মূল পৃষ্ঠা / কৃষি / মীণ পালন / পুখুৰীত মাছৰ ৰোগ প্ৰতিৰোধৰ ব্যৱস্থা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পুখুৰীত মাছৰ ৰোগ প্ৰতিৰোধৰ ব্যৱস্থা :

পুখুৰীত মাছৰ ৰোগ প্ৰতিৰোধৰ ব্যৱস্থাৰ বিষয়ে লিখা হৈছে ।

 

পুখুৰীত বিভিন্ন ৰোগৰ বীজাণুৰ সংক্ৰমণ হোৱাৰ ফলত মাছপালকসকলে লোকচানৰ মুখ দেখে। পুখুৰীত মাছৰ শৰীৰত বিভিন্ন বীজাণু থিতাপি লোৱাৰ পিছত নিৰাময় কৰাটো জটিল হৈ পৰে।

আনহাতে, বজাৰত উপলব্ধ ঔষধৰ বৰ্দ্ধিত মূল্য বহন কৰাটো কৃষক এজনৰ বাবে অসম্ভৱ হৈ পৰে। সেয়ে বেমাৰ হোৱাৰ আগতেই যদি কিছুমান উপায় অলম্বন কৰা হয়, তেতিয়া চিন্তাৰ কাৰণ নাইকিয়া হৈ পৰে।

গতিকে মৎস্যপালকসকলে তলৰ ব্যৱস্থাসমূহ গ্ৰহণ কৰিলে মাছৰ ৰোগৰ চিকিৎসাত হোৱা খৰচ ৰাহি হয়।

ৰোগ নিৰাময় কৰোঁতে চিকিৎসাৰ নামত হোৱাৰ খৰচৰ তুলনাত তলৰ উল্লিখিত ব্যৱস্থাসমূহ গ্ৰহণ কৰা খৰচ অতি কম-

পানীৰ উৎস -

মাছ পালনৰ বাবে আটাইতকৈ দৰকাৰী উপাদান হৈছে পানীৰ উৎস। বীজাণুমুক্ত, ভাল আৰু পৰিষ্কাৰ পানী পুখুৰীত দিব পাৰিলে মাছৰ ৰোগ হোৱাৰ সম্ভাৱনা কম হয়।

মাছৰ পুখুৰীত ক্ষেত্ৰত বৰষুণৰ পানী উত্তম। জলসিঞ্চনৰ যোগেদি তথা নদীৰপৰা সংযোগ কৰি দিয়া পানী মাছ পালনৰ বাবে উপযুক্ত নহয়।

এনে পানীয়ে বিভিন্ন ৰোগৰ বাহক আৰু আৱৰ্জনীয় জৈৱিক পদাৰ্থ কঢ়িয়াই আনে, যাৰ ফলত অতি সহজে ৰোগৰ সংক্ৰামন হয়।

গতিকে এনে উৎসৰ পৰা আহৰণ কৰা পানী পৰিশোধন কৰিহে পুখুৰীত ব্যৱহাৰ কৰিব লাগে। তেতিয়া মাছৰ বেমাৰ-আজাৰ কম হয়।

মাছৰ মজুতকৰণৰ পৰিমাণ -

 

পুখুৰীত থকা মাছৰ সংখ্যাৰ ওপৰতো মাছৰ বেমাৰ-আজাৰৰ কথা আহি পৰে। কাৰণ, প্ৰতি হেক্টৰ বা বিঘাত এটা সীমিত পৰিমাণৰ মাছ এৰিব লাগে। কিন্তু এই পৰিমাণ বেছি হ’লে মাছক অতি সহজে বীজাণুৱে আক্ৰমণ কৰিব পাৰে।

সীমিত পৰিমাণতকৈ মাছৰ সংখ্যা বেছি হ’লে ঠাই, খাদ্য আৰু অক্সিজেনৰ অভাৱ হোৱাৰ ফলত জলজ জৈৱতন্ত্ৰ আৰু মাছৰ ওপৰত হেঁচা পৰে।

ফলত অতি সহজে মাছ ৰোগত আক্ৰান্ত হয়। গতিকে প্ৰতি হেক্টৰ বিঘাত এটা সীমিত পৰিমাণত মাছ এৰিব লাগে।

মাছৰ দানা:

পুষ্টিকৰ আৰু প্ৰ’টিনযুক্ত দানা মাছৰ বাবে অতি প্ৰয়োজনীয়। পুখুৰীত থকা মাছৰ অনুপাতত খাদ্য প্ৰদান নকৰিলে অতি সহজে ৰোগে আক্ৰমণ কৰে।

