অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মীন পাম জানিবলগীয়া দিশবোৰ :

বৰ্তমানৰ সময়খিনি মীন পাম নিৰ্মাণ, অৰ্থাৎ অতি স্পষ্টভাৱে ক’বলৈ গ’লে পুখুৰী খননৰ উৎকৃষ্ট সময়।

মীন পামখন নিৰ্মাণ কৰাৰ আগেয়ে বিজ্ঞানসন্মত কাৰিকৰী ভালেখিনি কথা বিবেচনা কৰা উচিত।

এইখিনি অৱজ্ঞা কৰি মীন পাম নিৰ্মাণৰ কাম আৰম্ভ কৰিলে বহু ক্ষেত্ৰত হিতে বিপৰীত হোৱাৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি।

সেয়েহে মীন পামখনৰপৰা ইপসিত ফল প্ৰাপ্তি সুনিশ্চিত কৰিবলৈ অতি সতৰ্কতাৰে আগবঢ়া উচিত।

স্থান নিৰ্মাণৰ ক্ৰুটী-বিচ্যুতিৰ বাবে বহু সময়ত নিৰ্মাণ ব্যয় অত্যধিক হয় -

  • খৰাং বতৰত পানী শুকাই যায়,
  • মাছৰ প্ৰাকৃতিক খাদ্যৰ অভাৱ হয়,
  • বানপানী বা খহনীয়াই ক্ষতি কৰিব পাৰে,
  • পাম মেৰামতিৰ খৰচ অত্যধিক হ’ব পাৰে আৰু সামগ্ৰিকভাৱে আশানুৰূপ উৎপাদন বাধাপ্ৰাপ্ত হ’ব পাৰে।

সাধাৰণ দৃষ্টিত ভূমি এডোখৰ পুখুৰী নিৰ্মাণৰ বাবে উপযুক্ত যেন লাগিলেও প্ৰযুক্তিগত দিশৰপৰা তেনে নহ’বও পাৰে।

সেয়েহে মুখ্যতঃ

  • মাটিৰ পৰিমাণ,
  • ভূমিপৃষ্ঠৰ বৈশিষ্ট্য,
  • মাটিৰ গুণাগুণ আৰু অন্যান্য আনুষংগিক বিষয়বোৰ চালিজাৰি চাইহে পৰৱৰ্তী পদক্ষেপলৈ আগবঢ়া উচিত।

ক)মাটিৰ পৰিমাণ:

মীন পাম এখন নিৰ্মাণৰ প্ৰাথমিক পদক্ষেপতেই প্ৰস্তাৱিত স্থানডোখৰ পৰিদৰ্শন কৰি চাৰিসীমাৰ জোখ-মাপ লাৱা উচিত।

পামতে আপুনি কি উদ্দেশ্যেৰে মীন পামখন আৰম্ভ কৰিব খুজিছে, অৰ্থাৎ মীন পালনৰ কোনটো কৌশল ৰূপায়ণ কৰিব খুজিছে, সেইটো স্পষ্ট হৈ ল’ব লাগিব।

মনত ৰাখিব -

অতি ভিত্তিগত দৃষ্টিত নাৰ্ছাৰী পুখুৰীৰ বাবে ন্যূনতম(য’ত ভ্ৰূণ পোনাখিনি ফ্ৰাই জোখলৈ প্ৰতিপালন কৰা হয়) ডেৰকঠা জলকালিৰ পুখুৰী, বিয়াৰিং পুখুৰী নিৰ্মাণৰ বাবে ন্যূনতম এবিঘা জলকালিৰ পুখুৰী(য’ত ফ্ৰাই পোনাখিনি আঙুলি জোখৰ অৰ্থাৎ ভঁৰাল পুখুৰীত মেলিবৰ বাবে প্ৰতিপালন কৰা হয়) আৰু ভঁৰাল পুখুৰী(য’ত মাছ বিক্ৰীযোগ্য কৰিবলৈ পালন কৰা হয়) ন্যূনতম দুবিঘা জলকালিৰ হ’ব লাগে।

পুখুৰীৰ জোখৰ উচ্চ সীমা নিৰ্দিষ্ট অঞ্চলভেদে বিভিন্ন কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। এখন আদৰ্শ মীন পামত এই তিনি প্ৰকাৰৰ পুখুৰী থকাটোৱেই বাঞ্ছনীয়।

সাধাৰণ দৃষ্টিত স্বনিয়োজনৰ বাবে ন্যূনতম ৩-৪ বিঘা জলকালিৰ মীন পাম এখন সামগ্ৰিক দৃষ্টিকোণেৰে অৰ্থবহ।

