মূল পৃষ্ঠা / কৃষি / মীণ পালন / মৎস পালনত কেৰী অভাৰ ছীড :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মৎস পালনত কেৰী অভাৰ ছীড :

মৎস পালনত কেৰী অভাৰ ছীডৰ বিষয়ে লিখা হৈছে ।

 

ব্যৱসায়িক ভিত্তিত মাছ পালন কৰি অধিক লাভ পাবলৈ হ’লে আমি পুখুৰীত মাছ ১০ মাহৰ বাবে পালন কৰিব লাগে। ১০ মাহ পূৰ্ণ হ’লে মাছৰ ওজন ৭৫০ গ্ৰামৰপৰা ১,৫০০ গ্ৰাম হ’ব আৰু তেতিয়া তাক বিক্ৰী ব্যৱস্থা কৰিব লাগে।

এনেদৰে মাছ পালন কৰিলে আমি যথেষ্ট লাভ পাবলৈ সক্ষম হওঁ। কিয়নো মানুহৰ যেনেদৰে এটা বয়সলৈ বৃদ্ধিৰ গতি খৰতকীয়া হয়, তেনেদৰে মাছৰো এটা বয়সলৈ বৃদ্ধি খৰতকীয়া হয়।

তাৰ পিছত তাৰ খোৱা খাদ্যৰ হাৰ বেছি হয় যদিও সেই অনুপাতে বৃদ্ধি নহয়। মাছৰ বৃদ্ধি বিভিন্ন কাৰকৰ ওপৰত নিৰ্ভৰ কৰে।

তাৰ ভিতৰত পুখুৰীৰ-

*পৰিৱেশ,

*খাদ্য,

*উষ্ণতা আদি এটা প্ৰধান।

সাধাৰণতে মাছৰ জাৰকালিতকৈ গ্ৰীষ্মকালি বৃদ্ধি বেছি হয়। কাৰণ, জাৰকালি মাছৰ খাদ্যৰ প্ৰতি থকা প্ৰৱণতা কমি যায়।

খাদ্যৰ প্ৰতি হোৱা এনে অনীহাৰ বাবে তাৰ গতি মন্থৰ হয় আৰু বৃদ্ধিৰ হাৰ কম হোৱা দেখা যায়। এইবিলাক কাৰণৰ বাবে মাছ খেতি গৰমত কৰিলে ভাল।

জলবায়ুৰ পৰিৱৰ্তনৰ বাবে আজিকালি বতৰৰ পৰিৱৰ্তন সঘনাই হয়। সেয়েহে অসমৰ ক্ষেত্ৰত উপযুক্ত সময়ত মাছপোনা সংগ্ৰহ কৰাটো কঠিন হৈছে। অসমত থকা হেচ্চাৰীসমূহত জুন-জুলাই-আগষ্ট মাহত মাছপোনা উভৈনদী হয়।

যাৰ বাবে আমি আমাৰ ঘৰৰ পুখুৰীত মাছপোনাসমূহ-

*ছেপ্টেম্বৰ,

*অক্টোবৰ,

*নৱেম্বৰ,

*ডিচেম্বৰ,

*জানুৱাৰী মাহৰ বাবেহে পালন কৰিব লগা হয়।

তদুপৰি এই মাহকেইটা ঠাণ্ডা হোৱা বাবে মাছৰ বৃদ্ধিৰ হাৰ যিমান হ’ব লাগে, সিমান নহয়। মাছৰ বৃদ্ধিৰ বাবে পানীৰ উষ্ণতা ২৪-৩২° ছেন্টিগ্ৰেড হ’লে ভাল।

গতিকে এনে এক পৰিস্থিতিত মাছৰ উৎপাদন বৃদ্ধিৰ বাবে ফেব্ৰুৱাৰী মাহত ১০-১৫ ছেন্টিমিটাৰ দৈৰ্ঘ্যৰ মাছপোনা পুখুৰীত মেলা উচিত।

কিন্তু অসমৰ ক্ষেত্ৰত মাছপোনা জুন-আগষ্ট মাহতহে উভৈনদী হয়, গতিকে ফেব্ৰুৱাৰী মাহত মাছপোনা পোৱা অসম্ভৱ হয়। এনে এক পৰিস্থিতিত মাছৰ উৎপাদন বঢ়োৱাৰ বাবে আমি কেৰী অভাৰ ছীড ব্যৱহাৰ কৰিব লাগে।

কেৰী অভাৰ ছীডনো কি?

কেৰী অভাৰ ছীড হ’ল মাছৰ এই বছৰৰ পোনাটো নাৰ্ছাৰী বা ৰিয়েৰিং পুখুৰীত অধিক ঘনত্বত ৰাখি অহা বছৰৰ ফেব্ৰুৱাৰী-মাৰ্চ মাহত পুখুৰী প্ৰস্তুতৰ পিছত ষ্টকিং পুখুৰীত মেলি দিয়া। অৰ্থাৎ ঠাণ্ডাৰ দিনকেইটা(৪-৫ মাহ)প্ৰতিপালন কৰাৰ পিছত গ্ৰীষ্মকাল হোৱাৰ ঠিক প্ৰাকমুহূৰ্তত পুখুৰীত মেলি দিয়াৰ ব্যৱস্থা কৰা।

এনে কৰাৰ ফলত অধিক ঘনত্বত ৰখা মাছবোৰৰ বহল ঠাই পোৱাৰ বাবে বৃদ্ধিৰ হাৰ বেছি হয়। কেৰী অভাৰ ছীডৰ ক্ষেত্ৰত পোনা প্ৰতিপালন পুখুৰীৰ প্ৰস্তুতকৰণ আমি আগেয়ে উল্লেখ কৰা ধৰণে কৰিব লাগিব।

এই পুখুৰীৰ পানীৰ গুণাগুণ যাতে ঠিক থাকে, তাৰ বাবে মাহেকীয়া কিস্তিত চূণ প্ৰয়োগ কৰিব লাগে। পুখুৰীত যাতে অত্যধিক শেলাই নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। যিকোনো ক্ষেত্ৰতে পুখুৰীৰ পানীৰ গভীৰতা এক মিটাৰৰ কম হ’ব নালাগে।

মাছপোনাসমূহক দুদিনৰ মূৰে মূৰে খাদ্য যোগান ধৰিব লাগে। খাদ্য যোগানৰ হাৰ মাছৰ ওজনৰ ০.৫ শতাংশ হোৱা বাঞ্ছনীয়। চাউলৰ মহ, সৰিয়হৰ খলিহৈ ১:১ অনুপাতত মিহলি কৰি খৰাহিত দিব লাগে। এই সময়ত পুখুৰীত সঘনাই জাল মাৰিব নালাগে।

জাল মৰাৰ আগেয়ে জালখন পটাছ পানীত ডুবাই পৰিষ্কাৰকৈ লৈ মৰাৰ ব্যৱস্থা কৰিব লাগে, যাতে মাছৰ দেহত বেমাৰৰ বীজাণু প্ৰৱেশ কৰিব নোৱাৰে। স্বাস্থ্য পৰীক্ষা কৰাৰ বাবে উঠোৱা মাছপোনাসমূহ পটাছ পানীত ডুবাই পুনৰ মেলাৰ ব্যৱস্থা কৰিব লাগে।

কি কি প্ৰজাতিৰ মাছ কেৰী অভাৰ ছীড হিচাপে ব্যৱহাৰ কৰিব?

কমন কাৰ্প আৰু ছিলভাৰ কাৰ্পৰ পোনা মাৰ্চ মাহৰ শেষলৈ উভৈনদী হয়। গতিকে এই দুই প্ৰজাতিৰ মাছৰ ক্ষেত্ৰত আমি কেৰী অভাৰ ছীড কৰাৰ প্ৰয়োজন নাথাকে।

কিন্তু ব্যৱসায়িক ভিত্তিত ব্যৱহাৰ কৰা আন চাৰি প্ৰজাত্যিৰ মাছ আমি দ্বিতীয় বৰ্ষৰ বাবে পুখুৰীত অধিক ঘনত্বত ৰাখিব লাগে।

এই প্ৰজাতিৰ মাছসমূহ প্ৰতি হেক্টৰত এক লাখ হাৰত পুখুৰীত অধিক ঘনত্বত ৰাখিব লাগে। এই প্ৰজাতিৰ মাছসমুহ প্ৰতি হেক্টৰত এক লাখ হাৰত পুখুৰীত মেলাৰ ব্যৱস্থা কৰিব লাগে।

শতকৰা হিচাপত সংযুক্তিৰ হাৰ হ’ল-

*আৰ্লি ফ্ৰাই: বাহু ২৫ শতাংশ,

*মিৰিকা ৩৩ শতাংশ,

*ৰৌ মাছ: ২৫ শতাংশ আৰু

*গ্ৰাছ কাৰ্প ১৭ শতাংশ।

আমি যদি আৰ্লি ফ্ৰাইসমূহ সংগ্ৰহ কৰি উপযুক্ত হাৰত পুখুৰীত মেলি দুবছৰৰ কাৰণে ৰাখোঁ, তেনেহ’লে মাছ পালনৰ বাবে আৱশ্যক হোৱা গৰমৰ সময় তথা অনুকূল উষ্ণতা পোৱাত সহায় হয়।

*যিহেতু মাছৰ বৃদ্ধিৰ হাৰ,

*বেমাৰ আদি বিভিন্ন ধৰণৰ ক্ৰিয়া,

*উষ্ণতাৰ ওপৰত নিৰ্ভৰশীল,

*সেয়েহে কেৰী অভাৰ ছীড এটা উত্তম পদ্ধতি।

এই বছৰৰ পোনাটোক যিহেতু আমি খাদ্যৰ পৰিমাণ কমাই দিওঁ, সেয়েহে পিছৰ বছৰত যেতিয়া এটা ডাঙৰ পুখুৰী পায় আৰু খাদ্যৰ পৰিমাণ নিয়মিত হাৰত দিয়াৰ ব্যৱস্থা কৰা হয়, তাৰ বৃদ্ধিৰ হাৰ খৰতকীয়া হয়। ফলত আমাৰ মীনপালকসকলেও কম সময়তে অধিক উৎপাদন পোৱাত সুবিধা হয়।

আমি যদি এই বছৰৰ পোনাসমূহ আমাৰ ঘৰত থকা পুখুৰীত অধিক ঘনত্বত ৰাখি অহা বছৰ ঠিক ফেব্ৰুৱাৰী-মাৰ্চ মাহত মীন পালকৰ ওচৰত যোগান ধৰিব পাৰোঁ, তেনেহ’লে প্ৰতিটো মাছৰপৰা আমি যথেষ্ট লাভ পাব পাৰোঁ।

আমাৰ মীনপালকসকলে যদি তেওঁৰ ঘৰত থকা এটা পুখুৰীত কেৰী অভাৰ ছীড প্ৰস্তুতৰ ব্যৱস্থা কৰে, তেনেহ’লে দ্বিতীয় বছৰত তেওঁ মাছপোনা নিজৰ পামতে পাব পাৰে।

বৰ্তমান অসমৰ এই পৰিৱেশত মাছৰ উপযুক্ত পোনাৰ বাবে কেৰী অভাৰ ছীডৰ ব্যৱহাৰ সুদূৰ প্ৰসাৰী।

আমি বহুক্ষেত্ৰত প্ৰত্যক্ষ কৰিছোঁ যে মাৰ্চ-এপ্ৰিল মাহতে পশ্চিমবংগৰ মাছপোনা আহি অসমত ভৰি পৰে, কিন্তু অসমতে পোনা ছেপ্টেম্বৰতহে উভৈনদী হয়।

সেয়েহে অসমৰ ক্ষেত্ৰত এই কেৰী অভাৰ ছীড প্ৰস্তুতেই হ’ল একমাত্ৰ বিকল্প, যিটোৰ বাবে আমি আমাৰ পোনা উপযুক্ত সময়ত ব্যৱহাৰ কৰিব পাৰোঁ।

অন্যথা চালানী মাছৰ দৰে মাছপোনাৰ ক্ষেত্ৰতো আমি ব্যয় কৰিব লাগিব বহু টকা। আমাৰ মীনপালকসকলে এইক্ষেত্ৰত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিলে আমি নিশ্চয়কৈ সুফল পাব পাৰিম।

মীনপালনৰ বিভিন্ন পদ্ধতিৰে লেখীয়াকৈ কেৰী অভাৰ ছীড প্ৰস্তুতৰ ক্ষেত্ৰতো আমাৰ মীনপালকসকলে মনোনিৱেশ কৰিব বুলি আমি আশা কৰিলোঁ।

লেখক: প্ৰতুল ডেকা(দৈনিক অসম)

2.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top