মূল পৃষ্ঠা / কৃষি / অসমৰ খেতিসমূহ / ৰিহা গছৰ বৈজ্ঞানিক কৃষি প্ৰণালীঃ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ৰিহা গছৰ বৈজ্ঞানিক কৃষি প্ৰণালীঃ

ৰিহা খেতি ৰোৱাৰ দুমাহৰ পাছত বন-বাত নিয়ন্ত্ৰণৰ বাবে পাতলকৈ কোৰ মাৰি দিব লাগে। বন-বাত ওলোৱাৰ আগতে চিমাজিন বা এট্ৰাজিন প্ৰতি হেক্টৰত ০.৫-১.০ কেজি এ আই হিচাপে ১০০০ লিটাৰ পানীত মিহলাই মাটিৰ ওপৰত স্প্ৰে’ কৰিলে বন-বাত গজিব নোৱাৰে।

 

ৰিহা গছ বিশ্বৰ সকলোতকৈ প্ৰাচীন আৰু সকলোতকৈ মজবুত আৰু দীঘল প্ৰাকৃতিক আঁহজাতীয় শস্য। কাপোৰ তৈয়াৰ কৰা প্ৰাকৃতিক আঁহজাতীয় শস্যৰ ভিতৰত ৰিহাই বিশ্বৰ তৃতীয় স্থান ল’বলৈ সক্ষম হৈছে। এই খেতি চীন, ফিলিপাইন তথা ব্ৰাজিল দেশত অধিক কৰা হয়। বিশ্বত মুঠ ৰিহা উৎপাদনৰ প্ৰায় ৯৬.৩ শতাংশ চীন দেশৰ পৰা উৎপাদন হয়। ইয়াক বিশ্বত চীনৰ ঘাঁহ নামেৰেও জনা যায় আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যবোৰত ইয়াক ৰিহা-কুনখুৰা আদি নামেৰে জনাজাত।

ভাৰতত ইয়াৰ খেতি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যবোৰৰ ভিতৰত প্ৰধানকৈ অসম, অৰুণাচল, নাগালেণ্ড আৰু পশ্চিমবংগ ৰাজ্যত অধিক মাত্ৰাত কৰা হয়। অসম আৰু পশ্চিমবংগত ১০০ হেক্টৰ মাটিত এই খেতি কৰা হয়। এই খেতি উত্তৰ-পূব ভাৰততে সীমাবদ্ধ নাথাকি এতিয়া এই খেতি মহাৰাষ্ট্ৰ, কেৰেলা, তামিলনাডু ৰাজ্যতো কৰাৰ চেষ্টা কৰি আছে। আঁহ উলিয়াবৰ বাবে এই গছৰ গা-ব্যৱহাৰ কৰা হয় আৰু গা-গছৰ পৰা ওলোৱা আঁহবোৰক ফ্লোয়মেৰে মিহলাই আঁহ তৈয়াৰ কৰা হয়। ৰিহাৰ আঁহ উচ্চ গুণসম্পন্ন হোৱাৰ কাৰণে ইয়াৰ দাম আন্তঃৰাষ্ট্ৰীয় বজাৰত যথেষ্ট বেছি।

জলবায়ু আৰু মাটিঃ

 

অত্যন্ত পৰিমাণে বৰষুণ হোৱা ঠাইত এই খেতি সকলো কালতে কৰা হয়। কুনখুৰাৰ খেতিৰ বাবে পানী জমা নোহোৱা, বালিয়া পলসুৱা আৰু সাৰুৱা মাটিয়েই উত্তম। মাটিখিনিৰ অম্লতা সাধাৰণতে ৫.৫-৭.০ ভিতৰত থকাটো আৱশ্যকীয়। ইয়াৰ শ্ৰীবৃদ্ধি আৰু অধিক উৎপাদনৰ বাবে প্ৰায় ১৫০০-৩০০০ মিঃ মিঃ বাৰ্ষিক বৰষুণৰ আৱশ্যক আৰু আপেক্ষিক আৰ্দ্ৰতা ৬০-৯৫.০ শতাংশৰ আৱশ্যক। ইয়াৰ শ্ৰীবৃদ্ধিৰ বাবে ২৫-৩১ ডিগ্ৰী চেলচিয়াছৰ উপযুক্ত তাপমান আৰু চাৰি ডিগ্ৰী চেলচিয়াছতকৈ কম উষ্ণতা এই খেতিৰ বাবে বেয়া।