গতিকে প্ৰাকৃতিক খাদ্যৰ লগতে উচ্চমানৰ দানা প্ৰয়োজনীয় অনুপাতত প্ৰদান কৰিব পাৰিলে মাছৰ ৰোগ হ্ৰাস পায়।

ব্যৱহৃত হোৱা সা-সঁজুলি বিশুদ্ধকৰণ -

পুখুৰীত বিভিন্ন সময়ত বিভিন্ন ধৰণৰ সা-সঁজুলি ব্যৱহাৰ কৰা হয়। গতিকে এইবোৰ সা-সঁজুলিয়ে এখন ঠাইৰপৰা আন এখন ঠাইলৈ ৰোগৰ পৰিবাহক হিচাপে কাম কৰে।

গতিকে এবাৰ ব্যৱহাৰ কৰাৰ পিছত ব্লিছিং পাউদাৰেৰে বিশুদ্ধকৰণ কৰি লৈ ৰ’দত শুকুৱাই লৈ ব্যৱহাৰ কৰিলে ৰোগৰ সংক্ৰমণ নহয়।

পুখুৰীৰ বিশুদ্ধকৰণ:

পুখুৰীত মাজে মাজে চূণ প্ৰয়োগ কৰি থাকিব লাগে। পুখুৰীত থকা অলাগতীয়াল জলজ উদ্ভিদ আৰু প্ৰাণী, যেনে- মাছ, ভেকুলী আৰু মলাংক আদি আঁতৰাব লাগে।

কিয়নো এইবোৰ ৰোগৰ বাহক হিচাপে কাম কৰাৰ লগতে বীজাণুৰ বংশবৃদ্ধিত সহায় কৰে।

মাছৰ বিশুদ্ধকৰণ:

পুখুৰীত মাছৰ মজুতকৰণৰ পূৰ্বে মাছৰ বিশুদ্ধকৰণ কৰিলে বেমাৰ-আজাৰ দূৰ হয়।

মাছৰ পৃথকীকৰণ -

পোনা বা পোৱালি মাছবোৰ সদায় পৈনত আৰু ডাঙৰ মাছৰপৰা পৃথক কৰিব লাগে। কিয়নো পৈণত আৰু ডাঙৰ মাছবোৰে শৰীৰত কিছুমান ৰোগৰ বীজাণু কঢ়িয়াই ফুৰে, যিবোৰ সৰু পোৱালি মাছক অতি সহজে আক্ৰমণ কৰে। কাৰণ ডাঙৰ মাছবোৰৰ দৰে সৰুবোৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা নাথাকে।

পুখুৰীত বনৰীয়া মাছৰ প্ৰৱেশত বাধা:

লেতেৰা আৰু অপৰিষ্কাৰ খাল-বিল, পিতনি আদিৰপৰা পানী তথা বিভিন্ন প্ৰজাতিৰ বনৰীয়া মাছৰ প্ৰৱেশত বাধা প্ৰদান কৰিব লাগে।

কিয়নো বনৰীয়া মাছৰ শৰীৰত বিভিন্ন প্ৰকাৰৰ ৰোগৰ বীজাণু থাকে, যিবোৰ পুখুৰীৰ মাছলৈ অতি সহজে সংক্ৰমিত হয়।

ৰেকিং:

পুখুৰীৰ একেবাৰে তলৰ অংশটো মাজে মাজে লৰাব লাগে, যাতে বিভিন্ন ধৰণৰ বিষাক্ত গেছ, যেনে-

*হাইড্ৰজেন ছালফাইড,

*মিথেন আদি গেছবোৰ নিৰ্গমন হৈ ওলাই যাব পাৰে।

‘কোৱাৰেন্টাইন ইউনিট’ৰ প্ৰয়োজনীয়তা:

নতুন আৰু বিদেশীদ প্ৰজাতিৰ মাছ পুখুৰীত মেলাৰ আগে আগে কোৱাৰেন্টাইন ইউনিটত ৰখাটো প্ৰয়োজন।

কাৰণ, এইবোৰ বিভিন্ন পৰিৱেশৰ মাজেৰে অহাৰ ফলত শৰীৰত বিভিন্ন ধৰণৰ ৰোগৰ বীজাণু কঢ়িয়াই আনে, যাৰ ফলত পুখুৰীত থকা মাছত অতি সহজে সংক্ৰমণ হয়।

গতিকে সংক্ৰামক ৰোগৰ চলাচল বন্ধ কৰিবৰ বাবে ‘কোৱাৰেন্টাইন ইউনিট’ৰ অতি প্ৰয়োজন।

লেখক: লীলাকান্ত পায়েং(দৈনিক অসম)

2.5
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top