মূল পৃষ্ঠা / কৃষি / মীণ পালন / মীনপালনৰ বাবে স্থান নিৰ্বাচনঃ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মীনপালনৰ বাবে স্থান নিৰ্বাচনঃ

মীনপালনৰ বাবে কেনেকুৱা স্থান নিৰ্বাচন কৰিব লিখা হৈছে

 

মীনপালন এক প্ৰাচীনতম কৃষি পদ্ধতি। জলমগ্ন ঠাইৰ চাৰিওফালে ওখকৈ বান্ধ নিৰ্মাণ কৰি অথবা সুবিধাজনক স্থানত মাটি খান্দি পুখুৰী নিৰ্মাণ কৰা হয়। উপযুক্ত স্থানত খনন কৰা পুখুৰী দীৰ্ঘস্থায়ী হোৱাৰ লগতে পানীৰ গুণাগুণো মাছৰ উৎপাদন বৃদ্ধিৰ অনুকূল হয়।

সাধাৰণতে দ’ পলসুৱা অঞ্চল আৰু সমতলীয়া ভূমিপৃষ্ঠ মীনপামৰ বাবে নিৰ্বাচন কৰা হয়। পাহাৰৰ পাদদেশ তথা নদীকাষৰীয়া অঞ্চলৰ মাটিৰ ভূ-তাত্ত্বিক বয়স কম আৰু প্ৰায়ে ইবিলাকৰ নিৰ্ধাৰণ হাৰ বেছি বাবে এনেবোৰ অঞ্চল পুখুৰী খান্দিবৰ বাবে উপযোগী নহয়।

পুখুৰীৰ বাবে বাছনি কৰা মাটিত ১০ শতাংশতকৈ কম বালি আৰু ৯০ শতাংশতকৈ বেছি বোকা থাকিব নালাগে। লোমী আৰু বোকা-লোমী মাটিৰ পানী অৱধাৰণশীলতা বেছি আৰু পুখুৰীৰ বাবে অতি উৎকৃষ্ট। তদুপৰি মীনপাম স্থাপন কৰিবলগীয়া মাটিৰ বিভিন্ন স্তৰত গঢ় হিচাপত প্ৰতি ১০০ গ্ৰামত ৩০-৭৫ মিঃ গ্ৰাঃ নাইট্ৰ’জেন, ৬-১৬ মিঃ গ্ৰাঃ ফছফৰাছ আৰু ১.৫-২.৫ গ্ৰাম জৈৱিক এঙাৰ থাকিলে উৰ্বৰতাৰ দিশত মাটিখিনি নিৰ্বাচন কৰিব পাৰি। মাটিৰ পি এইচ ৭.৫-৮.৫ হ’লে সেই মাটি পুখুৰীৰ বাবে উপযুক্ত।

তদুপৰি পুখুৰীত গোটেই বছৰ প্ৰয়োজন অনুসৰি কম খৰচতে পানী যোগান ধৰিব পৰাকৈ ওচৰতে পানীৰ উৎস থকা দৰকাৰ। মাছৰ পোনা, খাদ্য, সাৰ, চূণ আদি মাছ পালনৰ প্ৰয়োজনীয় উপাদানসমূহ স্থানীয়ভাৱে সহজ আৰু সুলভ মূল্যত পোৱা সেই কথা স্থান নিৰ্বাচন কৰাৰ সময়ত লক্ষ্য কৰা প্ৰয়োজন। পুখুৰীৰ পানী দূষিত কৰিব পৰাকৈ ওচৰতে উদ্যোগ, খনি বা কীটনাশক দ্ৰব্য আদি ব্যৱহাৰৰ উৎস থাকিব নালাগে। মীনপামৰ বাবে অঞ্চলটো বানপানীৰ পৰা মুক্ত হোৱা উচিত।

মীনপাম এখনৰ বাবে স্থান নিৰ্বাচন কৰোতে সেই অঞ্চলত প্ৰচলিত ভূমি আইন, সামাজিক আৰু ধৰ্মীয় ব্যৱস্থাৰ সবিশেষ তথ্য, ওচৰত হাট-বজাৰৰ ব্যৱস্থা আৰু পৰিবহন আদিৰ সু-ব্যৱস্থাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে।

নিৰ্বাচিত স্থানৰ জৰীপৰ তথ্য অনুসৰি পুখুৰীৰ নক্সা প্ৰস্তুত কৰি ল’ব লাগে। আকাৰ, আয়তন, গভীৰতা, পাৰ আদিৰ সবিশেষ জোখ-মাখেৰে পুখুৰীৰ নক্সা প্ৰস্তুত কৰা হয়। মাছ উৎপাদনৰ বাবে পুখুৰী নিৰ্মাণ দুই ধৰণেৰে কৰা হয়- (ক) খন্দা পুখুৰী আৰু (খ) বান্ধ দি নিৰ্মাণ কৰা পুখুৰী। খন্দা পুখুৰী আৱশ্যকীয় গভীৰতালৈ সম্পূৰ্ণৰূপে খান্দি পুখুৰী নিৰ্মাণ কৰা হয় আৰু খন্দা মাটিৰ দ্বাৰাই পুখুৰীৰ চাৰিওফালে বান্ধ দিয়া হয় যাতে বাহিৰৰ পানী পুখুৰীত সোমাব নোৱাৰে। এনে ধৰণৰ নিৰ্মাণ কৰা পুখুৰীৰ মীনপালনৰ বাবে বেছি সুবিধাজনক কিয়নো পুখুৰীৰ আয়তন, গভীৰতা আদি মীনপালকজনে সুবিধা অনুযায়ী প্ৰস্তুত কৰি ল’ব পাৰে।

বান্ধ দি নিৰ্মাণ কৰা পুখুৰী সাধাৰণতে অসমতল বা বৃহৎ জলভাগৰ এটা কাষ বা দুয়োকাষে ওখকৈ মাটিৰ বান্ধ দি নিৰ্মাণ কৰা হয়। খন্দা পুখুৰীৰ তুলনাত বান্ধ দিয়া পুখুৰী কম খৰচত নিৰ্মাণ কৰিব পাৰি যদিও পুখুৰীৰ আকাৰ, আয়তন, গভীৰতা আদি বহু পৰিমাণে নিৰ্দিষ্ট ঠাইখণ্ডৰ উত্তোলন আৰু অৱনমনৰ ওপৰত নিৰ্ভৰ কৰে। বহুক্ষেত্ৰত পাহাৰীয়া ঠাইত জুৰি, নিজৰাৰ পানীকে এনে পুখুৰীৰ পানীৰ উৎস হিচাপে ব্যৱহাৰ কৰা হয়। তেনে ক্ষেত্ৰত উপযুক্ত হাৰত পানী ওলাব বহিৰ্গম নলী ব্যৱহাৰ কৰি এক নিৰ্দিষ্ট হাৰত পানীৰ সোঁত বোৱাই ৰাখিব পাৰি।

স্থান অনুযায়ী পুখুৰীৰ আকাৰ বিভিন্ন হ’ব পাৰে যদিও আয়তাকাৰ পুখুৰী বেছি সুবিধাজনক। আয়তাকাৰ পুখুৰীৰ জলপৃষ্ঠত বতাহৰ ক্ৰিয়া বেছি হোৱা বাবে দ্ৰৱীভূত অম্লজানৰ পৰিমাণ বৃদ্ধি হয়। তদুপৰি এনে পুখুৰীত মাছে চলাচলৰ বাবে বেছি ঠাই পায়। মাছৰ প্ৰজাতি ভেদে পুখুৰীৰ আয়তন আৰু গভীৰতা ভিন্নতা হয় যদিও কাৰ্প পালনৰ বাবে পুখুৰীৰ আয়তন ০.১ হেক্টৰতকৈ কম আৰু ২ হেক্টৰতকৈ বেছি হ’ব নালাগে। পুখুৰীৰ গভীৰতা ১.৫-২.৫ মিটাৰ হোৱা উচিত।

পুখুৰী খান্দোতে গুৰুত্ব দিবলগীয়া দিশটো হ’ল পুখুৰীৰ পাৰ। সঠিক জোখ-মাখেৰে মজবুতকৈ নিৰ্মাণ কৰা পাৰৰ পুখুৰী দীৰ্ঘস্থায়ী হয়। মাটিৰ পানী ধাৰণশীলতা, অঞ্চলটোৰ গড় বৰষুণ আৰু বানপানীৰ সৰ্ব্বোচ্চ সীমাৰ তথ্যৰ ওপৰত ভিত্তি কৰি পাৰটোৰ উচ্চতা নিৰ্ধাৰণ কৰা হয়। সাধাৰণতে পুখুৰীৰ পাৰটো জলপৃষ্ঠৰ সৰ্ব্বোচ্চ উচ্চতাতকৈ প্ৰায় দুফুট ওখ হোৱা উচিত। অৱশ্যে পুখুৰীৰ পানীকালি বেছি হ’লে এই উচ্চতা আৰু এফুট বঢ়াব পাৰি।

পাৰ নিৰ্মাণ কৰোতে ঢালৰ ওপৰত বিশেষ লক্ষ্য ৰাখিব লাগে। প্ৰতি একক উচ্চতাৰ বাবে অনুভূতিক অক্ষ বৃদ্ধিৰ অনুপাতক পাৰটোৰ কাষৰ ঢাল বোলা হয়। কাষৰ ঢাল পুখুৰীৰ ভিতৰফালে ১∶২ আৰু বাহিৰ ফালে ১∶১ হোৱা উচিত। মাটিত বালিৰ পৰিমাণ বেছি হ’লে কাষৰ ঢাল ১∶৪ লৈকে বৃদ্ধি কৰা উচিত।

পুখুৰীৰ পাৰ নিৰ্মাণ কৰা মাটিত গছৰ শিপা, শিল থাকিব নালাগে। নিৰ্মাণৰ সময়ত তৰপে তৰপে মাটি দি প্ৰতি ৩০ ছেণ্টিমিটাৰত ধুৰ্মুচ মাৰি মাটিখিনি বহাই ল’ব লাগে। নিৰ্মাণ কৰোতে ১০ শতাংশ ওপৰঞ্চি উচ্চতা ৰাখিব লাগে।

পুখুৰীৰ নিৰ্দিষ্ট সীমাত পানী ৰখাৰ উদ্দেশ্যে পাৰৰ মাজেদি নিৰ্গম নলী স্থাপন কৰিব লাগে। নলীডাল বাহিৰ ফাললৈ ঈষৎ হেলনীয়া হোৱা উচিত। নলীৰ দুয়োফালৰ মুখ সৰু ফুটাৰ জালেৰে বন্ধ কৰি ৰাখিব লাগে।

নতুনকৈ বন্ধা পাৰত বৰষুণৰ আগে আগে বনৰ চপৰা দিব লাগে। এনে কৰিলে গজি উঠা বনে খহনীয়া ৰোধ কৰে আৰু পাৰটো মজবুত কৰি ৰাখে।

(উৎসঃ অসমীয়া খবৰ, ধ্ৰুৱজ্যোতি শৰ্মা, ড সঞ্জয় শৰ্মা)।

2.92857142857
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top