মূল পৃষ্ঠা / কৃষি / মীণ পালন / মাছৰ ঘা লগা মহামাৰী প্ৰতিষেধক নিয়ন্ত্ৰণ ব্যৱস্থা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মাছৰ ঘা লগা মহামাৰী প্ৰতিষেধক নিয়ন্ত্ৰণ ব্যৱস্থা

মাছৰ ঘা লগা মহামাৰী প্ৰতিষেধক নিয়ন্ত্ৰণ ব্যৱস্থাৰ বিষয়ে লিখা হৈছে ।

 

মাছৰ ঘা লগা মহামাৰী অৰ্থাৎ ই ইউ এছ ৰোগবিধে অতি কম সময়ৰ ভিতৰতে মাছক আক্ৰান্ত কৰি মীনপালকৰ ব্যাপক ক্ষতিসাধন কৰে । এই ৰোগৰ বিশেষ বৈশিষ্ট্যসমূহ হ’ল- বাৰিষা শেষ হোৱাৰ পাছত শীতকাল আৰম্ভ হোৱাৰ সময়তে এই ৰোগৰ প্ৰাদুৰ্ভাৱ হোৱা দেখা যায় ।

এই ৰোগৰ বিশেষ লক্ষণ হ’ল যে ৰোগাক্ৰান্ত মাছবোৰে জাকপাতি পানেৰ উপৰিভাগলৈ আহি মূৰটো পানীৰ ওপৰলৈ সামান্যভাৱে উলিয়াই সাঁতুৰিবলৈ আৰম্ভ কৰে । আৰম্ভণিতে মাছৰ গাৰ উপৰিভাগত ৰঙা ফুটফুটীয়া স্বচ্ছ দাগ পৰা দেখা যায় । পাছত লাহে লাহে এই দাগবোৰ বহল আৰু ডাঠ হৈ পৰে । লাহে লাহে মাছৰ বাকলিবোৰ এৰিবলৈ আৰম্ভ কৰে । বাকলি এৰি যোৱাৰ পাছত ঘাৰ সৃষ্টি হয় । প্ৰথমতে ঘাবোৰ তেজৰ নিচিনা ৰঙা হৈ থাকে । পাছত ঘাবোৰ গভীৰ গাঁতৰ নিচিনা হৈ পৰে আৰু হাড়বোৰ প্ৰায় ওলাই থকা দেখা যায় । এই অৱস্থাতে মাছবোৰ মৰিবলৈ আৰম্ভ কৰে আৰু অতি কম সময়ৰ ভিতৰতে পুখুৰীত থকা সকলো মাছ আক্ৰান্ত হৈ ব্যাপক ক্ষতিসাধন কৰিব পাৰে ।

প্ৰতিষধক ব্যৱস্থা -

সাধাৰণতে মীনপালকসকলে সহজতে আক্ৰান্ত হোৱা অলাগতিয়াল মাছ যেনে- পুঠি, চেঙেলী, মোৱা, গৰৈ, তোৰা আদি মাছ পৰাপক্ষত কাৰ্প মাছ পালন কৰা পুখুৰীত ৰাখিব নালাগে । শীতকাল আৰম্ভ হোৱাৰ আগে আগে চূণ প্ৰয়োগ কৰি পুখুৰীৰ পানী ক্ষাৰকীয় গুণসম্পন্ন কৰি ৰাখিব লাগে । এইক্ষেত্ৰত পানীৰ পি এইচৰ পৰিমাণ ‘৮’ তকৈ বেছি থাকিব লাগে । এই সময়ছোৱাত সঘনাই পুখুৰীত জাল মাৰিব নালাগে আৰু জাল মাৰিলেও এৰি দিয়া মাছখিনি পটাছ পানীত ডুবাইহে পুখুৰীত এৰিব লাগে ।

আন উৎসৰ পৰা পুখুৰীত পানী যোগান ধৰোতে সাৱধান হ’ব লাগে যাতে ই কোনো ই ইউ এছ আক্ৰান্ত পুখুৰী নহয় । মাছ মাৰিবলৈ ব্যৱহাৰ কৰা জালখন নিমখ পানী বা পটাছ পানীত ডুবাই ল’ব লাগে ।

নিয়ন্ত্ৰণ ব্যৱস্থা -

এই ৰোগ প্ৰথম পৰ্যায়ত চিনাক্ত কৰিব পাৰিলে নিয়ন্ত্ৰণ কৰি সুফল পাব পাৰি ।

নিমখ প্ৰয়োগ :-

সাধাৰণতে ৫-৮ কি:গ্ৰা: নিমখ প্ৰতি বিঘা পানীকালি হিচাপত পুখুৰীত ছটিয়াই দিব লাগে । তদুপৰি ৩-৪ শতাংশ গাঢ়তাৰ নিমখ-পানী তৈয়াৰ কৰি সেই পানীত পুখুৰীৰ পাৰতে ৰুগীয়া মাছক ডুবাই দি তৎক্ষণাত পুখুৰীত এৰিব লাগে । নিমখ পানীত মাছ বেছি সময় ৰাখিলে মাছ মৰি যায় ।

ব্লিছিং পাউডাৰ :-

প্ৰতি বিঘা পানীকালিত খোৱা চূণ ১০-১২ কিলোগ্ৰাম প্ৰয়োগ কৰি তাৰ এসপ্তাহ পাছত ১ পি পি এম হাৰত ব্লিছিং পাউডাৰ পুখুৰীৰ পানীত মিহলাই দিব লাগে ।

হালধি আৰু চূণ প্ৰয়োগ :-

হালধি (কেঁচা বা গুড়ি হালধি) আৰু চূণ ১:১০ অনুপাতত অৰ্থাৎ ১ কি:গ্ৰা: হালধি ১০ কি:গ্ৰা: চূণৰ লগত মিহলি কৰি প্ৰতিবিঘা পুখুৰীৰ পানীত ছটিয়াই ঢৌ খেলি দিব লাগে । অৱশ্যে সমানে দুভাগ কৰি প্ৰথমভাগ দিয়াৰ ৭ দিন পাছত দ্বিতীয়ভাগ দিলে বেছি ভাল ফল পোৱা যায় ।

চিফাক্স প্ৰয়োগ :-

প্ৰতি বিঘা পানীকালিত ১০০ মি:লি: চিফাক্স পানীত মিহলাই পুখুৰীটোৰ উপৰিভাগত ছটিয়াই দি ঢৌ খেলি দিব লাগে ।

মীনপালকসকলে মন কৰিব লাগে যে ৰোগ দেখা দিয়াৰ লগে লগে নিয়ন্ত্ৰণৰ ব্যৱস্থা লোৱা উচিত, কিয়নো এই ৰোগৰ পৰ্যায় তিনিটা । শেষ পৰ্যায়ত ৰোগ নিয়ন্ত্ৰণ কৰাটো অতি জটিল । তদুপৰি যিহেতু নিৰাময়তকৈ প্ৰতিৰোধ ব্যৱস্থা অধিক ফলপ্ৰসূ । সেয়েহে মীনপালকসকলে ই ইউ এছ মহামাৰীৰ প্ৰতিষেধক ব্যৱস্থা হাতত লোৱা উচিত ।

লেখক :- ড° সঞ্জয় শৰ্মা

উৎস :- অসমীয়া খবৰ

4.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top