প্ৰথমবিধ পুখুৰী বৰ্গাকৃতিৰ আৰু দ্বিতীয় আৰু তৃতীয়বিধ আয়তক্ষেত্ৰাকাৰ হোৱাটো বাঞ্ছনীয়।

প্ৰথমবিধ পুখুৰীত জলগভীৰতা গড়ে ০.৭৫ মিটাৰ আৰু পৰৱৰ্তী দুবিধত ক্ৰমে গড়ে ১ মিটাৰ আৰু ১.৫ মিটাৰ হ’ব লাগে।

এই কথাখিনি হৃদয়ংগম কৰি মাটিৰ পৰিমাণ বিবেচনালৈ অনা উচিত। পামখন পৰৱৰ্তী সমতৰ সম্প্ৰসাৰণ আৰু নতুন সংযোজনৰ সুবিধা থকা হ’ব লাগে।

প্ৰাথমিক পৰ্যায়ত মীন পালনলৈ আগ্ৰহী সকলে এই দিশবোৰ গুৰুত্বসহকাৰে গ্ৰহণ কৰিব লাগে।

খ)ভূমিপৃষ্ঠৰ বৈশিষ্ট্য:

এখন আদৰ্শ মীন পামৰ বাবে মাটিডৰা ইষৎ হেলনীয়া আৰু তিনিওফালে ওখ মাটিৰে আবৃত হ’লে সুবিধাজনক। অৱশ্যে মাটিৰ হাল ৫ শতাংশতকৈ অধিক হ’ব নালাগে।

ভূমিডোখৰৰ কমেও দুই মিটাৰমান গভীৰতালৈ শিল থাকিব নালাগে। চূণশিল বা কয়লাখিনি, তেলৰ পুং আদিৰ ওচৰৰ মাটী মীন পামৰ বাবে অনুপযোগী।

হাবি কাটি মুকলি কৰা মাটি কিছু বছৰলৈ বিবেচনা কৰিব নালাগে। পিতনি, জলাহ আদি মীন পামলৈ ৰূপান্তৰিত কৰিব খুজিলে মাটিৰ গুণাগুণ ভালদৰে পৰীক্ষা কৰিব লাগে।

গ)মাটিৰ ভৌত-ৰাসায়নিক গুণাগুণ:

মাটিৰ ভৌত-ৰাসায়নিক গুণাগুণ আৰু মাটিডোখৰৰ পানী অৱধাৰণ ক্ষমতাৰ ওপৰত মীন পামখনৰ সফলতা বাৰুকৈয়ে নিৰ্ভৰ কৰে-

মাটিৰ নমুনা সংগ্ৰহ -

মীন পামখনৰ প্ৰস্তাৱিত ভূমিভাগৰ কেইবাঠাইতো গাঁত খান্দি ১৫-৩০ ছেন্টিমিটাৰ, ৩০-৬০ ছেন্টিমিটাৰ আৰু ৬০-৯০ ছেন্টিমিটাৰ গভীৰতাৰপৰা গিৰ্মিটৰ সহায়ত মাটিৰ নমুনা সংগ্ৰহ কৰি একে গভীৰতাৰপৰা সংগ্ৰহ কৰা মাটিখিনি একেলগে ভালদৰে মিহলাই গুড়ি কৰি ছাঁত শুকুৱাব লাগে।

তাৰ পিছত প্ৰতিটো সংগ্ৰহৰে এক কিলোগ্ৰাম শুকান মাটি পলিথিনৰ মোনাত ভৰাই নিজৰ নাম-ঠিকনাৰ লগতে মাটিৰ গভীৰতা, নমুনা সংগ্ৰহৰ তাৰিখ আৰু বিশ্লেষণ কৰিবলগীয়া গুণাগুণসমূহৰ বিৱৰণ লিখি পৰীক্ষাগাৰলৈ পঠিয়াব লাগে।

মন কৰিবলগীয়া কথাটো হ’ল, ঘাঁহ-বন বা জাৱৰ-জোঁথৰৰ দম বা গোবৰ আদি আদি পৰি থকা ঠাইৰপৰা মাটিৰ নমুনা সংগ্ৰহ উচিত নহয়।

পিতনি বা জলাহৰ ক্ষেত্ৰত বেদীকা বা তালিকাৰ নমুনা সংগ্ৰহ কৰাৰ উপৰি কাষৰ ঢালৰপৰাও নমুনা সংগ্ৰহ কৰিব লাগে।

মাটিৰ ৰাসায়নিক গুণাগুণ -

মাটিৰ পি এইচ আৰু মাটিত থকা-

  • জৈৱিক এঙাৰ,
  • নাইট্ৰ’জেন,
  • ফছফৰাছ,
  • কেলচিয়াম আদিৰ পৰিমাণৰ ওপৰত ভিত্তি কৰি মাটিখিনিৰ মীন পামৰ পৰিপ্ৰেক্ষিতত উপযুক্ততা বিবেচনা কৰা হয়।

প্ৰতি ১০০ গ্ৰাম মাটিত-

  • ৩০-৩৫ মিলিগ্ৰাম নাইট্ৰ’জেন,
  • ৬-১৬ মিলিগ্ৰাম ফচফৰাছ,
  • ১-২ শতাংশ জৈৱিক কাৰ্বন,
  • ৫ শতাংশ মুক্ত কেলছিয়াম কাৰ্বনেট তথা পি এইচৰ মান ৬.৫-৭.৫ৰ ভিতৰত হ’ব লাগে।

ইয়াতকৈ কম পৰিমাণৰ গুণাগুণ থাকিলে পৰৱৰ্তী কালত বিধিগত যাৱতীয় ব্যৱস্থাপনাৰে মাটিখিনি মীন পামৰ বাবে উপযুক্ত কৰি ল’ব লাগিব।

মাটিৰ ধৰণ -

আমাৰ ৰাজ্যত আঠ প্ৰকাৰৰ মাটি পোৱা যায় যদিও পুৰণি পলসুৱা মাটি মীন পাম নিৰ্মাণৰ বাবে অতি উপযুক্ত।

নদীৰপৰা দূৰত অৱস্থিত বহু বছৰত পূৰ্বে সৃষ্টি হোৱা বানমুক্ত মাটিক পুৰণি পলসুৱা মাটি বোলা হয়। নৈৰ ওচৰত নতুনকৈ বান্ধি থকা পলসুৱা মাটিক নতুন মাটি বোলা হয়।

পুৰণি পলসুৱা মাটিৰ পানীৰ অৱধাৰণ ক্ষমতা বেছি হোৱাৰ লগতে আন ভৌত-ৰাসায়নিক গুণাৱলীও মীন পাম নিৰ্মাণৰ বাবে অতি উপযুক্ত।

উল্লেখ্য যে অসমৰ পাহাৰীয়া অঞ্চল আৰু নদীৰ একেবাৰে দাঁতি কাষৰীয়া অঞ্চলৰ বাদে প্ৰায়বোৰ অঞ্চলৰ মাটিয়েই পুৰণি পলসুৱা।

পুখুৰীয়া স্থান নিৰ্বাচন কৰোঁতে বেছি ওখ ঠাই পৰিত্যাগ কৰি দ ঠাই লোৱাই ভাল। বৰ বেছি পিতনি থকা ঠাই বাদ দিব লাগে, কাৰণ এনে ঠাই পূৰ্ণ উৎপাদক্ষম হ’বলৈ বহু সময়ৰ লগতে অধিক মূলধনৰো প্ৰয়োজন।

মাটিৰ বয়ন -

বালি, বোকা, পলস- এই তিনিটা উপাদানৰ অনুপাতৰ ওপৰত ভিত্তি কৰি মাটিৰ বয়ন নিৰ্ণয় কৰা হয়।

‘লোমী’ আৰু ‘বোকা লোমী’ মাটিৰ বয়ন মীন পামৰ বাবে অতি উপযোগী।

এই দুবিধ বয়নৰ মাটিৰ পানী নিবাৰণ ক্ষমতা কম বাবে সাধাৰণতে এনে মাটিত প্ৰতিষ্ঠা কৰা মীন পামখনৰ পানী গোটেই বছৰজুৰি সম্পূৰ্ণ নুশুকাই।

মাটিৰ বয়ন নিৰূপণৰ বাবে পৰীক্ষা -

এটা সৰু পৰীক্ষা দ্বাৰা প্ৰাথমিক পৰ্যায়ত মাটিৰ বয়নৰ উপযুক্ততা নিৰ্দ্ধাৰণ কৰিব পাৰি।

এটা সৰু গাঁত খান্দি ১৫-৩০ ছেন্টিমিটাৰ গভীৰতাৰপৰা অনা এমুঠি সেমেকা মাটিৰ লাডু এটা তৈয়াৰ কৰিব লাগে।

এনে কৰোঁতে যদি লাডুটো নাভাগে, তেনেহ’লে মাটিডোখৰৰ বয়ন পুখুৰীৰ বাবে উপযুক্ত বুলি প্ৰাথমিক পৰ্যায়ত সিন্ধান্তলৈ আহিব পাৰি।

ঘ)আনুসংগিক বিষয়:

মীন পামখন নিৰ্মাণ কৰাৰ আগেয়ে আন কেতবোৰ আনুসংগিক বিষয়ো বিবেচনা কৰি উচিত-

ভৌম জলস্তৰ:

পুখুৰীৰ বয়ন ক্ষমতাৰ লগতে ভৌ জলস্তৰৰ ওপৰতো গোটেই বছৰ হিচাপ অনুযায়ী পুখুৰীত পানী থকাটো নিৰ্ভৰ কৰে।

সেয়েহে প্ৰস্তাৱিত স্থানডোখৰৰ ভৌম জলস্তৰৰ গভীৰতা অতি বেছি হ’লে মাটিডোখৰ মীন পামৰ বাবে উপযুক্ত নহয় বুলি ধৰা হয়।

পানীৰ উৎস:

প্ৰস্তাৱিত স্থান ডোখৰৰ সমীপত পানীৰ সুলভ উৎস্য, যেনে-

  • বোৱতী সুঁতি,
  • জলসিঞ্চন নলা,
  • গভীৰ নলী নাদ আদিৰ সুবিধা থাকিব লাগে।

বৰষুন:

মীন পাম নিৰ্মাণৰ বাবে বিবেচনা কৰা অঞ্চলটোৰ বাৰ্ষিক বৃষ্টিপাতৰ ওপৰতো যথেষ্ট গুৰুত্ব দিয়া উচিত।

বৰষুণৰ তথ্যৰ ওপৰত ভিত্তি কৰি পুখুৰীৰ পাৰৰ উচ্চতা নিৰূপণ কৰা হয়। সেয়েহে স্থান নিৰ্বাচনৰ সময়তে অঞ্চলটোৰ গড় বৃষ্টিপাতৰ তথ্যও সংগ্ৰহ কৰা উচিত।

বানপানী:

ঠাইডোখৰ বানমুক্ত হ’ব লাগে। বিগত দহ বছৰৰ হোৱা বানপানীৰ তথ্য আৰু মাটিডৰাত পানীৰ সৰ্বোচ্চ গভীৰতাক অভিকল্পনা আৰু নক্সা প্ৰস্তুতৰ সময়ত বিবেচনা কৰা উচিত।

প্ৰয়োগ সামগ্ৰীৰ উপলভ্যতা:

অঞ্চলটোত মীন পালনৰ বাবে প্ৰয়োজনীয় প্ৰয়োগ সামগ্ৰী যেনে-

  • পোনা,
  • পৰিপূৰণ খাদ্য,
  • গোবৰ,
  • ৰাসায়নিক সাৰ,
  • চূণ,
  • ঔষধ আদি সহজতে পোৱা হ’ব লাগে।

স্থান নিৰ্বাচনৰ সময়ত এই সামগ্ৰীসমূহৰ উপলভ্যতাৰ কথাও বিবেচনা কৰা উচিত।

বজাৰ-হাট, পৰিবহন আদি:

অঞ্চলটোত-

  • সূচল বিপণন ব্যৱস্থা,
  • বৰফ ফেক্টৰী,
  • বনুৱাৰ উপলভ্যতা,
  • সুশৃংখল বিপণন ব্যৱস্থা আদি থাকিব লাগে।

ভূমি আইন -

মীন পাম নিৰ্মাণ কৰিব বিচৰা স্থানডোখৰৰ মাটিৰ দখলী স্বত, পট্টা আদি মীন পামখন নিৰ্মাণ কৰিব বিচৰা ব্যক্তিজনৰ সপক্ষে হ’ব লাগে।

এই কথাবোৰ সংশ্লিষ্ট ভূমি আইনৰ আঁওতাৰে বিচাৰ কৰি চাব লাগে।

উক্ত সকলোখিনি দিশ বিবেচনা কৰি মীন পামখনৰ স্থান চূড়ান্ত কৰিলে ইপসিত ফল প্ৰাপ্তি সম্ভৱ।

বৰ্তমান যিহেতু নতুন মীন পাম নিৰ্মাণৰ উপযুক্ত সময়, সেয়েহে এই দিশসমূহ গুৰুত্বসহকাৰে গ্ৰহণ কৰা উচিত।

লেখক: ড° ধ্ৰুৱজ্যোতি শৰ্মা(দৈনিক অসম)

শেহতীয়া উন্নীতকৰণ: : 3/18/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate