৰাপাটৰ পিচত ধান কৰা হয় তেনেহলে ১০০-১২০ দিনত মৰাপাট চপাব লাগে যাতে সময়মতে ধানৰ বাবে মাটি প্রস্তুত কৰিব পৰা যায় । গছবোৰ মাটিৰ সমানত চপাব লাগে। গছবোৰ ১৫-২০ চে :মি : ব্যাসৰ মুধা বান্ধিব লাগে আৰু পথাৰত ২-৩ দিন থিয়কৈ ৰাখিব লাগে যাতে পাতবোৰ সৰি যায় আৰু গোবৰৰ সুবিধা হয়। ক্ষীণকায় আৰু মোটা পাটবোৰ বেলেগ বেলেগ মুঠা বান্ধিব লাগে। ভাল পাত পাবৰ কাৰণে গেৰোৱা পদ্ধতি শুদ্ধ হোৱা অতি প্রয়োজন। জাক সাজিবলৈ মুঠাবোৰ পানীত ওচৰা ওচৰিকৈ ৰাখিব লাগে আৰু একেলগে বান্ধিব লাগে। সম্ভব হলে এতৰপৰ ওপৰত আৰু এতেৰপ পাত ৰাখিব লাগে আৰু ওপৰত মেটেকা ,কেটুৰি পাত ,ধান খেৰ আদিতে ঢাকি দিব লাগে । জাকৰ ওপৰত কাঠ ,ইটা ,আদিৰ ওজন দি পানীত ডুবাই ৰাখিব লাগে। মুঠাবোৰৰ মাজত এডাল বা দুডাল বানহেমপ বা ধেইনচা গছ ভৰাই দিব লাগে। পানীত উত্তাপৰ ওপৰত নির্ভৰ কৰি ১০-৩০ দিনৰ ভিতৰত গেৰোৱা সম্পন্ন হয়। প্রতিজোপা গছৰ পৰা আহঁবোৰ আতৰাই চাফা পানীত ভালকৈ ধুই ৰদত ২-৪ দিন শুকুৱাব লাগে। আহঁবোৰ ধুবৰ সময়ত 'ভেকুৰ' কালবাৰ ব্যৱহাৰ কৰিলে উন্নত মানৰ আঁহ পোৱা যায়।

শস্যক্রম

পাটৰ খেতিত মাটিৰ উর্ব্বৰতা ৰক্ষা কৰিবলৈ আৰু বেমাৰৰ প্রাদুভাব কমাবলৈ সলনা সলনিকৈ আন খেতি কৰিব লাগে । মৰাপাট -ধান -সৰিয়হ আৰু মৰাপাট -ধান- ঘেহুৰ শস্যক্রম লাভজনক বুলি বিবেচিত হৈছে আৰু অনুমোদন কৰা হৈছে । বষানির্ভৰ ওখ মাটিৰ বাবে মৰাপাট (JRO 524 or JRO 7835)- মাহ (SB-121 or শাওণীয়া মাহ)- সৰিয়হ()(TS-38 or M-27 or Ts36) অনুমোদন কৰা হয় ।

শস্যৰক্ষা

ক) পোক -পতঙ্গঁ

পোক
দৰবৰ নাম
দৰবৰ সংমিশ্রণ
বিছা পোক
এন্দোবালক্ষন ৩৫ ই চি
২ মি: লি:/ লিটাৰ পানীত
ঘোৰাঁ পোক
২ মি: লি:/ লিটাৰ পানীত
গা-গছৰ পোক
ৰংৰ ৩০ ই চি
ৰগৰ ২ মি: লি: /লিটাৰ পানীত
নুভাক্রন ৪০ ই চি
নুভাক্রন ১.৫ মি:লি: /লিটাৰ পানীত
হালধীয়া চাঁহি
এন্দোচালফন ৩৫ ই চি
২ মি: লি: /লিটাৰ পানী
ৰগৰ
২ মি: লি: /প্রতি লিটাৰ পানী

মন্তব্য

ক) বিঘাই প্রতি ৮০-১০০ লিটাৰ ঔষধ মিশ্রিত পানীৰ আৱশ্যক ।

খ) জুন মাহৰ মাজভাগৰ পৰা ১৫ দিনৰ অন্ততত ৩ বাৰ ঔষধ চটিয়াব লাগে ।

গ) আৰম্ভণিতে বিছা সোৰ কণী আৰু পোকবোৰ হাতেৰে তুলি আনি নষ্ট কৰি পেলাওক । পথাৰত জেং পুতি দিলে ৰোই বহি মোৰাঁপোক খাবৰ সুবিধা হয়।

বেমাৰ

মৰাপাটৰ প্রধান বেমাৰসমূহ হৈছে শিপা পঁছা, গা-পঁছা ,পুলিৰ ব্লাইট আৰু এনথ্রাকগেছ । ইয়াৰ প্রতিকাৰক বাবে তলৰ ব্যৱস্থা গ্রহণ কৰিব লাগে।

ক) কাৰবেনডাজিম ঔষধ ২ গ্রাম প্রতি কিলোগ্রাম বীজৰ লগত মিলাই বীজ শোধন কৰিব ।

খ) মাটিৰ অম্লতা ৫.৫ ৰ ভিতৰত ৰাখিবলৈ প্রয়োজন হলে চূণ প্রয়োগ কৰিব ।

গ) পটাচ সাৰৰ পৰিমাণ ৫০ কিলোগ্রাম /হেক্টৰলৈ বঢ়াওক

ঘ) মৰাপাট -ধান চক্র অৱলম্বন কৰক

ঙ) পথাৰত বেমাৰে দেখা দিলে কাৰবেনডাজিম ১ গ্রাম/লিটাৰ পানীত বা মেঙ্কোজা ৩ গ্রাম /প্রতি লি: পানীত মিলাই স্প্রে কৰক ।

(গ) শস্যক্রিমী :

শিপাত টেমুনা বন্ধা ক্রিয়ী নহবৰ কাৰণে কার্বফুৰাণ 3 G ২কিলোগ্রাম ai প্রতি হেক্টৰ হিচাবত প্রয়োগ কৰিব লাগে ।

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate