মূল পৃষ্ঠা / কৃষি / মীণ পালন / নৱ-সংমিশ্ৰিত মীন পালন পদ্ধতিৰ চিন্তা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

নৱ-সংমিশ্ৰিত মীন পালন পদ্ধতিৰ চিন্তা :

নৱ-সংমিশ্ৰিত মীন পালন পদ্ধতিৰ চিন্তাৰ বিষয়ে লিখা হৈছে ।

এয়া সত্য যে অসমতো ‘মীন পালন কাৰ্য প্ৰণালী’ আজি ব্যৱসায়িক ৰূপত প্ৰতিষ্ঠাৰ দিশেৰে আগবাঢ়িছে। জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে শিক্ষিত-অশিক্ষিত বহু লোকে মীন পালন আৰু মীন ব্যৱসায়ৰ প্ৰতি থকা হীনভাব আঁতৰাই মীন পালন কাৰ্য প্ৰণালীক জীৱিকাৰ উপায় হিচাপে গ্ৰহণ কৰিছে।

এতিয়ালৈকে যিমানবোৰ অৰ্দ্ধগহন পদ্ধতিৰে বৈজ্ঞানিক সংমিশ্ৰিত মীন পালন ব্যৱস্থাৱলী(Package of Practice) অসমৰ প্ৰেক্ষাপটত উপলব্ধ, সেই আটাইবোৰতে বছৰেকীয়া বা দহ মাহ সময় মাছ পালন কৰি বিক্ৰী কৰাৰ দিহা দিয়া হয়। এই পদ্ধতিত সাধাৰণতে ডিচেম্বৰত পুখুৰীৰ পানী সিঁচি পুখুৰী মেৰামতি কৰি, তলিৰ গেদ আঁতৰাই ফেব্ৰুৱাৰী মাহত বা মাৰ্চ মাহত মাছৰ পোনা মেলিব লাগে। কিন্তু বাস্তৱ ক্ষেত্ৰত অসমৰ গৰিষ্ঠসংখ্যক মীনপালকে পানী সিঁচি পেলোৱাৰ পিছত পানীৰ অভাৱত নাইবা ফেব্ৰুৱাৰী-মাৰ্চ মাহত উপযুক্ত আকাৰৰ আঙুলি দৈৰ্ঘ্যৰ পোনা( Fingerling)ৰ অভাৱত মাছপোনা পুখুৰীত মেলিবলৈ অপাৰগ হয়। উপযুক্ত আকাৰৰ অৰ্থাৎ ৪-৬ ইঞ্চি দৈৰ্ঘ্যৰ(২০-৩০ গ্ৰাম ওজনৰ) মাছপোনা জুন-জুলাই মাহতহে উপলব্ধ হয়। ইয়াৰ ফলস্বৰূপে মীনপালকসকলে ডিচেম্বৰ মাহলৈ পুখুৰীত মাছ পালন কৰিবলৈ মাত্ৰ ৬-৭ মাহ সময়হে পায়। তাৰ ভিতৰতো অক্টোবৰ মাহৰপৰা অসমৰ জলবায়বীয় উত্তাপ ২৬° চেলচিয়াছৰ তলতৈ অহাৰ বাবে মাছৰ দৈহিক বৃদ্ধিৰ হাৰ অতি নিম্নগামী হয়। সেইবাবে পুখুৰীত পালন কৰা মাছখিনিয়ে এবছৰ সময়ৰ ভিতৰত বৃদ্ধিৰ বাবে জুনৰপৰা ছেপ্টেম্বৰলৈ মাথোঁ চাৰিমাহ অনুকূল সময় পায় বছৰৰ শেষত গড়ে প্ৰায় ৩৫০ গ্ৰাম ওজন লাভ কৰিব পাৰে। গতিকে এই পদ্ধতিৰে মীনপালকসকলে বিশেষ লাভ অৰ্জন কৰিব কৰিব নোৱাৰে। অন্ধ্ৰপ্ৰদেশৰ মীনপালকসকলে এক হেক্টৰ(৭.৫ বিঘা) পানীকালিৰ এক মিটাৰ গভীৰ পুখুৰীৰপৰা অৰ্দ্ধগহন পদ্ধতিৰে সৰ্বাধিক ১০,০০০ কিলোগ্ৰাম মাছ উৎপাদন কৰি আহিছে। অৰ্থাৎ এই পদ্ধতিত প্ৰতি ঘনমিটাৰ আয়তনত এক কিলোগ্ৰাম মাছ কোনো বিশেষ অসুবিধা নোহোৱাকৈ উৎপাদন কৰিব পাৰি। এতিয়া আমি যদি প্ৰতি হেক্টৰ পানীকালি হিচাপত জুন-জুলাই মাহত ছয় হাজাৰটা মাছপোনা মেলো, যিবোৰ ডিচেম্বৰ মাহত গড়ে প্ৰায় ৩৫০ গ্ৰাম ওজন প্ৰাপ্ত হ’ব, তেন্তে সৰ্বমুঠ(১০ শতাংশ মৃত্যুৰ হাৰ ধৰি) প্ৰায় ১৯০৫ কিলোগ্ৰাম মাছহে থাকিব, য’ত সমআয়তনৰ পানীত থাকিব পাৰে প্ৰায় দহ হাজাৰ কিলোগ্ৰাম মাছ। অৰ্থাৎ পুখুৰীটোৰ মুঠ উৎপাদন ক্ষমতাৰ মাত্ৰ ২০ শতাংশহে ব্যৱহাৰ হয় আৰু বাকী ৮০ শতাংশই অব্যৱহৃত হৈ থাকে। অসমৰ কিছুসংখ্যক মীনপালকেহে(যিসকলৰ একাধিক মীন পালন পুখুৰীৰ লগতে পোনা প্ৰতিপালন কৰি মজুত কৰি ৰখাৰ সুবিধা আছে) এবছৰীয়া সংমিশ্ৰিত মীন পালন ব্যৱস্থাৱলী ৰূপায়ণ কৰি উপযুক্ত লাভ অৰ্জন কৰিবলৈ সমৰ্থ হয়। এনে পৰিস্থিতিত অসমৰ জলবায়ু সাপেক্ষে প্ৰচলিত এবছৰীয়া মীন পালন পদ্ধতিৰ গ্ৰহণযোগ্যতা নিশ্চয় চিন্তনীয়। মীন বিজ্ঞানৰ লব্ধ সীমিত জ্ঞান, কিছুমান বিশেষ মীনপালকে সফলভাৱে কৰি অহা মীন পালন পদ্ধতিৰপৰা আহৰিত জ্ঞান, গৰিষ্ঠসংখ্যক মীনপালকে সন্মুখীন হৈ অহা বাস্তৱ অসুবিধাসমূহৰ অনুধাৱন তথা অসমৰ স্থানীয় জলবায়ুৰ প্ৰতি দৃষ্টি ৰাখি পৰম্পৰাগত মীন পালন ব্যৱস্থাৰ এক বিকল্প হিচাপে দুবছৰীয়া মীন পালন পদ্ধতি যুগুত কৰা হৈছে, যাতে অসমৰ গৰিষ্ঠসংখ্যক মীনপালকে অধিক লাভ অৰ্জন কৰি উপকৃত হ’ব পাৰে।

বৈজ্ঞানিক দৃষ্টিভংগীৰে অসমৰ মীনপালকসকলৰ সুবিধাৰ্থে সৰলীকৃত ৰূপত দুবছৰীয়া মীন পালন কাৰ্যাৱলীৰ এক আৰ্হি প্ৰস্তুত কৰি আগবঢ়োৱা হ’ল -

১)ডিচেম্বৰ-জানুৱাৰী মাহত পুখুৰীৰ পানী সম্পূৰ্ণ সিঁচি তলিখন ভালদৰে শুকোৱাৰ পিছত প্ৰায় ১৫ ছেন্টিমিটাৰ(আধাফুট) লৈকে তলিৰ গেদ আঁতৰাই পুখুৰীৰ শুকান তলিখনত ২৭০ কিলোগ্ৰাম পোৰাচূণ বা খোৱাচূণ(কেলচিয়াম অক্সাইড) প্ৰতি হেক্টৰ হিচাপত আৰু ২০০০ কিলোগ্ৰাম অৰ্দ্ধশুকান গোৱৰ প্ৰতি হেক্টৰ হিচাপত প্ৰয়োগ কৰি হাল বাই বা কোৰ মাৰি সুন্দৰকৈ চহাই দিব লাগে, যাতে চূণ আৰু গোৱৰখিনি তলিৰ মাটিৰ লগত ভালদৰে মিহলি হয়।

২)ইয়াৰ পিছত এপ্ৰিল-মে’ মাহত বৰষুণৰ পানীৰে পুখুৰীটোত যেতিয়া ৪৫ ছেন্টিমিটাৰ(ডেৰ ফুট) বা ততোধিক পানীৰে পৰিপূৰ্ণ হ’ব তেতিয়া অথবা মাছপোনা মেলাৰ ৭-১৫ দিন আগত প্ৰতি হেক্টৰ পানীকালিৰ বাবে ২৪ কিলোগ্ৰাম ইউৰিয়া আৰু ৩০ কিলোগ্ৰাম একক ছুপাৰ ফছফেট সাৰ প্ৰয়োগ কৰিব লাগে।

৩)জুন-জুলাই মাহত যেতিয়া ১০-১৫ ছেন্টিমিটাৰ(৪-৬ ইঞ্চি) দৈৰ্ঘ্যৰ, অৰ্থাৎ প্ৰায় ২০-৩০ গ্ৰাম ওজনৰ মাছপোনা উপলব্ধ হ’ব, তেতিয়া প্ৰজাতিভেদে ৰৌ, বাহু, মিৰিকা আৰু ছিলভাৰকাৰ্প ২০ শতাংশলৈকে অৰ্থাৎ ৩৬০০ টাকৈ, কমনকাৰ্প আৰু গ্ৰাছকাৰ্প ১০ শতাংশকৈ অৰ্থাৎ ১৮০০ টাকৈ মুঠ ১৮,০০০ টা মাছপোনা এক হেক্টৰ পানীকালিৰ পুখুৰীত মেলিব লাগে।

৪)পোনা মেলাৰ পিছদিনাখনৰপৰা মাছক ওপৰঞ্চি খাদ্য যোগান ধৰিব লাগে। পৰম্পৰাগত মাছৰ খাদ্য চাউলৰ ভূচি আৰু সৰিয়হৰ খলিহৈ সম পৰিমাণত(১:১) মিহলি কৰি লৈ অথবা আজিকালি বজাৰত উপলব্ধ ব্যৱসায়িক মাছৰ খাদ্য আৰ্হি তালিকা-১ অনুসৰি যোগান ধৰিব লাগে।

৫)মাছপোনা মেলাৰ ঠিক এমাহ পিছত ৬০ কিলোগ্ৰাম পোৰাচূণ আৰু তাৰ ঠিক সাত দিন পিছত ২৪ কিলোগ্ৰাম ইউৰিয়া আৰু ৩০ কিলোগ্ৰাম একক ছুপাৰ ফছফেট সাৰ প্ৰতি হেক্টৰ পানীকালিৰ পুখুৰীত প্ৰয়োগ কৰিব লাগে। এই একে প্ৰক্ৰিয়াৰে এমাহৰ অন্তৰে অন্তৰে দ্বিতীয় বৰ্ষৰ ডিচেম্বৰ-জানুৱাৰী মাহলৈ একে হাৰত চূণ, গোৱৰ, ইউৰিয়া আৰু একক ছুপাৰ ফছফেট সাৰ প্ৰয়োগ কৰিব লাগে। অৱশ্যে অক্টোবৰ মাহৰপৰা জানুৱাৰী মাহলৈ এই চাৰিমাহ সময় সাধাৰণতে সাৰৰ মাহেকীয়া প্ৰয়োগ ছেপ্টেম্বৰ মাহৰ প্ৰায় এক চতুৰ্থাংশ হাৰত অৰ্থাৎ ২২২ কিলোগ্ৰাম গোৱৰ, ৬ কিলোগ্ৰাম ইউৰিয়া আৰু ৭ কিলোগ্ৰাম একক ছুপাৰ ফছফেট সাৰ প্ৰয়োগ কৰিব লাগে তথা প্লৱক বা শেলাইৰ চামনি অধিক হোৱা যেন প্ৰত্যক্ষ কৰিলে সাৰ আৰু ওপৰঞ্চি খাদ্যৰ প্ৰয়োগ সম্পূৰ্ণৰূপে বন্ধ কৰি দিব।

৬)পুখুৰীত মেলা মাছখিনিৰ ৭-৮ মাহ পিছত অৰ্থাৎ প্ৰথম বৰ্ষৰ ডিচেম্বৰ-জানুৱাৰী মাহত যেতিয়া গড়ে প্ৰায় ৩৫০ গ্ৰাম ওজনপ্ৰাপ্ত হ’ব, তেতিয়া পুখুৰীত দ্বিতীয় বৰ্ষৰ বাবে ছয় প্ৰজাতিৰ মুঠ ৬০০০টা মাছ অৰ্থাৎ ৰৌ, বাহু, মিৰিকা, ছিলভাৰকাৰ্প ১২০০ টাকৈ, কমনকাৰ্প আৰু গ্ৰাছকাৰ্প ৬০০ টাকৈ ৰাখি বাকীখিনি বিক্ৰী কৰি দিব লাগে। পুখুৰীত মেলা মুঠ ১৮,০০০টা মাছৰ বছৰি ১০-১১ শতাংশ মৃত্যুৰ হাৰ ধৰি সাত মাহৰ অন্তত থকা প্ৰায় ১৬,৩৯৩ টা মাছৰ মুঠ ওজন হ’ব ৫,৭০০-৫,৭৪০ কিলোগ্ৰাম। গতিকে পুখুৰীৰ ন্যূনতম গভীৰতা যদি এক মিটাৰো হয়, তেন্তে এক হেক্টৰ পানীকালিৰ পুখুৰীটোত প্ৰতি কিলোগ্ৰাম মাছৰ বাবে থকা স্থানৰ আয়তন হ’ব ১.৭৬ ঘন মিটাৰ। সেয়েহে আৰম্ভণিতে ১৮,০০০টা মাছপোনা মেলিলে পুখুৰীৰ উৎপাদন ক্ষমতা অব্যৱহৃত হৈয়ো নাথাকিব আৰু প্ৰতি কিলোগ্ৰাম মাছৰ বাবে প্ৰয়োজনীয় এক ঘনমিটাৰ আয়তনৰ সীমা অতিক্ৰম নকৰিব। তদুপৰি অতিৰিক্ত মাছখিনি বিক্ৰী কৰি পোৱা টকাৰে পিছৰ অৰ্থাৎ দ্বিতীয় বছৰৰ বাবে প্ৰয়োজন হোৱা খৰচৰ কিছু অংশ পোৱা যাব।

৭)দ্বিতীয় বৰ্ষত পুখুৰীত ৰখা মাছখিনিৰ বাবে চূণ আৰু সাৰৰ প্ৰয়োগৰ মাহেকীয়া নিৰিখ একেই থাকিব যদিও দৈনিক যোগান ধৰিবলগীয়া খাদ্যৰ নিৰিখ আৰ্হি তলিকা-১ অনুসৰি প্ৰয়োগ কৰিব লাগে।

৮)এইদৰে প্ৰায় ৬,০০০ টা মাছ প্ৰথম বছৰৰ জুন-জুলাই মাহত মেলি দ্বিতীয় বছৰৰ ডিচেম্বৰ-জানুৱাৰী মাহলৈ প্ৰায় ১৯ মাহ সময় পুখুৰীত পালন কৰি বিক্ৰী কৰিব লাগে। এনেদৰে পালন কৰিলে দ্বিতীয় বৰ্ষত মাছখিনি বৃদ্ধি হ’বৰ বাবে ফেব্ৰুৱাৰীৰপৰা ছেপ্টেম্বৰ মাহলৈ আঠ মাহ মীন পালনৰ বাবে অনুকূল উষ্ণতাৰ পানী পোৱাৰ বাবে সঠিক বৃদ্ধি হ’ব আৰু ফলস্বৰূপে গড়ে কলেও ১.৫ কিলোগ্ৰাম ওজন লাভ কৰিব।

তালিকা-২ত অনুমোদিত সংমিশ্ৰিত মীন পালন ব্যৱস্থা, গৰিষ্ঠসংখ্যক মীনপালকে কৰি অহা মীন পালন ব্যৱস্থা আৰু দুবছৰীয়া নৱ-সংমিশ্ৰিত মীন পালনৰ ব্যৱস্থাৰ এক তুলনামূলক বিশ্লেষণ দাঙি ধৰা হ’ল।

অৰ্থনৈতিক বিশ্লেষণৰপৰা দেখা যায় যে দুবছৰীয়া মীন পালন ব্যৱস্থাৰে অসমৰ দৰে জলবায়ুৰ স্থানসমূহত অধিক লাভ অৰ্জন কৰিব পাৰি, কিয়নো এক কিলোগ্ৰামত ১০০-১২৫ টকা হয়, তেন্তে ১.৫ কিলোগ্ৰাম ওজনৰ মাছৰ বিক্ৰীমূল্যৰ অতি কমেও ১৫০ টকাকৈ পোৱা যাব। এই নতুন পদ্ধতিৰদ্বাৰা মীনপালকৰ ফেব্ৰুৱাৰী মাহত মাছ পালন কাৰ্য আৰম্ভ কৰাৰ অসুবিধাৰ হেতু যি অৰ্থনৈতিকভাৱে লোকচানৰ সন্মুখীন হয়, সেয়া নাথাকিব। অৱশ্যে দুবছৰীয়া মীন পালন ব্যৱস্থাত দেখা দিব পৰা প্ৰধান অসুবিধাকেইটা হ’ল-

*পুখুৰীত বছৰৰ কোনো সময়তে পানীৰ গভীৰতা এক মিটাৰতকৈ কমিব নোৱাৰিব।

*এবছৰীয়া মীন পালনতকৈ দুবছৰীয়া মীন পালন ব্যৱস্থাত মীনপালকজনক প্ৰায় দুগুণ বা ততোধিক মূলধনী পুঁজিৰ প্ৰয়োজন হ’ব।

*সুস্থ সামাজিক পৰিৱেশৰ প্ৰয়োজন অৰ্থাৎ চুৰি বা দুষ্কৃতিকাৰীৰ দ্বাৰা পুখুৰীৰ মাছখিনি ক্ষতিসাধন হোৱাৰ আশংকা অতি ন্যূনতম হ’ব লাগিব।

ওপৰোক্ত অসুবিধাসমূহ নথকা মীনপালকসকলে এই পদ্ধতিৰে মীন পালন কৰি অধিক লাভ অৰ্জন কৰাৰ প্ৰয়াস কৰিব পাৰে।

তালিকা-১:

বৰ্ষ

ক্ৰমিক নং

মাহ

জীৱিত মাছৰ সংখ্যা

মৃত্যুৰ হাৰ
(শতাংশ)

মাছৰ মুঠ শাৰীৰিক ওজন(কিঃগ্ৰাঃ)

প্ৰথম বৰ্ষ

জুন

১ম

১৮০০০

৪৫০

জুলাই

২য়

১৭৪৬০

৮৯০

আগষ্ট

৩য়

১৭১১০

১৬৭২

ছেপ্টেম্বৰ

৪ৰ্থ

১৬৯৩৮

৩০৬৫

অক্টোবৰ

৫ম

১৬৭৬৮

০.৭৫

৫৪২০

নৱেম্বৰ

৬ষ্ঠ

১৬৬৪২

০.৭৫

৫৫২৪

ডিচেম্বৰ

৭ম

১৬৫১৭

০.৭৫

৫৬৩১

দ্বিতীয় বৰ্ষ

জানুৱাৰী

৮ম

১৬৩৯৩

০.৭৫

৫৭৪০

ফেব্ৰুৱাৰী

৯ম

৬০০০

০.২

২১৫৭

১০

মাৰ্চ

১০ম

৫৯৮৮

০.২

২৫৪১

১১

এপ্ৰিল

১১শ

৫৯৭৬

০.২

৩১৫২

১২

মে’

১২শ

৫৯৬৪

০.২

৩৮৫৩

১৩

জুন

১৩শ

৫৯৫২

০.২

৪৬৩০

১৪

জুলাই

১৪শ

৫৯৪০

০.২

৫৫০৮

১৫

আগষ্ট

১৫শ

৫৯২৮

০.২

৬৪৫৩

১৬

ছেপ্টেম্বৰ

১৬শ

৫৯১৬

০.২

৭৪৮৩

১৭

অক্টোবৰ

১৭শ

৫৯০৪

০.২

৮৫৪৩

১৮

নৱেম্বৰ

১৮শ

৫৮৯২

০.২

৮৬৫৪

১৯

ডিচেম্বৰ

১৯শ

৫৮৮০

০.২

৮৭৬৬

১৯ মাহৰ শেষত

৫৬৬৮

-

৮৮০২

বৰ্ষ

ক্ৰমিক নং

মাহ

পৰম্পৰাগত খাদ্য(কিঃগ্ৰাঃ)

ব্যৱসায়িক খাদ্য(কিঃগ্ৰাঃ/দিন)

প্ৰথম বৰ্ষ

জুন

১ম

২০.৫০০

১৩.৫০০

জুলাই

২য়

৩৯.৫০০

২৫.৮০০

আগষ্ট

৩ম

৭২.০০০

৪৬.৮৫০

ছেপ্টেম্বৰ

৪ৰ্থ

১২২.৫০০

৮১.২৫০

অক্টোবৰ

৫ম

৩৫.২০০

২৩.৩০০

নৱেম্বৰ

৬ষ্ঠ

৩৫.৯০০

২৩.৭০০

ডিচেম্বৰ

৭ম

৩৬.৬০০

২৪.২০০

দ্বিতীয় বৰ্ষ

জানুৱাৰী

৮ম

৪০.১৫০

২৬.৪৫০

ফেব্ৰুৱাৰী

৯ম

২৮.০৫০

১৮.৫৫০

১০

মাৰ্চ

১০ম

৪৫.৭৫০

৩০.২০০

১১

এপ্ৰিল

১১শ

৫৫.২৫০

৩৬.৫০০

১২

মে’

১২শ

৬৩.৭৫০

৪২.০৫০

১৩

জুন

১৩শ

৭৪.২৫০

৪৯.০৫০

১৪

জুলাই

১৪শ

৮২.৭৫০

৫৪.৭৫০

১৫

আগষ্ট

১৫শ

৯০.৫০০

৫৯.৫০০

১৬

ছেপ্টেম্বৰ

১৬শ

৯৭.২৫০

৫৪.১৫০

১৭

অক্টোবৰ

১৭শ

৪২.৭০০

২৮.১৫০

১৮

নৱেম্বৰ

১৮শ

৪৩.২৫০

২৮.৫৫০

১৯

ডিচেম্বৰ

১৯শ

৪৩.৮০০

২৮.৯০০

১৯ মাহৰ শেষত

-

-

বিঃদ্ৰঃ- উপৰ্যুক্ত তালিকাখন মাত্ৰ এক নিদৰ্শনহে। এই হাৰ মতে খাদ্য প্ৰয়োগ কৰাৰ পিছত খাদ্য ৰাহি হোৱা বা নোহোৱাৰ ওপৰত ভিত্তি কৰি খাদ্যৰ পৰিমাণ সাল-সলনি কৰি থিৰাং কৰি ল’লে সুফল পোৱা যাব।

তালিকা-২:

এক হেক্টৰ পানীকালিৰ পুখুৰীত কৰা মীন পালনৰ এক তুলনামূলক বিশ্লেষণ -

শিতান

প্ৰকৃত অনুমোদিত

 

পোনা মেলাৰ সময়

মাৰ্চ

 

পালন কাল

১০ মাহ

 

পোনাৰ গড় ওজন

৪-৬ ইঞ্চি

 

পোনাৰ সংখ্যা

৬০০০টা

 

মৃত্যুৰ হাৰ

১০ শতাংশ(১০ মাহত)

 

বছৰৰ শেষত মুঠ মাছ

৫৪০০ টা

 

বিক্ৰী কৰিবলগীয়া মাছ

৫৪০০ টা

 

গড় ওজন/মাছ

১২৫ টকা/কিঃগ্ৰাঃ

 

খৰচ

পৰিমাণ

মুঠ(টকাত)

পানী সিঁচা আৰু পুখুৰী

-

৪০,০০০

মেৰামতি @ আনুমানিক

 

 

পোনা @ ৪ টকা/মাছ

৬০০০ টা

২৪,০০০

চূণ @ ১৫ টকা/কিঃগ্ৰাঃ

৮১০ কিঃগ্ৰাঃ

১২,১৫০

গোৱৰ @ ১ টকা/কিঃগ্ৰাঃ

১২,০০০ কিঃগ্ৰাঃ

১২,০০০

ইউৰিয়া @ ১০ টকা/কিঃগ্ৰাঃ

২২৫ কিঃগ্ৰাঃ

১,৫৫০

চিংগল ছুপাৰ ফচফেট @ ১০ টকা/কিঃগ্ৰাঃ

৩৬০ কিঃগ্ৰাঃ

১,৯৩০

বনুৱা @ ৬০০০ টকা/মাহ

১০ মাহ

৬০,০০০

ভুচি @ ১০ টকা/কিঃগ্ৰাঃ

৪,০৮৫ কিঃগ্ৰাঃ

৪০,৮৫০

খলিহৈ @ ৩০ টকা/কিঃগ্ৰাঃ

৪,০৮৫ কিঃগ্ৰাঃ

১,২২,৫৫০

চিকিৎসা ব্যয় @ আনুমানিক

 

৫,০০০

অন্যান্য @ আনুমানিক

 

১,৬০০

 

মুঠ- ৩,২৪,০০০

 

উৎপাদন

৩৭৮০ কিঃগ্ৰাঃ

 

উপাৰ্জন

৪,৭২,৫০০

 

লাভ

১,৪৮,৫০০

 

দুবছৰত অৰ্জন কৰিবলগীয়া লাভ

২,৯৭,০০০

 

গৰিষ্ঠসংখ্যক মীনপালকে কৰি থকা মীন পালন ব্যৱস্থা -

জুন

৭ মাহ

৪-৬ ইঞ্চি

২৫ গ্ৰাম

৬০০০ টা

৯.২৫ শতাংশ(৭ মাহত)

৫৪৪৫ টা

৫৪৪৫ টা

০.৩৫০ কিঃগ্ৰাঃ

১১০ টকা/কিঃগ্ৰাঃ

পৰিমাণ

মুঠ(টকাত)

-

৪০,০০০

৬০০০টা

২৪,০০০

৬৩০ কিঃগ্ৰাঃ

৯,৪৫০

৯০০০ কিঃগ্ৰাঃ

৯,০০০

১৫৭.৫ কিঃগ্ৰাঃ

১,৫৭৫

২৫২ কিঃগ্ৰাঃ

২,৫২০

০৭ মাহ

৪২,০০০

১৬৯০ কিঃগ্ৰাঃ

১৬৯০০

১৬৯০ কিঃগ্ৰাঃ

৫০,৭০০

 

৩,৫০০

 

১,৩৫৫

২,০১,০০০

 

১৯০৫ কিঃগ্ৰাঃ

২,০৯,৫৫০

৮,৫৫০

১৯,১০০

দুবছৰীয়া নৱ-সংমিশ্ৰিত মীন পালন ব্যৱস্থা -

জুন

১৯ মাহ

৪-৬ ইঞ্চি

২৫ গ্ৰাম

১৮০০০ টা

৯.২৫ শতাংশ

(১ম বৰ্ষ)

১২ মাহত

২.২০ শতাংশ

১৬৩৩৫ টা

৫৮৬৮ টা

১০৩৩৫ টা

৫৮৬৮ টা

০.৩৫০ কিঃগ্ৰাঃ

১.৫ কিঃগ্ৰাঃ

১০০ টকা/কিঃগ্ৰাঃ

১৫০ টকা/কিঃগ্ৰাঃ

পৰিমাণ

মুঠ(টকাত)

-

৪০,০০০

১৮০০০ টা

৭২,০০০

১৩৫০ কিঃগ্ৰাঃ

২০,২৫০

১৩৩৪৪ কিঃগ্ৰাঃ

১৩,৩৪৪

৩৩০ কিঃগ্ৰাঃ

৩,৩০০

৪০৯ কিঃগ্ৰাঃ

৪,৯০

১৯ মাহ

১,১৪,০০০

১৫০০ কিঃগ্ৰাঃ

১,৫০,০০০

১৫০০০ কিঃগ্ৰাঃ

৪,৫০,০০০

 

৭,৫০০

 

৪,৫২০

৮,৭৯,০০০

 

১২৪১৯ কিঃগ্ৰাঃ

১৬,৮২,০০০

৮,০৩,০০০

৮,০৩,০০০

বিঃদ্ৰঃ: স্থান আৰু সময়ভেদে উপাৰ্জন আৰু লাভৰ পৰিমাণ ভিন্ন হ’ব পাৰে।

উৎস: দৈনিক অসম(মনোজ দাস, অবনী ডেকা, সত্যপ্ৰসাদ বৰুৱা)

3.26923076923
আছফাৰ আলী আহমেদ Apr 02, 2018 02:56 PM

বানপানীৰ সমস্যা থকা বা নদীৰ কাষৰীয়া অঞ্চল অৰ্থাৎ পানীৰ সমস্যা থকা অঞ্চলৰ বাহিৰে বাকী সকলো ঠাইৰ মীন পালক সকলৰ বাবে নিশ্চিতভাৱে লাভজনক পদ্ধতি ; যদিহে প্ৰণালীবদ্ধভাবে ইয়াৰ প্ৰয়োগ হয় । ধন্যবাদ ।

nitul ch the Apr 02, 2018 02:59 PM

ভাল হৈছে ।

Vikaspedia Assam Mar 29, 2018 11:43 AM

আপোনাৰ পৰামৰ্শৰ বাবে অশেষ ধন্যবাদ সত্য প্ৰসাদ বৰুৱা । আশাকৰোঁ এনেধৰণৰ দিহা-পৰামৰ্শৰে আগলৈও "বিকাশপেডিয়া"ৰ জড়িয়তে আমাৰ কৃষক সমাজক উপকৃত কৰে যেন । - বিকাশপেডিয়া ।

সত্যপ্রসাদ বৰুৱা Mar 29, 2018 11:31 AM

1) আৰম্ভনিৰ ফটোখনৰ ঠিক তলত লিখা "অন্ধ্ৰপ্ৰদেশত ১০,০০০ কিঃগ্ৰাঃ, অসমত মাত্ৰ ১,৯০৫ কিঃগ্ৰাঃ " ; এই বাক্যটি নাইকিয়া কৰি দিয়ে যেন কিয়নো আমি লিখনিৰ ভিতৰত লিখা পূৰ্ণ বাক্যটিয়ে বেলেগ অৰ্থহে বহন কৰিছে আৰু বাক্যাংশটোৱে ভুল অৰ্থহে পাঠক সমাজক দিব।
2)"বৈজ্ঞানিক দৃষ্টিভংগীৰে অসমৰ মীনপালকসকলৰ সুবিধাৰ্থে সৰলীকৃত ৰূপত এবছৰীয়া মীন পালন কাৰ্যাৱলীৰ এক আৰ্হি প্ৰস্তুত কৰি আগবঢ়োৱা হ’ল" -
ইয়াতে "এবছৰীয়া"ৰ সলনি দুবছৰীয়া হʼব লাগে।
বি,দ্ৰ: অনুগ্ৰহ কৰি এই শুধৰনি দুটি কৰে যেন যাতে পাঠক সমাজলৈ শুদ্ধ ও সঠিক বাৰ্তা প্ৰেৰণ হয়। ধন্যবাদ ।

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top