ৰোৱাৰ সময়ঃ এপ্ৰিল মাহৰ প্ৰথম সপ্তাহৰ পৰা ইয়াৰ খেতি কৰা হয়।

ৰোপণ সামগ্ৰী আৰু ৰোৱাৰ পদ্ধতিঃ

 

এই খেতিৰ বাবে ৰোপণ সামগ্ৰী ভিন্ন। সাধাৰণতে ১০-১৫ ছেঃ মিঃ দীঘল ৰোগমুক্ত ৰাইজ’মৰ টুকুৰাবোৰ ভালদৰে খাতি শাৰী শাৰীকৈ ৬০ x ৩০ ছেঃ মিঃ আঁতৰে আঁতৰে জুন মাহৰ পৰা আগষ্ট মাহলৈকে (বৰ্ষা কালৰ সময়ছোৱাত) ৰুব পাৰি। অধিক বৰষুণ হোৱা ঠাইত ইয়াৰ ৰোপণৰ উপযুক্ত সময় অক্টোবৰৰ পৰা মাৰ্চ মাহলৈকে, যদিহে জলসিঞ্চনৰ সুবিধা থাকে। প্ৰায় ৮-১০ কুইণ্টল ৰাইজ’মৰ টুকুৰা এক হেক্টৰ খেতিৰ বাবে যথেষ্ট। প্ৰতিটো ৰাইজ’মৰ টুকুৰাক শাৰীত ৩০ ছেণ্টিমিটাৰৰ আঁতৰত গাঁত খান্দি ৫-৬ ছেঃ মিঃ গভীৰতাত ভালদৰে পুতি থ’ব লাগে আৰু ১৫-২৫ দিনৰ ভিতৰত ইায়ৰ অংকুৰণ হয়। ৩-৪ সপ্তাহ পাছত যদি খেতিত ভালদৰে গজালি নোলায়, সেই খালী ঠাইত পুনৰ ৰাইজ’ম ৰোপণ কৰিব লাগে।

ৰাইজ’ম আৰু গুটিৰ উপৰিও ৰিহা গছৰ পুলিৰ দ্বাৰাও ৰিহা খেতি কৰিব পাৰি। প্ৰায় এক বছৰ অথবা অধিক পুৰণি খেতিৰ পৰা গা-গছৰ সৈতে ২-৫ ছেঃ মিঃ (ৰাইজ’ম) সৈতে যুক্ত প্ৰায় এক মিটাৰ দীঘল পুলি উভালি, যন্ত্ৰ নাইবা নাঙলেৰে সীৰলু টানি ৬০ ছেঃ মিঃ বহল আৰু ৩০ ছেঃ মিঃ দূৰত্বত ৰুব লাগে। পুলিৰ আগবোৰ ১০ ছেঃ মিঃ মাটিৰ ওপৰত ৰাখি পুলিবোৰ গা-গছ আৰু ৰাইজ’মৰ সৈতে মাটিৰ তলত পেলাই মাটি জপাই দিব লাগে।

ৰিহা গছৰ গুটি বহুত সৰু সৰু। ইয়াক ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত মাটিত বেড বনাই তাৰ ওপৰত পচন সাৰ প্ৰয়োগ কৰি গুটি সিঁচিব লাগে আৰু পাছত পানী দিয়া জাৰিৰে পানী দিয়াৰ ব্যৱস্থা কৰিব লাগে। ১০-১৫ দিনৰ মূৰে মূৰে কবকনাশী ঔষধ প্ৰয়োগ কৰিব লাগে। প্ৰয়োজন অনুসৰি ৰাসায়নিক সাৰৰ ব্যৱস্থা কৰিব লাগে। সময়ে সময়ে পুলিবোৰ নীৰনি কৰিব দিব লাগে আৰু পোক-পৰুৱা বা বেমাৰ নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰিব লাগে। পুলিবোৰ ২-৩ মহীয়া হ’লে সেইবোৰ অন্য ঠাইত ৰোপণ কৰিব পাৰে।

জাত নিৰ্বাচনঃ

 

ৰিহাৰ অধিক উৎপাদন আৰু উচ্চ গুণসম্পন্ন আঁহজাতীয় জাতবোৰ হ’ল- আৰ-৬৭-৩৪ (কানাই), আৰ-১৪১১, আৰ-১৪১২, আৰ-১৪৪৯ আৰু আৰ-১৪৫২ আদি।

সাৰ প্ৰয়োগঃ

 

ৰিহা খেতিত প্ৰতি হেক্টৰত ২০-২৫ টন গোবৰ সাৰ অথবা পচন সাৰ খেতি কৰাৰ সময়ত মাটিত ভালদৰে মিহলাই দিব লাগে। ২০ কিলোগ্ৰাম নাইট্ৰ’জেন, ১৫ কিলোগ্ৰাম ফছফৰাছ তথা ১৫ কিলোগ্ৰাম পটাছ প্ৰতি হেক্টৰত হিচাপেৰে খেতি কৰাৰ সময়ত তথা প্ৰতি খেতি চপোৱাৰ পাছত ৩০ কিলোগ্ৰাম নাইট্ৰ’জেন, ১৫ কিলোগ্ৰাম ফছফৰাছ তথা ১৫ কিলোগ্ৰাম পটাছৰ মাত্ৰাৰ উপৰিও প্ৰতিবাৰতে বন-বাত নিয়ন্ত্ৰণৰ বাবে খেৰ, শুকান পাতৰ ব্যৱহাৰ কৰা উচিত।

পৰিচৰ্যাঃ

 

ৰিহা খেতি ৰোৱাৰ দুমাহৰ পাছত বন-বাত নিয়ন্ত্ৰণৰ বাবে পাতলকৈ কোৰ মাৰি দিব লাগে। বন-বাত ওলোৱাৰ আগতে চিমাজিন বা এট্ৰাজিন প্ৰতি হেক্টৰত ০.৫-১.০ কেজি এ আই হিচাপে ১০০০ লিটাৰ পানীত মিহলাই মাটিৰ ওপৰত স্প্ৰে’ কৰিলে বন-বাত গজিব নোৱাৰে।

কটা কামঃ

 

প্ৰতি বছৰে প্ৰথম কটাৰ পাছত ৰিহাৰ গছৰ ৰং ৪০-৫০ দিনৰ ভিতৰত সেউজীয়া পৰা পাতল মটীয়া ৰং হ’লে উচ্চ গুণযুক্ত আঁহ থকা ফচল কাটি থাকিব লাগে। প্ৰথম বছৰত ভাল শস্য প্ৰতিৰক্ষা কাৰ্যৰে ৩-৪ বাৰ ফচল কাটিব পাৰি। দ্বিতীয় বছৰৰ পৰা ৫-৬ বাৰ ফচল কাটিব পাৰি। ৰিহাৰ ফচল বছৰত ৬-৮ বাৰলৈকে একেৰাহে উৎপাদন হৈ থাকে। পুলিবোৰত ফুল ফুলাৰ দৰে দেখাৰ লগে লগে ফচল কটা হয়। উপযুক্ত জলবায়ু, শস্য ৰক্ষা, জাতি আৰু মাটি উৰ্বৰতা অনুসৰি ৩.৫-৪.৫ টন/হেক্টৰ/বছৰ শুকান গছ অথবা ১৬.০-২০.০ কুইণ্টল/হেক্টৰ/বছৰ শুকান লেহ লেহীয়াযুক্ত আঁহ পাব পাৰি। ইয়াৰ উপৰি ৭-৮ টন/বছৰ/হেক্টৰ উচ্চ জীৰ্ণশক্তি আৰু পুষ্টিকৰ সেউজীয়া ঘাঁহ পাব পাৰি, য’ত বৰসীম অথবা লুৰ্সনৰ দৰে পুষ্টিকৰ ঘাঁহতকৈ তিনিগুণ বেছি প্ৰ’টিন মাত্ৰা পোৱা যায়। ইয়াৰ উপৰি ইয়াৰ পৰা ওলোৱা অনাসদ্ব্যৱহৃত বস্তুবোৰ কম্পোষ্ট বনোৱাত ব্যৱহাৰ কৰিব পাৰি।

(উৎসঃ অসমীয়া খবৰ, বিদ্যুৎ বিকাশ দেউৰী, ড ভৰত চন্দ্ৰ নাথ, ভৱেশ গগৈ, ড বিনোদ উপাধ্যায়)।

2.97727272727
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top